প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ভুজৰ কে কে পেটেল চুপাৰ স্পেচিয়েলিটি হস্পিটেল দেশবাসীক উৎসৰ্গা কৰে প্ৰধানমন্ত্ৰীয়ে
"ভূমিকম্পৰ ফলত হোৱা ধ্বংসযজ্ঞক পিছ পেলাই থৈ ভুজ আৰু কচ্ছৰ লোকসকলে এতিয়া তেওঁলোকৰ কঠোৰ পৰিশ্ৰমেৰে অঞ্চলটোৰ এক নতুন ৰূপ প্ৰদান কৰিছে"
"উন্নত স্বাস্থ্য সুবিধা কেৱল ৰোগৰ চিকিৎসাতে সীমাবদ্ধ নহয়, ই সামাজিক ন্যায় বিচাৰৰ পথো প্ৰশস্ত কৰে"
"দৰিদ্ৰ লোকসকলৰ বাবে যেতিয়া সস্তীয়া আৰু সৰ্বোত্তম চিকিৎসা উপলব্ধ হয়, তেতিয়া সামগ্ৰিক ব্যৱস্থাৰ ওপৰত তেওঁলোকৰ বিশ্বাস সুদৃঢ় হয়। চিকিৎসা ব্যয়ৰ চিন্তাৰ পৰা মুক্তি পালে তেওঁলোকে দৰিদ্ৰতাৰ পৰা মুক্ত হবলৈ অধিক দৃঢ় সংকল্প লৈ কঠোৰ পৰিশ্ৰম কৰে"
পোষ্ট কৰা হৈছে:
15 APR 2022 2:04PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে গুজৰাটৰ ভুজত কে কে পেটেল চুপাৰ স্পেচিয়েলিটি হস্পিটেল দেশবাসীৰ উদ্দেশ্যে উৎসৰ্গা কৰে। চিকিৎসালয়খন ভুজৰ শ্ৰী কচ্ছি লেভা পেটেল সমাজে নিৰ্মাণ কৰিছে। অনুষ্ঠানটোত গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেলো উপস্থিত আছিল।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভূমিকম্পৰ ফলত হোৱা ধ্বংসযজ্ঞক পিছ পেলাই থৈ ভুজ আৰু কচ্ছৰ ৰাইজে এতিয়া তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ দ্বাৰা এই অঞ্চলটোৰ এক নতুন ৰূপ দিছে। "আজি এই এলেকাত বহু আধুনিক চিকিৎসা সেৱা বিদ্যমান। তাৰেই ধাৰাবাহিকতাৰ ফলস্বৰূপে ভুজে আজি এখন আধুনিক, চুপাৰ স্পেচিয়েলিটি চিকিৎসালয় লাভ কৰিছে", প্ৰধানমন্ত্ৰীয়ে কয়। এই চিকিৎসালয়খন হৈছে অঞ্চলটোৰ প্ৰথম দাতব্য চুপাৰ স্পেচিয়েলিটি চিকিৎসালয় যিয়ে লাখ লাখ সৈনিক, অৰ্দ্ধ সামৰিক বাহিনী আৰু ব্যৱসায়ীসকলৰ লগতে কচ্ছৰ লোকসকলৰ বাবে মানসম্পন্ন চিকিৎসা সেৱা আগবঢ়াব।
প্ৰধানমন্ত্ৰীয়ে কয় যে উন্নত স্বাস্থ্য সুবিধা কেৱল ৰোগৰ চিকিৎসাতে সীমাবদ্ধ নহয়, ই সামাজিক ন্যায় বিচাৰৰ পথো প্ৰশস্ত কৰে। "দৰিদ্ৰ লোকসকলৰ বাবে যেতিয়া সস্তীয়া আৰু সৰ্বোত্তম চিকিৎসা উপলব্ধ হয়, তেতিয়া সামগ্ৰিক ব্যৱস্থাৰ ওপৰত তেওঁলোকৰ বিশ্বাস সুদৃঢ় হয়। চিকিৎসা ব্যয়ৰ চিন্তাৰ পৰা মুক্তি পালে তেওঁলোকে দৰিদ্ৰতাৰ পৰা মুক্ত হবলৈ অধিক দৃঢ় সংকল্প লৈ কঠোৰ পৰিশ্ৰম কৰে", প্ৰধানমন্ত্ৰীয়ে কয়। প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত বছৰবোৰত স্বাস্থ্য খণ্ডৰ সকলো আঁচনি এই চিন্তাৰে ৰূপায়ণ কৰা হৈছে।
প্ৰধানমন্ত্ৰীয়ে কয়, জনৌষধি যোজনাৰ লগতে দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ চিকিৎসাত প্ৰতি বছৰে লাখ লাখ টকা ৰাহি কৰাত আয়ুষ্মান ভাৰত আঁচনিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। স্বাস্থ্য আৰু সুস্থতা কেন্দ্ৰ আৰু আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি আঁচনিৰ দৰে অভিযানে সকলোৰে বাবে চিকিৎসা সুলভ কৰাত সহায় কৰিছে।
আয়ুষ্মান ভাৰত ডিজিটেল স্বাস্থ্য অভিযানে ৰোগীসকলৰ বাবে সুযোগ-সুবিধাসমূহ সম্প্ৰসাৰিত কৰি আছে। আয়ুষ্মান স্বাস্থ্য আন্তঃগাঁথনি মিছনৰ জৰিয়তে জিলাই জিলাই আধুনিক আৰু গুৰুত্বপূৰ্ণ স্বাস্থ্যসেৱা আন্তঃগাঁথনি বিকশিত কৰা হৈছে আৰু ব্লক পৰ্যায়লৈকে নিয়া হৈছে। প্ৰতিখন জিলাতে চিকিৎসালয় নিৰ্মাণ কৰা হৈছে। একেদৰে, এইমছ স্থাপন কৰা হৈছে। চিকিৎসা মহাবিদ্যালয়সমূহে চিকিৎসা শিক্ষাৰ সম্প্ৰসাৰণ ঘটাই আছে আৰু দেশত অহা ১০ বছৰত অভিলেখ সংখ্যক চিকিৎসক লাভ কৰাৰ সম্ভাৱনা আছে।
গুজৰাটীত প্ৰধানমন্ত্ৰীয়ে কয় 'এনে এক পৰিস্থিতিৰ সৃষ্টি হৈছে যে মই কচ্ছ এৰিব নোৱাৰো বা কচ্ছেও মোক এৰিব নোৱাৰে'। তেওঁ গুজৰাটত শেহতীয়াকৈ চিকিৎসা আন্তঃগাঁথনি আৰু শিক্ষাৰ সম্প্ৰসাৰণৰ বিষয়ে জনায়। তেওঁ কয় যে যত আগতে মাত্ৰ ৯খন কলেজ আছিল, তাত আজি ৯ খন এইমছ আছে আৰু তিনি ডজনতকৈও অধিক চিকিৎসা মহাবিদ্যালয় আছে। মেডিকেল শিক্ষাৰ আসন ১১০০ ৰ পৰা ৬০০০ লৈ বৃদ্ধি পাইছে। ৰাজকোট এইমছ কাৰ্যক্ষম হৈছে, আৰু আহমেদাবাদৰ অসামৰিক চিকিৎসালয়ত মাতৃ আৰু শিশুৰ পৰিচৰ্যাৰ বাবে ১৫০০বিচনাৰ আন্তঃগাঁথনি গঢ়ি তোলা হৈছে। কাৰ্ডিঅ'লজী আৰু ডায়েলাইচিছৰ সুবিধা বহুগুণে বৃদ্ধি পাইছে।
শ্ৰী মোদীয়ে ৰোগ প্ৰতিৰোধৰ ওপৰত গুৰুত্ব দি পৰিষ্কাৰ-পৰিচ্ছন্নতা, ব্যায়াম আৰু যোগৰ চৰ্চা চলাই থাকিবলৈ অনুৰোধ জনায়। তেওঁ লগতে ভাল আহাৰ, পৰিষ্কাৰ পানী আৰু পুষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ আসন্ন যোগ দিৱস বিপুল উত্সাহেৰে উদযাপন কৰিবলৈ কচ্ছৰ ৰাইজক আহ্বান জনায়। তেওঁ পেটেল সম্প্ৰদায়ক বিদেশত কচ্ছ উৎসৱৰ প্ৰচাৰ কৰিবলৈ আৰু ইয়াৰ বাবে বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি কৰিবলৈ উদ্যোগ গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়। আজাদী কা অমৃত মহোত্সৱ উপলক্ষে প্ৰতিখন জিলাতে ৭৫ টা অমৃত সৰোবৰ গঢ়ি তোলাৰো পুনৰায় আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে।
***
DS/KG
(ৰিলিজ আই ডি : 1817443)
অতিথি কক্ষ : 201
ত এই ৰিলিজটো পঢ়ক:
Odia
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam