প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

পিএম কেয়াৰ্ছ ফৰ চিলড্ৰেন আঁচনিৰ জৰিয়তে মুনাফা জাৰি কৰিবলৈ দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

Posted On: 30 MAY 2022 12:59PM by PIB Guwahati

নমস্কাৰ! কাৰ্যক্ৰমত উপস্থিত দেশৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰী শ্ৰীমতী স্মৃতি ইৰাণী জী, দেশজুৰি বেলেগ বেলেগ স্থানৰ পৰা সংযুক্ত মন্ত্ৰীসভাৰ সকলো সদস্য, তেওঁলোকৰ সৈতে থকা তাৰ জ্যেষ্ঠ নাগৰিক আৰু বিশেষকৈ যাৰ বাবে আজিৰ এই দিৱস, তেনেকৈয়ে উপস্থিত মৰমৰ শিশুসকল, সকলো আদৰণীয় মুখ্যমন্ত্ৰীগণ, অন্য মহানুভৱ আৰু মৰমৰ দেশবাসীসকল!

আজি মই প্ৰধানমন্ত্ৰী হিচাপে নহয়, আপোনালোকৰ পৰিয়ালৰ এজন সদস্য হিচাপে আপোনালোকৰ সৈতে কথা পাতি আছো। আজি আপোনালোক সকলো শিশুৰ মাজলৈ আহি মই বহুত শান্তি পাইছো।

 

বন্ধুসকল,

জীৱনে আমাক কেইবাবাৰো অপ্ৰত্যাশিত কেঁকুৰিলৈ আনি থিয় কৰাই দিয়ে। এনেকুৱা স্থিতি যাৰ আমি কল্পনাই কৰা নাছিলো। হাঁহি-খেলি থাকোতেই অকস্মাত আন্ধাৰে আৱৰি ধৰে, সকলো সলনি হৈ যায়। কৰোণাই বহুত মানুহৰ জীৱনলৈ, বহুত পৰিয়ালত এনেকুৱাই কিছু কৰিলে। মই জানো কৰোণাৰ কাৰণে যিসকলে আপোনজনক হেৰুৱালে, তেওঁলোকৰ জীৱনলৈ অহা এই পৰিৱৰ্তন কিমান জটিল, কিমান কঠিন। প্ৰতিটো দিনৰ সংঘৰ্ষ, পলে পলে হোৱা সংঘৰ্ষ, নতুন নতুন প্ৰত্যাহ্বান, প্ৰতিটো দিনৰ তপস্যা। আজি যিসকল শিশু আমাৰ লগত আছে, যাৰ বাবে এই কাৰ্যক্ৰম হৈ আছে, তেওঁলোকৰ কষ্টৰ কথা শব্দৰে কোৱা কঠিন। যি গুছি যায়, তেওঁলোকৰ আমাৰ ওচৰত কেৱল দুখদায়ক স্মৃতি ৰৈ যায়। কিন্তু যি ৰৈ যায়, তেওঁলোকৰ সন্মুখত প্ৰত্যাহ্বানৰ লেথেৰী লাগি যায়। এনেকুৱা প্ৰত্যাহ্বানত PM Cares for Children, আপোনালোক সকলো এনেকুৱা কৰোণা প্ৰভাৱিত শিশুৰ বিপদ কম কৰাৰ এটা সামান্য প্ৰয়াস, যাৰ মাতৃ আৰু পিতৃ, দুয়ো নাথাকিল।

 

বন্ধুসকল,

PM Cares for Children এই কথাৰো প্ৰতিফলন যে প্ৰতিজন দেশবাসী সম্পূৰ্ণ সংবেদনশীলতাৰে আপোনালোকৰ লগত আছে। মই আনন্দিত যে শিশুৰ ভাল আৰু বাধাহীন পঢ়াশুনাৰ বাবে তেওঁলোকৰ ঘৰৰ ওচৰৰে চৰকাৰী বা প্ৰাইভেট স্কুলত তেওঁলোকৰ এডমিশ্যন কৰাব পৰা গ'ল। পিএম কেয়াৰ্ছৰ জৰিয়তে এনেকুৱা শিশুৰ বহী-কিতাপ আৰু ইউনিফৰ্মৰ খৰছো বহন কৰা হ'ব। যদি কাৰোবাক প্ৰফেচনেল ক'ৰ্ছৰ বাবে, হায়াৰ এডুকেচনৰ বাবে এডুকেচন লোণ লাগে, তেন্তে পিএম কেয়াৰ্ছে তাতো সহায় কৰিব। দৈনন্দিনতাৰ আন প্ৰয়োজনসমূহৰ বাবে অন্য যোজনাবিলাকৰ মাধ্যমত তেওঁলোকৰ বাবে ৪ হাজাৰ টকা প্ৰতিমাহে ব্যৱস্থাও কৰা হৈছে।

 

বন্ধুসকল,

এনেকুৱা শিশুৱে যেতিয়া নিজৰ পঢ়া সম্পূৰ্ণ কৰিব, তেতিয়া আগলৈ ভৱিষ্যতৰ সপোনৰ বাবে আৰু পইচাৰ প্ৰয়োজন হ'ব। ইয়াৰ বাবে ১৮ বছৰৰ পৰা ২৩ বছৰলৈকে যুৱক-যুৱতীয়ে প্ৰতিমাহে stipend পাব। আৰু যেতিয়া আপুনি ২৩ বছৰীয়া হ'ব, তেতিয়া ১০ লাখ টকা একেলগে আপুনি পাব।

 

বন্ধুসকল,

এটা আৰু ডাঙৰ চিন্তা স্বাস্থ্যৰ সৈতে জড়িত আছেই। কেতিয়াবা কিবা বেমাৰ হ'লে, চিকিৎসাৰ বাবে পইচা লাগে। কিন্তু, যিকোনো শিশুৱে, তেওঁলোকৰ অভিভাৱকে তেওঁলোকৰ বাবে চিন্তিত হোৱাৰ দৰকাৰ নহয়। PM Cares for Childrenৰ মাধ্যমত আপোনালোকক আয়ুষ্মান হেল্থ কাৰ্ডো দিয়া হ'ব। এই কাৰ্ডেৰে পাঁচ লাখলৈকে চিকিৎসাৰ বিনামূলীয়া সুবিধাও আপোনালোক শিশুসকলে পাব।

 

বন্ধুসকল,

এই সকলো প্ৰয়াসৰ মাজত আমি অনুভৱ কৰো যে বহুবাৰ শিশুক ভাবনাত্মক সহযোগ আৰু মানসিক মাৰ্গদৰ্শনৰো আৱশ্যক হ'ব পাৰে। পৰিয়ালৰ জ্যেষ্ঠসকল তো আছেই, কিন্তু এটা প্ৰচেষ্টা চৰকাৰে কৰাৰ প্ৰয়াস কৰিছে। ইয়াৰ বাবে এক বিশেষ 'সংবাদ' সেৱাও আৰম্ভ কৰা হৈছে। 'সংবাদ হেল্পলাইন'ত বিশেষজ্ঞৰ পৰা শিশুসকলে মনোবৈজ্ঞানিক বিষয়ৰ ওপৰত পৰামৰ্শ ল'ব পাৰে, তেওঁলোকৰ সৈতে আলোচনা কৰিব পাৰে।

 

বন্ধুসকল,

কৰোণা বিশ্বজনীন মহামাৰীৰ আঁচোৰ সমগ্ৰ মানৱতাই সহিছে। পৃথিৱীৰ হয়তো এনেকুৱা কোনো প্ৰান্ত নাই, য'ত শতিকাৰ এই সৰ্ববৃহৎ বিপৰ্যয়ে কেতিয়াও পাহৰিব নোৱৰা আঘাত নিদিয়াকৈ আছে! আপোনালোকে যি সাহস আৰু উদ্যমেৰে এই সংকটৰ মোকাবিলা কৰিলে, সেই উদ্যমৰ বাবে মই আপোনালোক সকলোকে ছেলুট কৰিছো। দেশৰ সমবেদনা আপোনালোকৰ লগত আছে, আৰু লগতে আপোনালোকৰ সপোন সম্পূৰ্ণ কৰিবলৈ সমগ্ৰ দেশ আপোনালোকৰ লগত আছে। মই আৰু এটা কথা ক'ম, মই জানো, কোনো প্ৰয়াসে, কোনো সহযোগে, আপোনালোকৰ মাতা-পিতাৰ স্নেহৰ ঠাই ল'ব নোৱাৰে। কিন্তু, নিজৰ পিতৃ, নিজৰ মাতৃ নথকাত এই সংকটৰ সময়ত মা ভাৰতী আপোনালোক সকলো শিশুৰ সৈতে আছে। PM Cares for Childrenৰ জৰিয়তে দেশে নিজৰ এই দায়িত্ব পালন কৰাৰ চেষ্টা কৰিছে। আৰু, এই প্ৰয়াস কোনো এজন ব্যক্তি, এটা সংস্থা বা চৰকাৰৰ মাত্ৰ প্ৰয়াস নহয়। পিএম কেয়াৰ্ছত আমাৰ কোটি কোটি দেশবাসীয়ে নিজৰ পৰিশ্ৰম, নিজৰ ঘামৰ উপাৰ্জন সংযুক্ত কৰিছে। আপোনালোকে মনত পেলাওক, সেৱা আৰু ত্যাগৰ কেনেকুৱা উদাহৰণ আমাৰ সন্মুখলৈ আহিল! কোনোবাই নিজৰ সমগ্ৰ জীৱনৰ উপাৰ্জন দান কৰি দিলে, আন কোনোবাই নিজৰ সপোনৰ বাবে গোটোৱা পুঁজি ইয়াত লগাই দিলে। এই ফাণ্ডে কৰোণাকালত হাস্পতাল সাজু কৰাত, ভেণ্টিলেটৰ ক্ৰয় কৰাত, অক্সিজেন প্লাণ্ট লগোৱাত বহুত সহায় কৰিলে। ইয়াৰ ফলত কিমান যে মানুহৰ জীৱন বচাব পৰা গ'ল, কিমান যে পৰিয়ালৰ ভৱিষ্যৎ বচাব পৰা গ'ল। আৰু যি আমাক অকালতে এৰি গ'ল, আজি এই ফাণ্ড তেওঁলোকৰ শিশুৰ বাবে, আপোনালোক সকলোৰে ভৱিষ্যতৰ বাবে কামত আহিছে।

 

বন্ধুসকল,

এতিয়া আপোনালোক সকলোৱে জীৱনত এটা দীঘলীয়া যাত্ৰা কৰিব লাগিব। আপোনালোক সকলোৱে বহুত সাহসেৰে জীৱনলৈ অহা এই স্থিতিৰে মোকাবিলা কৰি আছে। আমাৰ দেশত, পৃথিৱীত যিমানেই মহান লোক হৈছে। লাগে তেওঁ আমাৰ দেশতে হওক বা বিশ্বত, তেওঁলোকে নিজৰ জীৱনত কেতিয়াবা নহয় কেতিয়াবা বেলেগ বেলেগ ধৰণৰ বিপদৰ সন্মুখীন হৈছে। কিন্তু তেওঁলোকে হাৰ মনা নাছিল, তেওঁলোক সফলতাৰ শিখৰলৈকে যায়। তেওঁলোকে পৰাজয়ক কেতিয়াও হতাশাত পৰিণত হ'বলৈ দিয়া নাই। জয়ৰ এই মন্ত্ৰই আপোনালোকক নিজৰ জীৱনত বহুত ডাঙৰ মাৰ্গদৰ্শন কৰিব, সহায় কৰিব, ইয়াক কেতিয়াও পাহৰিব নালাগে। আৰু এটা কথা আপোনালোকে সদায়েই মনত ৰাখিব লাগিব যে এতিয়া আপোনালোকৰ ওচৰত ভাল-বেয়া, ভুল-শুদ্ধ, ইয়াৰ পাৰ্থক্য ক'বলৈ আপোনালোকৰ পৰিজন আৰু শিক্ষক হে আছে। সেয়ে আপোনালোকৰ দায়িত্ব হৈছে যে তেওঁলোকৰ কথা শুনক, তেওঁলোকৰ কথা মানক। আপোনালোকৰ এজন বিশ্বস্ত বন্ধুৱে এনেকুৱা সংকটেৰে ভৰা জীৱনত যি বহুত ডাঙৰ সহায় কৰিব পাৰে সেয়া ভাল কিতাপো হ'ব পাৰে। ভাল কিতাপৰ পৰা কেৱল মনোৰঞ্জনেই নহয় বৰং আপোনালোকক মাৰ্গদৰ্শনো দিয়ে। আপোনালোকক মই আৰু এটা পৰামৰ্শ দিম।

 

বন্ধুসকল,

যেতিয়া বেমাৰ আহে তেতিয়া উপচাৰৰ দৰকাৰ তো হয়েই। কিন্তু জীৱন উপচাৰেৰে নহয় আৰোগ্যতাৰে সংযুক্ত হোৱা উচিত। শিশুৰ বাবে আজি দেশত ফিট ইণ্ডিয়া আৰু খেলো ইণ্ডিয়া অভিযান চলি আছে। আপোনালোক এই সকলো অভিযানৰ সৈতে সংযুক্ত হোৱা দৰকাৰ, সিবিলাকৰ নেতৃত্ব কৰা দৰকাৰ। কেইদিনমানৰ পিছতেই যোগ দিৱসো আহিব। আপোনালোকৰ লিখা-পঢ়াৰ লগতে যোগো আপোনালোকৰ জীৱনৰ অংগ হওক, এইটোও বহুত জৰুৰী।

 

বন্ধুসকল,

নিৰাশাৰ ডাঙৰতকৈও ডাঙৰ পৰিস্থিতিতো যদি আমি নিজৰ ওপৰত ভৰষা কৰো তেন্তে পোহৰৰ কিৰণ অৱশ্যেই দেখা যায়। আমাৰ দেশ তো নিজেই ইয়াৰ সবাতোকৈ ডাঙৰ উদাহৰণ। আমি এই সময়ত নিজৰ স্বাধীনতাৰ অমৃত মহোৎসৱ পালন কৰি আছো। শ শ বছৰীয়া দাসত্বত, ইমান দীঘলীয়া স্বাধীনতাৰ যুঁজত আমাৰ সবাতোকৈ ডাঙৰ শক্তি কি আছিল? আমাৰ শক্তি আছিল- পৰাজয় মানি নোলোৱা আমাৰ অভ্যাস! আমাৰ শক্তি আছিল- নিজৰ নিহিত স্বাৰ্থৰ ওপৰলৈ গৈ দেশৰ বাবে, মানৱতাৰ বাবে ভবা আৰু জিয়াই থকাৰ আমাৰ সংস্কাৰ! স্বাধীনতাৰ অমৃত মহোৎসৱত আমি এই স্পিৰিটকে লৈ আগবাঢ়ি আছো। এই স্পিৰিটকে লৈ দেশে কৰোণাৰ বিৰুদ্ধে ইমান ডাঙৰ যুদ্ধত জিকিলে, আৰু পৃথিৱীৰ সন্মুখত এটা উদাহৰণ ৰাখিলে। আপোনালোকে চাওক, দুই-আঢ়ৈ বছৰ আগতে পৃথিৱীত কোনেও কৰোণা ভাইৰাছৰ বিষয়ে ভালদৰে নাজানিছিলেই। প্ৰত্যেকেই পৃথিৱীৰ ডাঙৰ ডাঙৰ দেশৰ ফালে আশা কৰি চাই আছিল। ভাৰতৰ বিষয়ে তো ক'তো কোনেও সকাৰাত্মক কথাও ক'বলৈ সাজু নাছিল। বৰং, এনেকুৱা পৰিস্থিতিত ধ্বংসৰ যি ইতিহাস আছে, তাৰ বাবে মানুহে ভাৰতক বহুত আশংকাৰ দৃষ্টিৰে চাইছিল। কিন্তু, নকাৰাত্মকতাৰ সেই পৰিস্থিতিত ভাৰতে নিজৰ সামৰ্থ্যৰ ওপৰত ভৰষা কৰিলে। আমি নিজৰ বৈজ্ঞানিক, নিজৰ ডাক্তৰ, নিজৰ যুৱক-যুৱতীৰ ওপৰত ভৰষা কৰিলো। আৰু, আমি পৃথিৱীৰ বাবে চিন্তা নহয় বৰঞ্চ আশাৰ কিৰণ হৈ ওলালো। আমি সমস্যা নহয় বৰঞ্চ আমি সমাধান দিওঁতা হ'লো। আমি পৃথিৱীৰ বিভিন্ন দেশলৈ ঔষধ পঠিয়ালো, ভেকচিন পঠিয়ালো। নিজৰ ইমান ডাঙৰ দেশতো আমি প্ৰত্যেক নাগৰিকলৈ ভেকচিন লৈ গ'লো। আজি প্ৰায় ২০০ কোটি ভেকচিন ড'জ দেশত লগোৱা হৈ গৈছে। এই দুৰ্যোগৰ মাজতে আমি 'আত্মনিৰ্ভৰ ভাৰত'ৰ দৰে সংকল্পও আৰম্ভ কৰিলো, আৰু আজি এই সংকল্প দ্ৰুতগতিত সিদ্ধিৰ দিশত অগ্ৰসৰ হৈছে। সেয়ে, কৰোণাৰ দুষ্প্ৰভাৱৰ পৰা ওলাই আজি আমি সবাতোকৈ দ্ৰুতগতিত বৰ্ধিত বিশ্ব অৰ্থনৈতিক ব্যৱস্থাৰ মাজৰ এটা হৈ পৰিছো। বিশ্বই আমাক আজি এটা নতুন আশাৰে, নতুন ভৰষাৰে চাই আছে।

 

বন্ধুসকল,

আজি যি সময়ত আমাৰ চৰকাৰে ৮ বছৰ সম্পূৰ্ণ কৰি আছে, সেই সময়ত দেশৰ আত্মবিশ্বাস, দেশবাসীৰ নিজৰ ওপৰত ভৰষাও অভূতপূৰ্ব। ভ্ৰষ্টাচাৰ, হাজাৰ হাজাৰ কোটিৰ কেলেংকাৰী, ভাই-ভতিজাবাদ, দেশজুৰি বিয়পি থকা সন্ত্ৰাসবাদী সংগঠন, ক্ষেত্ৰীয় ভেদভাব, যি কুচক্ৰত দেশ ২০১৪ৰ আগতে আৱদ্ধ হৈ আছিল, তাৰ পৰা এতিয়া বাহিৰ ওলাই আছে। এয়া আপোনালোক সকলো শিশুৰ বাবে এই কথাৰো উদাহৰণ যে কঠিনতকৈও কঠিন দিনো পাৰ হৈ যায়। সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াসৰ মন্ত্ৰেৰে চলি ভাৰতে এতিয়া দ্ৰুতগতিত বিকাশ কৰি আছে। স্বচ্ছ ভাৰত মিছনেই হওক, জনধন যোজনা হওক, উজ্জ্বলা যোজনা হওক বা হৰ ঘৰ জল অভিযান, যোৱা ৮ বছৰ দুখীয়াৰ সেৱা, দুখীয়াৰ কল্যাণৰ বাবে সমৰ্পিত আছিল। পৰিয়ালৰ এজন সদস্য হিচাপে, মই এই প্ৰয়াস কৰিছো যে দুখীয়াৰ জীৱনৰ বিপদ কম হওক, তেওঁলোকৰ জীৱন সহজ হওক। দেশবাসীক যেনেদৰে য'তেই নহওক proactively তেওঁলোকৰ বাবে কিবা কৰিব পৰা যায়, কোনো নাটনি হ'বলৈ দিয়া নাই। যি প্ৰযুক্তিৰ ব্যৱহাৰ কৰিবলৈ আগতে চৰকাৰবিলাকে চিন্তা কৰিছিল, মানুহৰো অভ্যাস নাছিল, সেই প্ৰযুক্তিৰে ব্যৱহাৰ বঢ়াই আমাৰ চৰকাৰে দুখীয়াক তেওঁলোকৰ অধিকাৰ সুনিশ্চিত কৰিছে। এতিয়া দুখীয়াতকৈও দুখীয়াৰ ভৰষা আছে যে চৰকাৰৰ যোজনাৰ মুনাফা তেওঁলোকে পাব, নিৰন্তৰ পাব। এই ভৰষা বঢ়াবলৈ আমাৰ চৰকাৰে এশ শতাংশ সবলীকৰণৰ অভিযান চলাই আছে। কোনো দুখীয়া চৰকাৰী যোজনাৰ সুফল লাভৰ পৰা বাদ পৰি নাযাওক, প্ৰত্যেক দুখীয়াই তেওঁলোকৰ অধিকাৰ পাওক, এয়া আমাৰ চৰকাৰৰ সৰ্বোচ্চ প্ৰাথমিকতাৰ অন্যতম। যোৱা ৮ বছৰত ভাৰতে যি উচ্চতা আহৰণ কৰিছে, সেই কথা আগতে কোনেও ভাবিবই পৰা নাছিল। আজি পৃথিৱীত ভাৰতৰ মান-মৰ্যাদা বাঢ়িছে, বিশ্ব মঞ্চত আমাৰ ভাৰতৰ শক্তি বাঢ়িছে। আৰু মই আনন্দিত যে ভাৰতৰ এই যাত্ৰাৰ নেতৃত্ব যুৱ শক্তিয়েই কৰি আছে। মোৰ বিশ্বাস আছে যে আপোনালোক সকলোৱে, আমাৰ শিশুসকল, আমাৰ যুৱক-যুৱতীয়ে এই উদ্যম আৰু মানৱীয় সংবেদনশীলতাৰেই দেশ আৰু দুনিয়াক পথ দেখুৱাব। আপোনালোক সকলো এনেকৈয়ে আগবাঢ়ি থাকক। সংকল্প লৈ আগবাঢ়ক, সংকল্পত জীৱন সমৰ্পিত কৰাৰ প্ৰস্তুতি চলাওক, সপোন সাকাৰ নোহোৱালৈকে নৰওঁ। আপোনালোকে য'ত যি উচ্চতাত উপনীত হ'ব বিচাৰিব, পৃথিৱীৰ কোনো শক্তিয়ে আপোনালোকক ৰখাব নোৱাৰে। যদি আপোনালোকৰ ভিতৰত উদ্দীপনা আছে, আপোনালোকৰ ভিতৰত সংকল্প আছে আৰু সংকল্প সিদ্ধি কৰিবলৈ সামৰ্থ্য আছে তেন্তে আপোনালোকে কেতিয়াও থমকি ৰ'ব নালাগে। মই আৰম্ভণিতে কৈছিলো যে পৰিয়ালৰ এজন লোক হিচাপে আজি কথাপাতি আছো। পৰিয়ালৰ এজন লোক হিচাপে আপোনালোকক আজি মই আশীৰ্বাদ দিব বিচাৰিছো। মই নাজানো আশীৰ্বাদ দিয়াৰ মোৰ অধিকাৰ আছে নে নাই কিন্তু মই আপোনালোকৰ ভিতৰত সামৰ্থ্য দেখা পাইছো, আপোনালোক শিশুসকলৰ মাজত সামৰ্থ্য দেখা পাইছো। আৰু সেয়ে মই আশীৰ্বাদ দিছো। আপোনালোক বহুত আগবাঢ়ক। আপোনালোকক মোৰ বহুত শুভকামনা। বহুত বহুত ধন্যবাদ!

 

***

 

DS/TS/AK/DK



(Release ID: 1829701) Visitor Counter : 177