প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

কলকাতাৰ দুৰ্গাপূজাক ‘ইউনেস্কো’ৱে ‘বিমূৰ্ত ঐতিহ্য’ৰ তালিকাত অন্তৰ্ভূক্ত কৰাত সন্তোষ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 15 DEC 2021 8:25PM by PIB Guwahati

কলকাতাৰ দুৰ্গাপূজাক ‘ইউনেস্কো’ৱে ‘বিমূৰ্ত ঐতিহ্য’ৰ তালিকাত অন্তৰ্ভূক্ত কৰাত সন্তুষ্টি প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

এই সন্দৰ্ভত ‘ইউনেস্কো’ৰ এক ‘টুইট’ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰধানমন্ত্ৰীয়ে কয়;

“প্ৰতিগৰাকী ভাৰতীয়ৰ বাবেই আনন্দ আৰু গৌৰৱৰ বিষয়!

দুৰ্গাপূজাই আমাৰ পৰম্পৰা আৰু আত্মিক বৈশিষ্ট্যৰ দিশসমূহকে বাংময় কৰি তোলে। আৰু, কলকাতাৰ দুৰ্গাপূজাৰ অভিজ্ঞতা সকলোৰে থকা উচিত”। https://t.co/DdRBcTGGs9

 

***

DS/SH/KB


(रिलीज़ आईडी: 1783409) आगंतुक पटल : 190
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Marathi , English , Urdu , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam