প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ অভিভাষণ সন্দৰ্ভত উথ্থাপিত ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ দান প্ৰধানমন্ত্ৰীৰ
“দেশে যেতিয়া স্বাধীনতাৰ ১০০বছৰ উদযাপন কৰিব, তেতিয়া দেশক ক’লৈ লৈ যাব লাগিব, কেনেকৈ লৈ যোৱা হ’ব, তাৰ বাবে এইছোৱা অতিকে গুৰুত্বপূৰ্ণ সময়”
“ভাৰতৰ জনতাই প্ৰতিষেধক গ্ৰহণ কৰিছে আৰু এয়া কেৱল তেওঁলোকৰ সুৰক্ষাৰ বাবেই নহয়, বৰং ইয়াৰ জৰিয়তে আনৰ সুৰক্ষাও নিশ্চিত কৰিছে। প্ৰতিষেধকৰ বিৰুদ্ধে বিশ্বজুৰি চলা বিভিন্ন আন্দোলনৰ মাজত তেওঁলোকে প্ৰদৰ্শন কৰা এই আচৰণ প্ৰশংসনীয়”
“মানুহে মহামাৰীৰ সময়ত ভাৰতৰ প্ৰগতিক লৈ বিভিন্ন ধৰণৰ প্ৰশ্নৰ অৱতাৰণা কৰি আছিল, কিন্তু ভাৰতে এই ক’ৰোনা-কালত ৮০কোটিৰো অধিক দেশবাসীক বিনামূলীয়াকৈ খাদ্যদ্ৰব্যৰ যোগান ধৰি পৃথিৱীৰ সন্মুখত এক অনন্য নিদৰ্শন দাঙি ধৰিলে”
“আমি জনতাৰ বাবে কাম কৰিব লাগিব, আমি লাগিলে যি পক্ষতে নাথাকো কিয়? বিপক্ষত থকাৰ অৰ্থ এয়া নহয় যে মানুহৰ সমস্যাসমূহৰ সমাধানৰ বাবে কাম কৰিব নালাগিব, এই মানসিকতা শুদ্ধ নহয়”
“ক’ভিড-ৰ বিপৰীতে যুদ্ধত এক শক্তিশালী আৰু সৌহাৰ্দ্যপূৰ্ণ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা জড়িত হৈ আছে। এই ক্ষেত্ৰত সন্মানীয় মুখ্যমন্ত্ৰীসকলৰ সৈতে ২৩খন বৈঠক অনুষ্ঠিত হৈছে”
“আমাৰ দৃষ্টিত ৰাষ্ট্ৰীয় প্ৰগতি আৰু আঞ্চলিক আকাংক্ষাসমূহৰ মাজত কোনো সংঘাত নাই”
Posted On:
08 FEB 2022 4:12PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যসভাত ৰাষ্ট্ৰপতিয়ে সংসদত প্ৰদান কৰা অভিভাষণ সন্দৰ্ভত উথ্থাপিত ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ দান কৰে। প্ৰধানমন্ত্ৰীয়ে কয়, “দেশে যেতিয়া স্বাধীনতাৰ ১০০ বছৰ উদযাপন কৰিবগৈ, তেতিয়া আমি দেশক ক’লৈ লৈ যাম, কেনেকৈ লৈ যাম, ইয়াৰ বাবে এইছোৱা সময় খুবেই গুৰুত্বপূৰ্ণ। তেওঁ এই কথাও কয় যে ইয়াৰ বাবে সংকল্প সম্পূৰ্ণ কৰাৰ বাবে আমি সামূহিক অংশীদাৰিত্ব আৰু সামূহিক দায়বদ্ধতা স্বীকাৰ কৰাৰ প্ৰয়োজন আছে”।
প্ৰধানমন্ত্ৰীয়ে কয় যে “পৃথিৱীয়ে এতিয়াও ক’ভিড-১৯ৰে যুঁজি আছে। মানৱতাই বিগত এশটা বছৰত এনে ধৰণৰ আন কোনো প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা নাছিল। ভাৰতৰ জনতাই ইতিমধ্যে প্ৰতিষেধক গ্ৰহণ কৰিছে আৰু তেওঁলোকে ইয়াৰ জৰিয়তে নিজৰে কেৱল সুৰক্ষা নিশ্চিত কৰা নাই বৰঞ্চ আনৰ সুৰক্ষাও নিশ্চিত কৰিছে। বিশ্বস্তৰত চলা প্ৰতিষেধক বিৰোধী বিভিন্ন আন্দোলনৰ মাজতো তেওঁলোকৰ এই আচৰণ নিতান্তই প্ৰশংসনীয়”।
প্ৰধানমন্ত্ৰীয়ে কয় যে “মানুহে মহামাৰী এইছোৱা সময়ত ভাৰতৰ প্ৰগতি সন্দৰ্ভত বিভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰি আছে, কিন্তু ভাৰতে ক’ৰোনা-কালত ৮০ কোটিৰো অধিক দেশবাসীক বিনামূলীয়াকৈ খাদ্যদ্ৰব্যৰ যোগান ধৰি পৃথিৱীৰ সন্মুখত এক অনন্য নিদৰ্শন দাঙি ধৰিছে। এই কথাও সুনিশ্চিত কৰা হৈছে যে দৰিদ্ৰসকলৰ বাবে অভিলেখ সংখ্যাত গৃহ নিৰ্মাণ কৰা হওক, সেই ঘৰলৈ পানীৰ সংযোগ স্থাপিত কৰা হওক। এই মহামাৰীৰ সময়ত আমি ৫কোটি জনতাক নলৰ জৰিয়তে পানীৰ যোগান উপলব্ধ কৰাইছো আৰু এক নতুন অভিলেখ ৰচনা কৰিছো। আমাৰ যুক্তিসংগত দৃষ্টিভংগীৰ কাৰণেই খেতিয়কসকলে মহামাৰীৰ সময়তো উভৈনদীকৈ ফচলৰ উত্পাদন কৰিছে। আমি মহামাৰীৰ সময়তো বিভিন্ন আন্তঃগাঁথনিমূলক প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰিছো, কিয়নো আমি ভাবো যে এইসমূহ পৰিযোজনাই এনে প্ৰত্যাহ্বানপূৰ্ণ সময়ত কৰ্মসংস্থাপন সুনিশ্চিত কৰিব পাৰিব। এই মহামাৰীৰ সময়ত, আমাৰ যুৱ-প্ৰজন্মই খেলা-ধূলাত বিশেষ সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু দেশক গৌৰৱান্বিত কৰিছে। ভাৰতীয় যুৱ-প্ৰজন্মই নিজৰ ষ্টাৰ্টআপসমূহৰ লগতে ভাৰতক ষ্টাৰ্টআপৰ ক্ষেত্ৰত পৃথিৱীৰ শীৰ্ষত থকা তিনিখন দেশৰ এখন হিচাপে পৰিগণিত কৰায়”।
প্ৰধানমন্ত্ৰীয়ে কয় যে “এই মহামাৰীৰ সময়ত লাগিলে সেয়া ‘চিঅ’পি-২৬’য়েই হওক, কিম্বা ‘জি-২০’ৰে জড়িত প্ৰসংগই হওক, অথবা ১৫০খনৰো অধিক দেশলৈ ঔষধৰ ৰপ্টানীৰ প্ৰসংগই হওক, ভাৰতে নেতৃত্বৰ ভূমিকা পালন কৰিছে আৰু সমগ্ৰ পৃথিৱীয়েই এই লৈ চৰ্চা অব্যাহত ৰাখিছে”। প্ৰধানমন্ত্ৰীয়ে এই কথাত জোৰ দিয়ে যে “আমি মহামাৰীৰ সময়ছোৱাত এমএছএমই-ৰ ক্ষেত্ৰত আৰু কৃষি ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰিছিলো”।
প্ৰধানমন্ত্ৰীয়ে কৰ্ম-সংস্থাপন সংক্ৰান্তীয় তথ্য উপস্থাপন কৰি কয় যে “২০২১চনৰ ‘ইপিএফঅ’ পে’-ৰোলৰ তথ্যাৱলীৰ পৰা উমান পোৱা যায় যে প্ৰায় ১কোটি ২০লাখ নতুন ব্যক্তিয়ে ‘ইপিএফঅ’ প’ৰ্টেলত নিজৰ নাম অন্তৰ্ভুক্ত কৰিছে। এয়া সকলো আনুষ্ঠানিক চকৰি আৰু ইয়াৰে ৬০ৰ পৰা ৬৫ লাখ ব্যক্তিৰ বয় ১৮ৰ পৰা ২৫বছৰৰ ভিতৰত, অৰ্থাত্ এয়া তেওঁলোকৰ প্ৰথম চাকৰি”। মুদ্ৰাস্ফীতি সন্দৰ্ভত বক্তব্য প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে “আমি মুদ্ৰস্ফীতি কম কৰাৰ বাবে সম্পূৰ্ণ প্ৰয়াস কৰিছো আৰু আমি যদি ইয়াৰ তুলনা অন্য দেশৰে কৰিবলৈ যাও তেন্তে ক’ব পাৰো যে আজিৰ তাৰিখত ভাৰত একমাত্ৰ বৃহত্ অৰ্থব্যৱস্থা য’ত মধ্যমীয়া মুদ্ৰস্ফীতিৰ লগতে উচ্চ বৃদ্ধিৰ হাৰ অব্যাহত আছে”।
প্ৰধানমন্ত্ৰীয়ে কয় যে “আমি জনতাৰ বাবে কাম কৰিব লাগিব, আমি লাগিলে যি পক্ষতে নাথাকো কিয়! এই মানসিকতা শুদ্ধ নহয় যে বিপক্ষত থকাৰ অৰ্থ এয়া নহয় যে মানুহৰ সমস্যাসমূহৰ সমাধানৰ বাবে কাম কৰিব নালাগিব। যেতিয়া কিছু সংখ্যক মাননীয় সদস্যই ভাৰতৰ টীকাকৰণ অভিযানক বহুত ডাঙৰ কথা নহয় বুলি অভিমত প্ৰকাশ কৰে তেতিয়া তেওঁ আশ্চৰ্যচকিত হয়” বুলি প্ৰধানমন্ত্ৰীয়ে আক্ষেপ প্ৰকাশ কৰে। মহামাৰীৰ আৰম্ভণিৰ পৰাই চৰকাৰে দেশ আৰু পৃথিৱীৰ অন্য প্ৰান্তৰত উপলব্ধ সংসাধনসমূহ গোটোৱাৰ বাবে আহোপুৰুষাৰ্থ কৰি আহিছে। তেওঁ সকলোকে আশ্বাস দিয়ে যে ঠযেতিয়ালৈকে মহামাৰী থাকিব, তেতিয়ালৈকে আমি দুখীয়া জনগণৰ সুৰক্ষা প্ৰদান কৰি যাম”।
প্ৰধানমন্ত্ৰীয়ে কয় যে “ক’ভিড-ৰ বিপৰীতে চলা যুদ্ধ এক শক্তিশালী আৰু সৌহাৰ্দ্যপূৰ্ণ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰে জড়িত। এই ক্ষেত্ৰত সন্মানীয় মুখ্যমন্ত্ৰীসকলৰ সৈতে ২৩খন বৈঠক অনুষ্ঠিত হৈছে”। প্ৰধানমন্ত্ৰীয়ে ক’ভিড-১৯ৰ প্ৰসংগত আহূত সৰ্বদলীয় সভাত ভাগ লোৱাৰ ক্ষেত্ৰত বিৰোধী দলসমূহে আগবাঢ়ি আহিব নোখোজাৰ কথাত দুখ প্ৰকাশ কৰে।
প্ৰধানমন্ত্ৰীয়ে কয় “আজি ‘আয়ুষ্মান ভাৰত যোজনা’ৰ অধীনত ৮০হাজাৰৰো অধিক স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰই কাম কৰি আছে। এইসমূহ কেন্দ্ৰই গাঁও আৰু ঘৰৰ কাষত সম্পূৰ্ণ বিনামূলীয়াকৈ ৰোগ-পৰীক্ষাৰ লগতে উন্নত প্ৰাথমিক স্বাস্থ্য সুবিধা উপলব্ধ কৰাই আহিছে”।
গণতন্ত্ৰ প্ৰসংগত মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে “আমি গণতন্ত্ৰৰ বিষয়ে সেইসকল লোকৰ পৰা কেতিয়াও নিশিকো যিসকলে ১৯৭৫ চনত গণতন্ত্ৰক টেটু চেপা দিছিল। আমাৰ গণতন্ত্ৰৰ বাবে সকলোতকৈ বিপজ্জনক কথাটো হৈছে বংশবাদী দল। যেতিয়া কিছুমান পৰিয়ালে কোনো ৰাজনৈতিক দলক সমূলি চানি ধৰে তেতিয়া ৰাজনৈতিক প্ৰতিভাসমূহৰ বহুত লোকচান হয়”।
প্ৰধানমন্ত্ৰীয়ে কয়, “কিছুসংখ্যক সদস্যই সুধিছে- যদি কংগ্ৰেছ নাথাকিলহেতেন, তেতিয়া কি হ’লহেতেন? প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে কয় যে “যদি কংগ্ৰেছ নাথাকিলহেতেন তেতিয়া জৰুৰীকালীন অৱস্থা ঘোষিত নহ’লহেতেন, জাতিৰ ৰাজনীতি নহ’লহেতেন, শিখসকলৰ বিৰুদ্ধে নৰসংহাৰ নহ’লহেতেন, কাশ্মীৰী পণ্ডিতসকলৰ সমস্যাৰ উদ্ভৱ নহ’লহেতেন”।
প্ৰধানমন্ত্ৰীয়ে এই কথাও দোহাৰে যে “আমি ৰাষ্ট্ৰীয় প্ৰগতি আৰু আঞ্চলিক আকাংক্ষাসমূহৰ মাজত কোনো সংঘাতৰ অৱকাশ নেদেখো। আমাৰ দৃষ্টিত ৰাষ্ট্ৰীয় প্ৰগতি আৰু আঞ্চলিক আকাংক্ষাসমূহৰ মাজত কোনো সংঘাত নাই”। তেওঁ কয়, “যেতিয়াই আমাৰ ৰাজ্যসমূহে প্ৰগতি কৰে, তেতিয়াই দেশৰ উন্নতি হয়”।
“ভেদভাৱৰ পৰম্পৰা অন্ত পেলেৱা”ৰ আহ্বান জনাই ভাষণৰ সামৰণি মৰা প্ৰধানমন্ত্ৰীয়ে কয় যে “এই মানসিকতাৰেই আমি আগবাঢ়ি যোৱাটো সময় আহ্বান। এক সোণালী যাত্ৰা আৰু সম্পূৰ্ণ পৃথিৱীয়েই এক আশাৰে ভাৰতৰ ফালে চাবলৈ ধৰিছে আৰু আমি সেই সুযোগ অথলে যাবলৈ দিয়া উচিত নহ’ব”।
***
DS/AKJ/LP/KB
(Release ID: 1797120)
Visitor Counter : 153
Read this release in:
Malayalam
,
English
,
Urdu
,
Hindi
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada