প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে কয় যে আমাৰ নাগৰিকক টিকাকৰণৰ ক্ষেত্ৰত আজি এক গুৰুত্বপূৰ্ণ দিন


১২-১৪ বছৰ বয়সৰ কিশোৰ-কিশোৰী আৰু ৬০ বছৰৰ উৰ্ধৰ লোকসকলক টিকা গ্ৰহণৰ আহ্বান

Posted On: 16 MAR 2022 10:12AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে আমাৰ দেশৰ নাগৰিকক টিকাকৰণৰ বাবে ভাৰত চৰকাৰৰ প্ৰচেষ্টাৰ ক্ষেত্ৰত আজি এক গুৰুত্বপূৰ্ণ দিন। তেওঁ ১২-১৪ বছৰ বয়সৰ কিশোৰ-কিশোৰী আৰু ৬০ বছৰৰ উৰ্ধৰ লোকসকলক টিকা গ্ৰহণৰ আহ্বান জনায়।

এলানি টুইটত প্ৰধানমন্ত্ৰীয়ে কয়,

"আমাৰ দেশৰ নাগৰিকক টিকাকৰণৰ বাবে ভাৰত চৰকাৰৰ প্ৰচেষ্টাৰ ক্ষেত্ৰত আজি এক গুৰুত্বপূৰ্ণ দিন। এতিয়াৰে পৰা ১২-১৪ বছৰ বয়সৰ কিশোৰ-কিশোৰী ক’ভিড টিকা আৰু ৬০ বছৰৰ উৰ্ধৰ লোকসকল সৰ্তকতামূলক ড’জৰ বাবে যোগ্য হ’ব। মই এই বয়স গ্ৰুপৰ সকলো লোকক টিকা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছো।"

"সমগ্ৰ পৃথিৱীৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাৰ অংশ হিচাপে আমি ভেকচিন মৈত্ৰী কাৰ্যসূচীৰ অধীনত বিভিন্ন দেশলৈ ভেকচিন প্ৰেৰণ কৰিছো। মই গৌৰৱ অনুভৱ কৰিছো যে ভাৰতৰ ভেকচিনে ক’ভিড-১৯ৰ বিৰুদ্ধে গোলকীয় যুঁজ দিবলৈ সক্ষম হৈছে।"

"আজি ভাৰতত কেইবাটাও স্বদেশী ভেকচিন উপলব্ধ হৈছে। আমি এক যথাযথ মূল্যায়ন প্ৰক্ৰিয়াৰ পিছত অন্যান্য ভেকচিনকো অনুমতি প্ৰদান কৰিছো। আমি এই ভয়ংকৰ মহামাৰীৰ বিৰুদ্ধে যুঁজ দিব পৰাকৈ এক সৱল স্থিতিত আছো। একে সময়তে আমি ক’ভিড সম্পৰ্কীয় সকলো সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।"

 

***

DS/SH/MS



(Release ID: 1806473) Visitor Counter : 146