প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

সমাজকৰ্মী তথা পদ্ম সন্মান বিজয়ী শান্তি দেৱী জীৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক

Posted On: 17 JAN 2022 5:59PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশিষ্ট সমাজকৰ্মী তথা পদ্ম সন্মান বিজয়ী শান্তি দেৱী জীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে৷

টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “শান্তি দেৱী জী দুখীয়া আৰু পিছপৰা লোকসকলৰ এক কণ্ঠ হিচাপে সদায় স্মৰণীয় হৈ থাকিব৷ তেওঁ জনসাধাৰণৰ দুঃখ-যন্ত্রণা দূৰ কৰি সুস্থ সমাজ গঢ়ি তোলাৰ লগতে ন্যায় বিচাৰ সুনিশ্চিত কৰিবলৈ নিঃস্বার্থভাৱে কাম কৰি গৈছে৷ তেওঁৰ বিয়োগত মই মর্মাহত হৈছো৷ মই তেওঁৰ পৰিয়াল আৰু অগণন গুনমুগ্ধৰ প্ৰতি সমবেদনা জনাইছো৷ ওঁ শান্তি।“

 

***

DS/AK/DB



(Release ID: 1790908) Visitor Counter : 147