প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

নতুন দিল্লীৰ ‘কাৰিয়াপ্পা গ্ৰাউণ্ড’ত অনুষ্ঠিত এনচিচি-ৰ সমাৰোহত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

Posted On: 28 JAN 2022 3:22PM by PIB Guwahati

কাৰ্যক্ৰমত উপস্থিত থকা দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰীমান ৰাজনাথ সিং জী, এনচিচি-ৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল গুৰবীৰ পাল সিং জী, ইয়াত উপস্থিত থকা মহানুভৱসকল, বিষয়াবৰ্গ, গণতন্ত্ৰ দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰা কলাকাৰ, এনএছএছ আৰু এনচিচি-ৰ সতীৰ্থ বন্ধুসকল!

এই সময়ত দেশে স্বাধীনতাৰ অমৃত মহোত্সৱ উদযাপন কৰি আছে। আৰু যেতিয়া এখন যুৱ দেশে, এই ধৰণৰ কোনো ঐতিহাসিক উপলক্ষৰ সাক্ষী হোৱাৰ সুযোগ পায়, তেতিয়া সেই উপলক্ষত অনুষ্ঠিত হোৱা উত্সৱৰ ক্ষেত্ৰত এক ভিন্ন প্ৰকাৰৰ উত্সাহ দেখিবলৈ পোৱা যায়। এই উত্সসাহকে এতিয়া ‘কাৰিয়াপ্পা গ্ৰাউণ্ড’তো দেখিবলৈ পোৱা গৈছে। এই উত্সাহকে মই এতিয়া ‘কাৰিয়াপ্পা গ্ৰাউণ্ড’ত প্ৰত্যক্ষ কৰিছো। এয়া ভাৰতৰ সেই যুৱ-শক্তিৰ দৰ্শন, যিয়ে আমাৰ সংকল্পসমূহক পূৰ্ণতা প্ৰদান কৰিব, যিয়ে ২০৪৭ চনত যেতিয়া দেশে স্বাধীনতাৰ এশটা বছৰ পূৰ্ণ কৰিবগৈ, তেতিয়া ২০৪৭ চনৰ ভব্য ভাৰতৰ নিৰ্মাণ কৰিবগৈ।

মোৰ ভাল লাগে যে ময়ো এটা সময়ত আপোনালোকৰ দৰেই এনচিচি-ৰ কেডেট আছিলো। যি সৌভাগ্য আপোনালোকে লাভ কৰিছে ময়ো সেয়া লাভ কৰিছিলো। মই এনচিচি-ত যি প্ৰশিক্ষণ লাভ কৰিছিলো, আজি দেশৰ প্ৰতি নিজৰ দায়িত্ব নিৰ্বহণ কৰিবলৈ যাওতে মই সেই সংস্কাৰৰ পৰা, সেই প্ৰশিক্ষণৰ পৰা লাভ কৰা শিকনীৰ অসীম শক্তি লাভ কৰিছো বুলি অনুভৱ কৰো। অলপ সময়ৰ আগতে মাত্ৰ মই এনচিচি-ৰ ‘এলুমনি কাৰ্ডো’ লাভ কৰিছিলো। আজি দেশৰ প্ৰধানমন্ত্ৰীৰ লগতে সেই সম্পৰ্কৰেও মই আপোনালোকৰ সতীৰ্থ বন্ধু হও, আপোনালোকৰ সম্পৰ্কীয় হও। মই এনচিচি-ৰ সকলো পদাধিকাৰী, আৰু সকলো সতীৰ্থ কেডেটক এই সুযোগতে ‘চেল্যুট’ কৰিছো। আজি যিসকল কেডেট-য়ে পুৰস্কাৰ লাভ কৰিছে, তেওঁলোককো মই আন্তৰিক শুভকামনা জনাইছো। আজি মহান স্বাধীনতা সেনানী, পঞ্জাৱ কেশৰী লালা লাজপট ৰায় জীৰ জয়ন্তীও হয়। আজিয়েই ‘ফিল্ড মাৰ্ছাল’ কাৰিয়াপ্পাৰো জন্ম জয়ন্তী। ৰাষ্ট্ৰ নিৰ্মাণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেশৰ এই বীৰ সন্তানসকলক মই আদৰৰে প্ৰণিপাত জনাইছো।

বন্ধুসকল,

আজি যেতিয়া দেশে নতুন সংকল্প গ্ৰহণ কৰি আগবাঢ়িবলৈ ধৰিছে, সেই সময়ত এনচিচি-ক শক্তিশালী কৰাৰ বাবেও আমি প্ৰয়াস অব্যাহত ৰাখিছো। ইয়াৰ বাবে দেশত এখন উচ্চ পৰ্যায়ৰ পুনৰীক্ষণ সমিতি গঠন কৰা হৈছে। যোৱা দুটা বছৰত আমি দেশৰ সীমান্তবৰ্তি ক্ষেত্ৰত ১ লাখ নতুন কেডেট গঢ়ি তুলিছো। মোৰ ভাল লাগিছে যে এনচিচি কেডেট-ৰ প্ৰশিক্ষণত ‘ছিমুলেশ্যন’ৰ দৰে আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰো বাঢ়িবলৈ ধৰিছে। শিক্ষা পদ্ধতিক এনচিচি-ৰে জড়িত কৰাৰ বাবেও দেশে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। সম্পূৰ্ণ ৰূপে ‘ছেলফ ফাইনেন্সিং স্কীম’ৰ ৰূপত ১ লাখ কেডেট-ৰ বিস্তাৰ দেশৰ কলেজসমূহত কৰাৰ ব্যৱস্থা কৰা হৈছে। ১ লাখ কেডেট-ক লৈ এই প্ৰয়াস এতিয়া স্কুলসমূহতো আৰম্ভ কৰা হৈছে।

নতুন ‘ৰাষ্ট্ৰীয় শিক্ষা নীতি’ৰ আধাৰত দেশৰ ৯০খন বিশ্ববিদ্যালয়ে এনচিচি-ক ‘ইলেক্টিভ ছাবজেক্ট’ হিচাপেও আৰম্ভ কৰিছে। মই আজি ইয়াত বিশাল সংখ্যাৰে ছোৱালী কেডেট-কো দেখিবলৈ পাইছো। এয়া দেশত সলনি হোৱা মানসিকতাৰো প্ৰতীক। দেশক আজি আপোনালোকৰ বিশেষ যোগদানৰ প্ৰয়োজন হৈছে। দেশত এতিয়া আপোনালোকৰ বাবে অপাৰ সুযোগ সাজু হৈ আছে। এতিয়া দেশৰ ছোৱালীসকলে সৈনিক স্কুলসূহত নামভৰ্তি কৰি আছে। সেনাত মহিলাসকলেও বহুত গুৰুত্বপূৰ্ণ কাৰ্যভাৰ লাভ কৰিবলৈ লৈছে। সেনাবাহিনীত মহিলাকলে গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰিছে। ‘এয়াৰফৰ্চ’ত দেশৰ ছোৱালীহঁতে ‘ফাইটাৰ প্লেন’ উৰাবলৈ লৈছে। এনে পৰিস্থিতিত এনচিচি-তো যথা সম্ভৱ অধিক হাৰত ছোৱালীহঁতক জড়িত কৰাটো আমাৰ প্ৰয়াস হোৱা উচিত। যিখিনি ছোৱালীয়ে নিজে নিজেই এনচিচি-ত জড়িত হয়হি, তেওঁলোক ইয়াৰ বাবে এক প্ৰেৰণা হ’ব পাৰে।

বন্ধুসকল,

দেশৰ প্ৰসিদ্ধ কবি মাখনলাল চতুৰ্বেদীৰ কবিতা আৰু সেই কবিতাৰ পংক্তিত তেওঁ কৈছে-

ভূখণ্ড বছা, আকাশ ঔঢ়, নয়নোদক লে, মোদক প্ৰহাৰ,

ব্ৰহ্মাণ্ড হথেলী পৰ উচ্চল, আপনে জীৱন ধন কো নিহাৰ।

এই পংক্তিত, সামৰ্থ্যৰ পৰাকাষ্ঠাৰ বৰ্ণনা কৰা হৈছে। শক্তি এনেকুৱা হওক যে ভূখণ্ডক সামৰিব পৰা যায়, আকাশক আৱৰিব পাৰি, ব্ৰহ্মাণ্ডক দুহাতৰে উচালিব পৰা যায়। সামৰ্থ্য এনে হওক যে কঠিন পৰিস্থিতিকো হাঁহি হাঁহি, সাহসেৰে মোকাবিলা কৰিব পাৰি। আজি আই ভাৰতীয়ে ভাৰতৰ যুৱ-প্ৰজন্মৰ প্ৰতি এই আহ্বানকে জনাইছে।

ভূখণ্ড বছা, আকাশ ঔঢ়, নয়নোদক লে, মোদক প্ৰহাৰ,

ব্ৰহ্মাণ্ড হথেলী পৰ উচ্চল, আপনে জীৱন ধন কো নিহাৰ।

অনাগত ২৫টা বছৰ অমৃতকাল, দেশভক্তিৰ জোৱাৰৰ বছৰ। আৰু আজি প্ৰত্যাহ্বান এই কথাৰ নহয় যে পৃথিৱীত এই কথা কোনোবাই স্বীকাৰ কৰিবনে নাই। আজি গুৰুত্বপূৰ্ণ হৈ উঠিছে এইটো কথাহে যি সময়ত পৃথিৱীয়ে ইমান ভৰসাৰে ভাৰতলৈ চাই ৰৈছে, ইমান প্ৰত্যাশাৰে চাই ৰৈছে, তেতিয়াতো ভাৰতে নিজৰ প্ৰয়াসত কোনো পৰিস্থিতিতে দুৰ্বল হ’ব নোৱাৰিব।

আজি স্বাধীনতাৰ ‘অমৃত মহোত্সৱ’ত ভাৰতে যি সংকল্প গ্ৰহণ কৰিছে, যিসমূহ অভিযানৰ শুভাৰম্ভ কৰিছে, সেইসমূহে নতুন নতুন উদ্দীপনা পাই থাকক, এইক্ষেত্ৰত বহুত ডাঙৰ দায়িত্ব দেশৰ কোটি কোটি ন-জোৱানৰ কান্ধত অৰ্পিত হৈছে। আজি এই মুহূৰ্তত যিমানবোৰ যুৱক-যুৱতী এনচিচি-ত আছে, এনএছএছ-ত আছে ইয়াৰ সৰহ সংখ্যকেই এইটো শতিকাত জন্ম হোৱা। আপোনালোকেই ভাৰতক ২০৪৭ চন পৰ্যন্ত মান-সন্মান-সম্ভ্ৰম সহকাৰে আগুৱাই লৈ যাব লাগিব। সেয়ে আপোনালোকৰ প্ৰচেষ্টা, আপোনালোকৰ সংকল্প, সেইসমূহ সংকল্পৰ সিদ্ধি, ভাৰতৰ সিদ্ধি হ’বগৈ, ভাৰতৰ সাফল্য হ’বগৈ। ৰাষ্ট্ৰভক্তিতকৈ উচ্চ আৰু কোনো ভক্তি নাই, ৰাষ্ট্ৰ হিততকৈ মহান আৰু কোনো হিত নাই। দেশক সৰ্বোপৰি বুলি স্বীকাৰ কৰি, আপোনালোকে যিয়েই কৰিব, সেয়াই দেশৰ বিকাশত সহযোগিতা আগবঢ়াব। আজি আমাৰ যুৱ-প্ৰজন্মই ভাৰতক ষ্টাৰ্টআপৰ পৃথিৱীখনৰ শীৰ্ষৰ তিনিটা স্থানত উপনীত কৰাইছেগৈ। ক’ৰোনাৰ এই সংকটকালত যিমান সংখ্যক ‘ইউনিকৰ্ণ’য়ে স্বীকৃতি লাভ কৰিছে, সেয়াই ভাৰতৰ যুৱ-প্ৰজন্মৰ সামৰ্থ্যকে প্ৰতীয়মান কৰিছে। আপোনালোকে ভাবিব পাৰেনে যে ৫০টাৰো অধিক ‘ইউনিকৰ্ণ’ ক’ৰোনাৰ কালতে থন ধৰি উঠিছে। আৰু আপোনালোকেতো জানেই, একো একোটা ইউনিকৰ্ণৰ পুঁজি চাৰে সাত হাজাৰ কোটিৰো অধিক হয়। এই ক্ষমতা, এই সামৰ্থ্যই ডাঙৰ বিশ্বাসৰ সৃষ্টি কৰে। আৰু জানেনে, এইক্ষেত্ৰত ডাঙৰ কথাটো কি? এই ষ্টাৰ্ট আপসমূহ দেশৰ কোনোবা নহয় কোনোবা আৱশ্যকীয়তা পূৰণ কৰাৰ বাবে স্থাপিত হৈছে। কোনোবাই যদি কৃষিক্ষেত্ৰত নতুনকৈ কিবা কৰিছে, কোনোবাই আকৌ যোগান-শৃংখল উন্নত কৰাৰ ক্ষেত্ৰত নতুনৰ সংযোজন ঘটাইছে। কোনোবাই হয়তো শিক্ষাৰ জগতখনলৈ পৰিৱৰ্তনৰ সূচনা কৰাৰ প্ৰয়াস কৰিছে। ইয়াত দেশৰ বাবে কিবা নহয় কিবা কৰাৰ আগ্ৰহ, কিবা সম্পন্ন কৰাৰ আগ্ৰহ পৰিলক্ষিত হয়।

বন্ধুসকল,

যিখন দেশৰ যুৱ-প্ৰজন্মই ‘ৰাষ্ট্ৰ প্ৰথম’ ভাৱনাৰে আগবাঢ়িবলৈ ধৰে, তেওঁলোকক পৃথিৱীৰ কোনো শক্তিয়ে বাধা দি ৰাখিব নোৱাৰে। আজি খেলৰ পৃথিৱীখনত ভাৰতে যি সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে সেয়াও ইয়াৰে এক ডাঙৰ উদাহৰণ। খেলুৱৈসকলৰ প্ৰতিভা, খেলুৱৈসকলৰ সংকল্প, এই সকলো কথাৰ নিজা গুৰুত্বতো আছেই, খেলুৱৈসকলৰ পৰিশ্ৰমৰো বহুত গুৰুত্ব আছে, পিচে এতিয়া তেওঁলোকৰ হৰা-জিকাৰ সৈতে ১৩০কোটি দেশবাসী জড়িত হৈ পৰে। ভাৰতৰ যুৱ-প্ৰজন্মই যি প্ৰতিযোগিতাতেই অংশগ্ৰহণ নকৰক কিয়, দেশ তেওঁৰ সৈতে সংপৃক্ত হৈ পৰে। খেলুৱৈসকলৰ মনতো এই ভাৱনাই প্ৰবল হৈ উঠে যে মই পুৰস্কাৰৰ বাবে নহয় বৰঞ্চ নিজৰ দেশৰ বাবেহে খেলিছো। এই ভাৱনৰেই প্ৰতিটো ক্ষেত্ৰত ভাৰতৰ যুৱ-প্ৰজন্ম, দেশৰ আগন্তক প্ৰজন্ম আগবাঢ়িব লাগিব।

বন্ধুসকল,

ক’ৰোনাৰ এই সময়ত সমগ্ৰ পৃথিৱীকে আমি ভাৰতীয়সকলে অনুশাসন, আমি ভাৰতীয়ই সামাজিক শক্তিৰ পৰিচয় দিছিলো। জনতা সান্ধ্য আইনৰ সময়ত যেতিয়া সমগ্ৰ দেশেই ক’ৰোনাৰে যুঁজাৰ বাবে একত্ৰিত হৈছিল, তাকে দেখি সমগ্ৰ বিশ্ব আশ্চৰ্যচকিত হৈ উঠিছিল। কিছুমান মানুহে আমাৰ সমাজক হেয় জ্ঞান কৰিব খোজে, পিচে এই সমাজেই দেখুৱাই দিলে যে যেতিয়া প্ৰসংগ দেশৰ হয়, তেতিয়া তাতোতকৈ আগত আৰু একো হ’ব নোৱাৰে। যেতিয়া শুদ্ধ দিক-দৰ্শন লাভ কৰা যায়, শুদ্ধ নিদৰ্শন লাভ কৰা যায়, তেনে পৰিস্থিতিত আমাৰ দেশে কিমানযে কৰি দেখুৱাব পাৰে, এয়া তাৰেই এক উদাহৰণ।

আপোনালোক এনচিচি আৰু এনএছএছ-ৰ যুৱক-যুৱতীবৃন্দইয়ো ক’ৰোনাৰ এই সংকতত নিজৰ সেৱা ভাৱৰে সকলোৰে হৃদয় জয়  কৰিবলৈ সক্ষম হৈছিল। এতিয়া আপোনালোকৰ এয়াই দায়িত্ব যে আপোনালোকে এনচিচি-ত যিখিনি শিকিছে, সেয়া ‘ইউনিফৰ্ম’ পিন্ধাৰ সময়তে কেৱল কৰিব লাগিব এনে নহয়, বৰং সেয়া আপোনালোকৰ সমগ্ৰ জীৱনতে প্ৰযোজ্য হ’ব পৰাকৈ অব্যাহত ৰাখিব লাগিব। আপোনালোকে এয়াও ভাবিব লাগিব যে এগৰাকী কেডেটৰ ৰূপত যিখিনি শিকিলে, সেয়া সমাজৰ উপকাৰৰ বাবে কেনেকৈ প্ৰয়োগ কৰা হয়, ইয়াৰ দ্বাৰা সমাজ কেনেকৈ উপকৃত হ’ব পাৰে। ধৰক আপোনালোক যদি কোনোবা গাঁৱত থাকে, তেন্তে সেইখন গাঁৱৰ কোনোবা শিক্ষাৰ্থীয়ে যদি আধাতে বিদ্যালয় এৰিবলগীয়া হৈছে, তেন্তে তেওঁনো দৰাচলতে কিয় এই কাম কৰিবলগীয়া হ’ল, তেওঁৰ সমস্যাটোনো কি আদি কথাৰ ওৰ উলিয়াই শিক্ষাৰ্থীগৰাকীক পুনৰ বিদ্যালয়লৈ পঠোৱাৰ ব্যৱস্থা কৰাৰ দৰে কামবোৰ কৰিব লাগিব। তেতিয়াহে এনচিচি-ত শিকিৱা ভাৱনাক আপোনালোকে আগবঢ়াই নিব পাৰিব।

আপোনালোকে ‘স্বচ্ছতা অভিযান’ক আগবঢ়াই নিয়াৰ বাবেও নিজৰ গাঁও, চুবুৰী, চহৰ-পাৰাত বেলেগ বেলেগ ‘টীম’ গঠন কৰিব পাৰে। কাৰণ আপোনালোকে ইয়াত নেতৃত্ব প্ৰদানৰ শিক্ষা আহৰণ কৰিছে, এতিয়া সমাজত তাৰ সদ্ব্যৱহাৰ কৰিব লাগিব। যিধৰণে আপোনালোকে সামুদ্ৰিক উপকূলৰ পৰিষ্কৰণৰ বাবে ‘পুনীত সাগৰ অভিযান’ চলাইছিল, ইয়াৰ বাবে বহুত প্ৰশংসিত হৈছিল, সেয়া এনচিচি-ৰ কাৰ্যকালৰ পিচতো অব্যাহত ৰখা উচিত। আজি কালি দেশত ‘কেট্ছ দা ৰেইন’ শীৰ্ষক এক জন আন্দোলন চলি আছে। বৰষুণৰ পানী আমি কেনেকৈ সংৰক্ষিত কৰিব পাৰিম, আমাৰ খাল-বিলসমূহৰ দৰে জলাশয়সমূহ কেনেকৈ পৰিষ্কাৰকৈ ৰাখিম এইবোৰ প্ৰসংগতো আপোনালোকে জনসাধাৰণক জাগৃত কৰিব পাৰে।

বন্ধুসকল,

স্বাধীনতা সংগ্ৰামত মহাত্মা গান্ধীয়ে দেশৰ সৰ্ব-সাধৰণ জনতাক এনে প্ৰবৃত্তিৰে সংযোজিত কৰিছিল, যাৰ ফলত ৰাইজৰ জীৱন-জীৱিকাও চলিছিল, লগতে দেশভক্তিৰ আন্দোলনেও গতি লাভ কৰিব পাৰিছিল। কোনোবাই যদি সুতা কাটিছিল, কোনোবাই আকৌ শিক্ষা প্ৰদানত ব্ৰতী হৈ আছিল, কোনোবাই গো-পালনৰে জড়িত হৈ কাম কৰি গৈছিল, কোনোবাই স্বচ্ছতাৰ কামত নিজকে জড়িত কৰিছিল। এই সকলো বিষয়কে গান্ধীজীয়ে স্বাধীনতা আন্দোলনৰে জড়িত কৰিছিল। এইদৰেই স্বাধীনতাৰ অমৃতকালত, আজিৰ পৰা আগন্তুক ২৫টা বছৰত আমি সকলোৱে, আপোনালোকে নিজৰ প্ৰবৃত্তিসমূহক, নিজৰ কাৰ্যসমূহক দেশৰ বিকাশৰ সৈতে, দেশৰ আশা-আকাংক্ষাৰ সৈতে সংযোজিত কৰিব লাগিব। আজি দেশে ‘আত্মনিৰ্ভৰ ভাৰত’ৰ সংকল্প গ্ৰহণ কৰি আগবাঢ়িব খুজিছে। আপোনালোক সকলো যুৱক-যুৱতীয়ে ‘ভোকেল ফৰ লোকেল’-ৰ অভিযানত বহুত ডাঙৰ ভূমিকা পালন কৰিব পাৰে।

যদি ভাৰতৰ যুৱ-প্ৰজন্মই দৃঢ় সংকল্প গ্ৰহণ কৰে যে যিবোৰ বস্তুৰ উত্পাদনত কোনো ভাৰতীয়ৰ পৰিশ্ৰম বিজড়িত হৈ আছে, কোনো ভাৰতীয়ৰ ঘাম ব’বলগীয়া হৈছে, আমি তেনে সামগ্ৰীৰহে ব্যৱহাৰ কৰিম, তেন্তে ভাৰতৰ ভাগ্য দ্ৰুত গতিৰে ত্বৰান্বিত হ’ব পাৰে। ‘ভোকেল ফৰ লোকেলৰ মন্ত্ৰ পোনপতীয়া ভাবে দেশৰ যুৱ-প্ৰজন্মৰে সম্পৰ্কীত হৈ আহিছে। যেতিয়া মানুহে স্থানীয় উত্পাদিত সা-সামগ্ৰীহে কিনিবলৈ ল’ব, তেতিয়া স্থানীয় উত্পাদনৰ পৰিমাণতো বাঢ়িবই, সেইসমূহ সামগ্ৰীৰ মানো উন্নত হ’বলৈ ধৰিব। যেতিয়া থলুৱা সামগ্ৰীৰ উত্পাদন বাঢ়িব, তেতিয়া ইয়াৰ সুবাদতে স্থানীয় পৰ্যায়তে কৰ্ম সংস্থাপনৰ ন ন সম্ভাৱনাৰ সৃষ্টি হ’ব।

বন্ধুসকল,

এই সময় প্ৰযুক্তি আৰু উদ্ভাৱনশীলতাৰ সময়। এই সময় ডিজিটেল ক্ৰান্তিৰ সময়। এইটো যুগৰ যদি কোনোবা নায়ক হয়, তেন্তে সেয়া হৈছে আপোনালোক মোৰ যুৱ-বন্ধুসকল। সেয়ে পৰিৱৰ্তনৰ এই যাত্ৰাত কেডেট হিচাপে আপোনালোকৰ কান্ধত বহুতো দায়িত্ব অৰ্পিত হৈছে। আপোনালোকে এই আন্দোলনত ভাৰতক নেতৃত্ববহনকাৰী হিচাপে গঢ়ি তোলাৰ বাবে দেশত নিজৰ নেতৃত্ব দিব লাগিব আৰু লগতে ইয়াৰ প্ৰত্যাহ্বানসমূহৰ সন্মুখীনো হ’ব লাগিব। আজি এফালে যদি ডিজিটেল প্ৰযুক্তি আৰু তথ্যৰে বিজড়িত ক্ষেত্ৰৰ সুন্দৰ সম্ভাৱনা আছে, তেন্তে আনফালে আকৌ ভুৱা তথ্যই সৃষ্টি কৰিব পৰা সংকটৰ দুৰ্ভাৱনাও আছে। আমাৰ দেশৰ সাধাৰণ জনতা যাতে কোনো অপপ্ৰচাৰৰ বলি হ’ব লগা নহয় এই কথা নিশ্চিত কৰাটোও নিতান্তই আৱশ্যক। এনচিচি কেডেটসকলে এই ক্ষেত্ৰত এক সজাগতা অভিযান চলাব পাৰে। আৰু এটা প্ৰত্যাহ্বান আজিৰ যুৱ সমাজৰ সন্মুখত আছে, সেয়া হৈছে ‘ভাৰ্চুৱেল’ আৰু ‘ৰীয়েল লাইফ’ত বিঘ্নিত হোৱা সামঞ্জস্য! এনচিচি-য়ে নিজৰ কেডেটসকলৰ বাবে এই সামঞ্জস্যৰ প্ৰশিক্ষণ পদ্ধতি তৈয়াৰ কৰিব পাৰে, যি আন মানুহৰ বাবেও সহায়কাৰী হয়গৈ।

বন্ধুসকল,

আৰু এটা প্ৰসংগ মই আপোনালোকৰ আগত উথ্থাপন কৰিব বিচাৰিছো। প্ৰসংগটো হৈছে ড্ৰাগছৰ, নিছাসক্তিৰ। নিছাসক্তিয়ে আমাৰ যুৱ-প্ৰজন্মৰ কিমান সৰ্বনাশ কৰিছে, সেই কথা আপোনালোকে ভালকৈয়ে জানে। যিসমূহ স্কুল-কলেজত এনচিচি আছে, এনএছএছ আছে তাতনো বাৰু ড্ৰাগছ পাবগৈ কেনেকৈ পাৰে? আপোনালোক কেডেট হিচাপে নিজে মুক্ত থকাৰ লগতে আপোনালোকৰ চৌহদসমূহকো ড্ৰাগছৰ পৰা মুক্ত ৰাখক। আপোনালোকৰ বন্ধুসকল, যিসকল এনচিচি-এনএছএছ-ত নাই, তেওঁলোককো এই বেয়া অভ্যাস পৰিত্যাগ কৰাৰ ক্ষেত্ৰত সহায় কৰক।

বন্ধুসকল,

দেশৰ এনেধৰণৰ সামূহিক প্ৰয়াসক নতুন উদ্দীপনা প্ৰদান কৰাৰ বাবে কিছু বছৰ আগতে এটা প’ৰ্টেলো আৰম্ভ কৰা হৈছিল। প’ৰ্টেলটো হৈছে Self4Society portal. এইটো প’ৰ্টেলত বেলেগ বেলেগ ব্যক্তি, বেলেগ বেলেগ প্ৰতিষ্ঠান, বেলেগ বেলেগ সংগঠন অহাৰ বাবে যি সমাজ সেৱা সম্ভৱ হয় সেই কাৰ্যত ই সহযোগিতা আগবঢ়ায়। বিশেষকৈ ভাৰতৰ তথ্যপ্ৰযুক্তি আৰু প্ৰযুক্তি প্ৰতিষ্ঠানসমূহে এই ক্ষেত্ৰত বহুত ভাল কাম কৰিছে। আজিৰ তাৰিখত ইয়াৰে ৭ হাজাৰৰো অধিক সংগঠন আৰু সমাজ সেৱাত ব্ৰতী হৈ থকা ২.২৫ লাখৰো অধিক লোক জড়িত হৈছে। এনচিচি-এনএছএছ-ৰ লাখ লাখ যুৱক-যুৱতীও এই প’ৰ্টেলৰে জড়িত হোৱা উচিত।

ভাই-ভনীসকল,

আমি এহাতে এনচিচি কেডেটৰ সংখ্যা বৃদ্ধি কৰিব লাগে, আনহাতে আকৌ কেডেট ‘স্পিৰিট’কো আগবঢ়াই নিব লাগে। এই ‘স্পিৰিট’ক প্ৰতিজন ব্যক্তিৰ কাষলৈ লৈ যাব লাগে, গাঁৱে গাঁৱে ইয়াক গুঞ্জৰিত কৰিব লাগে, এয়া আমাৰ প্ৰতিজনৰে দায়িত্ব। আৰু মই ভাবো, এই ক্ষেত্ৰত এনচিচি-ৰ প্ৰাক্তন সদস্যসকলে বহুত ডাঙৰ ভূমিকা পালন কৰিব লাগিব। ‘এনচিচি এলুমনি এছোচিয়েশ্যন’-য়ে এই কামত সেঁতু, এক নেটৱৰ্কৰ ভূমিকা পালন কৰিব। মই যিহেতু এই সংগঠনৰ সদস্য সেয়ে দেশ-বিদেশত থকা মোৰ সকলো ‘এলুমনি’ বন্ধুকো আহ্বান জনাইছো যাতে সকলোৱে এই ক্ষেত্ৰত সক্ৰিয় ভাবে অংশ গ্ৰহণ কৰে। কিয়নো ‘ওৱান্ছ এ কেডেট, অলৱেজ এ কেডেট’! আমি য’তেই নাথাকো কিয়, যি ক্ষেত্ৰতে নাথাকো কিয়, আমাৰ অনুভৱ দেশ আৰু নতুন প্ৰজন্মৰ বহুত কামত আহিব পাৰে। আমাৰ অনুভৱ এটা সংগঠনৰ ৰূপত এনচিচি-কো আগতকৈ উন্নত কৰাৰ মাধ্যম হৈ উঠিব পাৰে। ইয়াৰ পৰা এনচিচি-ৰ ‘স্পিৰিট’ আৰু কৰ্তব্যৰ ভাৱনা সমাজত বিস্তাৰিত হ’ব।

মোৰ সম্পূৰ্ণ ভৰসা আছে যে ‘স্বাধীনতাৰ অমৃত মহোত্সৱ’ত আমাৰ এই প্ৰয়াস নতুন ভাৰত নিৰ্মাণৰ উদ্দীপণা হ’ব, আৰু এনচিচি-ৰ কেডেট-য়ে ইয়াত বহুত ডাঙৰ ভূমিকা পালন কৰিব। এই বিশ্বাসৰে, আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ!

ভাৰত মাতা কী, জয়!

ভাৰত মাতা কী, জয়!

ভাৰত মাতা কী, জয়!

বন্দে মাতৰম্, বন্দে মাতৰম্!

 

***

DS/AJ/AK/NS/KB



(Release ID: 1793718) Visitor Counter : 112