প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

জাৰ্মানীৰ মিউনিখত ভাৰতীয় সমূদায়ৰ অভ্যৰ্থনা অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

Posted On: 26 JUN 2022 10:45PM by PIB Guwahati

নমস্কাৰ!

আপোনালোক ভালে আছে নে?

মোক কোৱা হৈছে যে আপোনালোকৰ বহুতেই আজি ইয়ালৈ বহু দূৰ অতিক্ৰম কৰি আহিছে। আপোনালোক সকলোৰে মাজত ভাৰতৰ সংস্কৃতি, ঐক্য আৰু ভ্ৰাতৃত্ববোধ মই দেখিবলৈ পাইছো। এই মৰম মই কেতিয়াও পাহৰিব নোৱাৰো। আপোনালোকৰ মৰম, উদ্যম আৰু উৎসাহক বাতৰিত চাই ভাৰতৰ জনসাধাৰণে অতি গৌৰৱ অনুভৱ কৰিব বুলি মই নিশ্চিত।

বন্ধুসকল,

আন এটা কাৰণতো এই দিনটো জনা যায়। আজি ২৬ জুন। ৪৭ বছৰ আগতে আমাৰ গৌৰৱ, গণতন্ত্ৰক পণবন্দী কৰি ৰখাৰ প্ৰয়াস কৰা হৈছিল, যিটো প্ৰতিজন ভাৰতীয়ৰ ডি এন এত আছে, পণবন্দী কৰি তাক চেপি ধৰিবলৈ। জৰুৰীকালীন সময়ছোৱা ভাৰতৰ জীৱন্ত গণতান্ত্ৰিক ইতিহাসৰ এক ক’লা দাগৰ দৰে। কিন্তু শতিকাজুৰি পুৰণি গণতান্ত্ৰিক পৰম্পৰাৰ আধিপত্যই এই অন্ধকাৰ দাগৰ বিৰুদ্ধে জয়লাভ কৰিলে আৰু এই প্ৰাচীনত্বৰ বিৰুদ্ধে গণতান্ত্ৰিক পৰম্পৰাৰ প্ৰাধান্য হ’ল।

গণতন্ত্ৰক মষিমূৰ কৰাৰ সকলো ষড়যন্ত্ৰৰ উত্তৰ ভাৰতবাসীয়ে গণতান্ত্ৰিক ৰূপত দিলে। আমি ভাৰতীয়সকলে য’তেই নাথাকো কিয় আমাৰ গণতন্ত্ৰক লৈ আমি গৌৰৱ কৰো। প্ৰতিজন ভাৰতীয়ই গৌৰৱেৰে ক’ব পাৰে যে ভাৰত গণতন্ত্ৰৰ মাতৃ। আমাৰ হাজাৰ বছৰীয়া গণতন্ত্ৰৰ ইতিহাস ভাৰতৰ প্ৰতিটো কোণত এতিয়াও জীয়াই আছে। ইমানবোৰ ভাষা, উপভাষা আৰু ভিন্ন জীৱনশৈলীৰ সৈতে ভাৰতৰ গণতন্ত্ৰ জীৱন্ত হৈয়েই আছে। প্ৰতিজন নাগৰিকৰ গণতন্ত্ৰৰ প্ৰতি বিশ্বাস আৰু আশা আছে যিয়ে তেওঁলোকৰ জীৱনক শক্তিশালী কৰি তুলিছে।

ইমান বিশাল আৰু বৈচিত্ৰ্যপূৰ্ণ দেশ এখনত গণতন্ত্ৰই কিমান ভালদৰে কাম কৰি যাব পাৰিছে সেয়া ভাৰতে প্ৰমাণ কৰিছে। কোটি কোটি ভাৰতীয়ই একেলগে যিদৰে ডাঙৰ ডাঙৰ লক্ষ্যত উপনীত হৈছে সেয়া অভূতপূৰ্ব। আজি ভাৰতৰ প্ৰতিখন গাঁও মুকলি স্থানত মলত্যাগমুক্ত হিচাপে চিহ্নিত হৈছে। আজি ভাৰতৰ প্ৰতিখন গাঁৱতে বিদ্যুৎ সংযোগ দিয়া হৈছে। আজি ভাৰতৰ প্ৰায় প্ৰতিখন গাঁও পথৰ দ্বাৰা সংযুক্ত হৈ আছে। আজি ভাৰতত ৯৯%তকৈ অধিক লোকৰ ওচৰত পৰিষ্কাৰ ৰন্ধা-বঢ়াৰ বাবে গেছ সংযোগ আছে। আজি ভাৰতৰ প্ৰতিটো পৰিয়াল বেংকিং ব্যৱস্থাৰ সৈতে সংযুক্ত হৈ আছে। আজি ভাৰতৰ প্ৰতিজন দুখীয়া লোকে পাঁচ লাখ টকাৰ বিনামূলীয়া চিকিৎসাৰ সুবিধা লাভ কৰিছে।

ক’ৰোনা আক্ৰান্ত হোৱাৰ পিছত বিগত দুবছৰ ধৰি ভাৰতে ৮০ কোটি দৰিদ্ৰ লোকক বিনামূলীয়া খাদ্য শস্য সুনিশ্চিত কৰিছে। তদুপৰি ভাৰতত ষ্টাৰ্ট-আপৰ পৃথিৱীত গড়ে প্ৰতি দহ দিনৰ মূৰে মূৰে এটা ইউনিকৰ্ণ গঠন হয়। আজি প্ৰতিমাহে ভাৰতত গড়ে ৫ হাজাৰ পেটেণ্ট দাখিল কৰা হয়। আজি ভাৰতে প্ৰতিমাহে গড়ে ৫০০ৰো অধিক আধুনিক ৰে’লৱে দবা প্ৰস্তুত কৰি থকা হৈছে। আজি ভাৰতে প্ৰতিমাহে গড়ে ১৮ লাখ পৰিয়ালক নলসংযোগী পানী যোগান দিছে। ভাৰতীয়সকলৰ সাফল্যৰ তালিকাখন অতি দীঘল। বিশদভাৱে ক’বলৈ গ’লে আপোনাৰ ৰাতিৰ আহাৰ গ্ৰহণৰ সময় হ’ব।

বন্ধুসকল,

যেতিয়া এখন দেশে সঠিক উদ্দেশ্যৰে সঠিক সময়ত সঠিক সিদ্ধান্ত গ্ৰহণ কৰে আৰু সকলোকে লগত লৈ যায়, তেতিয়া তাৰ দ্ৰুত বিকাশ নিশ্চিত হয়। যোৱা শতিকাত তৃতীয় ঔদ্যোগিক বিপ্লৱৰ পৰা জাৰ্মানী আৰু অন্যান্য দেশসমূহ কিমান লাভৱান হৈছিল সেই বিষয়ে আপোনালোক সকলোৱে জানে। ভাৰত সেই সময়ত পৰাধীন আছিল। ফলত এই দৌৰত ই বহু পিছ পৰি থাকিল। কিন্তু আজি একবিংশ শতিকাৰ ভাৰত চতুৰ্থ ঔদ্যোগিক বিপ্লৱত উদ্যোগ ৪.০ত পিছ পৰি থকা সকলৰ ভিতৰত নহয়, বৰঞ্চ নেতৃত্ব প্ৰদান কৰিছে।

তথ্য আৰু ডিজিটেল প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতে ঢৌৰ সৃষ্টি কৰিছে। বিশ্বৰ ৰিয়েল টাইম ডিজিটেল পেমেণ্ট লেনদেনৰ ৪০ শতাংশ ভাৰততে হয়। আজি ভাৰতে ডাটা ব্যৱহাৰৰ ক্ষেত্ৰত নতুন অভিলেখ সৃষ্টি কৰিছে। ডাটা সবাতোকৈ কম মূল্যৰ দেশসমূহৰ ভিতৰত ভাৰত অন্যতম। একবিংশ শতিকাৰ নতুন ভাৰতত মানুহে যি গতিৰে নতুন প্ৰযুক্তি গ্ৰহণ কৰি আছে, সেই গতিৰে সকলোকে আচৰিত কৰিব৷

প্ৰায় ১১০ কোটি লোকে ক’ৱিন প’ৰ্টেলত টিকাকৰণ আৰু টিকাকৰণৰ প্ৰমাণ পত্ৰৰ বাবে পঞ্জীয়ন কৰিছে। আজি প্ৰায় ২২ কোটি ভাৰতীয় ক’ৰোনা সংক্ৰমণ অনুসৰণৰ বাবে সৃষ্টি কৰা বিশেষ এপ আৰোগ্য সেতুৰ সৈতে সংযুক্ত হৈ আছে। চৰকাৰে ক্ৰয় কৰিবলৈ প্ৰস্তুত কৰা চৰকাৰী ই-মাৰ্কেট স্থান অৰ্থাৎ জি-ইএমৰ সৈতে প্ৰায় ৫০ লাখ বিক্ৰেতা জড়িত হৈ আছে। আজি ১২-১৫ লাখ ভাৰতীয়ই ৰে’লযোগে যাত্ৰা কৰিবলৈ প্ৰতিদিনে অনলাইন টিকট বুকিং কৰে৷

ভাৰতত আজি যিধৰণৰ ড্ৰোন প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে সেয়া অভূতপূৰ্ব। আপুনি জানি আচৰিত হ’ব যে দেশৰ বহু অঞ্চলত ড্ৰোনে সাৰ চতিয়ায়। চৰকাৰে স্বামীত্ত্ব আঁচনি আৰম্ভ কৰিছে। এই আঁচনিৰ অধীনত ড্ৰ’নে দেশৰ লাখ লাখ গাঁৱৰ ভূমি আৰু ঘৰৰ মানচিত্ৰ নিৰ্মাণ কৰিছে। এই অভিযানৰ জৰিয়তে কোটি কোটি নাগৰিকক সম্পত্তিৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হৈছে। প্ৰাকৃতিক দুৰ্যোগ, সাহায্য আৰু উদ্ধাৰ অভিযানৰ সময়তো ড্ৰোন প্ৰযুক্তিৰ ব্যৱহাৰ বৃদ্ধি পাইছে।

বন্ধুসকল,

আজিৰ ভাৰতে এসময়ত থকা ‘চলি থাকিব’ মনোভাৱৰ পৰা ওলাই আহি ‘কৰিব লাগিব’ আৰু ‘সময়মতে কৰিব লাগিব’ বুলি প্ৰতিশ্ৰুতি লোৱাৰ পথত আগবাঢ়িছে। ভাৰত এতিয়া সাজু, বিৰল আৰু অধীৰ। প্ৰগতি আৰু উন্নয়নৰ বাবে ভাৰত অধীৰ, নিজৰ সপোনৰ প্ৰতি অধীৰ ভাৰত, নিজৰ সপোনবোৰক সংকল্পলৈ ৰূপান্তৰিত কৰি তাক সাধন কৰিবলৈ অধীৰ ভাৰত। ভাৰতে আজি নিজৰ ওপৰত আৰু নিজৰ সম্ভাৱনাৰ ওপৰত বিশ্বাস কৰে।

আমি পুৰণি অভিলেখ ভংগ কৰি নতুন লক্ষ্যত উপনীত হৈছো। এটা উদাহৰণ দিওঁ। ভাৰতে ২০১৬ চনত সিদ্ধান্ত লৈছিল যে ২০৩০ চনৰ ভিতৰত আমাৰ মুঠ বিদ্যুৎ উৎপাদন ক্ষমতাৰ ৪০ শতাংশ অজীৱাশ্ম ইন্ধনৰ পৰা হ’ব।২০৩০ চনলৈ আঠ বছৰ বাকী থকাৰ সময়তে ভাৰতে এই লক্ষ্যত উপনীত হৈছে। আমি পেট্ৰ'লত ১০ শতাংশ ইথানল মিহলি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিলো। সময়সীমাৰ পাঁচ মাহ পূৰ্বে দেশে এই লক্ষ্যতো উপনীত হৈছে।

ভাৰতত ক’ভিড প্ৰতিষেধকৰ গতি আৰু পৰিসৰৰ বিষয়েও আপোনালোকে ভালদৰেই জানে। আজি ভাৰতত ৯০% প্ৰাপ্তবয়স্ক লোকে এই ভেকচিনৰ দুয়োটা ড’জ লাভ কৰিছে। ৯৫% প্ৰাপ্তবয়স্কই অন্ততঃ এটা ড’জ গ্ৰহণ কৰিছে। এইখনেই সেইখন ভাৰত, যাৰ বিষয়ে একাংশ লোকে কৈ আছিল যে ১২৫ কোটি জনসংখ্যাক টিকাকৰণ হ’বলৈ ১০-১৫ বছৰ লাগিব। আজি যেতিয়া মই আপোনালোকৰ লগত কথা পাতিছো, ভাৰতত ভেকচিনৰ ড’জৰ সংখ্যাই ১৯৬ কোটি অতিক্ৰম কৰিছে। ‘মেড ইন ইণ্ডিয়া’ ভেকচিনে ক’ৰোনাৰ পৰা ভাৰতৰ লগতে বিশ্বৰ কোটি কোটি লোকৰ জীৱন ৰক্ষা কৰিছে।

বন্ধুসকল,

মোৰ মনত আছে ২০১৫ চনত জাৰ্মানীলৈ অহাৰ সময়ত ষ্টাৰ্ট-আপ ইণ্ডিয়া অভিযানটো মাত্ৰ এটা ধাৰণা আছিল।তেতিয়া ষ্টাৰ্ট-আপৰ ক্ষেত্ৰত ভাৰতৰ নামেই নাছিল। আজি ভাৰতত বিশ্বৰ তৃতীয় বৃহত্তম ষ্টাৰ্ট-আপ ইক’চিষ্টেম আছে। এটা সময় আছিল যেতিয়া ভাৰতে বাহিৰৰ পৰা সহজ স্মাৰ্টফোনবোৰো কিনিছিল। আজি ভাৰত বিশ্বৰ দ্বিতীয় বৃহত্তম মোবাইল ফোন নিৰ্মাতা দেশ আৰু এতিয়া ভাৰতত নিৰ্মিত মোবাইল ফোন ৰপ্তানি কৰা হৈছে। প্ৰায় সাত-আঠ বছৰ আগতে যেতিয়া মই আপোনাৰ দৰে সহকৰ্মীসকলৰ লগত আলোচনা কৰিছিলো, তেতিয়া আমাৰ বায়’টেক ইক’নমি আছিল ১০ বিলিয়ন ডলাৰ অৰ্থাৎ ৭৫,০০০ কোটি টকা। বৰ্তমান এয়া আঠগুণ বৃদ্ধি পাই  ৮০ বিলিয়ন মাৰ্কিন ডলাৰ অৰ্থাৎ ছয় লাখ কোটি টকা অতিক্ৰম কৰিছে।

বন্ধুসকল,

অতি কঠিন পৰিস্থিতিতো ভাৰতবাসীৰ সাহস আমাৰ আটাইতকৈ ডাঙৰ শক্তি। বন্ধুসকল, আমাৰ যোৱা বছৰৰ ৰপ্তানি বৰ্তমানলৈকে সৰ্বাধিক হৈছে৷ এইটোৱে প্ৰমাণ কৰে যে এফালে আমাৰ নিৰ্মাতাসকল নতুন সুযোগৰ বাবে সাজু হৈছে, আনহাতে বিশ্বইও আমাক আশা আৰু আত্মবিশ্বাসেৰে চাই আছে। যোৱা বছৰ ভাৰতে ১১১ বিলিয়ন ডলাৰ অৰ্থাৎ ৮.৩০ লাখ কোটি টকাৰ অভিযান্ত্ৰিক সামগ্ৰী ৰপ্তানি কৰিছিল। ভাৰতৰ কঁপাহ আৰু হস্ততাঁত সামগ্ৰীৰ ৰপ্তানিও ৫৫ শতাংশ বৃদ্ধি পাইছে।

ভাৰতত উৎপাদন বৃদ্ধিৰ বাবে চৰকাৰে প্ৰায় ২ লাখ কোটি টকাৰ উৎপাদনসংযোগী উদ্গনি (পিএলআই) আঁচনিও আৰম্ভ কৰিছে। অহা বছৰ আমি আমাৰ ৰপ্তানিৰ লক্ষ্য আৰু অধিক বৃদ্ধি কৰিব বিচাৰো আৰু এই ক্ষেত্ৰত আপোনালোকে বহুত সহায় কৰিব পাৰে। একেদৰে প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ প্ৰবাহেও নতুন অভিলেখ ৰচিবলৈ সক্ষম হৈছে।

বন্ধুসকল,

যেতিয়া এখন দেশৰ নাগৰিকে ‘সবকা প্ৰয়াস’ আৰু জনসাধাৰণৰ অংশগ্ৰহণেৰে জাতীয় সংকল্প পূৰণৰ কামত জড়িত হৈ পৰে, তেতিয়া তেওঁলোকে বিশ্বৰ বৃহৎ শক্তিসমূহৰ সমৰ্থনো লাভ কৰে। আজি আমি দেখিবলৈ পাইছো যে বিশ্বৰ বৃহৎ শক্তিসমূহে ভাৰতৰ লগত কেনেদৰে কান্ধত কান্ধ মিলাই খোজ কাঢ়িব বিচাৰে। আজি ভাৰত দেশবাসীৰ দৃঢ়তাৰে প্ৰগতিৰ পথত আগবাঢ়িছে। মানুহৰ দৃঢ়তা আৰু অংশগ্ৰহণেৰে ভাৰতৰ প্ৰচেষ্টা আজি এক গণ আন্দোলনত পৰিণত হৈছে। এইবোৰে মোক দেশৰ ভৱিষ্যৎ সন্দৰ্ভত আশ্বাস আৰু আত্মবিশ্বাস প্ৰদান কৰে।

উদাহৰণ স্বৰূপে জৈৱিক খেতি বিশ্বত চৰ্চাৰ বিষয় হৈয়েই ৰৈছে, কিন্তু নিজেই ভাৰতৰ কৃষক সকলে আগবাঢ়ি আহি ইয়াক কাৰ্যকৰী কৰি আছে। একেদৰে আজি ভাৰতত জলবায়ু পৰিৱৰ্তন কেৱল চৰকাৰী নীতিৰ বিষয় নহয়। ভাৰতৰ যুৱক-যুৱতীসকলে পৰিৱেশ আৰু অন্যান্য অনুৰূপ জলবায়ু সমৰ্থক প্ৰযুক্তিৰ ক্ষেত্ৰত বিনিয়োগ কৰিছে। বহনক্ষম জলবায়ু পদ্ধতিসমূহ আজি ভাৰতত সাধাৰণ মানুহৰ জীৱনৰ এক অংশ হৈ পৰিছে।

২০১৪ চনলৈকে ভাৰতত মুকলি স্থানত শৌচ কৰাটো এটা ডাঙৰ সমস্যা আছিল যদিও আমি দেশত ১০ কোটিৰো অধিক শৌচালয় নিৰ্মাণ কৰিছো। আজি ভাৰতত স্বচ্ছতা এক জীৱনশৈলীত পৰিণত হৈছে। ভাৰতৰ জনসাধাৰণ আৰু যুৱপ্ৰজন্মই দেশখন পৰিষ্কাৰ কৰি ৰখাটো নিজৰ কৰ্তব্য বুলি বিবেচনা কৰিছে। আজি ভাৰতবাসী আত্মবিশ্বাসী যে তেওঁলোকৰ ধন দেশৰ বাবে সৎভাৱে ব্যয় কৰা হৈছে আৰু দুৰ্নীতিৰ বলি হোৱা নাই। ফলত নগদ ধনৰ অনুসৰণ বৃদ্ধি পাইছে আৰু ই কোনো আইনী প্ৰক্ৰিয়াৰ বাবে নহয়, বৰঞ্চ ই স্বতঃস্ফূৰ্তভাৱে ঘটিছে।

বন্ধুসকল,

আমি সকলোৱে এইবাৰ আমাৰ স্বাধীনতাৰ ৭৫ বছৰ অমৃত মহোৎসৱ উদযাপন কৰিছো। স্বাধীনতাৰ ৭৫ সংখ্যক বছৰত ভাৰতে অভূতপূৰ্ব সৰ্বাংগীনতাৰ সাক্ষী হৈ আছে আৰু ইয়াৰ দ্বাৰা লাখ লাখ আকাংক্ষা প্ৰভাৱিত হৈছে। ভাৰত আজি অভূতপূৰ্ব সম্ভাৱনাৰে ভৰপূৰ। এখন শক্তিশালী, সুস্থিৰ আৰু নিৰ্ণায়ক চৰকাৰৰ নেতৃত্বত ভাৰতেও নতুন সপোন দেখিছে, নতুন সংকল্প গ্ৰহণ কৰিছে আৰু সেই সংকল্পসমূহ বাস্তৱায়িত কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিছে। আমাৰ নীতি স্পষ্ট আৰু সংস্কাৰৰ প্ৰতি এক দৃঢ় দায়বদ্ধতা আছে। পাঁচ বছৰৰ পাছত আমি ক’ত উপনীত হ’ব লাগিব সেইটোও সিদ্ধান্ত লোৱা হৈছে আৰু অহা ২৫ বছৰৰ স্বাৱলম্বিতাৰ ৰোডমেপো প্ৰস্তুত কৰা হৈছে, দেশখনে কেতিয়া স্বাধীনতাৰ শতবাৰ্ষিকী উদযাপন কৰিব।

বন্ধুসকল,

পৃথিৱীত কিবা এটা হ’লে আমি ফালৰি কাটি আছিলো, সেই দিন উকলিল৷ আজি ভাৰত বিশ্বৰ প্ৰত্যাহ্বানসমূহৰ পৰা ফালৰি কটা দেশ নহয়, বৰঞ্চ ই এই প্ৰত্যাহ্বানসমূহৰ সমাধান আগবঢ়াইছে। আমি সমগ্ৰ বিশ্বক দুৰ্যোগৰ বিৰুদ্ধে যুঁজিবলৈ সক্ষম কৰিব বিচাৰো কোৱালিচন ফৰ ডিজেষ্টাৰ ৰেজিলিয়েণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ (চিডিআৰআই)ৰ জৰিয়তে। আজি আমি আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীৰ জৰিয়তে বিশ্বৰ দেশসমূহক এক মঞ্চত একত্ৰিত কৰিছো যাতে সুলভ মূল্যৰ আৰু পৰিৱেশ অনুকূল শক্তিৰ সুফল বিশ্ববাসীলৈ প্ৰেৰণ কৰিব পৰা যায়। ‘এক সূৰ্য্য-এক পৃথিৱী-এক গ্ৰীড’ৰ সপোন আমি বিশ্বৰ সন্মুখত দাঙি ধৰিছো। ভাৰতে নিজেই যোৱা আঠ বছৰত ইয়াৰ সুফল অনুভৱ কৰিছে। ভাৰতত সৌৰশক্তিৰ অভূতপূৰ্ব সক্ষমতা আছে আৰু ইয়াক প্ৰতি ইউনিটত ২ বা ২.৫ টকাত উপলব্ধ।

ভাৰতে জাৰ্মানীৰ দৰে বন্ধুত্বপূৰ্ণ দেশক অংশীদাৰিত্ব কৰি মানৱতাৰ স্বাৰ্থত ব্যাপক হাৰত সেউজ হাইড্ৰ’জেনৰ ওপৰত কাম কৰি আছে৷ ভাৰতত বিশ্ব স্বাস্থ্য সংস্থাৰ পৰম্পৰাগত ঔষধ কেন্দ্ৰ স্থাপনৰ লগে লগে ভাৰতো বিশ্বৰ প্ৰাচীন চিকিৎসা ব্যৱস্থাৰ এক বিশ্বব্যাপী কেন্দ্ৰ হৈ পৰিছে।

বন্ধুসকল,

আপোনালোক সকলোৱে যোগৰ শক্তিৰ সন্দৰ্ভত জ্ঞাত৷ বৰ্তমান সমগ্ৰ বিশ্বতে ইয়াৰ প্ৰসাৰ ঘটিছে৷

বন্ধুসকল,

আজিৰ নতুন ভাৰতে ভৱিষ্যত প্ৰজন্মৰ বাবে এক নতুন উত্তৰাধিকাৰৰ সৃষ্টি কৰিছে। নতুন উত্তৰাধিকাৰ সৃষ্টিৰ এই অভিযানৰ আটাইতকৈ ডাঙৰ শক্তি হৈছে আমাৰ যুৱক-যুৱতীসকল। ভাৰতৰ যুৱক-যুৱতীসকলক সবলীকৰণৰ বাবে আমি একবিংশ শতিকাৰ প্ৰথম শিক্ষানীতি ৰচনা কৰিছো। প্ৰথমবাৰৰ বাবে ভাৰতত মাতৃভাষাত মেডিকেল আৰু ইঞ্জিনিয়াৰিং পঢ়াৰ বিকল্প দিয়া হৈছে।

আপোনালোক সকলোৱে জানে যে জাৰ্মানীত নিজৰ মাতৃভাষাত মেডিকেল আৰু ইঞ্জিনিয়াৰিং পঢ়াৰ সুবিধা আছে। এতিয়া ভাৰতৰ যুৱক-যুৱতীসকলেও একে সুবিধা লাভ কৰিব। নতুন শিক্ষা নীতিত উচ্চ শিক্ষা আৰু গৱেষণাৰ বাবে বিশ্বজোৰা অংশীদাৰিত্বৰ ওপৰতো তীব্ৰ গুৰুত্ব দিয়া হৈছে। মই আজি এই কথা উল্লেখ কৰিছো, কাৰণ এই ক্ষেত্ৰত জাৰ্মানীৰ প্ৰতিষ্ঠানসমূহৰ বাবে বহু সুযোগ আছে।

বন্ধুসকল,

যোৱা কেইটামান দশকত আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ জৰিয়তে আপুনি ইয়াত ভাৰতৰ এক শক্তিশালী ভাবমূৰ্তি গঢ়ি তুলিছে। স্বাধীনতাৰ ‘অমৃত কাল’ত অৰ্থাৎ অহা ২৫ বছৰত আপোনালোকৰ পৰা আশা আৰু অধিক বৃদ্ধি পাইছে। আপোনালোকো ভাৰতৰ সফলতাৰ কাহিনী আৰু লগতে ভাৰতৰ সফলতাৰ ব্ৰেণ্ড এম্বেছাদৰ। সেয়ে সমগ্ৰ বিশ্বতে বিয়পি থকা মোৰ ভাৰতীয় ভাই-ভনীসকলক মই সদায় কওঁ যে তেওঁলোক দেশৰ ৰাষ্ট্ৰদূত। চৰকাৰী ব্যৱস্থাত দুই এজন এম্বেছাদৰ আছে, আনহাতে মোৰ কোটি কোটি এম্বেছাদৰ আছে যিয়ে মোৰ দেশক আগুৱাই লৈ গৈছে।

বন্ধুসকল,

আপোনালোক সকলোৰে মৰম, আশীৰ্বাদ, উৎসাহেৰে এনে এক সুন্দৰ অনুষ্ঠান আয়োজন কৰাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছো। আপোনালোকক লগ পোৱাৰ সুযোগো পালো। আপোনালোক নিৰাপদে থাকক আৰু সদায় সুখী হওক।

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

বহুতত বহুত ধন্যবাদ!

***

DS/VK/AK/DB


(Release ID: 1839109) Visitor Counter : 160