প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

পূর্বাঞ্চল এক্সপ্ৰেছৱে উদ্বোধন কৰিলে প্রধানমন্ত্রীয়ে


চুলতানপুৰ জিলাৰ এক্সপ্ৰেছৱেত প্রত্যক্ষ কৰে ৩.২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এয়াৰষ্ট্ৰীপৰ এয়াৰশ্ব’

“এই এক্সপ্ৰেছৱে উত্তৰপ্রদেশৰ সংকল্প সিদ্ধিৰ প্রতিফলনৰে প্রমাণ আৰু ই উত্তৰপ্রদেশৰ গৌৰৱ আৰু বিষ্ময়”

“আজি পূর্বাঞ্চলৰ দাবীসমূহে পশ্চিমৰ দাবীৰ দৰেই সমান গুৰুত্ব লাভ কৰিছে”
“এই দশকৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি সমৃদ্ধ উত্তৰপ্রদেশ নিৰ্মাণ কৰিবলৈ আন্তঃগাঁথনি নিৰ্মাণ কৰা হৈছে”

“ডাবল ইঞ্জিনৰ চৰকাৰ উত্তৰপ্ৰদেশৰ উন্নয়নৰ প্ৰতি সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধ”

Posted On: 16 NOV 2021 4:27PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে আজি পূর্বাঞ্চল এক্সপ্ৰেছৱে উদ্বোধন কৰে৷ তেওঁ চুলতানপুৰ জিলাৰ এক্সপ্ৰেছৱেত নির্মিত ৩.২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এয়াৰষ্ট্ৰীপৰ এয়াৰশ্ব’ও প্রত্যক্ষ কৰে৷

এই উপলক্ষে সমবেত ৰাইজক উদ্দেশ্যি আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে তিনি বছৰৰ পূৰ্বে পূর্বাঞ্চল এক্সপ্ৰেছৱেৰ আধাৰশিলা স্থাপনৰ সময়ত তেওঁ কল্পনাও কৰা নাছিল যে এদিন এই এক্সপ্ৰেছৱেত অৱতৰণ কৰিব পাৰিব। তেওঁ কয়, “এই এক্সপ্ৰেছৱেই দ্রুত গতিত এক উন্নত ভৱিষ্যতৰ দিশত লৈ যাব, এই এক্সপ্ৰেছৱেই উত্তৰ প্রদেশৰ উন্নয়নৰ দিক প্ৰদান কৰিব, এই এক্সপ্ৰেছৱেই এক নতুন উত্তৰপ্রদেশ গঢ়ি তুলিব, এই এক্সপ্ৰেছৱে হ’ল উত্তৰ প্রদেশৰ আধুনিক সুবিধাৰ প্রতিফলনৰে প্রমাণ। উত্তৰপ্রদেশৰ গৌৰৱ আৰু বিষ্ময়।"

দেশৰ সৰ্বাংগীন উন্নয়নৰ বাবে উন্নয়নত ভাৰসাম্য থকাটো দৰকাৰ বুলি কয় প্রধানমন্ত্রীয়ে। কেতবোৰ এলেকা উন্নয়নৰ পথত আগুৱাই গৈছে আৰ কেতবোৰ এলেকা কেইবা দশক ধৰি পিছপৰি আছে। তেওঁ কয় যে এই বৈষম্য কোনো দেশৰ বাবে ভাল নহয়। তেওঁ কয় যে ভাৰতৰ পূর্বাঞ্চল আৰু উত্তৰ-পূর্বাঞ্চলৰ ৰাজ্যসমূহত উন্নয়নৰ ইমান সম্ভাৱনা থকা সত্ত্বেও, দেশত যি উন্নয়ন হৈছে তাত অধিক সুবিধা  পোৱা নাই৷ প্ৰধানমন্ত্ৰীয়ে কয় যে পূৰ্বৰ চৰকাৰে যিদৰে দীর্ঘদিন ধৰি আছিল, তেওঁলোকে উত্তৰপ্রদেশৰ সৰ্বাংগীন উন্নয়নত দৃষ্টি দিয়া নাই। তেওঁ আনন্দ প্রকাশ কৰি কয় যে পূব উত্তৰ প্রদেশত আজি উন্নয়নৰ এক নতুন অধ্যায় ৰচনা হৈছে।

পূর্বাঞ্চল এক্সপ্ৰেছৱেৰ কাম দ্রুত গতিত সম্পূৰ্ণ হোৱাৰ বাবে প্রধানমন্ত্রীয়ে উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী শ্রী যোগী আদিত্যনাথ, তেওঁ দল আৰু উত্তৰপ্রদেশৰ জনগণক প্রশংসা কৰে৷ এই প্রকল্পৰ বাবে যিসকলৰ ভূমি অধিগ্রহণ কৰা হৈছে তেওঁলোককো ধন্যবাদ জনায় প্ৰধানমন্ত্ৰীয়ে৷ শ্রী মোদীয়ে এই প্রকল্পৰ সৈতে জড়িত শ্রমিক আৰু ইঞ্জিনিয়াৰসকলৰ প্রশংসা কৰে৷

সমৃদ্ধিৰ লগতে দেশৰ নিৰাপত্তাও সমান গুৰুত্বপূর্ণ বুলি কয় প্রধানমন্ত্রীয়ে। তেওঁ কয় যে পূর্বাঞ্চল এক্সপ্ৰেছৱে নির্মাণৰ সময় যুদ্ধবিমানৰ বাবে জৰুৰী অৱতৰণৰ ব্যৱস্থা কৰা হৈছে। তেওঁ কয় এই বিমানসমূহৰ গর্জন হ’ব তেওঁলোকৰ বাবে, যিসকলে কেইবা দশক ধৰি দেশৰ প্রতিৰক্ষা আন্তঃগাঁথনিক উপেক্ষা কৰিছিল৷

প্রধানমন্ত্রীয়ে দুখ প্রকাশ কৰে যে গংগা আৰু অন্যান্য নদীৰ আশীর্বাদধন্য ইমান বিশাল এলেকা থকা সত্ত্বেও ৭-৮ বছৰ আগলৈকে ইয়াত কোনো উন্নয়ন হোৱা নাছিল৷ শ্রী মোদীয়ে কয় যে ২০১৪চনত দেশে তেওঁক দেশ সেৱা কৰাৰ সুযোগ দিলে, তেওঁ উত্তৰ প্রদেশৰ উন্নয়নক অগ্রাধিকাৰ দিছে। তেওঁ দুখীয়ালোকসকলক পকী গৃহ, দৰিদ্র আৰু মহিলাসকলৰ বাবে শৌচালয় আৰু প্রত্যেকৰ ঘৰত বিদ্যুৎ আৰু অন্যান্য ধৰণৰ কর্মসংস্থাপনৰ বিষয়ে পৰিকল্পনা কৰে৷ বিগত চৰকাৰক সমালোচনা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তদানীন্তন ইউপিএ চৰকাৰে এই সুযোগ-সুবিধা প্রদানত তেওঁ সমর্থন নকৰাৰ বাবে তেওঁ গভীৰভাৱে ব্যথিত। তেওঁ কয় যে "উত্তৰ প্রদেশৰ জনগণে চৰকাৰৰ ওচতৰ উত্তৰ বিচাৰিছিল আৰু তাৰ জনগণৰ প্ৰতি অন্যায় আচৰণ, উন্নয়নত বৈষম্য আৰু তদানীন্তন চৰকাৰে যিদৰে তেওঁলোকৰ পৰিয়ালৰ স্বার্থ ৰক্ষা কৰিছিল তাৰ বাবে সেই চৰকাৰক অপসাৰণ কৰিছিল৷"

প্রধানমন্ত্রীয়ে জানিব বিচাৰে উত্তৰ প্রদেশত আগতে কিদৰে বিদ্যুৎ যোগান বিঘ্নিত হৈছিল, আইনশৃংখলা পৰিস্থিতি কি আছিল আৰু চিকিৎসাৰ সুবিধাৰ কি অৱস্থা আছিল, সেয়া কোনোবাই পাহৰিব পাৰিব নেকি৷ তেওঁ কয় যে বিগত চাৰে চাৰি বছৰত পূবেও হওক বা পশ্চিম, হাজাৰ হাজাৰ গাঁৱত নতুন ৰাস্তাৰে সংযুক্ত হৈছে আৰু হাজাৰ হাজাৰ কিলোমিটাৰ নতুন পথ নিৰ্মাণ হৈছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে জনগণৰ সক্রিয় অংশগ্রহণে ইয়াৰ উন্নয়নৰ সপোন এতিয়া পৰিস্ফুত হৈছে৷ নতুন মেডিকেল কলেজ নিৰ্মাণ হৈছে, এইমছ নিৰ্মাণ হৈছে, আধুনিক শিক্ষা প্রতিষ্ঠান নিৰ্মাণ হৈছে। মাত্র কেইটামান সপ্তাহৰ পূৰ্বে কুশীনগৰ আন্তর্জাতিক বিমানবন্দৰৰ উদ্বোধন হৈছে।

প্রধানমন্ত্রীয়ে কয় এইটো সত্য যে উত্তৰ প্রদেশৰ দৰে এক বিশাল ৰাজ্যৰ বিভিন্ন অংশ পূৰ্বে এটা অংশৰ সৈতে আন এটা অংশ বিচ্ছিন্ন ছিল। মানুহে ৰাজ্যৰ বিভিন্ন স্থানলৈ যায়, কিন্তু সংযোগৰ অভাৱত তেওঁলোক সমস্যাত পৰিছিল৷ পূব উত্তৰ প্রদেশৰ লোকসকলৰ বাবে লক্ষ্ণৌলৈ যোৱাটো অতি কঠিন আছিল। তেওঁ কয়, “পূৰ্বৰ মুখ্যমন্ত্রীসকলৰ বাবে য’ত তেওঁলোকৰ ঘৰ আছিল, তাতে উন্নয়ন সীমাবদ্ধ আছিল। কিন্তু আজি পূর্বাঞ্চলৰ দাবীসমূহে পশ্চিমৰ দাবীৰ দৰেই সমান গুৰুত্ব লাভ কৰিছে”৷ তেওঁ কয় যে এই এক্সপ্ৰেছৱেই চহৰসমূহক লক্ষ্ণৌৰ সৈতে সংযুক্ত কৰিব।

প্রধানমন্ত্রীয়ে উল্লেখ কৰে যে উত্তৰপ্রদেশৰ উদ্যোগ খণ্ডৰ বিকাশৰ বাবে ভাল যোগাযোগ ব্যৱস্থাৰ প্রয়োজন। তেওঁ কয় যে উত্তৰ প্রদেশত যিমান এক্সপ্ৰেছৱে নিৰ্মাণ হৈছে, উদ্যোগ কৰিড’ৰৰ কাম আৰম্ভ হৈছে। অতি শীঘ্ৰে পূর্বাঞ্চল এক্সপ্ৰেছৱেৰ চৌপাশে নতুন উদ্যোগ স্থাপন কৰা  আৰম্ভ কৰিব। অনাগত দিনত এই এক্সপ্ৰেছৱেৰ কাষত অৱস্থিত চহৰসমূহে খাদ্য প্রক্রিয়াকৰণ, গাখীৰ, শীতলীকৰণৰ গৃহ, ফল আৰু শাক-পাছলিৰ ভাণ্ডাৰ, শস্য, পশুপালন আৰু অন্যান্য কৃষিজাত সামগ্ৰীৰ সৈতে সম্পৰ্কীত সামগ্ৰীৰ কাম দ্রুত গতিত চলিছে। তেওঁ কয় যে ইয়াত উদ্যোগীকৰণৰ বাবে দক্ষ কর্মী অপৰিহার্য। সেয়েহে তেওঁলোকক প্রশিক্ষণ প্ৰদানৰ কামো আৰম্ভ হৈছে। এই চহৰসমূহত আইটিআই আৰু অন্যান্য প্রশিক্ষণ প্রতিষ্ঠান আৰু মেডিকেল প্রতিষ্ঠান নিৰ্মাণ হ’ব।

তেওঁ কয় যে উত্তৰপ্রদেশত নির্মিত প্রতিৰক্ষা কৰিড’ৰে ইয়াত নতুন কর্মসংস্থাপনৰ সুযোগ লৈ আহিব। শ্রী মোদীয়ে কয় যে এনে আন্তঃগাঁথনিৰ কাম চলিছে, যি ভৱিষ্যতৰ অর্থনীতিক নতুন উচ্চতাত উপনীত কৰাব৷

প্ৰধানমন্ত্ৰীয়ে কয় যে এজন মানুহে ঘৰ নির্মাণ কৰিলেও প্রথমে ৰাস্তাঘাটক লৈ চিন্তা কৰে, মাটি পৰীক্ষা কৰে আৰু অন্যান্য দিশ বিবেচনা কৰে। কিন্তু উত্তৰপ্রদেশত আমি দীর্ঘ সময় ধৰি এনে চৰকাৰ দেখিছো, যিসকলো যোগাযোগ ব্যৱস্থাক লৈ চিন্তা নকৰি উদ্যোগীকৰণ সপোন দেখিছিল। ফলত প্রয়োজনীয় সা-সুবিধা নথকাত ইয়াত অৱস্থিত বহু কাৰখানাত তলা ওলমিছে। এনে পৰিস্থিতিত এইটো দুর্ভাগ্যজনক যে দিল্লী আৰু লক্ষ্ণৌ উভয় স্থানত ৰাজবংশৰ আধিপত্য আছিল। কিন্ত বছৰৰ পাছত বছৰ ধৰি পৰিয়ালৰ সদস্যসকলৰ এই অংশীদাৰিত্বই উত্তৰপ্রদেশৰ আশা-আকাংক্ষাক চূর্ণ কৰি আহিছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে আজি ইয়াত ডাবল ইঞ্জিনৰ চৰকাৰে সাধাৰণ জনতা আৰু তেওঁলোকৰ পৰিয়ালৰ কথা ভাৱি কাম কৰিছে। নতুন কাৰখানা নিৰ্মাণৰ পৰিৱেশ গঢ়ি তুলিছে। তেওঁ কয় যে এই দশকৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি সমৃদ্ধ উত্তৰপ্রদেশ নিৰ্মাণ কৰিবলৈ আন্তঃগাঁথনি নিৰ্মাণ কৰা হৈছে।

ক’ৰোনা টিকা প্ৰদানৰ ক্ষেত্রত উত্তৰপ্রদেশ চৰকাৰৰ চমৎকাৰ কামৰ বাবে প্রধানমন্ত্রীয়ে তেওঁলোকৰ প্রশংসা কৰে৷ তেওঁ ভাৰতত প্ৰস্তুত কৰা টিকাৰ বিৰুদ্ধে কোনো ৰাজনৈতিক প্রচাৰ কৰিবলৈ নিদিয়াৰ বাবে ইয়াৰ জনগণৰ প্রশংসা কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে উত্তৰপ্রদেশৰ সৰ্বাংগীন উন্নয়নত দিনে-ৰাতিয়ে কাম কৰি আহিছে। যোগাযোগ ব্যৱস্থাপনাৰ সমান্তৰালভাৱে আন্তঃগাঁথনিকো সর্বোচ্চ অগ্রাধিকাৰ দিয়া হৈছে। তেওঁ কয় যে মাত্র দুবছৰত, উত্তৰপ্রদেশৰ চৰকাৰে প্রায় ৩০ লাখ গ্রামীণ পৰিয়ালক পাইপযুক্ত খোৱাপানীৰ সংযোগ প্রদান কৰিছে আৰু এই বছৰত ডাবল ইঞ্জিন চৰকাৰে লাখ লাখ ভগ্নীক তেওঁলোকৰ ঘৰে ঘৰে পাইপযুক্ত খোৱাপানী সৰবৰাহ কৰিবলৈ সম্পূর্ণ প্রতিশ্রুতি লৈছে৷ তেওঁ কয় যে সেৱাৰ মনোভাৱেৰে দেশ নিৰ্মাণত নিয়োজিত হৈ থকাটোৱে আমাৰ কর্তব্য, আমি তাকে কৰিম৷

 

****

DS/AK/DB



(Release ID: 1777602) Visitor Counter : 171