প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে থানে আৰু ডিৱাক সংযোগ কৰা ৰেলৱে লাইন মুকলি কৰে
চত্ৰপতি শিৱাজী মহাৰাজলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে ভাষণ আৰম্ভ
‘এই ৰেল লাইনে মুম্বাইৰ জনসাধাৰণৰ জীৱনধাৰণ সহজ কৰি তুলিব’
আমাৰ লক্ষ্য হ’ল মুম্বাইৰ বাবে একৈশ শতিকাৰ আন্তঃগাথনি নিৰ্মাণ কৰি তোলা
ভাৰতীয় ৰেলৱেক অধিক নিৰাপদ, আৰামদায়ক আৰু আধুনিক কৰিবলৈ চৰকাৰে যি সংকল্প গ্ৰহণ কৰিবলৈ, তাক কৰোনা ভাইৰাছেও আনকি বাধা দিব নোৱাৰিলে
প্ৰায় ৬২০কোটিত নিৰ্মিত অতিৰিক্ত ৰেলৱে লাইনটোৱে দীৰ্ঘ দূৰত্বৰ ৰেল আৰু ছাবআৰ্বান ৰেলৰ যান-জট দূৰ কৰিব
পোষ্ট কৰা হৈছে:
18 FEB 2022 6:43PM by PIB Guwahati
ধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এক ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে থানে আৰু ডিৱাক সংযোগ কৰা দুটা অতিৰিক্ত ৰেলৱে লাইন দেশবাসীৰ বাবে মুকলি কৰে। তেওঁ লগতে মুম্বাই ছাবআৰবান ৰেলৱেৰ দুখন ছাবআৰবান ৰেলৰ ফ্লেগ অফো কৰে। মহাৰাষ্ট্ৰৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় ৰেলৱে মন্ত্ৰী আদি অনুষ্ঠানত উপস্থিত থাকে।
প্ৰধানমন্ত্ৰীয়ে চত্ৰপতি শিৱাজী মহাৰাজলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণেৰে তেওঁৰ ভাষণ আৰম্ভ কৰে। প্ৰধানমন্ত্ৰীয়ে শিৱাজী মহাৰাজক ভাৰতীয় সংস্কৃতিৰ গৌৰৱ, পৰিচয় আৰু ৰক্ষক আখ্যা দিয়ে।
থানে আৰু দিৱাক সংযুক্ত কৰা পঞ্চম আৰু ষষ্ঠ ৰেল লাইন মুকলিৰ বাবে মুম্বাইবাসীক অভিনন্দন জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই ৰেল লাইনে মুম্বাইৰ জনসাধাৰণৰ জীৱনধাৰণ সহজ কৰি তুলিব। আমাৰ লক্ষ্য হ’ল মুম্বাইৰ বাবে একৈশ শতিকাৰ আন্তঃগাথনি নিৰ্মাণ কৰি তোলা।
মুম্বাইৰ বাবে ২১ শতিকাৰ আন্তঃগাথনি সৃষ্টিত মনোনিৱেশ কৰা হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে মুম্বাইত ৰেলৱে সংযোগ উন্নত কৰিবলৈ হাজাৰ কোটি টকা বিনিয়োগ কৰা হৈছে।
প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতীয় ৰেলৱেক অধিক নিৰাপদ, আৰামদায়ক আৰু আধুনিক কৰিবলৈ চৰকাৰে যি সংকল্প গ্ৰহণ কৰিছিল, তাক কৰোনা ভাইৰাছৰ প্ৰত্যাহ্বানেও বাধা দিব নোৱাৰিলে।যোৱা দুবছৰত ৰেলৱে বিভাগে আন্তঃগাথনি নিৰ্মাণৰ ক্ষেত্ৰত নতুন অভিলেখ স্থাপন কৰিছে। কৰোনাৰ সময়ত ৰেলেৰে কৃষকৰ সামগ্ৰী বজাৰলৈ নিয়াৰো ব্যৱস্থা কৰা হৈছে।
উল্লেখ্য যে, থানে আৰু দিৱাক সংযুক্ত কৰা অতিৰিক্ত ৰেলৱে লাইন দুটা প্ৰায় ৬২০কোটি ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে। ইয়াত সন্নিৱিষ্ট হৈছে ১.৪ কিলোমিটাৰ দৈৰ্ঘৰ ৰেলৱে ফ্লাইঅভাৰ, ৩খন ডাঙৰ দলং আৰু ২১খন সৰু দলং। অতিৰিক্ত ৰেলৱে লাইনটোৱে দীৰ্ঘ দূৰত্বৰ ৰেল আৰু ছাবআৰ্বান ৰেলৰ যান-জট দূৰ কৰিব
***
DS/MS
(ৰিলিজ আই ডি : 1800032)
অতিথি কক্ষ : 206
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam