প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰথম ‘অৰুণ জেটলী স্মাৰক বক্তৃতা’ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

Posted On: 08 JUL 2022 11:24PM by PIB Guwahati

নমস্কাৰ!

আজিৰ দিনটো মোৰ বাবে অপূৰণীয় ক্ষতি আৰু অসহণীয় বেদনাৰ দিন। মোৰ ঘনিষ্ঠ বন্ধু আৰু জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী শ্বিনজো আবে এতিয়া আৰু আমাৰ মাজত নাই। আবে জী মোৰ বন্ধুতো আছিলেই, তেওঁ ভাৰতৰো সিমানেই বিশ্বস্ত বন্ধু আছিল। তেওঁৰ কাৰ্যকালত ভাৰত-জাপানৰ যি ৰাজনৈতিক সম্বন্ধ আছিল সেই সম্বন্ধই এক উচ্চ শিখৰতো লাভ কৰিছিলেই, আমি দুয়োখন দেশৰ উমৈহতীয়া ঐতিহ্যৰে জড়িত সম্পৰ্ককো বহুদূৰ আগুৱাই নিছিলো। আজি ভাৰতৰ বিকাশে যি গতি লাভ কৰিছে, জাপানৰ সহযোগিতাৰে আমাৰ দেশত যিবোৰ কাৰ্য সম্পাদিত হৈ আছে, ইয়াৰ জৰিয়তে শ্বিনজো আবে জী ভাৰতৰ জন-মনত বছৰ বছৰ ধৰি স্মৰণীয় হৈ ৰ’ব। মই আকৌ এবাৰ বেদনাৰ্দ্ৰ মনৰে মোৰ বন্ধুলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিলো।

বন্ধুসকল,

আজিৰ যে এই আয়োজনটো মোৰ আৰু এগৰাকী বন্ধু অৰুণ জেটলীৰ নামত উত্সৰ্গিত। বিগত দিনৰ কথা স্মৰণ কৰো যদি তেওঁৰ বহু কথাই, তেওঁৰ সৈতে বিজড়িত বহুত স্মৃতি স্বাভাৱিক ভাবেই মনলৈ আহে, আৰু ইয়াত বহুবোৰ তেওঁৰ পুৰণি বন্ধু দেখিবলৈ পাইছো। তেওঁৰ বাগ্মীতাই আমাৰ সকলোকে সন্মোহিত কৰি ৰাখিছিল আৰু তেওঁৰ ‘ৱান লাইনাৰ’বোৰ বহু সময়লৈকে বতাহত গুঞ্জৰিত হৈ ৰৈছিল। তেওঁৰ ব্যক্তিত্ব বিবিধতাৰে ভৰা আছিল, আৰু তেওঁৰ স্বভাৱ ‘সৰ্বমিত্ৰ’ ধৰণৰ আছিল। ইয়াত যিমনখিনি লোকক দেখিছো, প্ৰতিগৰাকীয়েই হয়তো বেলেগ বেলেগ জগতৰ লোক, কিন্তু সকলোৱেই অৰুণৰ বন্ধু আছিল। এয়াই অৰুণৰ ‘সৰ্বমিত্ৰ’ স্বভাৱটোৰ বিশেষত্বকে প্ৰকাশিত কৰে, তেওঁৰ ব্যক্তিত্বৰ এই গুণটোক সকলোৱেই আজিও মনত পেলাই আৰু সকলোৱেই অৰুণৰ অভাৱ অনুভৱ কৰে।

মই অৰুণ জেটলী জীক মোৰ বিনম্ৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো।

বন্ধুসকল,

অৰুণ জীৰ স্মৃতিত অনুষ্ঠিত এই বক্তৃতাৰ যি বিষয় ৰখা হৈছে: “গ্ৰ’থ থ্ৰু ইনক্লুছিভিটী, ইনক্লুছিভিটী থ্ৰু গ্ৰ’থ”, সেয়া চৰকাৰৰ উন্নয়ণী নীতিৰো মূলমন্ত্ৰ। আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰাৰ বাবে মই থৰ্মন জীৰ ওচৰত বিশেষ ভাবে কৃতজ্ঞতা প্ৰকাশ কৰিছো। মই কেবাবাৰো তেখেতৰ বক্তৃতা শুনিছো, তেওঁৰ বিষয়ে পঢ়িও থাকো। তেখেতৰ কথাত, তেখেতৰ অধ্যয়নত, তেওঁ কেৱল ভৰতহে যে কয় তেনে নহয়, পৃথিৱীৰ অন্য দেশসমূহলৈকো যেতিয়া যায়, তেতিয়াও বহুত গৱেষণা কৰে, স্থানীয় বিষয়সমূহৰে গঢ়ি তোলা ঘনিষ্ঠতা তেখেতে প্ৰতিটো বৌদ্ধিক চিন্তাত, তেওঁৰ দৰ্শনত খুউব ভালকৈ সংপৃক্ত কৰেযে সেই কথাও আমি সকলোৱে অনুভৱ কৰিছো। খুউৱ ধুনীয়াকৈ তেখেতে গোলকীয় পৰিস্থিতিৰ পৰা আমাৰ দেশৰ শিশুসকললৈকে আমাক লৈ আনিছে। তেখেতে আমাৰ বাবে সময় উলিওৱাৰ বাবে মই কৃতজ্ঞতা প্ৰকাশ কৰিছো।

বন্ধুসকল,

যিটো বিযয়ত এই আলোচনা কৰি থকা হৈছে, যিটো বিষয়য়ক লৈ আজি ‘অৰুণ জেটলী স্মাৰক বক্তৃতা’ আৰম্ভ হৈছে, মই যদি ইয়াক সৰল ভাষাত কওঁ তেন্তে, এক প্ৰকাৰে এইটো বিষয় মোৰ চিধা চিধি ভাষাত মই কব লাগিব, ‘সকলোৰে সৈতে, সকলোৰে বিকাশ’। কিন্তু ইয়াৰ সৈতেই, এই বক্তৃতাৰ বিষয়বস্তুৱে আজিৰ নীতি-নিৰ্দ্ধাৰকসকলৰ সন্মুখলৈ অহা প্ৰত্যাহ্বান আৰু খোকোজাসমূহকো সামৰি লয়।

মই আপোনালোকক এটা প্ৰশ্ন কৰিব খুজিছো। ‘ইনক্লুছিভিটী’ বা ‘সমাবেশন’ অবিহণে বাৰু শুদ্ধ ‘গ্ৰ’থ’ অৰ্থাত্ ‘সংবৰ্দ্ধন’ সম্ভৱ হয়নে? আপোনালোকে নিজকে নিজে সোধকচোন! ‘সংবৰ্দ্ধন’ অবিহনে বাৰু ‘সমাবেশন’ৰ কথা ভাবিবও পৰা যায় নে? চৰকাৰৰ মূৰব্বী হিচাপে মই ২০ বছৰৰো অধিক সময় ধৰি কাম কৰাৰ সুযোগ লাভ কৰিছো আৰু মই অৰ্জন কৰা অভিজ্ঞতাৰ সাৰ হৈছে– ‘সমাবেশন’ অবিহণে প্ৰকৃত ‘সংবৰ্দ্ধন’ সম্ভৱেই নহয়। আৰু ‘সংবৰ্দ্ধন’ নোহোৱাকৈ ‘সমাবেশন’ৰ লক্ষ্যও পূৰণ কৰিব পৰা নাযায়। সেয়ে, আমি ‘সমাবেশন’ৰ জৰিয়তে ‘সংবৰ্দ্ধন’ৰ পথ নিৰ্মাণ কৰিছো, সকলোকে সমাৱেশিত কৰাৰ প্ৰয়াস কৰিছো। বিগত ৮টা বছৰত ভাৰতে ‘সমাবেশন’ৰ বাবে যি গতিবেগৰে কাম কৰি আছে, যি মাত্ৰাত কাম কৰি আছে তেনে উদাহৰণ আপোনালোকে সমগ্ৰ পৃথিৱীতে কেতিয়াও বিচাৰি নেপাব। বিগত ৮টা বছৰত ভাৰততে ৯ কোটিৰো অধিক মহিলাক বিনামূলীয়াকৈ ৰন্ধন গেছৰ সংযোগ প্ৰদান কৰিছে। এই সংখ্যা দক্ষিণ আফ্ৰিকা, অষ্ট্ৰেলিয়া, ছিংগাপুৰ, নিউজীলেণ্ডৰ সমগ্ৰ জনসংখ্যকো যদি একলগে ধৰা হয়, তেন্তে তাতোকৈয়ো অধিক হ’ব। অৰ্থাত্ আপোনালোকে মাত্ৰালৈ লক্ষ্য কৰকচোন, বিগত আঠটা বছৰত ভাৰতে ১০ কোটিৰো অধিক শৌচাগাৰ নিৰ্মাণ কৰি দুখীয়া-নিচলাসকলক প্ৰদান কৰিছে। থৰ্মান জীয়ে এই কথাটো বৰ গুৰুত্ব সহকাৰে উল্লেখ কৰিছে। এই সংখ্যা দক্ষিণ কোৰিয়াৰ মুঠ জনসংখ্যাৰ দুগুণতকৈয়ো অধিক। বিগত আঠোটা বছৰত ভাৰতে ৪৫ কোটি ‘জনধন বেংক একাউণ্ট’ খুলিছে। এই সংখ্যা জাপান, জাৰ্মানী, ব্ৰিটেইন, ইটালী, মেক্সিকোৰ মুঠ জনসংখ্যাৰ প্ৰায় সমান। যোৱা আঠোটা বছৰত ভাৰতে দুখীয়া-নিচলাৰ বাবে ৩ কোটি পকীঘৰ নিৰ্মাণ কৰি প্ৰদান কৰিছে। আৰু মোৰ মনত আছে এবাৰ আপোনাৰ মন্ত্ৰী পৰিষদৰ সতীৰ্থ ঈশ্বৰণৰে মোৰ কথা-বতৰা চলি আছিল, ছিংগাপুৰৰ মন্ত্ৰী তেওঁ, যেতিয়া মই তেওঁক এইবোৰৰ তথ্য দাঙি ধৰিছিলো, হয় এইবোৰৰে, তেতিয়া ঈশ্বৰণে মোক কৈছিল তেন্তে আপুনিতো প্ৰতি মাহতে একোখন নতুন ছিংগাপুৰ নিৰ্মাণ কৰিব লাগে।

মই আপোনালোকক ‘গ্ৰ’থ থ্ৰু ইনক্লুছিভিটী, ইনক্লুছিভিটী থ্ৰু গ্ৰথ’-ৰ এটা উদাহৰণ দিব বিচাৰিছো। ভাৰতত কিছু বছৰৰ আগতে আমি ‘আয়ুষ্মান ভাৰত যোজনা’ আৰম্ভ কৰিছিলো। যিখন আঁচনিৰ কথা থৰ্মান জাঙৰীয়াই কৰিছে আৰু আগন্তুক মুখ্য খণ্ডসমূহতো তেওঁ স্বাস্থ্য খণ্ডৰ আলোচনা কৰিব। এইখন আঁচনিৰ সুবাদত ৫০ কোটিৰো অধিক দুখীয়া লোকে ভাল ভাল হাস্পটালত আৰু ভাৰতৰ যিকোনো ঠাইতে ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিত্সাৰ নিশ্চিতি লাভ কৰিছে। ৫০ কোটি লোকক ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিত্সা। বিগত চাৰিটা বছৰত ‘আয়ুষ্মান ভাৰত’ৰ সুবাদত দেশৰ চাৰে তিনি কোটিৰো অধিক লোকে বিনামূলীয়া চিকিত্সাৰ সুযোগ লাভ কৰিছে। আমি এই আঁচনিখনত ‘সমাবেশন’ত অধিক গুৰুত্ব আৰোপ কৰিছো, দুখীয়াৰো দুখীয়াসকলক, সমাজৰ অন্তিম সীমাত অৱস্থান কৰা সকলৰো আৰোগ্যৰ ব্যৱস্থা ভালৰো ভাল হাস্পটালত সম্ভৱ হোৱাটোত গুৰুত্ব দিছিলো, আৰু সময়ত দেখা গ’ল যে ইয়াৰ দ্বাৰা ‘সংবৰ্দ্ধন’ৰ পথো মুকলি হ’বলৈ লৈছে। আগতে যিসকল বাহিৰতে থাকি গৈছিল, সেইসকল এতিয়া বিকাশৰ মূলসুঁতিৰে সংযোজিত হ’বলৈ ধৰিছে, সেয়ে চাহিদাও বাঢ়িছে আৰু ‘সংবৰ্দ্ধন’ৰ বাবে সুযোগৰ পৰিসৰো বাঢ়িবলৈ ধৰিছে। ভাৰতৰ এক-তৃতীয়াংশ জনসংখ্যা উন্নত স্বাস্থ্যসেৱাৰ পৰা বঞ্চিত আছিল, তেওঁলোকে এতিয়া চিকিত্সাৰ সুবিধা লাভ কৰিছে, ইয়াৰ পোণপতীয়া প্ৰভাৱ এয়ে হৈছে যে, স্বাস্থ্যসেৱাৰ সা-সুবিধাসমূহকো এই হিচাপত সামৰ্থ্যবান কৰি তুলিবলগীয়া হৈছে। ‘আয়ুষ্মান ভাৰত আঁচনি’য়ে কেনেকৈ সমগ্ৰ স্বাস্থ্যসেৱা খণ্ডটোকে ৰূপান্তৰিত কৰিলে সেই কথা মই আপোনালোকক জনাব খুজিছো। ২০১৪ চনৰ আগতে আমাৰ দেশৰ হাৰ আছিল, গড়, ১০ বছৰত প্ৰায় ৫০খন চিকিত্সা মহাবিদ্যালয় স্থাপন কৰা হৈছিল। ইয়াৰ বিপৰীতে ভাৰতত যোৱা ৭-৮ বছৰত আগৰ তুলনাত ৪ গুণৰো অধিক, অৰ্থাত্ প্ৰায় ২০৯খন চিকিত্সা মহাবিদ্যালয় নতুনকৈ স্থাপিত হৈছে। ক’ত ৫০খন আৰু ক’ত ২০৯খন, আপোনালোকে কল্পনা কৰকচোন। আৰু ১০টা বছৰত এই সংখ্যা আৰু অধিক উন্নত হ’বগৈ, এই সংখ্যা ৪০০ পৰ্যন্ত হ’বগৈ। ভাৰতত বিগত ৭-৮ বছৰত চিকিত্সা বিজ্ঞানৰ স্নাতক পৰ্যায়ৰ আসনৰ সংখ্যা ৭৫শতাংশ হাৰে বৃদ্ধি পাইছে। ভাৰতত এতিয়া চিকিত্সা বিজ্ঞানৰ বাৰ্ষিক আসন বৃদ্ধিৰ সংখ্যা প্ৰায় দুগুণ হৈছেগৈ। অৰ্থাত্ দেশে এতিয়া আগতকৈ অধিক সংখ্যাত চিকিত্সক লাভ কৰিবলৈ লৈছে, সেইদৰে আধুনিক চিকিত্সা আন্তঃগাঁথনিও নিৰ্মাণ হ’বলৈ ধৰিছে। ‘সমাবেশন’ৰ লক্ষ্যৰে অনা এক আঁচনিৰ ‘সংবৰ্দ্ধন’ৰ ক্ষেত্ৰতো পৰা প্ৰভাৱ ইমানেই বেছি যে সেয়া আমাৰ ভালকৈয়ে দৃষ্টিগোচৰ হয়। আমি সেয়া অংকিত কৰিব পাৰো। আৰু মইতো এনে বহু সংখ্যক আঁচনি তালিকা দাঙি ধৰিবও পাৰো।

ভাৰতৰ ‘ডিজিটেল ইণ্ডিয়া অভিযান’য়ে; যিটো অভিযানৰ উল্লেখ থৰ্মান জীয়েও কৰিছে; প্ৰায় ৫ লাখ ‘উমৈহতীয়া সেৱা কেন্দ্ৰ’ই গাঁৱত বসতি কৰা দুখীয়া-নিচলা পৰ্যন্ত ইণ্টাৰনেটৰ সামৰ্থ্য উপলব্ধ কৰাইছে। ভাৰতৰ ‘ভীম-ইউপিআই’-য়ে কোটি কোটি দুখীয়া লোকক ‘ডিজিটেল লেন-দেন’ৰ সুবিধাৰে জড়িত কৰিছে। ভাৰতৰ ‘স্বনিধি যোজনা’ই পথৰ দাঁতিত কিম্বা অলিয়ে-গলিয়ে গৈ বেহা কৰা বেপাৰী-পোহাৰী বন্ধু-বান্ধৱীসকলক বেংকিং ব্যৱস্থাৰে জড়িত হোৱাৰ সুযোগ দিছে। বেংকৰ মেনেজাৰৰ ঘৰলৈ সদাই এই সকল বেপাৰী-পোহাৰীয়ে মাল-বস্তু বিকিবলৈ হয়তো যায়, কিন্তু তেওঁলোকৰ বাবে সেই মেনেজাৰে কাম কৰা বেংকত ঠাই নাছিল। সৌ সিদিনালৈকে এনেকুৱাই অৱস্থা আছিল। কিন্তু আজি সেই পৰিস্থিতিৰ সলনি হৈছে। আজি আমি এইসকলকো বেংকৰে সংযোজিত কৰিছো। সেইদৰেই ভাৰতে আৰু এটা ডাঙৰ কাম কৰিছে। পৃথিৱী জুৰি এই কামক লৈ চৰ্চা চলিছে, অ্থশাস্ত্ৰীসকলে এই বিষয়ে লিখা-মেলাও কৰিছে, ডাঙৰ ডাঙৰ সংস্থাসমূহে ইয়াৰ ‘ৰেটিং’ও কৰিবলৈ ধৰিছে।

ভাৰতে গ্ৰহণ কৰা এইটো পদক্ষেপ হৈছে ‘আকাংক্ষী জিলা কাৰ্যক্ৰম’। এই কাৰ্যকৰ্মৰে দেশৰ ১০০ৰো অধিক জিলাত বসবাস কৰা কোটি কোটি সতীৰ্থৰ জীৱনধাৰাক উন্নত কৰাৰ প্ৰয়াস কৰি থকা হৈছে। ভাৰতৰ অন্য জিলাসমূহৰ তুলনাত উন্নয়ণৰ দৃষ্টিকোণৰে পিচ পৰি ৰোৱা এইসমূহ আকাংক্ষী জিলাৰ সমস্যাৱলী সমাধানৰ আমি প্ৰয়াস কৰি আছো। এইসমূহ জিলাক সংশ্লিষ্ট ৰাজ্যসমূহৰ শীৰ্ষত থকা জিলাৰ সমকক্ষ কৰি তোলাৰ প্ৰয়াস কৰি থকা হৈছে। পৰৱৰ্তী পৰ্যায়ত এইসমূহ জিলাক ৰাষ্ট্ৰীয় মানৰ সমকক্ষ কৰাৰ বাবে প্ৰয়াস অব্যাহত ৰখাৰো দিহা কৰা হৈছে।

বন্ধুসকল,

ইয়াৰ ইমান ডাঙৰ প্ৰভাৱ পৰিছিল, আৰু একপ্ৰকাৰে এই ১০০খন জিলাৰ ‘সমাবেশন’ হৈ আছে উন্নয়ণৰ পৃথিৱীখনত। ভাৰতৰ ‘ৰাষ্ট্ৰীয় শিক্ষা নীতি’ আৰু এয়া বহু ডাঙৰ ‘পেৰাডাইম শ্বিফ্ট’ আৰু শিক্ষাৰ ওপৰতো থৰ্মান জীয়ে তেখেতৰ ভাষণত বহুত গুৰুত্ব প্ৰদান কৰিছে, ভাৰতৰ ‘ৰাষ্ট্ৰীয় শিক্ষা নীতি’ত মাতৃভাষাত পঢ়োৱাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। যি সকলে ইংৰাজী নাজানে, যি সকল বাহিৰতে ৰৈ যাবলগীয়া হৈছে, তেওঁলোকে এতিয়া মাতৃভাষাত পঢ়ি আগবাঢ়ি যোৱাৰ সুযোগ লাভ কৰিব। ভাৰতৰ ‘উড়ান যোজন’ৰ জৰিয়তে আমি দেশৰ বহুবোৰ বিমান পথ জীৱন্ত কৰি তুলিছো; নতুন বিমান বন্দৰৰ নিৰ্মাণ কৰা হৈছে, দূৰ-দূৰণিৰ ২ টায়াৰ, ৩ টায়াৰ মহানগৰীলৈকো আমি আগবাঢ়ি গৈছো। আৰু ‘উড়ান যোজনা’ই ‘ফিক্স এমাউণ্ট’-ত বিমান যাত্ৰা সম্ভৱ কৰাৰ এক পৰিকল্পনাও তৈয়াৰ কৰি উলিয়াইছে।

অলপ আগতে থৰ্মান জীয়ে এটা কথা উল্লেখ কৰিছিল, যিটো মই গুজৰাটত থাকোতে খুউব গুৰুত্ব দি কৰিছিলো, সেইটো হৈছে ‘জল জীৱন মিছন’। দেশৰ প্ৰতিটো ঘৰলৈ নল-সংযোগী ব্যৱস্থাৰে পানীৰ যোগান সম্ভৱ কৰা। ‘নলৰে জল’ আৰু সেয়াই কেৱল পানীৰে যোগান নধৰে, সেয়াই তেওঁলোকৰ সময়ো বচায়, সমস্যাৰ পৰাও মুক্তি দিয়ে। এই সকলো দৃষ্টিকোণৰ এই অভিযান বহুত ডাঙৰ সামাজিক জীৱন আৰু যিসকলে ল’ৰা-ছোৱালীহঁতৰ পুষ্টিৰ প্ৰসংগত অধ্যয়ন কৰিছে তেওঁলোকে জানে যে ল’ৰা-ছোৱালীহঁতৰ পুষ্টিৰ বাবেও পানীৰ মহত্ব কিমান। বিশুদ্ধ খোৱা পানী স্বাস্থ্যৰ বাবে কিমান প্ৰয়োজনীয়, আৰু আমাৰ ‘নলৰে জল অভিযানে’ সেই সমস্যাৰো সমাধান আগবঢ়াব। মাত্ৰ তিনিটা বছৰতে এই মিছনে ৬ কোটিৰো অধিক ঘৰলৈ পানীৰ সংযোগ দিবলৈ সক্ষম হৈছে। ভাৰতত থুলমূলকৈ হিচাপ কৰিলে ২৫ৰ পৰা ২৭ কোটি ঘৰ আছে, ইয়াৰে ৬ কোটি ঘৰে ইতিমধ্যে পানীৰ যোগান লাভ কৰিছে। এয়া ‘ইনক্লুছিভনেছ’, আজি দেশৰ সাধাৰণ জনতাৰ জীৱন সহজ কৰি তুলিছে, তেওঁলোকক আগবাঢ়ি যোৱাৰ সাহস দি আহিছে। আৰু যিকোনো দেশৰে বিকাশত ইয়াৰ কিমান মহত্ব থাকিব, এয়া আপোনালোক অৰ্থনীতিৰ জগতখনৰ লোকসকলে খুউব ভালকৈয়ে বুজি পায়।

মই আপোনালোকক আৰু এটা উদাহৰণ দিছো। আপোনালোকেও জানে আৰু এয়াতো ময়ো দেখিছো যে ৰাষ্ট্ৰসংঘতো ইয়াৰ আলোচনা হৈ থাকে। ‘এছডিজি’-তো উন্নয়ণৰ লক্ষ্যৰ প্ৰসংগত আলোচনা হয় আৰু সেয়ানো কি পৃথিৱীত বহু দশক ধৰি অনেক দেশে সম্পত্তিৰ অধিকাৰ, এইটো প্ৰসংগক বহুত ডাঙৰ সমস্যা কৰি তুলিছে। আৰু যেতিয়াই সম্পত্তিৰ অধিকাৰৰ কথা কোৱা হয়, তেতিয়াই দেখা যায় যে যিজন ব্যক্তি অন্তিম পৰ্যায়ত থাকে তেঁৱেই আটাইতকৈ ‘ভালনাৰেবল’ হ’ব লগা হয়। তেওঁৰ হাতত কোনো নথী-পত্ৰ নাথাকে। সকলোতকৈ অধিক সমস্যাৰ সন্মুখীনতো তেওঁৱেই হ’ব লগা হয়। কিন্তু আপোনালোকে জানি সুখী হ’ব যে ভাৰতে এই দিশত যি দ্ৰুততাৰে গতি কৰিবলৈ লৈছে সেয়া নিতান্তই অভূতপূৰ্ব বুলি চিহ্নিত হৈছে। আৰু মই ভাবো পৃথিৱীৰ শিক্ষাবিদ, পৃথিৱীৰ অৰ্থনীতিবিদসকলে এইটো বিষয়ত অধ্যয়ণ কৰিব আৰু ‘স্বামিত্ব যোজনা’ৰ জৰিয়তে দেশৰ গ্ৰামীণ এলেকাসমূহৰ ঘৰ আৰু অট্টালিকাসমূহ জৰীপৰ কাম বিশাল পৰিসৰত চলি থকা কথাটো পৃথিৱীৰ সন্মুখত দাঙি ধৰিব। এই পৰ্যন্ত ভাৰতৰ ডেৰ লাখ গাঁৱত এই কাম ‘ড্ৰোন’ৰ সহায়ত সম্পন্ন কৰা হৈছে। ‘ড্ৰোন’ৰ জৰিয়তে জৰীপ কৰা হয় আৰু প্ৰযুক্তিৰ সম্পূৰ্ণ ব্যৱহাৰ কৰা হয় আৰু গোটেই গাঁওখনেই সেই স্থানত উপস্থিত থাকে আৰু তেতিয়াই এই সকলোবোৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হয়। আৰু ডেৰলাখৰো অধিক গাঁৱত এইধৰণে জৰীপৰ কাম সম্পূৰ্ণ কৰি তোলা হৈছে। আৰু ৩৭ হাজাৰ বৰ্গ কিলোমিটাৰ ভূমিৰ জৰীপৰ কামো সম্পূৰ্ণ কৰি তোলা হৈছে, অৰ্থাত্ সেই ঘৰসমূহৰে সংযোজিত হৈ থকা মাটিৰ গৰাকী আৰু ৮০ লাখৰো অধিক লোকৰ বাবে ‘সম্পত্তি পত্ৰ’ প্ৰস্তুত কৰি তোলা হৈছে আৰু এয়া সা-সম্পত্তিৰ গৰাকীসকলৰ সহমতিৰে সম্পূৰ্ণ কৰা হৈছে। তেওঁলোকৰ লগত আলোচনা-বিলোচনা কৰা হয়, তেওঁলোকৰ কাষৰ-পাজৰৰ লোকসকলৰ সৈতে আলোচনা-বিলোচনা কৰা হয়, এক দীঘলীয়া প্ৰক্ৰিয়াৰ অন্তত সম্পন্ন কৰা এই প্ৰক্ৰিয়াৰ সুবাদত গাঁৱৰ ৰাইজে বেংকৰ পৰা ঋণ লোৱাত সুবিধা হ’ব, তেওঁলোকৰ মাটি-বাৰীসমূহ এতিয়া আইনী-বিবাদৰ পৰা মুক্ত হ’ব পাৰিব।  

বন্ধুসকল,

আজি ভাৰতে ‘বাধ্যত পৰি সংস্কাৰ কৰা’ৰ পৰিৱৰ্তে ‘প্ৰত্যয়ৰে সংস্কাৰ সাধন’ৰে আগন্তুক ২৫ টা বছৰৰ বাবে পথ-পৰিকল্পনা যুগুতাই উলিয়াইছে। স্বাধীনতাৰ ১০০ বছৰ উদযাপনৰ সময়ত দেশ ক’ত থাকিবগৈ তাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰি আমি আজি পথ-পৰিকল্পনা যুগুতাই আগবাঢ়িছো। বহু দশকৰ আগতে দেশে এনে পৰিস্থিতও প্ৰত্যক্ষ কৰিছিল, যেতিয়া বিশেষ পৰিস্থিতিত বাধ্যত পৰি যেতিয়া কোনো সংস্কাৰ সাধন কৰা হৈছিল, তেতিয়া সেই সংস্কাৰৰ প্ৰতিষ্ঠানিকীকৰণ হোৱাৰ সম্ভাৱনা কম হয়।

যেতিয়াই সেই বিশেষ পৰিস্থিতি সলনি হয়, তেতিয়াই সেই সংস্কাৰকো পাহৰি যোৱা হয়। সংস্কাৰৰ যিমানেই প্ৰয়োজন, সিমানেই প্ৰয়োজনীয়তা থাকে ইয়াৰ বাবে অনুকূল পৰিৱেশৰ, ইয়াৰ বাবে প্ৰয়োজনীয় অনুপ্ৰেৰণাৰো। আগতে ভাৰতত বৃহত্ সংস্কাৰ তেতিয়াহে হৈছিল যেতিয়া আগৰ চৰকাৰসমূহৰ হাতত আৰু কোনো বিকল্প পথ বাকী থকাগৈ নাছিল। আমি সংস্কাৰক ‘নেচেচেৰী ইভিল’ৰ ৰূপত নহয়, বৰং একধৰণৰ ‘উইন উইন চইচ’ৰ ৰূপতহে গ্ৰহণ কৰিছো। য’ত ৰাষ্ট্ৰ হিতো থাকে আৰু জন হিতো। সেয়ে বিগত ৮ বছৰত আমি যিখিনি সংস্কাৰ সাধন কৰিছো, সেইবোৰে নতুন সংস্কাৰৰ বাবে পথ প্ৰশস্তহে কৰিছে।

অৰুণ জী আজি য’তেই নাথাকক কিয়, তেওঁ নিশ্চয় সন্তুষ্ট হ’ব যে তেওঁ যি মিছনৰ অংশীদাৰ হৈছিল, তাৰ সুফল আজি দেশে লাভ কৰিছে। ‘জিএছটি’য়েই হওক কিম্বা ‘আইবিচি’-য়েই হওক, এইবোৰক লৈ বছৰ বছৰ চৰ্চা চলিছিল, আজি এইবোৰৰ সফলতা আমাৰ সন্মুখত দেখিবলৈ পাইছো। কোম্পানী আইনক ‘ডিক্ৰিমিলাইজ’ কৰাই হওক বা ‘ক’ৰ্পোৰেট কৰ’ক ‘কম্পিটিটিভ’ কৰাই হওক; মহাকাশ, কয়লা খনন আৰু আনৱিক খণ্ডৰ মুক্তকৰণেই হওক, এনে অনেক সংস্কাৰ আজি ২১ শতিকাৰ ভাৰতৰ বাস্তৱ।

বন্ধুসকল,

আমাৰ নীতি ৰাইজৰ আশা-আকাংক্ষাৰ আধাৰত প্ৰণিত। আমি যিমান পাৰি অধিক সংখ্যক লোকৰ কথা শুনো, তেওঁলোকৰ প্ৰয়োজনীয়তা, তেওঁলোকৰ আকাংক্ষা বুজাৰ প্ৰয়াস কৰো। সেয়ে আমি ‘পিলিচী’ক ‘পপুলিষ্ট ইম্পালছেছ’ৰ হেঁচাত পৰিবলৈ দিয়া নাই। মানুহৰ আশা-আকংক্ষাৰ আনুসাৰে সিদ্ধান্ত গ্ৰহণ কৰা আৰু ‘পপুলিজম’ৰ সন্মুখত অস্ত্ৰ পেলাই দিয়াৰ মাজৰ পাৰ্থক্য কি, সেই কথা ক’ভিডৰ সময়ত হিন্দুস্তানে দেখিছে, আৰু কেৱল দেখাই নহয় পৃথিৱীকো দেখুৱাই দিছে। ডাঙৰ ডাঙৰ অৰ্থনীতিবিদসকলে মহামাৰীৰ সময়ত কি কি যে কথাবোৰ কৈছিল। যেতিয়া মহামাৰীৰ প্ৰদুৰ্ভাৱ ঘটিছিল সমগ্ৰ পৃথিৱীতে ডাঙৰ ডাঙৰ ‘বেইল আউট পেকেজ’-ৰ বাবে, ‘ডিমাণ্ড ড্ৰিভেন ৰিক’ভাৰী’ৰ বাবে, এক ‘পপুলিষ্ট ইম্পালছ’ আছিল। আমাৰ ওপৰতো ছাপ আছিল, আৰু আমাক লৈ আলোচনাও কৰা হৈছিল। ‘এওঁলোকে একোৱেই কৰা নাই’, ‘কি কৰিছে একোৱেই গম পোৱা নাই’, ‘নাজানো আৰু কি কৰি আছে এওঁলোকে’- আমাক লৈ এনেধৰণৰ কথাবতৰাৰ ধুম উঠিছিল। ‘মানুহে এনে কৰাটো বিচাৰিছে’, ‘বিশেষজ্ঞসকলে, বিদ্বানসকলে এনে কৰাটো বিচাৰিছে’ আদি ধৰণৰ কথা-বতৰাও কৰা দেখিবলৈ পোৱা গৈছিল। কিন্তু ভাৰতে এনে হেঁচাত সেওঁ মনা নাছিল, ভাৰতে এক অন্য ধৰণৰ দৃষ্টিভংগী গ্ৰহণ কৰি, খুব সাৱধানতাৰে, শান্ত চিত্তে আগবঢ়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। আমি ‘জনতা সৰ্বোপৰি’ দৃষ্টিভংগীৰে দুখীয়া-নিচলাৰ সুৰক্ষা নিশ্চিত কৰিছিলো, মহিলা, খেতিয়ক, ‘এমএছএমই’সমূহৰ ওপৰত ধ্যান দিছিলো। আমি পৃথিৱীয়ে কৰাবোৰৰ পৰা বেলেগ ধৰণে কামবোৰ এই কাৰণেই কৰিব পাৰিলো কিয়নো আমি জনতাৰ আশা-আকাংক্ষা অৰ্থাত্ জনতা কি বিচাৰিছে, তেওঁলোকৰ চিন্তানো কি, এইবোৰৰ অনুভৱ আমাৰ আছিল। সেয়ে  ভাৰতৰ ‘ৰিক’ভাৰী’ আৰু পৃথিৱীৰ অন্যপ্ৰান্তৰ ‘ৰিক’ভাৰী’ৰ মাজত বৃহত্ ব্যৱধান আমি দেখিবলৈ পাইছো।

বন্ধুসকল,

মই সদায়ে ‘ন্যূনতম চৰকাৰ আৰু সৰ্বাধিক শাসন’ৰ পোষকতা কৰি আহিছো। আমাৰ চৰকাৰে এনে ডেৰ হাজৰ আইন বাতিল কৰিছে, যিবোৰে মানুহৰ জীৱনত অনাৱশ্যক ভাবেই দখল দি আহিছিল। আৰু মোৰ মনত আছে ২০১৩ চনত মোক যেতিয়া জনতা পাৰ্টীয়ে প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থী ঘোষণা কৰিছিল, ২০১৪ চনৰ নিৰ্বাচনলৈ মাজত কেইটামান মাহ থকাৰ সময়তে দিল্লীৰ বাণিজ্যিক জগতখনে আয়োজন কৰা এক অনুষ্ঠানলৈ নিমন্ত্ৰণ জনাইছিল, আৰু সেয়া অলপ গৰম অবহাৱা আছিল। ‘প্ৰধানমন্ত্ৰী হ’লে কি কৰিম’, ‘কি নকৰিম’, ‘কি আইন যুগুতাম’, এনে ধৰণৰ বিভিন্ন প্ৰশ্নৰে ব্যতিবস্ত কৰা ধৰণৰ পৰিৱেশ। নিৰ্বাচনৰ দিন সমীপত, সেয়ে অৱধাৰিত ভাবেই এক ধৰণৰ ছাপযুক্ত অৱস্থাতেই থাকিবলগীয়া হয় প্ৰৰ্থী, মোৰো অৱস্থা তেনেকুৱাই। মই  ক’লো “আপোনালোকে আইন যুগুতোৱাৰ কথা কৈছে, মইতো আপোনালোকক কথা দিব বিচাৰিছো যে মই প্ৰতি দিনে এখনকৈ আইন বাতিলহে কৰিম, নতুন আইন অনাৰ গ্যৰাণ্টী নিদিও, কিন্তু আইন যে বাতিল কৰিম সেয়া খাটাং”। আৰু কাৰ্যকালৰ প্ৰথম ৫টা বছৰত ডেৰ হাজাৰ আইন বিলুপ্ত কৰাৰ কাম কৰিলো বন্ধুসকল, যিবোৰ জনসাধাৰণৰ ওপৰত বোজাৰ দৰে হৈ পৰিছিল।  

বন্ধুসকল,

আপোনালোকে জানিবলৈ পালে চাগৈ আনন্দিত হ’ব, আমাৰ চৰকাৰে ৩০ হাজাৰৰো অধিক; অৰ্থাত্, সংখ্যা শুনিয়েই চাগৈ আপোনালোক আচৰিত হৈ উঠিব; এৰা ৩০ হাজাৰৰো অধিক ‘অনুপালন বিধি’ আঁতৰাই দিয়া হৈছে, যিয়ে ‘স্বাচ্ছন্দ্যৰে বাণিজ্য কৰা’ৰ আৰু ‘স্বচ্ছন্দ্যপূৰ্ণ জীৱন কটোৱা’ৰ বাটত বাধাৰ সৃষ্টি কৰি আহিছিল। ৩০,০০০ ‘অনুপালনীয় বিধি’ অন্ত পেলোৱাতো, জনতা জনাৰ্দ্দনৰ ওপৰত কিমান অভূতপূৰ্ব বিশ্বাসৰ যুগ আহিল, তাৰ পৰিণতি হ’ল, আমি অনুপালনৰ হাজাৰ সমস্যাৰ পৰা জনতাক মুক্ত কৰাৰ প্ৰয়াস কৰিছো। আৰু মই লালকিল্লাৰ পৰা কৈছিলো যে মই বিচাৰো, চৰকাৰক মানুহৰ জীৱনৰ পৰা যিমান পাৰি আঁতৰাই ৰাখিব লাগে। মানুহৰ জীৱনত চৰকাৰৰ প্ৰভাৱ যিমান পাৰি কম হওক, কিন্তু যাৰ চৰকাৰক আৱশ্যক হ’ব তেওঁলোকে যাতে চৰকাৰৰ অভাৱ অনুভৱ কৰিব লগা নহয়, এই দুটা বিষয়ক হৃদয়ংগম কৰিয়েই আমি আগবঢ়াৰ প্ৰয়াস কৰিছো। আজি মই আপোনালোকক এই কথা জনাবলৈ পাই আনন্দিত হৈছো যে ‘ন্যূনতম চৰকাৰ’-ৰ দৃষ্টিভংগীয়ে সৰ্বাধিক লাভ আৰু সুফল দিবলৈ সক্ষমো হৈছে। আমি বহুত দ্ৰুতগতিৰে আমাৰ সামৰ্থ্য বিস্তাৰিত কৰি আহিছো আৰু ইয়াৰ পৰিণতি আপোনালোকৰ সন্মুখত বিদ্যমান। ক’ভিডৰ প্ৰতিষেধকৰ উদাহৰণটোকেই লওকচোন। আমাৰ দেশৰ ব্যক্তিগত খণ্ডৰ সংস্থাই খুবেই ভাল কাম কৰিছে। কিন্তু তেওঁলোকৰ নেপথ্যত ‘পাৰ্টনাৰ ইন প্ৰগ্ৰেছ’ৰ ভূমিকাত চৰকাৰৰ সম্পূৰ্ণ শক্তিৰে থিয় দি আছিল। ‘ভাইৰাছ আইছ’লেশ্যন’ৰ পৰা ‘দ্ৰুত পৰীক্ষণ’ পৰ্যন্ত, ‘পুঁজি’ৰ পৰা ‘দ্ৰুত ৰূপায়ণ’ পৰ্যন্ত, যিকেইটা প্ৰতিষ্ঠানে প্ৰতিষেধক প্ৰস্তুত কৰি আছিল, তেওঁলোকলৈ চৰকাৰে সম্পূৰ্ণ সহযোগিতা আগবঢ়াই আছিল। আৰু এটা উদাহৰণ হৈছে আমাৰ ‘মহাকাশ প্ৰেক্ষাপট’টোৰ। আজি ভাৰত সমগ্ৰ পৃথিৱীৰ ভিতৰতে সকলোতকৈ বিশ্বস্ত আৰু অত্যাধুনিক মহাকাশ সেৱা যোগনীয়াৰসকলৰ অন্যতম। এই ক্ষেত্ৰতো আমাৰ ব্যক্তিগত খণ্ডৰ প্ৰেক্ষাপটটোৱে খুবেই প্ৰশংসনীয় কাম কৰি আছে। কিন্তু তেওঁলোকৰ নেপথ্যতো ‘পাৰ্টনাৰ ইন প্ৰগ্ৰেছ’ৰ ভূমিকাত চৰকাৰ সম্পূৰ্ণ শক্তিৰে থিয় দি আছে; যিয়ে তেওঁলোকক প্ৰতিটো সুবিধা আৰু প্ৰয়োজনীয় তথ্য-পাতি উপলব্ধ কৰাত সহায় আগবঢ়াই আহিছে। যেতিয়া আমি ভাৰতৰ ‘ডিজিটেল পেমেণ্ট ইক’ছীষ্টেম’ৰ উদাহৰণ গ্ৰহণ কৰো, তেতিয়া আমাৰ দেশত ‘ফিনটেক’ৰ সৈতেই ‘ডিজিটেল পেমেণ্ট’ৰে জড়িত বহুকেইটা বৃহত সংস্থা আছে। কিন্তু, ইয়াতো দেখা যায় যে ইয়াৰ পিচতো ‘জেম ত্ৰিনিটী’, ‘ৰুপে’, ‘ইউপিআই’ আৰু ‘ছাপৰ্টিভ পলিচী’ৰ শক্তিশালী আধাৰ মজুত আছে। ইয়াত মই মাত্ৰ কেইটামান উদাহৰণহে দাঙি ধৰিছো। কিন্তু মই ইয়াক পৃথিৱীৰ বাবে এক গৱেষণাৰ বিষয় বুলি গণ্য কৰো। বৌদ্ধিক বিশ্বক গভীৰলৈ যোৱাৰ বাবে জোৰ দিব খোজো, পৃথিৱীৰ অ্থনীতিবিদসকলক আমন্ত্ৰিত কৰিব খোজো, আহকচোন ইয়াক পুংখাপুংখকৈ চাওকহিচোন। এই বিশাল দেশখনত অনেক, বিবিধ আৱশ্যকতা নিশ্চয় আছে; কিন্তু এই সকলোবোৰৰ মাজতো আমি কি দৰে আগবাঢ়ি আছো। একপ্ৰকাৰে চাবলৈ গ’লেতো এতিয়া কেৱল ব্যক্তিগত খণ্ড বা চৰকাৰী খণ্ডৰ ধৰণৰ ‘এক্সট্ৰিম মডেল’ৰ কথাবোৰ পুৰণি হৈ পৰিছে। এতিয়া সময় হৈছে যে চৰকাৰে ব্যক্তিগত খণ্ডক ‘পাৰ্টনাৰ ইন প্ৰগ্ৰেছ’ হিচাপে গণ্য কৰি তেওঁলোকক উত্সাহিত কৰিব লাগে, আৰু আমি এই দিশতে আগবাঢ়ি আছো।

বন্ধুসকল,

সকলোকে লগত লৈ আগবাঢ়ি যোৱা, দেশৰ ৰাজহুৱা আৰু ব্যক্তিগত উভয় খণ্ডৰ ওপৰত ভৰসা কৰাৰ মানসিকতা গ্ৰহণ কৰাৰ বাবেই আজি ভাৰতত ‘সংবৰ্দ্ধন’ৰ বাবে উত্সাহ দেখিবলৈ পোৱা গৈছে। আজি আমাৰ ৰপ্টানীৰ পৰিসৰে নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। সেৱা খণ্ডয়ো দ্ৰুতগতিৰে উন্নয়ণৰ দিশত আগবাঢ়িছে। ‘পিএলআই আঁচনি’ৰ প্ৰভাৱ উত্পাদনী খণ্ডত দেখিবলৈ পোৱা গৈছে। মোবাইল ফোনকে ধৰি সমগ্ৰ ‘ইলেক্ট্ৰনিক মেনুফেক্সাৰিং খণ্ড’ৰ পৰিসৰ বহু গুণে বৃদ্ধি পাইছে। মই এই ক’ৰোনাকালত পুতলা সন্দৰ্ভত শীৰ্ষ সন্মিলনৰ আয়োজন কৰিছিলো বুলি জানিলে আপোনালোকে চাগৈ আচৰিতেই হ’ব। খেলনাৰ কথা পতা দেখি বহুতে আকৌ আশ্চৰ্যই প্ৰকাশ কৰিছিল, বোলে এইজন প্ৰধানমন্ত্ৰীয়ে দেখোন কেতিয়াবা যদি ঝাড়ুৰ কথা কয়, কেতিয়াবা স্বচ্ছতাৰ, কেতিয়াবা শৌচাগাৰ, এতিয়া আক’ পুতলাৰ কথা ক’বলৈ ধৰিছে। ইমান দিনে যিহেতু ডাঙৰ ডাঙৰ বিষয়বোৰৰ কথা শুনি শুনি এওঁলোকৰ আকৌ মই কোৱা এইবোৰ সৰু সৰু কথা ভালেই লগা নাছিল। কেৱল পুতলাৰ ওপৰত মই ধ্যান দিছো, খেলনা সজা ব্যক্তিসকলৰ প্ৰতি ধ্যান কেন্দ্ৰিত কৰিছো। প্ৰযুক্তিৰ ওপৰত ধ্যান দিছো, উদ্ভাৱনৰ ওপৰত ধ্যান দিছো, বিত্তীয় খণ্ডৰ প্ৰতি ধ্যান  দিছো, এতিয়াতো দুটা বছৰ সম্পূৰ্ণ হোৱাই নাই, মোৰ দেশবাসীয়ে গৰ্ব কৰিব, পুতলাৰ আমদানী ইমান কম সময়তে ইমানকৈ কমিবলৈ ধৰিছে, নহ’লেতো আমাৰ ঘৰে ঘৰে বিদেশী খেলনাৰ সমাহাৰ হৈ আহিছিল। ইমানেই আমদানী কমিছে, কেৱল সেয়াই নহয়, ইমানদিনে আমাৰ দেশলৈ হোৱা পুতলাৰ পৰিমাণতকৈ এতিয়া আকৌ আমাৰ পুতলাৰ ৰপ্টানী বেছিকৈহে হ’বলৈ ধৰিছে। অ্ৰ্থাত্ কিমান ডাঙৰ সম্ভাৱনা এটা সদ্ব্যৱহাৰ নকৰাকৈয়ে থাকি গৈছিল। আপুনি কোৱাৰ দৰে পৰ্যটন, মই আপোনাৰ সৈতে সহমত প্ৰকাশ কৰিছো, ভাৰতৰ পৰ্যটন সম্ভাৱনা ইমানেই অপাৰ যে; পিচে কি হ’ব, আমি একেটা স্থনতে আবদ্ধ হৈ ৰৈছিলো। হিন্দুস্তানক পূৰ্ণ ৰূপত বিশ্বৰ সন্মুখলৈ নিয়াৰ ক্ষেত্ৰত; কিয় জানো আমাৰ মানসিকতাৰেই কিবা কম আছিল নেকি নাজানো। মইতো বিদেশৰ পৰা অহা অতিথিসকলক হিন্দুস্তানৰ কোনোবা নহয় কোনোবা স্থানলৈ নিয়াৰ বাবে আগ্ৰহ কৰো, কিজানি আমাৰ পৰ্যটনৰ কিবা লাভ হয়েই। এইবাৰ আমি ‘যোগ’ৰ কাৰ্যক্ৰম দেশৰ ৭৫টা স্থানত অনুষ্ঠিত কৰিছিলো। ইয়াৰ জৰিয়তে আমি দেখুৱাব খুজিছিলো যে এনেকুৱা পৰ্যটনথলীও আমাৰ দেশত আছে। পৰ্যটনৰ সম্ভাৱনা, এৰা আপোনালোকে ঠিকেই কৈছে, সমগ্ৰ বিশ্বৰ বাবেই আকৰ্ষণৰ বহুত ডাঙৰ কেন্দ্ৰ হৈ উঠিব পাৰে ভাৰত।

বন্ধুসকল,

আমাৰ ‘ডিজিটেল অৰ্থনীতি’ও দ্ৰুতগতিত আগবাঢ়ি যাবলৈ ধৰিছে। ‘ফিজিকেল’ আৰু ‘ডিজিটেল’ আন্তঃগাঁথনিত অভিলেখ পৰিমাণৰ বিনিয়োগ সম্ভৱ হৈছে। অৰ্থাত্ আমাৰ ‘গ্ৰ’থ-ইঞ্জিন’ৰে জড়িত সকলো খণ্ডই আজি সম্পূৰ্ণ সামৰ্থ্যৰে চলি আছে।

বন্ধুসকল,

‘স্বাধীনতাৰ অমৃত কাল’-য়ে ভাৰতৰ বাবে নতুন নতুন অগণন সুযোগৰ সম্ভাৰ লৈ আহিছে। আমাৰ সংকল্প দৃঢ়, আমাৰ আগ্ৰহ অটল। মোৰ বিশ্বাস আমি আমাৰ সংকল্প সিদ্ধ কৰিব পাৰিম; ২১ শতিকাত সেই উচ্চতাত আৰোহণ কৰিমগৈ, যি উচ্চতাত আৰোহণৰ সামৰ্থ্য ভাৰতৰ আছে। আৰু থৰ্মান জীয়ে কেতবোৰ প্ৰত্যাহ্বানৰ কথা উল্লেখ কৰিছে, মই ভাবো প্ৰত্যাহ্বান নিশ্চয় আছে, কিন্তু যদি প্ৰত্যাহ্বান আছে তেন্তে ১৩০ কোটি সমাধানোতো আছে, এয়া মোৰ বিশ্বাস আৰু সেই বিশ্বাসকে লৈ প্ৰত্যাহ্বানকে প্ৰত্যাহ্বান জনাই আগুৱাই য়োৱাৰ সংকল্প লৈ চলি আছো, আৰু সেয়ে আমি ‘সমাবেশন’ৰ পথ গ্ৰহণ কৰিছো আৰু সেই পথেৰে ‘সংবৰ্দ্ধন’কো পোৱাৰ আগ্ৰহ প্ৰকাশ কৰিছো। পুনৰবাৰ অৰুণ জেটলী জীক স্মৰণ কৰি, মই মোৰ ভাষণৰ সামৰণি মাৰিছো। থৰ্মান জীক বিশেষভাবে ধন্যবাদ জনাইছো। আপোনালোক সকলোকে হৃদয়ৰে বহুত বহুত কৃতজ্ঞতা জ্ঞাপন কৰিছো।

ধন্যবাদ!

***

 

DS/TS/AV/KB



(Release ID: 1841131) Visitor Counter : 162