বিত্ত মন্ত্ৰালয়
                
                
                
                
                
                    
                    
                        কেন্দ্ৰীয় বাজেটত চহৰাঞ্চলৰ বিকাশৰ পৰিশোধনৰে আমূল পৰিৱৰ্তন সাধন কৰিব পৰাকৈ এখন উচ্চ পৰ্যায়ৰ সমিতি গঠনৰ প্ৰস্তাৱ
                    
                    
                        
                    
                
                
                    Posted On:
                01 FEB 2022 1:17PM by PIB Guwahati
                
                
                
                
                
                
                ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাজেটত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে চহৰাঞ্চলৰ বিকাশৰ পৰিশোধনৰে আমূল পৰিৱৰ্তন সাধন কৰিব পৰাকৈ এখন উচ্চ পৰ্যায়ৰ সমিতি গঠনৰ প্ৰস্তাৱ উথ্থাপন কৰে। চহৰাঞ্চলৰ বাবে প্ৰয়োজনীয় নীতি, সামৰ্থ্য বৰ্দ্ধন, পৰিকল্পনা, ৰূপায়ণ তথা শাসন সম্পৰ্কীয় পৰামৰ্শ প্ৰদানৰে আমূল পৰিৱৰ্তন সাধন কৰিবৰ বাবে এই সমিতিত প্ৰসিদ্ধ চহৰাঞ্চল-পৰিকল্পক, অৰ্থনীতিবিদ আৰু প্ৰতিষ্ঠানসমূহক অন্তৰ্ভুক্ত কৰা হ’ব।
শ্ৰীমতী সীতাৰমণে কয় যে স্বাধীনতাৰ ১০০বছৰ হ’বলৈ ওলোৱাৰ সময়ত, আমাৰ জনসংখ্যাৰ প্ৰায় আধাখিনি মানুহে চহৰত বাস কৰিবলৈ লোৱাৰ পৰিপ্ৰেক্ষিতত যথাৰীতি চলি থকা কাম-কাজৰে চহৰাঞ্চলৰ পৰিকল্পনা অব্যাহত ৰাখিব নোৱাৰি। ইয়াৰ বাবে প্ৰস্তুত হ’বলৈ হ’লে, চহৰাঞ্চলৰ উন্নয়ণক এক পৰিকল্পিত ৰূপত আগবঢ়াই নিবই লাগিব, তেহে জনসাংখ্যিক উত্তৰণৰ বাবে জীৱিকা নিৰ্বাহৰ সুযোগসমূহৰ লগতে দেশৰ অৰ্থনৈতিক সম্ভাৱনীয়তাসমূহক বাস্তৱায়িত কৰিব পৰা যাব। ইয়াৰ বাবে, এহাতে আমি মহানগৰীসমূহ আৰু ইয়াৰ অভ্যন্তৰৰ এলেকাসমূহক অৰ্থনৈতিক উত্তৰণৰ প্ৰাণকেন্দ্ৰ কৰিব পৰাকৈ প্ৰতিপালন কৰিব লাগিব। আনহাতে, ভৱিষ্যতৰ সামৰ্থ্য হ’ব পৰাকৈ দ্বিতীয় আৰু তৃতীয় শ্ৰেণীভুক্ত নগৰীসমূহত সা-সুবিধা বৃদ্ধিত আমি গুৰুত্ব দিব লাগিব।
বিত্ত মন্ত্ৰীয়ে কয় যে ভাৰতৰ মহানগৰীসমূহক মহিলা-যুৱকে ধৰি সকলোৰে বাবে সুযোগৰ পয়োভৰ লৈ বহণক্ষম বসতিস্থল হিচাপে গঢ়ি তোলাৰ কল্পনা সাকাৰ কৰাৰ প্ৰয়োজন আছে।    
                                      
***
RM/KMN/KB
                
                
                
                
                
                (Release ID: 1794633)
                Visitor Counter : 298
                
                
                
                    
                
                
                    
                
                Read this release in: 
                
                        
                        
                            English 
                    
                        ,
                    
                        
                        
                            Urdu 
                    
                        ,
                    
                        
                        
                            Marathi 
                    
                        ,
                    
                        
                        
                            हिन्दी 
                    
                        ,
                    
                        
                        
                            Bengali 
                    
                        ,
                    
                        
                        
                            Manipuri 
                    
                        ,
                    
                        
                        
                            Punjabi 
                    
                        ,
                    
                        
                        
                            Gujarati 
                    
                        ,
                    
                        
                        
                            Odia 
                    
                        ,
                    
                        
                        
                            Tamil 
                    
                        ,
                    
                        
                        
                            Telugu 
                    
                        ,
                    
                        
                        
                            Kannada 
                    
                        ,
                    
                        
                        
                            Malayalam