প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ স্মৰণাৰ্থে “আজাদী কা অমৃত মহোৎসৱ (AKAM)” উদযাপন এছপিআই মন্ত্ৰালয়ৰ


ৰাও ইন্দৰজিৎ সিঙৰ কাৰ্য্যসূচী উদ্বোধন

Posted On: 28 JUN 2022 8:08PM by PIB Guwahati

পৰিসংখ্যা আৰু কাৰ্য্যক্ৰম ৰূপায়ণ মন্ত্ৰালয় (MoSPI) য়ে ২৭ জুন, ২০২২ ৰপৰা আৰম্ভ হোৱা আজাদী কা অমৃত মহোৎসৱ (AKAM) সপ্তাহ এলানি কাৰ্য্যসূচীৰ আয়োজনেৰে উদযাপন কৰিছে। এই উদযাপনৰ অংশ হিচাপে পৰিসংখ্যা আৰু কাৰ্য্যক্ৰম ৰূপায়ণ মন্ত্ৰালয়ৰ এমপিএলএডিএছ আৰু আইপিএম বিভাগে ২৮ জুন, ২০২২ ত নতুন দিল্লীৰ কনভেনশ্যন চেণ্টাৰস্থিত এনডিএমচিত আধা-দিনীয়া কাৰ্য্যসূচী অনুষ্ঠিত কৰে।

এই কাৰ্য্যসূচী উদ্বোধন কৰে পৰিসংখ্যা আৰু কাৰ্য্যক্ৰম ৰূপায়ণ মন্ত্ৰালয়ৰ মাননীয় ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) শ্ৰী ৰাও ইন্দৰজিৎ সিঙে।

উক্ত কাৰ্য্যসূচীত এখনি চুটি লাইভ প্লে’ৰ মাধ্যমেৰে স্থায়ী সামাজিক সম্পদৰ বিকাশত সাংসদৰ স্থানীয় এলেকা উন্নয়ন আঁচনি (MPLADS) ৰ বৈশিষ্ট্যৰাজি, ভূমিকা আৰু বৰঙণিৰ আলোকপাত আৰু এমপিএলএডি আঁচনি সন্দৰ্ভত এখন চুটি ছবি প্ৰদৰ্শন আৰু এখনি প্ৰদৰ্শনী অনুষ্ঠিত কৰা হয়।

 

***

DS/ST/SB



(Release ID: 1837854) Visitor Counter : 97