প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মধ্য প্ৰদেশত ২৯ মাৰ্চত অনুষ্ঠিতব্য ‘পিএমএওৱাই-জি আঁচনি’ৰ ৫ লাখৰো অধিক হিতাধিকাৰীৰ ‘গৃহ প্ৰৱেশম অনুষ্ঠান’ত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে


দেশৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালক পকীঘৰ প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰীয়ে চলোৱা প্ৰয়াসৰ এয়া হৈছে আন এক পদক্ষেপ

प्रविष्टि तिथि: 28 MAR 2022 2:00PM by PIB Guwahati

মধ্য প্ৰদেশত অহা ২৯ মাৰ্চৰ দুপৰীয়া ১২.৩০ বজাত অনুষ্ঠিত হ’বলগীয়া ‘পিএমওৱাই-গ্ৰামীন আঁচনি’ৰ ৫ লাখৰো অধিক হিতাধিকাৰীৰ ‘গৃহ প্ৰৱেশম অনুষ্ঠান’ত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱ্স্থাৰে অংশগ্ৰহণ কৰিব লগা অনুষ্ঠানটোত প্ৰধানমন্ত্ৰীয়ে উপস্থিত জনতাক সম্বোধি এক ভাষণো প্ৰদান কৰিব।

এয়া হৈছে দেশৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালকে সকলোবোৰ বুনিয়াদী সা-সুবিধা সম্বলিত পকীঘৰ প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰীয়ে নিৰবিচ্চিন্ন ভাবে চলাই অহা প্ৰয়াসৰ আন এক পদক্ষেপ।

অনুষ্ঠানত মধ্য প্ৰদেশৰ বিভিন্ন প্ৰন্তত নতুনকৈ নিৰ্মাণ কৰা ঘৰসমূহ পৰম্পৰাগত ভাবে ফুল আৰু ৰংগোলীৰে সুসজ্জিত কৰি তোলাৰ লগতে শংখ ধ্বনি, বন্তি প্ৰজ্বলনৰে মুকলি কৰা দৃশ্যাংশও দেখিবলৈ পোৱা যাব।

মধ্য প্ৰদেশত ‘পিএমএওৱাই-জি আঁচনি’খনৰ ৰূপায়ণ অভিযানত প্ৰকল্পসমূহৰ উন্নত কৰ্ম সম্পাদন আৰু নিৰীক্ষণ সম্ভৱ কৰাৰ লগতে সামগ্ৰীৰ একত্ৰীকৰণ তথা প্ৰযুক্তিৰ সদ্ব্যৱহাৰৰ বাবে মহিলা ৰাজমিস্ত্ৰীকে ধৰি বহু হেজাৰ ৰাজমিস্ত্ৰীৰ প্ৰশিক্ষণ প্ৰদান, ‘ফ্লাই এশ্ব’ ইটাৰ ব্যৱহাৰ, ঋণ দানৰে আত্মসহায়ক গোটসমূহৰ সবলীকৰণৰ দিহা কৰাকে ধৰি বহুবোৰ অনন্য আৰু উদ্ভাৱনমূলক পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।      

 

***

DS/LP/KB


(रिलीज़ आईडी: 1810923) आगंतुक पटल : 163
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam