প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

জাৰ্মানীৰ বার্লিনত সমূদায়ৰ অভ্যৰ্থনা অনুষ্ঠানত প্রধানমন্ত্রীৰ ভাষণৰ অসমীয়া অনুবাদ

Posted On: 02 MAY 2022 11:59PM by PIB Guwahati

ভাৰত মাতা কী জয়!

নমস্কাৰ!

এয়া মোৰ সৌভাগ্য যে আজি জাৰ্মানীত আহি ভাৰত মাতাৰ সন্তানসকলৰ সৈতে মিলিত হোৱাৰ সৌভাগ্য হৈছে৷ আপোনালোক সকলোৰে সৈতে মিলিত হৈ আনন্দিত হৈছো৷ আপোনালোকৰ মাজৰ বহুতেই জাৰ্মানীৰ বিভিন্ন চহৰৰ পৰা আজি ইয়ালৈ আহিছে৷ আজি পুৱা মই অতি আচৰিত হ’লো যে ইয়াত এতিয়া শীতকাল, ভাৰতত বৰ্তমান বহুত গৰম, কিন্তু ইয়াত ইমান ঠাণ্ডা সত্ত্বেও ইমান পুৱাই ৪ৰ পৰা ৪.৩০ বজাত এই কণ কণ শিশুসকলৰ সৈতে আপোনালোক ইয়াত আহি উপস্থিত হৈছে৷ আপোনালোকৰ এই মৰম, আপোনালোকৰ এই আশীর্বাদ, মোৰ বাবে বহুত ডাঙৰ শক্তি৷ মই আগতেও জাৰ্মানী লৈ আহিছো৷ আপোনালোকৰ মাজতে বহুতৰ সৈতে পূৰ্বতেও সাক্ষাৎ হৈছে৷ আপোনালোকৰ মাজৰে যেতিয়া কোনোবা ভাৰতলৈ যায়, তেওঁলোকৰ সৈতেও সাক্ষাৎ হৈছে৷ মই ইয়াত দেখিবলৈ পাইছো যে আমাৰ নতুন প্রজন্ম, আমাৰ যুৱ প্ৰজন্মৰ প্রতিনিধিসকলে ইয়াত অত্যন্ত বিপুল হাৰত উপস্থিত হৈছে আৰু ইয়াৰ কাৰণ হিচাপে মই ক’ম যে যুৱক-যুৱতীসকলৰ মনত উৎসাহ-উদ্দীপনা আছে, সেইবাবেই আপোনালোকে নিজৰ ব্যস্ত সময়ৰ মাজতো ইয়ালৈ আহিছে৷ সেইবাবে মই আপোনালোক সকলোৰে প্ৰতি বহুত কৃতজ্ঞতা জনাইছো অলপ সময়ৰ পূৰ্বে আমাৰ দেশৰ ৰাষ্ট্রদূতে কৈছিল যে ইয়াত সংখ্যাৰ হিচাপত ভাৰতীয়ৰ সংখ্যা কম, জাৰ্মানীত ভাৰতীয়সকলৰ সংখ্যা কম, কিন্তু আপোনালোকৰ মৰম কম নহয়, আপোনালোকে উৎসাহ-উদ্দীপনাত কোনো কৃপণালী কৰা নাই আৰু এই দৃশ্য আজি যেতিয়া ভাৰতৰ জনতাই প্রযুক্তিৰ জৰিয়তে দেখিছে, তেতিয়া তেওঁলোকৰ মনো গৌৰৱেৰে ভৰি পৰিৱ৷

বন্ধুসকল,

আজি মই আপোনালোকৰ সৈতে মোৰ কথা ক’বলৈ অহা নাই, আনকি মোদী চৰকাৰৰ কথাও ক’বলৈ অহা নাই৷ কিন্তু মোৰ ইচ্ছা হৈছে যে প্ৰাণ খুলি আপোনালোকৰ সৈতে কোটি কোটি ভাৰতীয়ৰ সামর্থ্যক লৈ কথা কও, তেওঁলোকৰ গৌৰবগান কৰোঁ, তেওঁলোকৰ গীত গাম আৰু যেতিয়া মই কোটি কোটি ভাৰতীয়ৰ কথা কও, তেতিয়া কেৱল তেওঁলোকৰ কথা কোৱা নাই, যিসকল তাত থাকে, মই তেওঁলোকৰ কথাও কৈছো যিসকল আপোনালোকক দৰে বিদেশত থাকে৷ মই এই কথাবোৰ বিশ্বৰ চুকে-কোণে বসবাস কৰা ভাৰতমাতাৰ সন্তানসকলক উদ্দেশ্যি কৈছো৷ আজি মই সৰ্বপ্ৰথমে জাৰ্মানীত অত্যন্ত মর্যাদা আৰু সাফল্যৰে ভাৰতৰ পতাকাক শিখৰত তুলি ধৰাৰ বাবে আপোনালোকৰ দৰে সকলো ভাৰতীয়ক বহুত বহুত শুভেচ্ছা জনাইছো, বহুত বহুত শুভকামনা জনাইছো৷

বন্ধুসকল,

একবিংশ শতিকাৰ এই সময়ত ভাৰতৰ বাবে, আমাৰ দৰে সকলো ভাৰতীয়ৰ বাবে, বিশেষকৈ আমাৰ নৱ প্রজন্মৰ বাবে বহুত গুৰুত্বপূর্ণ সময়৷ বৰ্তমান ভাৰত যথেষ্ট সাফল্যৰে দৃঢ় হৈ উঠিছে আৰু ভাৰতবাসীও সেইবোৰ ক্ষেত্রত বিশ্বাসী হৈছে৷ ভাৰতে আজি সংকল্পৰে আগুৱাই গৈছে৷ বৰ্তমান ভাৰতে জানে কলৈ যাব লাগিব, কিদৰে যাব লাগিব আৰু কেতিয়া কিমান দূৰ যাব লাগিব৷ আপোনালোকেও জানে যে যেতিয়া কোনো দেশে নিশ্চিত হৈ লক্ষ্যপূৰণৰ চেষ্টা কৰে, তেতিয়া সেই দেশে নতুন পথেৰে যাবলৈ আৰুম্ভ কৰে আৰু নিজৰ ঈপ্সিত লক্ষ্য অতিক্ৰম কৰে দেখুৱায়৷ বৰ্তমানৰ উচ্চাকাংক্ষী ভাৰতে বৰ্তমানৰ যুৱ ভাৰতে দেশৰ দ্রুত উন্নয়ন বিচাৰে৷ বৰ্তমানৰ ভাৰতে জানে যে ইয়াৰ বাবে ৰাজনৈতিক সুস্থিৰতা আৰু প্রৱল ইচ্ছাশক্তি কিমান প্রয়োজন, কিমান অনিবার্য৷ এই সকলো বৰ্তমানৰ ভাৰতে অতি ভালদৰে বুজে আৰু সেইবাবেই ভাৰতৰ জনগণে তিনি দশক ধৰি দেশত যি ৰাজনৈতিক অস্থিৰতাৰ পৰিৱেশ আছিল, ২০১৪ চনত তেওঁলোকে এটা বুটাম টিপি ইয়াৰ অৱসান ঘটাইছিল৷ ইয়াৰপাছত ভাৰতৰ ভোটাৰসকলে বিগত ৭-৮ বছৰ ধৰি গম পাইছে যে তেওঁলোকৰ ভোটৰ শক্তি কিমান আৰু সেই এটা ভোটে ভাৰতক কিদৰে সলনি কৰিব পাৰে সেইটো অনুভৱ কৰিছে৷ ইতিবাচক পৰিৱর্তন আৰু দ্রুত উন্নয়নৰ আকাংক্ষাই তেওঁলোকক ২০১৪ চনত একক সংখ্যাগৰিষ্ঠতাসম্পন্ন চৰকাৰ নির্বাচনত উৎসাহ যোগাইছে আৰু সুদীর্ঘ ৩০ বছৰৰ পাছত এনে হৈছে৷

এয়া ভাৰতৰ মহান জনতাৰ দূৰদৃষ্টিৰ ফল যি ২০১৯চনত তেওঁলোকে দেশৰ চৰকাৰক আগতকৈও  অধিক শক্তিশালী সংখ্যাগৰিষ্ঠতাৰে নির্বাচিত কৰে৷ ভাৰতক চাৰিওফালে আগুৱাই নিয়াৰ বাবে যি ধৰণৰ দৃঢ় সংকল্প গ্রহণকাৰী চৰকাৰৰ প্রয়োজন, ঠিক সেইধৰণৰ চৰকাৰকে ভাৰতৰ জনগণে শাসন ক্ষমতা অর্পণ কৰিলে৷ মই জানো বন্ধুসকলে যি আকাংক্ষাৰে কিমান ডাঙৰ আশা আজি আমাৰ কামৰ সৈতে যুক্ত হৈছে, মোৰ সৈতে যুক্ত হৈছে৷ কিন্তু মই এই কথাও জানো যে আপ্রাণ পৰিশ্রম কৰি নিজক উৎসৰ্গা কৰি কোটি কোটি ভাৰতীয়ৰ সহযোগিতাত সেই কোটি কোটি ভাৰতীয়ৰ নেতৃত্বত ভাৰতে নতুন উচ্চতাত উপনীত হ’ব পাৰে৷ ভাৰতে এতিয়া আৰু সময় নষ্ট নকৰে, ভাৰতে এতিয়া আৰু সময় অপচয় নকৰে৷ বৰ্তমান এয়া কেনে সময়, এই সময়ৰ সামর্থ্য কেনে আৰু এই সময় পোৱা কিমান মূল্যবান সেয়া এতিয়া ভাৰতে ভালদৰে জানে৷

বন্ধুসকল,

এই বছৰ আমি আমাৰ দেশৰ স্বাধীনতাৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি পালন কৰিছো৷ মই দেশৰ এনে প্রথমগৰাকী প্রধানমন্ত্রী যি স্বাধীন ভাৰতত জন্মগ্রহণ কৰিছো৷ যেতিয়া দেশে ইয়াৰ স্বাধীনতাৰ শতবর্ষ পালন কৰিব, তেতিয়া এই দেশে যি উচ্চতা স্পর্শ কৰিব, সেই লক্ষ্য লৈ বৰ্তমান ভাৰত চৰকাৰে কাম কৰিছে৷ শতবর্ষ সম্পূৰ্ণ হ’বলৈ আমাৰ হাতত ২৫বছৰ সময় আছে৷ আমি অত্যন্ত দৃঢ় পদক্ষেপেৰে এটাৰ পাছত এক দৃপ্ত পদসঞ্চাৰত, দ্রুতগতিত উন্নয়নৰ পথত আগুৱাই গৈছো৷

বন্ধুসকল,

ভাৰতৰ কেতিয়াও চেষ্টাৰ ত্রুটি নাছিল আৰু ভাৰতৰ কেতিয়াও সম্পদৰো অভাৱ নছিল৷ স্বাধীনতাৰ পাছত দেশ এক সঠিক পথ ঠিক কৰি এটা দিশা নিশ্চিত কৰে, কিন্তু সময়ৰ সৈতে যিমান পৰিৱর্তন অহা উচিৎ আছিল, যিমান দ্রুতগতিত সেই পৰিৱর্তনসমূহ আহিব লাগিছিল আৰু এই পৰিৱর্তনৰ প্রক্রিয়া যিমান ব্যাপক হোৱা উচিৎ আছিল, কিবা নহয় কিবা কাৰণত আমাৰ দেশত সেয়া হোৱা নাছিল, আমি ক’ৰবাত পিছপৰি ৰৈ গৈছিলো৷ বিদেশী শাসকসকলে বছৰৰ পৰ বছৰ ধৰি যিদৰে ভাৰতীয়সকলৰ আত্মবিশ্বাসক মোহাৰি পেলাইছিল তাৰপৰা দেশৰ আত্মবিশ্বাস ঘূৰাই অনাৰ এটাই পথ আছিল, সেইটো হ’ল আৰু এবাৰ ভাৰতৰ প্রত্যেক নাগৰিকক আত্মবিশ্বাসেৰে পৰিপূর্ণ কৰি তোলা, প্রত্যেকৰে মন আত্মগৌৰৱেৰে ভৰাই তোলা আৰু সেইবাবে চৰকাৰৰ প্রতি জনগণৰ ভৰসা ৰখা অত্যন্ত প্রয়োজনীয় আছিল৷ কিন্তু ব্রিটিছ চৰকাৰৰ পৰম্পৰা মানি, চৰকাৰ আৰু জনতাৰ মাজত ভৰসাৰ ক্ষেত্রত এক বহুত ডাঙৰ ব্যৱধান গঢ় লৈছিল, সন্দেহৰ কলীয়া ডাৱৰ ঘনীভূত হৈ উঠিছিল। কাৰণ ব্ৰিটিছ শাসকসকলে দেশক যি অৱস্থায় ৰাখি থৈ গৈছিল, স্বাধীন দেশৰ নতুন চৰকাৰে সেই অৱস্থাত পৰিৱর্তন অনাৰ চেষ্টা নিশ্চিতভাৱে কৰিছিল, কিন্তু তাৰ বাবে যি গতিত কাম কৰাৰ দৰকাৰ আছিল তেওঁলোকৰ সেই গতিৰ অভাৱ আছিল৷ সেইবাবে সময়ৰ দাবী আছিল যে সাধাৰণ জনতাৰ জীৱনত চৰকাৰৰ ভূমিকাক ন্যূনতম কৰি তোলা, চৰকাৰৰ কর্তৃত্ব হ্রাস কৰা৷ অৰ্থাৎ ‘মিনিমাম গৱর্নমেন্ট, মেক্সিমাম গৱনেন্স’ৰ৷ প্রয়োজন আছিল য’ত দৰকাৰ, কেৱল তাতে যেন চৰকাৰৰ উপস্থিতি থাকে, যাতে কোনো অভাৱ নাথাকে, কিন্তু য’ত প্রয়োজন নাই, তাত চৰকাৰৰ প্রভাৱো থকা অনুচিত৷

বন্ধুসকল,

যেতিয়া দেশৰ সাধাৰণ জনতাই নিজেই উন্নয়নৰ কর্মযজ্ঞত নেতৃত্ব প্রদান কৰে, তেতিয়াই দেশ আগুৱায়ে যায়৷ যেতিয়া দেশৰ জনতা আগুৱাই আহি উন্নয়নৰ লক্ষ্য স্থিৰ কৰে, তেতিয়াই দেশ আগুৱাই যায়৷ যেনেকৈ এতিয়া বৰ্তমানৰ ভাৰতত চৰকাৰে নহয়, মোদীয়ে নহয়, দেশৰ কোটি কোটি সাধাৰণ জনতা দেশৰ চালিকাশক্তি হৈ উঠিছে৷ সেইবাবে আমি দেশৰ সাধাৰণ জনতাৰ জীৱনৰ পৰা চৰকাৰৰ চাপো এৰাই চলিছো আৰু চৰকাৰৰ বিনা দখলদাৰীৰ অন্ত পেলাইছো৷ আমাৰ নিজৰ সংস্কাৰৰ মাধ্যমেৰে দেশত পৰিৱর্তন সাধন কৰিছো৷ মই সকলো সময়তে কও সংস্কাৰৰ বাবে, ৰাজনৈতিক ইচ্ছাশক্তি বিচাৰো৷ ‘পাৰফর্ম’ কৰাৰ বাবে ‘গভর্নমেণ্ট মেচিনাৰি এষ্টিব্লিচমেণ্ট’ বিচাৰো আৰু ‘সংস্কাৰ’ৰ বাবে সাধাৰণ জনতাৰ অংশীদাৰিত্ব বিচাৰো৷ তেতিয়াই ‘ৰিফর্ম’, ‘পাৰফর্ম’, ‘ট্রান্সফর্ম’ৰ সংহতিৰে উন্নয়নৰ গাড়ী আগুৱাই যাব৷ বৰ্তমান ভাৰতে সহজ জীৱন-যাপন, ‘জীৱন যাপনত উৎকর্ষ , সহজে কর্মসংস্থাপন, শিক্ষাত উৎকর্ষ, সহজ যাতায়াত, ভ্ৰমণত উৎকর্ষ, সহজে ব্যৱসায়, সেৱাৰ উৎকর্ষ,  সামগ্ৰীৰ উৎকর্ষ ইত্যাদি প্রত্যেক ক্ষেত্রত দ্রুতগতিত কাম কৰিছে৷ নতুন নতুন মাত্রাত উন্নয়নক প্রতিস্থাপিত কৰিছে৷ এইখন সেইখন দেশ, যাক বাদ দি  আপোনালোক ইয়ালৈ আহিছিল৷ এইখন সেইখন দেশে, য’ত আজিত একেই আমোলাতন্ত্ৰ আছে, একেই বিভাগ আছে, সেই চকী-মেজ আছে, সেই কলমধাৰীসকলেই আছে, সেই ফাইলসমূহেই এতিয়াও চলি আছে, সেই চৰকাৰী ব্যৱস্থাই কাম কৰিছে, কিন্তু এতিয়া তুলনামূলকভাৱে বহুত উন্নত ফল পোৱা গৈছে৷

বন্ধুসকল,

২০১৪ চনৰ পূৰ্বে যেতিয়াই মই আপোনালোকৰ দৰে বন্ধুসকলৰ সৈতে কথা পাতিছিলো, তেতিয়া আপোনালোকৰ মাজৰ পৰা এটা বহুত ডাঙৰ অভিযোগ প্রায়ে শুনিছিলো৷ আপোনালোকৰো হয়তো সেই পুৰণি দিনৰ কথা মনত আছে! আজি যেতিয়া দেশলৈ যায়, তেতিয়া যদি তাত দেখে যে ক’ৰবাত লিখা আছে ‘ৱর্ক ইন প্রগ্রেছ’, তেতিয়াহ’লে এতিয়া তাত বহুত বিভাগ মিলি এটা সংহত কাম কৰিছে বুলি গম পাব৷ কিন্তু আগতে এই ‘ৱর্ক ইন প্রগ্রেছ’ৰ অৰ্থ বেলেগ আছিল। মই কাৰো সমালোচনা কৰিব বিচৰা নাই, কিন্তু আমাৰ দেশত এনে হৈছিল যে আগতে ক’ৰবাত পথ নিৰ্মাণ হৈছিল, তাৰপাছত বিদ্যুৎ লাইন নিয়াৰ বাবে সেই পথ খান্দিছিল৷ তাৰপাছত আকৌ পথ ঠিক কৰা হৈছিল৷ কিছুদিনৰ পাছত পানীৰ লাইন স্থাপনৰ বাবে আকৌ ৰাস্তা খান্দিবলগীয়া হৈছিল৷

 

পুনৰ ৰাস্তা ঠিক কৰা হ’লে কিছুদিন পাছত টেলিফোনৰ লাইন স্থাপনৰ বাবে ৰাস্তা খান্দিব বা অন্য বেলেগ কাৰণত ৰাস্তা খান্দিছিল৷ এটা পথ নিৰ্মাণৰ বাবে যি বাজেট, সেই বাজেট অনুসৰি ৰাস্তাৰ কাম সম্পূর্ণ নৌহওতেই, এই কাম চলি আছি—৷ আপোনালোকক মাত্ৰ এটাই উদাহৰণ দিলো, কাৰণ এই বিষয়টো মই নিজ চকুৰে দেখিছো৷ এইবোৰ কিয় হৈছিল? ইয়া কাৰণ আছিল যে চৰকাৰী বিভাগসমূহৰ মাজত পাৰস্পৰিক তথ্যৰ আদানপ্রদান হোৱা নাছিল, কোনো কথাবার্তা হোৱা নাছিল, কোনো যোগাযোগ আৰু সমন্বয় নাছিল, সকলোৱে নিজৰ নিজৰ জগতত বহি আছিল৷ প্রত্যেকৰে বাবে ৰিপোর্ট কার্ড আছিল যে মই ইমান দীঘলীয়া পথ নিৰ্মাণ কৰিছো৷ আনজনে কৈছিল যে মই ইমান কিলোমিটাৰ বিদ্যুতৰ তাৰ সংযোগ কৰিছো, আন কোনোবাই কৈছিল যে মই ইমান মিটাৰ দৈৰ্ঘ্যৰ পানীৰ পাইপ বহুৱাইছো; কিন্তু ইয়াৰ ফলস্বৰূপে সেই পথত সকলো সময়তে এখন ছাইনবোর্ড লগোৱা হৈছিল- ‘ৱর্ক ইন প্রগ্রেছ’৷

এই বেমেজালিসমূহ দূৰ কৰাৰ বাবে এতিয়া আমি ‘পিএম গতি শক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন’ ৰচনা কৰিছো৷ চাৰিওফালে ইয়াৰ প্রশংসা শুনিবলৈ পোৱা গৈছে৷ আমি প্রত্যেকেই বিভাগসমূহৰ বেমেজালি দূৰ কৰি আন্তঃগাঁথনিৰ সৈতে জড়িত প্রত্যেক অংশীদাৰক এটা মঞ্চলৈ আনিছো৷ এতিয়া চৰকাৰৰ সকলো বিভাগে নিজৰ অংশৰ কামৰ আগতীয়া পৰিকল্পনা কৰিছে৷ এই নতুন দৃষ্টিভংগীয়ে উন্নয়নৰ সকলো কামত গতি বৃদ্ধি কৰিছে আৰু পৰিমাপো বঢ়াইছে৷ ভাৰতৰ এতিয়া আটাইতকৈ ডাঙৰ শক্তি হ’ল—‘স্কোপ’বা সুযোগ, ‘স্পিড’বা গতি আৰু ‘স্কেল’বা পৰিমাপ৷ বৰ্তমান ভাৰতত সামাজিক আৰু কায়িক আন্তঃগাঁথনিৰ ওপৰত অভূতপূর্ব বিনিয়োগ হৈছে৷ বৰ্তমান ভাৰতত নতুন শিক্ষানীতি কার্যকৰী কৰাৰ বাবে সহমতৰ এক পৰিৱেশ গঢ় লৈ উঠিছে আৰু আনফালে নতুন স্বাস্থ্যনীতি ৰূপায়ণৰ কামো দ্রুতগতিত আগুৱাই গৈছে৷ বৰ্তমান ভাৰতত অভিলেখ সংখ্যক নতুন বিমানবন্দৰ নিৰ্মাণ কৰা হৈছে৷ সৰু সৰু চহৰসমূহক এয়াৰৰুটৰ জৰিয়তে সংযুক্ত কৰা হৈছে৷ ভাৰতত মেট্র’ ৰে’ল সংযোগ বৃদ্ধি কৰিবলৈ যিমান কাম এতিয়া হৈছে, তাৰ পূৰ্বেও ইমান কেতিয়াও হোৱা নাছিল৷ ভাৰতত বৰ্তমান অভিলেখসংখ্যক নতুন ম’বাইল টাৱাৰ স্থাপন কৰা হৈছে আৰু ভাৰতত ৫জি সেৱা হৈছে৷ ভাৰতত বৰ্তমান অভিলেখসংখ্যক গাঁৱক অপ্টিকেল ফাইবাৰ নেটৱর্কৰ জৰিয়তে সংযোগ কৰা হৈছে৷ আপোনালোকে কল্পনা কৰকছোন এতিয়া ভাৰতৰ কিমান লাখ গাঁৱত অপ্টিকেল ফাইবাৰ নেটৱর্ক লাভ কৰিছে? আপোনালোক কল্পনা কৰক যে ভাৰতৰ অধিকাংশ গাঁৱৰ পৰা এতিয়া যিকোনো ব্যক্তিয়ে বিশ্বৰ যিকোনো প্রান্তৰ সৈতে যোগাযোগ স্থাপন কৰিব পাৰিব? কিদৰে ভাৰতৰ গাঁৱৰ জনতা এতিয়া বিশ্ববাসীৰ সৈতে সম্পর্ক স্থাপন কৰিব পাৰিব৷ আপোনালোক ভাৰততে থাকক বা জাৰ্মানীতে থাকক, আপোনালোক এই বিষয়টো বহুত বেছি ভালদৰে বুজিব পাৰিব৷ ভাৰতত যিমান দ্রুত  ইণ্টাৰনেট সংযোগ বৃদ্ধি পাইছে আৰু কেৱল ইমানেই নহয়, এতিয়া ইয়াত যি কথা ক’ম সেয়া শুনি আপোনালোকে জোৰেৰে হাতচাপৰি মাৰিবলৈ বাধ্য হ’ব৷ সেইবাবে জোৰেৰে হাতচাপৰি মাৰিব, যিমান সস্তাত ডাটা ভাৰতত পোৱা যায় সেয়া বহুত দেশৰ বাবে অকল্পনীয়৷ বিগত বছৰত সমগ্ৰ বিশ্বত হোৱা ‘ৰিয়েল টাইম ডিজিটেল পেমেণ্টছ’-ত … মনোযোগ দি শুনিব! সমগ্ৰ বিশ্বত ‘ৰিয়েল টাইম ডিজিটেল পেমেণ্টছ’ত… মই সমগ্ৰ বিশ্বৰ কথা কৈছো! এতিয়া ভাৰত সৰু বুলি কোনেও নাভাবে না। বিগত বৰ্ষৰ সমগ্ৰ বিশ্বত ‘ৰিয়েল টাইম ডিজিটেল পেমেণ্টছ’ৰ ৪০ শতাংশ অংশীদাৰিত্ব আছিল ভাৰতৰ৷

মই আন এটা কথা আপোনালোক ক’ব বিচাৰিছো, যিটো শুনি মই ভাৱিছো আপোনালোক মনে মনে বহি থাকিব নে নাই৷ কিন্তু আপোনালোকৰ নিশ্চয় ভাল লাগিব যে ভাৰতত এতিয়া ভ্ৰমণ কৰাৰ সময়৷ দূৰ-দুৰণিৰ কোনো গাঁৱলৈও যদি আপোনালোক যায়, তেতিয়াহ’লে নিজৰ মোবাইল ফোনৰ জৰিয়তে আপোনালোকে সকলো ধৰণৰ পেমেণ্ট কৰিব পাৰিব৷ এটা ম’বাইল ফোন আপোনাৰ পকেটত থাকিলেও যথেষ্ট!

বন্ধুসকল,

বৰ্তমান ভাৰতত প্ৰশাসনৰ ক্ষেত্রত টেকন’লজিৰ যি ধৰণৰ অন্তৰ্ভূক্ত কৰা হৈছে, সেইটোৱে নতুন ভাৰতৰ নতুন ৰাজনৈতিক ইচ্ছাক দাঙি ধৰে আৰু সেয়া গণতন্ত্রৰ বহন ক্ষমতাৰো প্রমাণ৷ বৰ্তমান কেন্দ্র, ৰাজ্য আৰু স্থানীয় নিকায়ৰ প্রায় একেই পৰিসংখ্যা৷ এয়া আপোনালোকৰ বাবে হয়তো আচৰিত হ’ব যে কেন্দ্রীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু স্থানীয় নিকায়ৰ প্রায় ১০ হাজাৰ সেৱা, প্রায় ১ মিলিয়ন সেৱা অনলাইনত পাবলৈ সক্ষম হৈছে৷ চৰকাৰী সাহায্যৰ পৰা আৰম্ভ কৰি ছাত্র-বৃত্তি, কৃষকসকলৰ শস্যৰ ন্যায্য মূল্য– সকলো এতিয়া পোনপটীয়াকৈ হিতাধিকাৰীসকলৰ বেংক একাউণ্টলৈ হস্তান্তৰ হয়৷ এতিয়া কোনো প্রধানমন্ত্রীয়ে এই কথা ক’ব লগা নহয় যে মই দিল্লীৰ পৰা ১ টকা পঠিয়ালে সাধাৰণ জনতাৰ ওচৰত মাত্র ১৫ পইচা পাব৷ এটা সময় আছিল যে মাজতে ৮৫ পইচা ভোগ কৰিছিল৷ আপোনালোকে এইটো জানি সুখী হ’ব যে বিগত ৭-৮ বছৰত ভাৰতৰ কেন্দ্রীয় চৰকাৰে এই পৰিসংখ্যা আপোনালোক মনত আছে নে নাই নাজানো, মই কৈছো, ভয় নাখাব! এয়া আপোনালোকৰে পৰিশ্রমৰ ফল৷ আপোনালোকৰে কামৰ ফল৷ বিগত ৭-৮ বছৰত ভাৰত চৰকাৰে ডিবিটি বা প্রত্যক্ষ লাভ হস্তান্তৰৰ জৰিয়তে ২২ লাখ কোটি টকাৰো অধিক হিতাধিকাৰীসকলৰ বেংক একাউণ্টত জমা কৰিছে৷ মাত্র এটা ক্লিকতে পোনে পোনে প্রত্যক্ষ লাভ হস্তান্তৰৰ জৰিয়তে মই এই ২২ লাখ কোটি টকাৰো অধিক ধন তেওঁলোকক প্ৰেৰণ কৰিছো৷ অর্থাৎ, এতিয়া আপোনালোক জাৰ্মানীত আছে, তেতিয়াহ’লে আপোনালোকৰ ইয়াৰ হিচাপত ৩০০ বিলিয়ন ডলাৰতকৈও অধিক হিতাধিকাৰীসকলৰ একাউণ্টত পোনপটীয়াকৈ পাইছে৷ মাজত কোনো দালাল নাই, কাটিং কৰাৰ কোনো কোম্পানী নাই, কোনো লোকক খাটনি ধৰিব লগীয়া হোৱা নাই৷ ইয়াৰ ফলত ব্যৱস্থাত কিমান ডাঙৰ স্বচ্ছতা আহিছে আৰু ইয়াৰ কাৰণে চৰকাৰ আৰু জনগণৰ মাজত যি ভৰসাহীন পৰিৱেশৰ সৃষ্টি  হৈছিল, সেই ভৰসা অনাৰ বহুত ডাঙৰ কাম আমি কৰিব পাৰিছো৷ এই নীতিসমূহৰ বাবেই, কাম কৰাৰ তীব্র ইচ্ছাশক্তিৰ পৰাই আধুনিক প্রযুক্তিৰ জৰিয়ত এই বিশ্বাস অর্জনৰ কাম সম্পন্ন হৈছে৷

বন্ধুসকল,

এনে সঁজুলি যেতিয়া নাগৰিকসকলৰ হাতলৈ আহে, যেতিয়া নাগৰিকসকল সবল হয়, তেতিয়া তেওঁলোকৰ আত্মবিশ্বাস ভৰি পৰাটো অতি স্বাভাৱিক৷ তেওঁলোকে তেতিয়া নিজেই সংকল্প ল’বলৈ আৰম্ভ কৰে আৰু তেওঁলোকে স্বয়ং সংকল্পক সিদ্ধিলৈ ৰূপান্তৰণ কৰাৰ বাবে কঠোৰ পৰিশ্রম কৰে আৰু তেতিয়াই দেশ আগুৱাই যায় বন্ধুসকল! সেইবাবে বন্ধুসকল নতুন ভাৰত এতিয়া কেৱল সুৰক্ষিত ভৱিষ্যতৰ কথা নাভাবে, নতুন ভাৰতে এতিয়া ক্ষতিশংকা নাই, ‘উদ্ভাৱনৰ পথত খোজ দি সেই উদ্ভাৱনক ‘ইনকিউবেট’ কৰে৷ মোৰ মনত আছে ২০১৪ চনত আমাৰ দেশত সৰ্বমুঠ ২০০ৰ পৰা ৪০০টা ষ্টার্ট-আপ আছিল৷ ইমান ডাঙৰ দেশ আৰু মাত্র ২০০ৰ পৰা ৪০০টা ষ্টার্ট-আপ! আজিৰ পৰা ৮ বছৰ পূৰ্বে ভাৰতত ২০০, ৩০০ বা ৪০০টা ষ্টার্ট-আপ আছিল৷ বৰ্তমান কিমান আছে জানে নে? বৰ্তমান ভাৰতত ষ্টার্ট-আপৰ সংখ্যা ৬৮,০০০ৰৰো অধিক৷ বন্ধুসকল মোক কওক, আপোনালোকে শুনাৰ পাছত নিশ্চয় ভাবিছে, ক’ৰ ৪০০, ক’ৰ ৬৮ হাজাৰ৷ এই ২০০-৪০০ৰ পৰা ৬৮ হাজাৰত পৰিণত হোৱাৰ বিষয়টো নিশ্চয় আপোনালোকৰ বুক গৌৰৱেৰে ভৰাই তুলিছে৷ সঠিক নে! এই কথা শুনাৰ পাছত আপোনালোকৰ বুক গৌৰৱেৰে উঠলি উঠা নাইনে? আপোনালোকৰ শিৰ উচ্ছ হৈ উঠা নাই নে! বন্ধুসকল কেৱল ইমানেই নহয়, কেৱল ষ্টার্ট-আপৰ সংখ্যা বৃদ্ধিৰ কথাই কোৱা নাই, বৰ্তমান বিশ্বৰ সকলো মাপকাঠিয়ে কৈছে যে এইবোৰৰ ভিতৰত কেইবাডজন ষ্টার্ট-আপ ইউনিকর্নত পৰিণত হৈছে আৰু এতিয়া বিষয়টো ইউনিকর্নতে থমকি ৰোৱা নাই৷ বন্ধুসকল, আজি মই গৌৰৱেৰে ক’ব পাৰো যে মোৰ দেশত বহুত ইউনিকর্ন, চাওতে চাওতে ডিকাকর্নত পৰিণত হৈছে৷ অর্থাৎ, তেওঁলোকে ১০ বিলিয়ন ডলাৰৰ লেভেলো পাৰ হৈছে৷ মোৰ মনত পৰে মই যেতিয়া গুজৰাটত মুখ্যমন্ত্রী হৈ আছিলো আৰু মোৰ সহকর্মী যি কোনো বাবুক শুধিছিল যে ল’ৰা-ছোৱালীসকলে কি কৰিছে? অধিকাংশ জনতাই কৈছিল যে আইএএছ প্রৱেশিকা পৰীক্ষাৰ প্রস্তুতি চলাইছে৷ কিন্তু বৰ্তমান কেন্দ্রীয় চৰকাৰত কর্মৰত বাবুসকলক যদি সোধা হয় যে ভাই আপোনাৰ ল’ৰা-ছোৱালীয়ে কি কৰে, তেতিয়া তেওঁলোকে কয় যে ষ্টার্ট-আপ আৰম্ভ কৰিছে৷ এই পৰিৱর্তন সৰু নহয় বন্ধুসকল!

বন্ধুসকল,

মূল কথাটো কি? মূল কথাটো হৈছে এইটোৱে যে বৰ্তমান চৰকাৰে উদ্ভাৱকসকল ভৰি শিকলি লাগি থকা নাই শিকলি লাগি থকা নাই, তেওঁলোকৰ মনক উদ্দীপনাত সঞ্জীৱিত কৰে তেওঁলোকৰ এইবোৰ পথ প্রশস্ত কৰিছে৷ যদি আপোনালোকে জিঅ’-স্পেচিয়েলৰ ক্ষেত্রত উদ্ভাৱন কৰিবলগীয়া হয়, নতুন ধৰণৰ কোনো ড্রোন নিৰ্মাণ কৰিবলগীয়া হয় বা মহাকাশ খণ্ডত কোনো ছেটেলাইট বা ৰকেট নিৰ্মাণ কৰিবলগীয়া হয়, তেতিয়াহ’লে ইয়াৰ বাবে সৰ্বপ্ৰথমে ‘নার্চাৰিং’ পৰিৱেশ বৰ্তমান ভাৰততে আছে বন্ধুসকল! এটা সময় আছিল যেতিয়া ভাৰতত কোনো নতুন কোম্পানী যদি পঞ্জীয়ন কৰিবলগীয়া হয় তেতিয়া তেওঁলোকৰ পঞ্জীয়ন কৰোৱাৰ সময়ত কাগজ জমা কৰাৰ পাছত তেওঁলোকে যেতিয়া পাহৰি যায় ইমান দিনেও পঞ্জীয়ন হোৱা নাছিল, মাহৰ পাছত মাহ লাগি গৈছিল৷ যেতিয়া ভৰসা বৃদ্ধি পায়, নাগৰিকসকলৰ ওপৰত চৰকাৰৰ ভৰসা বৃদ্ধি পায় আৰু চৰকাৰৰ ওপৰত নাগৰিকৰ ভৰসা বৃদ্ধি পায়, তেতিয়া অবিশ্বাসৰ অন্তৰ পৰিবলৈ ধৰে৷ ফলস্বৰূপে, বৰ্তমান যদি কোনো কোম্পানী পঞ্জীয়ন কৰিব বিচাৰে তেতিয়াহ’লে মাত্ৰ ২৪ ঘণ্টা লাগে৷ আমাৰ দেশত চৰকাৰৰ এক অভ্যাস আছিল যি অফিচৰ যিকোনো চেম্বাৰত ৬ নম্বৰ টেবুল হওক বা ১ নম্বৰ টেবুল, জানুৱাৰীত যদি আপোনালোকৰ পৰা কিছু বিচাৰে, ২ নম্বৰ টেবুলৰ বিষয়াক ফেব্রুৱাৰী মাহত পুনৰ সেইটোকে বিচাৰিছিল৷ তাৰপাছত ৫ নম্বৰ টেবুলৰ বিষয়াক ফেব্রুৱাৰীৰ শেষত ক’ব আৰে ভাই সেই কাগজখন আনাচোন মোৰ অলপ প্রয়োজন আছে৷ অর্থাৎ বন্ধুসকল নাগৰিকৰ হাজাৰ হাজাৰ বাধ্যবাধকতা মানি চলিবলগীয়া হৈছিল, এইটো আনা, সেইটো আনা আৰু ইমানবোৰক লৈ তেওঁলোকে কি কৰিব সেইটো তেওঁলোকে জানে আৰু আপোনালোকেও জানে৷ বিগত বছৰসমূহত এই কর্মসংস্কৃতি সলনি হৈছে৷ বন্ধুসকল, আপোনালোকে শুনিলে হয়তো অবাক হ’ব আৰু মই এই ধৰণৰ কাম কৰিবলগীয়া হৈছে, আমি ইতিমধ্যে ২৫ হাজাৰোধিক কাম সমাপ্ত কৰিছো৷ কেৱল ইমানেই নহয়, যেতিয়া ২০১৩ চনত সাধাৰণ নির্বাচনৰ বাবে প্রস্তুতি চলাইছিলো, কাৰণ মোৰ দলে এইকথা ঘোষণা কৰিছিল যে মোক প্রধানমন্ত্রী পাতিহ, তেতিয়া মই অধিকাংশ ক্ষেত্রত জনতাৰ সন্মুখত এনে ভাষণ দিছিলো যে এদিন দিল্লীত সকলো ব্যৱসায়ীয়ে মোক মাতি লৈ যায়৷ তাত ব্যৱসায়ীসকলৰ বহুত ডাঙৰ সন্মিলন চলিছিল আৰু তাত মোৰ আগতে যিগৰাকী ভদ্রলোকে বক্তব্য আগবঢ়াইছিল তেওঁ কৈছিল যে চাওক অমুক আইন প্ৰস্তুত কৰা হৈছে, তমুক আইন প্ৰস্তুত কৰা হৈছে৷ তেওঁৰ বক্তব্য শুনি বুজিছিলো যে তেওঁ বহুত আইন প্রণয়ন কৰিছে৷ সাধাৰণ নির্বাচনৰ পূৰ্বে সময় এনে আছিল যে সকলোৱে কৈ আছিল যে ঠিক আছে, মই এইটো কৰি দিম৷ কিন্তু বন্ধুসকল মই অলপ অন্য মাটিৰে গঢ় মানুহ৷ মই যেতিয়া ভাষণ দিবলৈ থিয় হৈছিলো, ২০১৩ চনৰ কথা, মই দিল্লীত সেইদিনা ভাষণ দিবলৈ থিয় হৈ প্রথমেই কৈছিলো যে ভাই, আপোনালোকে আইন প্রণয়নৰ কথা ক’লে, কিন্তু মোৰ ইচ্ছা বেলেগ৷ মই নাজানো যে আপোনালোকে মোৰ ইচ্ছাৰ কথা ক’লে মোক ভোট দিবনে নিদিয়ে৷ নিদিলে নাই, মোৰ ছুটি হৈ যাব৷ মই বৰ্তমান ইয়াত থিয় হৈ কৈছো মই বৰ্তমান আজি আপোনালোকক প্রতিশ্রুতি দিছো যে মোক যদি প্রধানমন্ত্রীৰ দায়িত্ব দিয়া হয়, তেতিয়াহ’লে প্রতিদিনে দেশত এখনকৈ আইন বাতিল কৰিম৷ বহুতেই আচৰিত হ’ল যে চৰকাৰ কাক কয় সে সম্পর্কে এই মানুহজনৰ কোনো জ্ঞান আছে নে নাই? হয়তো তেওঁলোকে এনেদৰেই ভাৱিছিল৷ কিন্তু বন্ধুসকল মই আদি আপোনালোকক এটা হিচা দিও৷ মই প্রধানমন্ত্রী হোৱাৰ পাছত প্রথম পাঁচ বছৰত ১,৫০০টা আইন বাতিল কৰিছো৷ এইবোৰ কিয় কৰিছো? কাৰণ মই ভাৱিছিলো যে এই সকলোবোৰ অপ্রয়োজনীয় আৰু পৰস্পৰ বিৰোধী৷ ইমানবোৰ আইনৰ জঞ্জালৰ বোজা জনগণে কিয় বহন কৰিব?

ভাৰত এখন স্বাধীন দেশ৷ এইখন কেৱল মোদীৰ দেশ নহয়, ১৩০ কোটি নাগৰিকৰ দেশ৷ এতিয়া চাওক, দেশত… আগতে আমাৰ দেশৰ বৈশিষ্ট্য দেখক চাহাব! এখন দেশ, সংবিধান আছিল দুখন৷ দেশৰ জনতাৰ সৈতে এই বিভাজন দূৰ কৰিবলৈ ইমান দেৰি কিয় লাগিল? আগৰ দিনত কোৱা হৈছিল ‘টিউবলাইট’, মানে যি দেৰিকৈ জ্বলে৷ আপোনালোকে জানেনে যে ভাৰতত দুখন সংবিধান আছিল! সাত দশক ধৰি আছিল! সেই দুখন সংবিধানক এখন সংবিধানত পৰিণত কৰিবলৈ দেশবাসীৰ সাত দশক লাগিছিল৷ ইমানদিনে সেয়া বাস্তবায়িত হৈছে বন্ধুসকল! দুখীয়াৰ ৰেচন কার্ডত আগতে যদি জব্বলপুৰৰ ঠিকনা লিখা থকা হ’লে আৰু তেওঁক যদি বাধ্য হৈ জীৱিকা নির্বাহৰ বাবে জয়পুৰলৈ যাবলগীয়া হ’লহেতেন তেতিয়াহ’লে তেওঁ সেই ৰেচন কার্ড কোনো কামত নালাগে৷ দেশ এখনেই, কিন্তু ৰেচন কার্ড হৈছিল পৃথক৷ বৰ্তমান ‘এক দেশ, এক ৰেন কার্ড’ পদ্ধতি বাস্তবায়িত হৈছে৷ আগতে কোনোৱে দেশত বিনিয়োগ কৰিবলৈ আহি গুজৰাটত গ’লে এক ধৰণৰ কৰ, মহাৰাষ্ট্রত গ’লে বেলেগ ধৰণৰ কৰ, পশ্চিমবংগত গ’লে তৃতীয় ধৰণৰ কৰ৷ তেওঁৰ যদি ৩-৪টা কোম্পানী থাকে, এটা কোম্পানী গুজৰাটত, দ্বিতীয়টো কোম্পানী মহাৰাষ্ট্রত আৰু তৃতীয়টো কোম্পানী পশ্চিমবংগত হয়, তেতিয়াহ’লে তেওঁ তিনিখন ৰাজ্যত পৃথক চার্টার্ড একাউণ্টেণ্টক নিয়োগ কৰিব লাগিব, যিসকলে বিভিন্ন আইন মানি লৈ কাম কৰিব৷ কিন্তু বৰ্তমান সমগ্ৰ দেশত একক কৰ ব্যৱস্থা ৰূপায়ণ কৰা হৈছে৷ আমাৰ বিত্তমন্ত্রী নির্মলাজী ইয়াত বহি আছে৷ এই এপ্রিল মাহত কি হৈছে তিনি জানে৷ সামগ্ৰী আু সেৱা কৰ (জিএছটি)ৰ অভিলেখ পৰিমাণৰ সংগ্ৰহ হৈছে৷ ১.৬৮লাখ কোটি টকা জিএছটিৰ অভিলেখ পৰিমাণৰ সংগ্ৰহ হৈছে৷ ‘এক দেশ, এক কৰ’ৰ লক্ষ্যৰে এই শক্তিশালী পদক্ষেপ যথেষ্ট কার্যকৰী প্রমাণ হৈছে৷

বন্ধুসকল,

‘মেক ইন ইণ্ডিয়া’, বৰ্তমান এই ভাৱনা আত্মনির্ভৰ ভাৰতৰ চালিকাশক্তিত পৰিণত হৈছে৷ আত্মবিশ্বাসত গদগদ হৈ ভাৰতে বৰ্তমান দেশৰ সকলো কর্মপদ্ধতি সহজ কৰি তুলিছে৷ ইয়াৰ উপৰি উৎপাদনভিত্তিক উৎসাহ ভাতাৰ মাধ্যমে বিনিয়োগক সমর্থনো কৰিছে৷ ইয়াৰ ডাঙৰ প্রভাৱ ভাৰতৰ সম্ভাব্য ৰপ্তানিৰ ওপৰতো পৰিছে৷ কিছুদিন পূৰ্বে আমি ৪০০ বিলিয়ন ডলাৰ ৰপ্তানিৰ অভিলেখ ভংগ কৰিছি৷ যদি আমি সামগ্ৰী আৰু সেৱা চাও, তেতিয়াহ’লে বিগত বছৰ ভাৰতৰ পৰা ২৭০ বিলিয়ন ডলাৰ অর্থাৎ, প্রায় ৫০ লাখ কোটিৰো অধিক ৰপ্তানি হৈছে৷ এই পৰিসংখ্যা দেখি হাতচাপৰি বজোৱাৰ বাবে আপোনালোক হাত থমকি ৰৈছে বন্ধুসকল? ভাৰতৰ বহুত নতুন জিলা বৰ্তমান নতুন নতুন দেশলৈ ৰপ্তানিৰ ক্ষেত্রত তেওঁলোকৰ পৰিধি সম্প্ৰসাৰণ কৰিছে আৰু দ্রুতগতিত ৰপ্তানি হৈছে আৰু ইয়াত এটা আনন্দৰ কথাও আছে৷ বৰ্তমান দেশত যিবোৰ সামগ্ৰী প্ৰস্তুত কৰা হৈছে, সেইবোৰ সামগ্ৰী ‘জিৰ’ ডিফেক্ট, জিৰ’ এফেক্ট’ৰ মন্ত্রৰে আগুৱাই গৈছে৷ উৎপাদনৰ উৎকর্ষত কোনো কোনো আপোচ নহয়, কোনোধৰণৰ ত্রুটিক মানি লোৱা নহয় আৰু উৎপাদনৰ সময়তো পৰিৱেশৰ ওপৰত যেন কোনো কুপ্রভাব নপৰে, সেয়া সুনিশ্চিত কৰিব লাগিব৷

বন্ধুসকল,

একবিংশ শতিকাৰ এই তৃতীয় দশকৰ আটাইতককৈ ডাঙৰ সত্য এইটোৱে যে বৰ্তমান ‘ইণ্ডিয়া ইজ গইং গ্ল’বেল’৷ ভাৰত বৰ্তমান আকৌ বিশ্বজনীন হৈ পৰিছে৷ ক’ৰোনাৰ এই কঠিন সময়ত ভাৰতে বিশ্বৰ ডেৰশতাধিক দেশত জীৱনদায়িনী ঔষধ প্ৰেৰণ কৰি বহুত জীৱন ৰক্ষাৰ ক্ষেত্রত সহায় কৰিছে৷ যেতিয়া ভাৰতে ক’ভিডৰ টিকা উৎপাদনত সফলতা লাভ কৰিছিল তেতিয়া দেশে ইয়াৰ উৎপাদিত টিকা প্রায় ১০০খন দেশলৈ প্ৰেৰণ কৰি সহায় কৰিছে৷

বন্ধুসকল,

বৰ্তমানৰ শেহতীয়া খবৰ হ’ল বৰ্তমান সমগ্ৰ বিশ্বৰ জনতাক ঘেঁহু যোগান ধৰিবলৈ অসমৰ্থ হৈছে৷ খাদ্য নিৰাপত্তাক লৈ বিশ্বৰ ডাঙৰ ডাঙৰ দেশ বৰ্তমান চিন্তিত হৈ পৰিছে৷ সেই সময়ত ভাৰতৰ কৃষকসকলে বিশ্ববাসীৰ পেট পুৰাবৰ বাবে আগুৱাই আহিছেন৷

বন্ধুসকল,

যেতিয়াই মানৱতাৰ সন্মুখত কোনো সংকটে দেখা দিয়ে, তেতিয়া ভাৰতে সমাধান লৈ সন্মুখলৈ আগুৱাই আহে৷ যিবোৰ সংকট লৈ আহে, তেওঁলোকক সেই সংকট নিৰ্মূলৰ বাবে শুভেচ্ছা জনাইছো৷ আমি কিন্তু সংকট লৈ অহা নাই৷ আমি প্রতিমুহূৰ্তত সমাধান লৈ আহো আৰু তেতিয়া সমগ্ৰ বিশ্বত জয়জয়কাৰ হৈ পৰে, সেয়াই আমি বৰ্তমান দেখিবলৈ পাইছো! বন্ধুসকল, এয়াই নতুন ভাৰত আৰু এয়াই নতুন ভাৰতৰ শক্তি৷ আপোনালোকৰ মাজত যিসকলে বহু বছৰ ধৰি ভাৰতলৈ অহা নাই, তেওঁলোকে অলপো  লাজ অনুভৱ নকৰিব৷ আপোনালোকে ভালদৰে খবৰ ল’লে নিশ্চিতভাৱে অবাক হৈ পৰিব যে এইবোৰ কিদৰে হৈছে? ইমান বৃহৎ পৰিৱর্তন কিদৰে আহিছে? নহয় নে বন্ধুসকল৷ আপোনালোকৰ উত্তৰ ভুল৷ মোদীয়ে একোৱেই কৰা নাই এই সকলোবোৰ ১৩০ কোটি ভাৰতীয়ই কৰিছে৷

বন্ধুসকল,

 

আন্তর্জাতিক ক্ষেত্রত ভাৰত আকৌ যে আগুৱাই গৈছে, ইয়াৰ অন্তৰালত আপোনালোকৰ অৱদানো বহুত বহুত গুৰুত্বপূর্ণ হৈ পৰিছে৷ বৰ্তমান ভাৰতত স্থানীয় সামগ্ৰীৰ প্রতি যি আকর্ষণ গঢ় লৈছে, সেয়া স্বাধীনতা আন্দোলনৰ সময়ত স্বদেশী বস্তুৰ ওপৰত সৃষ্টি হোৱা আগ্রহৰ দৰে৷ বহু বছৰ ধৰি আমি দেখিছো যে জনতাই এই কথা কয় যে অমুক বস্তুটো আমি অমুক দেশৰ পৰা কিনিছো, এই বস্তুটো সেই দেশতে প্ৰস্তুত কৰা, কিন্তু বৰ্তমান ভাৰতৰ জনগণৰ মনে নিজৰ স্থানীয় উৎপাদন, স্থানীয় সামগ্ৰী লৈ গৌৰৱৰ অনুভূতি জাগিছে৷ আপোনালোকেও হয়তো জানে যে বৰ্তমানৰ পৰা ২০ বছৰ বা ১০বছৰ আগতে যেতিয়া আপোনালোকে ঘৰলৈ চিঠি লিখিছিল যে মই অমুক তাৰিখে ঘৰলৈ আহিম, তেতিয়া ঘৰৰ পৰা চিঠি আহিছিল যে অহৰ সময় অমুক সামগ্ৰীটো লৈ আহিবি৷ বৰ্তমান যেতিয়া ঘৰলৈ যায়, তেতিয়া ঘৰৰ পৰা যদি চিঠি আহে আৰু ইয়াৰ সকলোৱে সেই চিঠি পায়, তেতিয়াহ’লে তেওঁলোকে যি বিচাৰে সেয়া কেতিয়াও কিনি নানিব৷ মই সচাকৈ কৈছো নে? বন্ধুসকল, এয়াই সত্য আৰু সেইবাবে মই কও ‘ভোকেল ফৰ লোকেল’৷ কিন্তু আপোনালোকৰ লোকেল যেন ইয়াৰ নহয়৷ বন্ধুসকল, এই যে উৎসাহ সৃষ্টি হৈছে, এই সকলো সামগ্ৰী প্ৰস্তুত কৰিবলৈ কোনো এগৰাকী ভাৰতীয়ৰ পৰিশ্রমৰ প্ৰয়োজন হৈছে৷ সেই সকলো সামগ্ৰী ওপৰত কোনো এগৰাকী ভাৰতীয়ৰ ঘামৰ গন্ধ আছে৷ সেই মাটিৰ সুৰভি আছে বন্ধুসকল! সেইবাবে যিটো ভাৰতত উৎপাদিত হৈছে, ভাৰতৰ মাটিৰ সুৰভি যাতে আছে, ভাৰতৰ যুৱ সম্প্রদায়ৰ ঘামৰ গন্ধ যাতে লাগি থাকে, সেইবোৰ সৰঞ্জামেই আমাৰ ‘ফেচন ষ্টেটমেণ্ট’ হোৱা উচিৎ বন্ধুসকল! আপোনালোকে চাওক এবাৰ এই ভাৱনা যদি অনুভৱ কৰে তেতিয়াহ’লে আপোনাৰ মনৰ মাজত যি স্পন্দন সৃষ্টি হ’ব, সেইটোৱে আপোনাৰ চৌপাশে পাবলৈ দেৰি নালাগে৷ তাৰপাছত দেখিব, কেতিয়া যাব আপোনালোক? এতিয়া মই ভাৰত গৈছো ১০দিনৰ বাবে৷ তেতিয়াহ’লে ইয়াৰ পৰা যিসকলে চিঠি দিব যে ঘূৰি অহাৰ সময় ভাৰতৰ পৰা এইকেইটা সামগ্ৰী লৈ আহিব, এইটো হোৱা উচিৎ নহয় নে বন্ধুসকল? আপোনালোকে এই কাম কৰা উচিৎ হয় ৱে নহয় বন্ধুসকল৷

বন্ধুসকল মই আপোনালোকক এটা অসাধাৰণ উদাহৰণ দিছো৷ একেবাৰে সাধাৰণ উদাহৰণ৷ মই খাদীৰ উদাহৰণ দিব বিচাৰিছো৷ আপোনালোক সকলোৱে খাদী সম্পর্কে জানে৷ খাদী আৰু আমাৰ দেশৰ নেতাসকলৰ মাজত ঘনিষ্ঠ সম্পর্ক আছে৷ নেতা আৰু খাদী পৃথক হ’ব নোৱাৰে৷ খাদী আহিলে নেতাক দেখা যায় আৰু নেতা আহিলে খাদীক দেখা যায়৷ কিন্তু যি খাদীক লৈ মহাত্মা গান্ধীয়ে তেওঁৰ জীৱনত বাচি লৈছিল, যি খাদীয়ে ভাৰতৰ স্বাধীনতা আন্দোলনক শক্তি যোগাইছিল, দুর্ভাগ্যবশত স্বাধীনতাৰ পাছত সেই খাদীৰো সেই দশাই হৈছে, যেনেকৈ স্বাধীনতা সংগ্রামীসকলৰ সপোনবোৰৰ হৈছিল৷ এয়া দেশৰ দায়িত্ব নাছিল নেকি যে খাদীৰ জৰিয়তে দুখীয়া মাতৃসকলে ৰোজগাৰ পাইছিল যে খাদীয়ে বিধবা মাতৃসকলক তেওঁলোকৰ ল’ৰা-ছোৱালীক ডাঙৰ কৰাৰ বাবে আশ্রয় পাইছিল, কিন্তু লাহে লাহে খাদীক তেওঁলোক ভাগ্যৰ ওপৰত এৰি দিয়া হৈছিল আৰু এক প্রকাৰ এই উদ্যোগৰ মৃত্যুৰ ক্ষণ গণিছিলমই৷ যেতিয়া গুজৰাটৰ মুখ্যমন্ত্রী হৈছিলো, তেতিয়া মই এই খাদীক লৈ ইতিবাচক কেতবোৰ কাম কৰাৰ চেষ্টা কৰিছিলো৷ মই কও যে ভাই, আপোনালোকে অতি গৌৰৱেৰে কও যে ঘৰত কাৰোবাৰ ওচৰত অমুক ফেব্রিক আছে, তমুক ফেব্ৰিক আছে, অমুক ঠাইৰ শাড়ী আছে, তমুক ঠাইৰ পাঞ্জাৱী আছে৷ এনেকৈ কয় নে নকয়? কি উত্তৰ দিছিল আপোনালোক! আৰে, সঁচা কথা ক’লে কি ক্ষতি হ’ব বন্ধুসকল! সেইবাবে মই কৈছিলো বন্ধুসকল আপোনালোক সকলোৱে খাদী ক্ৰয় কৰক আৰু কওক মোৰ ওচৰত অমুক ফেব্রিক আছে, কিন্তু খাদীও আছে৷

বন্ধুসকল,

এয়া বহুত সৰু কাৰণ আছিল, কিন্তু বৰ্তমান মই দেশৰ সন্মুখত শিৰ নত কৰি কও যে মোৰ দেশত এটা সময়ত খাদীক ভাল পাইছিল আৰু আপোনালোকে জানি আনন্দিত হ’ব যে স্বাধীনতাৰ ৭৫বছৰ পাছত বৰ্তমান প্রথমবাৰলৈ যেতিয়া দেশে স্বাধীনতাৰ অমৃত মহোৎসৱ পালন কৰিছে, এই বছৰ খাদীৰ ব্যৱসায় ১ লাখ কোটি টকা অতিক্রম কৰিছে৷ এনে প্রথমবাৰলৈ হৈছে৷ কিমান দুখীয়া বিধবা মাতৃৰ ইয়াৰ পৰা কর্মসংস্থাপন হয় বন্ধুসকল! বিগত ৮ বছৰত খাদীৰ উৎপাদনত প্রায়১৭৫ শতাংশ বৃদ্ধি হৈছে আৰু আপোনালোক এৰ পৰিধি চাওক বন্ধুসকল, মই যি মেজাজ লৈ ষ্টার্ট-আপৰ কথা কৈছো, ঠিক একেই মেজাজ লৈ মই খাদীৰ কথাও কৈছিলো৷ যি মেজাজ লৈ মই ছেটেলাইটৰ কথা ক’লো, সেই একেই মেজাজ লৈ মই দেশৰ মাটিৰ কথাও কও৷

বন্ধুসকল,

বৰ্তমান মই আপোনালোক সকলোকে অনুৰোধ কৰিম, এতিয়া ভাৰতৰ ‘লোকেল’ক ‘গ্ল’বেল’ কৰি তোলাৰ ক্ষেত্রত আপোনালোকেও মোৰ সংগ দিয়৷ ইয়াৰ জনতাক ভাৰতৰ ‘লোকেল’ বা স্থানীয় সামগ্ৰীৰ বৈচিত্র্য, ভাৰতৰ স্থানীয় সামগ্ৰীৰ শক্তি, ভাৰতৰ স্থানীয় সামগ্ৰীৰ সৌন্দর্যৰ সৈতে আপোনালোকে অতি সহজে পৰিচিত কৰাব পাৰিব৷ অলপ ভাৱন! বিশ্বত ইমানসংখ্যক ভাৰতীয় বংশোদ্ভৱ আছে৷ প্রত্যেক দেশতে আছে ভাৰতীয় বংশোদ্ভৱ আৰু এই ভাৰতীয় বংশোদ্ভৱৰ বিশেষত্ব হ’ল এইটো যে যিদৰে গাখীৰত চেনি মিহলি হৈ যায়, ঠিক তেনেদৰেই ভাৰতীয়সকলো পৃথিৱীৰ অন্য যিকোনো দেশৰ জনতাৰ সৈতে, তেওঁলোকৰ সমাজৰ সৈতে মিলি যাব পাৰে আৰু মূল্য সংযোজন কৰাৰ সময়ত সকলোৱে অজানিতে সেই গাখীৰক মিঠা কৰি দিয়ে৷ যিসকলৰ এই সামর্থ্য আছে, তেওঁলোকে অতি সহজে ভাৰতৰ স্থানীয় সামগ্ৰীক নিজৰ প্রচেষ্টাত জাৰ্মানীৰ ভূমিত ‘গ্ল’বেল’ কৰি তুলিব পাৰে৷ আপোনালোকে এই কাম কৰিব নে? সকলোৰে একেবাৰে সৰু সৰু মাত শুনিছো৷ অলপ জোৰেৰে কওক, কৰিবনে? ক’বলৈ কি আছে! মোদীজিয়ে কৈছে এতিয়া আৰু এবাৰ আহিব৷ বন্ধুসকল, মই আপোনালোকৰ ওপৰ ভৰসা কৰো৷ মোৰ দৃঢ় বিশ্বাস এই যে আপোনালোকে এই কাম কৰিব৷

আপোনালোকে আন এটা বিষয় মই মনত পেলাব বিচাৰিছো, সেয়া হ’ল আমাৰ যোগ, আমাৰ আয়ুর্বেদ, আমাৰ পৰম্পৰাগত ঔষধৰ বিভিন্ন প্রোডাক্টআছে৷ আপোনালোকে কল্পনা কৰিব নোৱাৰিব যে বৰ্তমান এইবোৰৰ ইমান সম্ভাবনা আছে৷ আপোনালোক সকলোৱে ভাৰতৰ জনতা, ইয়াক পৰিচয় দিলেই সন্মুখৰ ব্যক্তিসকলে আপোনাক হয়তো সুধিব যে আপনি যোগ জানে নে নাই৷ সোধে নে নোসোধে? মনত পেলাওক আপুনি তেনে কিবা কাম জানেনে নাজানে, কেৱল নাকত হাত দি যোগৰ মুদ্রা যদি দেখুৱাই দিয়ে, তেতিয়াহ’লে তেওঁলোকে ভাবিব যে আৰে ভাই ই দেখোন মাষ্টাৰ! বৰ্তমানৰ বিশ্বত ভাৰতৰ ঋষি-মুনিসকলৰ তপস্যাৰ প্রভাৱ ইমানেই যে আপুনি যদি এখন সৰু বোর্ড লগাই দিয়ে অথবা কোনো অনলাইন প্লেটফর্ম গঢ় দিয়ে আৰু সঠিকভাবে নাকত হাত দি প্রাণায়ামটো শিকাই দিব পাৰে, তেতিয়াহ’লে তেওঁলোকে ডলাৰ হিচাপত মাচুল লাভ কৰিব নে নাই? তাৰ মানে আমাৰ ঋষি-মুনিসকলে ইমাত বছৰ পূৰ্বে কেনে ‘ব্ৰেণ্ড ভেলু’ সৃষ্টি কৰি গৈছে যে সেয়া বৰ্তমানেও সুফলদায়ক হৈছে৷ হাজাৰ হাজাৰ বছৰ পূৰ্বে যে ঋষি-মুনিসকলে এইবোৰ পদ্ধতি উদ্ভাৱন কৰিছিল, এই ধৰণৰ পথ দেখুৱাই গৈছে, সেয়া বৰ্তমান ভাৰতীয়সকলে বিশ্ববাসীৰ ওচৰত পোৱাই দিছে৷ কিন্তু  আপোনালোকে এই অভিযানত নিজকে যুক্ত কৰিব পাৰিছে নে? মই আপোনালোকক অনুৰোধ জনাইছো যে অহা২১ জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসলৈ বেছি দিন নাই৷ এতিয়াৰ পৰা সৰু সৰু গোট বনাই চাৰিওফালে প্ৰসাৰিত হৈ পৰক বন্ধুসকল৷ আপোনালোকে প্রতিৱেশীসকলৰ সকলোকে সঠিকভাবে নাকত হাত দি প্রাণায়াম কৰা শিকাই দিয়ক বন্ধুসকল! মই নাক কাটা শিকাবৈল কোৱা নাই৷

বন্ধুসকল,

বৰ্তমান আপোনালোকৰ সৈতে আৰু এটা বিষয় আলোচনা কৰিব বিচাৰিছো, সেয়া হ’ল –ক্লাইমেট একচন! পৰিৱেশৰ নিৰাপত্তাৰ স্বার্থত ভাৰতে কি কৰিছে, ভাৰতত আমি জলবায়ু প্ৰত্যাহ্বানৰ মোকাবিলা কৰাত জনসাধাৰণৰ শক্তিৰ পৰা প্রযুক্তিৰ শক্তিলৈকে সকলো সম্ভাব্য সমাধান লৈ কাম কৰিছো৷ বিগত ৮ বছৰত আমি ভাৰতত এলপিজি ৰন্ধন গেছ সংযোগৰ পৰিমাণ ৫০ শতাংশৰ পৰা বৃদ্ধি কৰা প্রায় ১০০ শতাংশ কৰিছো৷ ভাৰতৰ এলইডি বাল্ব … এতিয়া জার্মানবাসীয়েও দ্রুত বাল্বৰ বিষয়টো বুজিব পাৰিব৷ ভাৰত প্রায় প্রত্যেক ঘৰতে এতিয়া এলইডি বাল্ব ব্যৱহাৰ কৰা হৈছে৷ ‘উজালা’ যোজনাৰ জৰিয়তে আমি দেশত প্রায় ৩৭ কোটি এলইডি বাল্ব বিতৰণ কৰিছো আৰু এলইডি বাল্বৰ ব্যৱহাৰ শক্তি ৰাহি কৰাৰ বাবে কিমান উপযোগী এইকথা আপোনালোকে খুব ভালদৰে বুজি পায়৷ শক্তি সংৰক্ষণৰ স্বার্থত ভাৰতে কিদৰে কাম কৰিছে সেয়া বৰ্তমান আপোনালোক জাৰ্মানীত বুকৰ পৰা জনসাধাৰণক ক’ব পাৰিব যে ভাৰতে এটা ক্ষুদ্ৰ পৰিৱর্তনে এনে কিমান শক্তি ৰাহি কৰিছে আৰু ইয়াৰ ফলত প্রায় ৪৮ হাজাৰ মিলিয়ন কিলোৱাট ঘণ্টা বিদ্যুৎ ৰাহি হৈছে৷ ইয়াৰ সমান্তৰালভাৱে প্রতি বছৰ প্রায় ৪ কোটি টন কার্বন নিৰ্গমণ হ্ৰাস পাইছে৷ আপোনালোকে কল্পনা কৰিব পাৰে যে এই এখন আঁচনিৰ জৰিয়তে ভাৰতে বিশ্ব পৰিৱেশৰ কিমান সুৰক্ষাৰ কাম কৰিছে৷

বন্ধুসকল,

এই ধৰণৰ বিভিন্ন প্রচেষ্টাৰ জৰিয়তে বৰ্তমান ভাৰতে অভূতপূর্ব পৰ্যায়ত ‘গ্রিন জবছ’ৰ ক্ষেত্রত এক নতুন সুযোগ উন্মোচন কৰিছে আৰু সেই সুযোগ প্রতিদিনে ক্রমান্বয়ে বৃদ্ধি পাইছে৷ মই অতিশয় আনন্দিত যে ভাৰত আৰু জাৰ্মানীয়েও এই শক্তি ক্ষেত্রত এক বহুত ডাঙৰ অংশীদাৰিত্বৰ দিশে খোজ দিছে৷ বন্ধুসকল স্বাধীনতাৰ অমৃত মহোৎসৱত আমি এই পৰিৱেশৰ দায়বদ্ধতাক পৰৱর্তী পৰ্যায়লৈ নিয়াৰ সিদ্ধান্ত লৈছো৷ মই উদাহৰণ দিছো৷ ভাৰতীয়সকলে দেশৰ প্রতিখন জিলাত ৭৫টা ‘অমৃত সৰোবৰ’ খননৰ সংকল্প লৈছে৷ প্রতিখন জিলাত, অর্থাৎ আপোনালোক কল্পনা কৰিব পাৰিছে নে মই কি কৈছো? ইয়াৰ জৰিয়তে অহা ৫০০ দিনৰ ভিতৰত প্রায় ৫০ হাজাৰ নতুন জলাশয় নিৰ্মাণ কৰা হ’ব, পুখুৰী খন্দা হ’ব, সৰোবৰ সৃষ্টি হ’ব আৰু মৃতপ্ৰায় পুখুৰী, সৰোবৰক পুনৰুজ্জীৱিত কৰা হ’ব৷ মই ভালদৰে অনুভৱ কৰো যে পানীয়েই জীৱন৷ পানী থাকিলে ভৱিষ্যৎ আছে। কিন্তু পানীৰ বাবে ঘাম পেলাবলগীয়া হৈছে বন্ধুসকল! আপোনালোকো আমাৰ এই অভিযানৰ সৈতে হ’ব নোৱাৰে নে? আপোনালোকে দেশৰ যি গাঁৱৰ পৰা আহিছে, সেই গাঁৱত পুখুৰী খন্দাৰ ক্ষেত্রত আপোনালোকেও সহযোগিতা কৰিব পাৰে, আপোনালোকে তেওঁলোকক প্রেৰণা যোগাব পাৰে আৰু স্বাধীনতাৰ অমৃত মহোৎসৱত ‘অমৃত সৰোবৰ’ খননৰ ক্ষেত্রত বিশ্বৰ চুকে কোনে থকা প্রতিগৰাকী ভাৰতীয়ই অৱদান থাকিলে আপোনালোক কল্পনা কৰিব পাৰে যে বন্ধুসকল আমি ক’ত উপনীত হ’ব পাৰিম৷ এই সাফল্যই আপোনালোকক কিমান আনন্দ দিব!

বন্ধুসকল,

ভাৰতত উন্নত বুদ্ধিসম্পন্ন বিখ্যাত জার্মান পণ্ডিত মেক্সমুলাৰ ইন্দো-ইউৰোপিয়ান ৱর্ল্ডৰ ‘শেয়ার্ড ফিউচাৰ’ৰ কথা কোৱা হৈছে৷ আপোনালোকৰ মাজত সকলোৱে হয়তো ইয়াত দিনে ১০বাৰ তেওঁৰ কথা উল্লেখ কৰে৷ একবিংশ শতিকাত  তেওঁৰ এই ভৱিষ্যদ্বাণীক বাস্তৱত ৰূপান্তৰিত কৰাৰ উৎকৃষ্ট সময় আহিছে৷ ভাৰত আৰু ইউৰোপৰ শক্তিশালী সমন্বয়ে বিশ্বত শান্তি আৰু সমৃদ্ধি সুনিশ্চিত কৰিব পাৰে৷ এই সমন্বয় ক্ৰমে যাতে বৃদ্ধি পাই থাকে, আপোনালোকেও এই উৎসাহ আৰু উদ্দীপনাৰে মানৱ কল্যাণৰ বাবে, ভাৰতৰ কল্যাণত কিবা নহয় কিবা অলপ অৱদান ৰাখক তেতিয়া বহু ইতিবাচক ফল নিশ্চিতভাৱে পোৱা যাব৷ কাৰণ, আমি ‘বসুধৈব কুটুম্বকম’ মন্ত্রত বিশ্বাসী দেশৰ মানুহ৷ বন্ধুসকল, আপোনালোকে যি য’তেই আছে বহুত উন্নতি কৰক, ফুল ফলেৰে জাতিষ্কাৰ হওক, আপোনালোকৰ সকলো সপোন পূৰণ হওক, আপোনালোকৰ প্ৰতি এয়াই মোৰ শুভকামনা৷ আপোনালোক সকলোকে বহুত শুভেচ্ছা জনাইছো৷ ১৩০ কোটি ভাৰতীয়ৰ শুভকামনা আপোনালোকৰ সৈতে আছে৷ আপোনালোক আনন্দত থাকক, সুস্থ থাকক৷ সকলোকে বহুত বহুত ধন্যবাদ!

 

***

DS/LP/AK/VK/DB



(Release ID: 1825404) Visitor Counter : 134