প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ৰাজ্যসভাৰ নতুন মনোনীত সদস্যসকলক অভিনন্দন জনায়
प्रविष्टि तिथि:
06 JUL 2022 9:42PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যসভালৈ মনোনীত জীৱনৰ বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন বিশিষ্ট ব্যক্তিক অভিনন্দন জ্ঞাপন কৰে। এথলীট পি.টি. উষা, সংগীতকাৰ ইলিয়াৰাজা, সমাজসেৱক আৰু সমাজকৰ্মী শ্ৰী বীৰেন্দ্ৰ হেগাড়ে, চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰনাট্যকাৰ শ্ৰী ভি. বিজয়েন্দ্ৰ প্ৰসাদ গাৰু হৈছে ৰাজ্যসভাৰ বাবে মনোনয়ন লাভ কৰা ব্যক্তি।
প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে;
"প্ৰসিদ্ধ পিটি ঊষা জী প্ৰতিজন ভাৰতীয়ৰ বাবে এক অনুপ্ৰেৰণা। ক্ৰীড়াক্ষেত্ৰত তেওঁৰ সফলতাসমূহ বহুলভাৱে জনাজাত কিন্তু সমানে প্ৰশংসনীয় হৈছে যোৱা কেইবাবছৰো ধৰি তেওঁ উদীয়মান খেলুৱৈসকলক পৰামৰ্শ দি আহিছে। ৰাজ্যসভালৈ মনোনীত হোৱাৰ বাবে তেওঁক অভিনন্দন জনাইছো। @PTUshaOfficial"
"@ilaiyaraaja জীৰ সৃষ্টিশীল প্ৰতিভাই বিভিন্ন প্ৰজন্মৰ লোকসকলক আকৰ্ষিত কৰিছে। তেওঁৰ কামবোৰে বহুতো আৱেগক সুন্দৰভাৱে প্ৰতিফলিত কৰে। লগতে অনুপ্ৰেৰণাদায়ক কথাটো হ'ল তেওঁৰ জীৱন যাত্ৰা- তেওঁ এক নম্ৰ পৃষ্ঠভূমিৰ পৰা আহিছে আৰু ইমানখিনি অৰ্জন কৰিছে। তেওঁ ৰাজ্যসভালৈ মনোনীত হোৱাত মই আনন্দিত।"
"শ্ৰী বীৰেন্দ্ৰ হেগাড়ে জী সমাজ সেৱাৰ শীৰ্ষত আছে। মই ধৰ্মশালা মন্দিৰত প্ৰাৰ্থনা কৰাৰ সুযোগ পাইছো আৰু তেওঁ স্বাস্থ্য, শিক্ষা আৰু সংস্কৃতিত কৰি থকা মহান কামৰ সাক্ষী হ'বলৈও সুযোগ পাইছো। তেওঁ নিশ্চিতভাৱে সংসদীয় কাৰ্যক্ৰম সমৃদ্ধ কৰিব।"
"শ্ৰী ভি. বিজয়েন্দ্ৰ প্ৰসাদ গাৰু কেইবা দশক ধৰি সৃষ্টিশীল জগতৰ সৈতে জড়িত হৈ আছে। তেওঁৰ কামবোৰে ভাৰতৰ গৌৰৱময় সংস্কৃতি প্ৰদৰ্শন কৰে আৰু বিশ্বব্যাপী এক প্ৰভাৱ পেলাইছে। ৰাজ্যসভালৈ মনোনীত হোৱাৰ বাবে তেওঁক অভিনন্দন জনাইছো।"
***
DS/ST/MANN
(रिलीज़ आईडी: 1840193)
आगंतुक पटल : 166
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam