প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মহীশূৰত এলানি উন্নয়ণমূলক প্ৰকল্পৰ শুভৰম্ভ কৰিলে প্ৰধানমন্ত্ৰীয়ে


নাগণাহাল্লী ৰে’ল ষ্টেশ্যনত উপ-নগৰীয় ৰে’লৰ আস্থানৰ আধাৰশিলা স্থাপন

যোগাযোগ-বিসংগতিত ভোগা লোকৰ বাবে মহীশূৰৰ ‘এআইআইএছএইচ’-ত স্থাপিত ‘উত্কৰ্ষতাৰ কেন্দ্ৰ’ ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিলে প্ৰধানমন্ত্ৰীয়ে

“আমাৰ প্ৰাচীন সংস্কৃতিক সমৃদ্ধ কৰি কেনেকৈ আমি ২১ শতিকাৰ সংকল্পক বাস্তৱায়িত কৰিব পাৰিম তাৰ অন্যতম উত্কৃষ্ট উদাহৰণ হৈছে কৰ্ণাটক”
“বুনিয়াদী সা-সুবিধা আৰু মৰ্যাদাসম্পন্ন জীৱনৰে সৰ্ব সাধাৰণ জনতাক সংযুক্ত কৰাৰ বাবে ‘ডাবল ইঞ্জিন’ চৰকাৰে সৰ্ব শক্তিৰে কাম কৰি আছে”

“প্ৰভাৱশালী ভাবে সমাজৰ শেষ প্ৰান্ত পৰ্যন্ত সেৱা উপলব্ধ কৰাই বিগত ৮টা বছৰত চৰকাৰে সামাজিক ন্যায় ব্যৱস্থাক শক্তিসমৃদ্ধ কৰিছে”

“আমি দিব্যাংগজনৰ বাবে মৰ্যাদা আৰু সুযোগ সুনিশ্চিত কৰিছো আৰু ৰাষ্ট্ৰৰ প্ৰগতিৰ ক্ষেত্ৰত দিব্যাংগসকলক গুৰুত্বপূৰ্ণ অংশীদাৰ হিচাপে গঢ়ি তুলিব খুজিছো”

Posted On: 20 JUN 2022 8:45PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহীশূৰৰ নাগাণাহাল্লী ৰে’ল ষ্টেশ্যনত স্থাপিত হ’বলগীয়া উপ-নগৰীয় ৰে’লৰ এটা আস্থানৰ আধাৰশিলা স্থাপন কৰে। মহীশূৰৰ মহাৰাজা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত অনুষ্ঠানটোত আধাৰশিলা স্থাপন কৰা ষ্টেশ্যনটো ৪৮০ কোটি টকাৰে নিৰ্মাণ কৰি উলিওৱা হ’ব। আস্থানটোত এখন ‘এমইএমইউ শ্বেড’-য়ো স্থাপন কৰা হ’ব, যিয়ে বৰ্তমানৰ মহীশূৰ ষ্টেশ্যনৰ ভিৰ হ্ৰাস কৰাত সহায় কৰাৰ লগতে অধিক সংখ্যক ‘এমইএমইউ’ ৰে’ল আৰু দূৰণীপটীয়া ৰে’লৰ চলাচল সুচল কৰি তুলিব। আক্ষৰিক অৰ্থতে এই আস্থানে অঞ্চলটোৰ পথ-সংযোগ ব্যৱস্থা আৰু পৰ্যটন সম্ভাৱনীয়তাৰ উত্তৰণ সাধনতো অৰিহণা আগবঢ়াব।

কাৰ্যক্ৰমত প্ৰধানমন্ত্ৰীয়ে মুক-বধিৰসকলৰ দৰে যোগাযোগ-বিসংগতিত ভোগা লোকৰ বাবে মহীশূৰৰ ‘অখিল ভাৰতীয় মুক-বধিৰ প্ৰতিষ্ঠান’(এআইআইএছএইচ)-ত স্থাপিত এটা ‘উত্কৰ্ষতাৰ কেন্দ্ৰ’ও ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰে।

অনুষ্ঠানত কৰ্ণাটকৰ ৰাজ্যপাল শ্ৰী ঠাৱৰ চন্দ গেহলোট, মুখ্যমন্ত্ৰী শ্ৰী বাসৱাৰাজ বোম্মাই আৰু কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী প্ৰহ্লাদ যোশীও উপস্থিত থাকে।

কাৰ্যক্ৰমত উপস্থিত হোৱা জনতাক সম্বোধি প্ৰধানমন্ত্ৰীয়ে কয় যে কৰ্ণাটকত দেশৰ অৰ্থনৈতিক আৰু আধ্যাত্মিক সমৃদ্ধি উভয়কে একেলগে প্ৰত্যক্ষ কৰিব পাৰি। আমাৰ প্ৰাচীন সংস্কৃতিক সমৃদ্ধ কৰি কেনেকৈ ২১ শতিকাৰ সংকল্পক বাস্তৱায়িত কৰিব পাৰিম তাৰ অন্যতম উত্কৃষ্ট উদাহৰণ হৈছে কৰ্ণাটক”।

ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে কয়, এই ভূমিয়ে নলৱাড়ী কৃষ্ণ ৱদেয়াৰ, ছাৰ এম বিশ্বেশ্বৰায় জী, ৰাষ্ট্ৰকবি কুভেমপুৰ দৰে বহুজন মহান ব্যক্তিক দেশক প্ৰদান কৰিছে। এনে ব্যক্তিত্বই ভাৰতৰ ঐতিহ্য আৰু বিকাশত যথেষ্ট অৰিহণা যোগাইছে। এই মহান ব্যক্তিসকলে আমাক সাধাৰণ মানুহৰ জীৱনক সুবিধা আৰু সন্মানৰ সৈতে সংযুক্ত কৰাৰ পথ দেখুৱাইছে। কৰ্ণাটকত পূৰ্ণ শক্তিৰে কান্ধে কান্ধে কাম কৰি আছে ডাবল ইঞ্জিন চৰকাৰে।

যোৱা ৮ বছৰত আমাৰ চৰকাৰে যুগুতোৱা আঁচনিসমূহৰে সমাজৰ সকলো শ্ৰেণী, সমাজৰ সকলো ক্ষেত্ৰলৈ গৈ দেশৰ প্ৰত্যেকটো কোণকে স্পৰ্শ কৰাত গুৰুত্ব প্ৰদান কৰা হৈছে। এফালে আমি ষ্টাৰ্ট আপ নীতিৰ অধীনত যুৱক-যুৱতীসকলক উত্সাহ দিয়াৰ প্ৰয়াস কৰিছো, আনফালে ‘প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি’ৰ ধনো অবিৰতভাৱে কৃষকসকললৈ প্ৰেৰণৰ দিহা কৰিছো। ‘প্ৰধানমন্ত্ৰী কিষাণ নিধি’ৰ অধীনত এই পৰ্যন্ত কৰ্ণাটকৰ ৫৬ লাখৰো অধিক ক্ষুদ্ৰ কৃষকে একাউণ্টত প্ৰায় ১০ হাজাৰ কোটি টকা লাভ কৰিছে।

ইফালে দেশৰ উদ্যোগ আৰু উৎপাদন খণ্ডক প্ৰসাৰিত কৰাৰ বাবে প্ৰায় ২ লাখ কোটি টকাৰ পি এল আই আঁচনি আছে, আনফালে মুদ্ৰা যোজনা, পি এম স্বানিধি যোজনা আৰু কিষাণ ক্ৰেডিট কাৰ্ড অভিযানৰ জৰিয়তে ক্ষুদ্ৰ উদ্যোগী, ক্ষুদ্ৰ কৃষক, পশুধন কৃষক আৰু পথৰ ব্যৱসায়ীসকলক বেংকৰ পৰা সহজে ঋণ প্ৰদান কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে।

তথ্য দাঙি ধৰি প্ৰধানমন্ত্ৰীয়ে কয়, মুদ্ৰা যোজনাৰ অধীনত কৰ্ণাটকৰ লাখ লাখ ক্ষুদ্ৰ উদ্যোগীক ১ লাখ ৮০ হাজাৰ কোটিতকৈ অধিক ঋণ দিয়া হৈছে। পৰ্যটনস্থলী হোৱাৰ বাবে এই আঁচনিখনে হোম ষ্টে, গেষ্ট হাউছ, আৰু অন্যান্য সেৱা প্ৰদান কৰা লোকসকলৰ বাবে বহুখিনি সহায় কৰিছে। কৰ্ণাটকৰ ১.৫ লাখতকৈ অধিক পদপথৰ ব্যৱসায়ীক ‘প্ৰধানমন্ত্ৰী স্বনিধি যোজনা’ই সহায় কৰিছে।

তেওঁ কয় যে যোৱা ৮ বছৰত আমি এটা ফলপ্ৰসূ বিতৰণ ব্যৱস্থাৰ জৰিয়তে সামাজিক ন্যায়ক শক্তিশালী কৰিছো। আজি দৰিদ্ৰ লোকসকল নিশ্চিত হৈছে যে যি আঁচনিৰ সুবিধা ইতিমধ্যে চুবুৰীয়াই লাভ কৰিছে, সেইবোৰ আঁচনিৰ সুবিধাও তেওঁলোকে নিশ্চয়কৈ লাভ কৰিব। তেওঁৰ পাল আহিব। বৈষম্য আৰু সুৰঙা নথকাকৈ ১০০% সুবিধা লাভ কৰাৰ এক শক্তিশালী ব্যৱস্থা দেশত গঢ় লৈ উঠিছে। যেতিয়া কৰ্ণাটকৰ ৩.৭৫ লাখ দৰিদ্ৰ পৰিয়ালে পকা ঘৰ পায়, তেতিয়া এই আস্থা অধিক শক্তিশালী হৈ পৰে। যেতিয়া প্ৰথমবাৰৰ বাবে কৰ্ণাটকৰ ৫০ লাখতকৈ অধিক পৰিয়ালে পাইপেৰে পানী যোগান ধৰিবলৈ আৰম্ভ কৰে, তেতিয়া এই আস্থা আৰু বাঢ়ি যায়। দুখীয়া যেতিয়া মৌলিক সুবিধাৰ চিন্তাৰ পৰা মুক্ত হয়, তেতিয়া তেওঁ অধিক উৎসাহেৰে জাতিটোৰ উন্নয়নত লিপ্ত হয়।

‘স্বধীনতাৰ অমৃতকাল’ত ভাৰতৰ উন্নয়নত সকলোৰে অংশগ্ৰহণ নিশ্চিত কৰাৰ বাবে প্ৰয়োজনীয় প্ৰতিটো পদক্ষেপ গ্ৰহণ কৰা হৈছে। আগতে আমাৰ ‘দিব্যাংগ’ বন্ধুসকলে প্ৰতিটো খোজতে অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল। আমাৰ চৰকাৰে আমাৰ বিশেষ ভাৱে সক্ষম বন্ধুসকলৰ আনৰ ওপৰত নিৰ্ভৰশীলতা ন্যূনতম কৰাৰ বাবে অহৰহ প্ৰচেষ্টা চলাই আছে। গতিকে আমাৰ মুদ্ৰাত ‘দিব্যাংগ’সকলৰ সুবিধাৰ বাবে কেতবোৰ নতুন বৈশিষ্ট্য সংযোজন কৰা হৈছে। বিশেষ ভাবে সক্ষম লোকৰ শিক্ষাৰ সৈতে জড়িত পাঠ্যক্ৰমসমূহ সমগ্ৰ দেশতে সমৃদ্ধ কৰা হৈছে। ৰাজহুৱা স্থান, বাছ, ৰে’ল আদিৰ আস্থানসমূহক দিব্যাংগসকলৰ বাবে অনুকূল কৰাত গুৰুত্ব আৰোপ কৰা হৈছে। এঠাইৰ পৰা আন এঠাইলৈ যোৱাৰ ক্ষেত্ৰত দিব্যাংগসকলৰ সমস্যা কমোৱাৰ বাবেও সাধাৰণ সাংকেতিক ভাষাৰ বিকাশ ঘটিছে। দেশৰ কোটি কোটি দিব্যাংগক প্ৰয়োজনীয় সা-সৰঞ্জাম বিনামূলীয়াকৈ দিয়া হৈছে।

কৰ্ণাটকৰ উন্নয়নৰ বাবে আৰু ইয়াত পথ-যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ বাবে ডাবল ইঞ্জিন চৰকাৰে কেনেদৰে কাম কৰি আছে তাৰ আন এক উদাহৰণ দাঙি ধৰি তেওঁ কয় যে ২০১৪ চনৰ আগতে কেন্দ্ৰত থকা চৰকাৰে ৰে’ল বাজেটত প্ৰতি বছৰে কৰ্ণাটকৰ বাবে গড়ে ৮০০ কোটি টকাৰ ব্যৱস্থা কৰিছিল। কিন্তু এতিয়া এইবাৰ কেন্দ্রীয় চৰকাৰে বাজেটত প্রায় ৭ হাজাৰ কোটি টকাৰ ব্যৱস্থা কৰিছে৷ ডাবল ইঞ্জিন চৰকাৰে প্ৰকল্পসমূহৰ কাম দ্ৰুতগতিৰে সম্পূৰ্ণ কৰিব বিচাৰিছে বুলিও তেওঁ উল্লেখ কৰে।

 

***

 

DS/AKP/AK/KB



(Release ID: 1836429) Visitor Counter : 91