প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰথম ‘অ’ডিট দিৱস’ উদযাপন সমাৰোহ উপলক্ষে প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

Posted On: 16 NOV 2021 1:40PM by PIB Guwahati

কাৰ্যক্ৰমত আমাৰ সৈতে উপস্থিত থকা দেশৰ ‘নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষক’ শ্ৰী জি চি মুৰ্মু জী, ‘উপ নিয়ন্ত্ৰক আৰু উপ মহালেখা পৰীক্ষক’ সুশ্ৰী পাৰবীন মেহতা জী, এই অতিকে মহত্বপূৰ্ণ সংস্থাৰ মাধ্যমৰে দেশৰ সেৱাত সমৰ্পিত সদস্যসকল, আৰু সজ্জনসকল! আপোনালোক আটাইকে ‘অ’ডিট দিৱস’ৰ আন্তৰিক শুভকামনা জনাইছো!

বন্ধুসকল,

এটা সংস্থাৰ ৰূপত ‘নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষক’(চিএজি)য়ে কেৱল দেশৰ আয়-ব্যয়ৰ হিচাপ-নিকাচৰ পৰীক্ষণেই নকৰে, বৰং উত্পাদনশীলতা, পাৰদৰ্শিতাৰ ‘ভেল্যু এডিশ্যন’-ও কৰে। সেয়ে ‘অডিট দিৱস’ আৰু ইয়াৰ লগত সংগতি ৰাখি হোৱা কাৰ্যক্ৰম, এই উপলক্ষত আমাৰ চিন্তন-মন্থন আমাৰ ‘ইম্প্ৰুভমেণ্ট’ আৰু ‘ইম্প্ৰ’ভাইজেশ্যন’ৰো মহত্বপূৰ্ণ অংশ হয়। মই আপোনালোক আটাইকে আপোনালোকৰ নিষ্ঠাৰ বাবে, ‘চিএজি’-ৰ প্ৰাসংগিকতা আৰু গৰিমাক নিৰন্তৰ নতুন দিক্-দৰ্শন কৰাই ৰখাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো।

বন্ধুসকল,

তেনেই কম সংখ্যক প্ৰতিষ্ঠানহে এনে হোৱা দেখা যায়, যিয়ে সময় আগবঢ়াৰ লগে লগে নিজকে অধিক শক্তিশালী, অধিক পৈণত আৰু অধিক উপযোগী কৰিব তুলিব পাৰিছে। সৰহ সংখ্যক প্ৰতিষ্ঠানে জন্ম লয়, তিনি-চাৰি-পাঁচোটা দশক অতিক্ৰম কৰাৰ লগে লগে পৰিস্থিতি এনেকৈ সলনি হ’বলৈ ধৰে যে সেইবোৰে প্ৰায়েই নিজৰ প্ৰাসংগিকতাই হেৰুৱাই পেলোৱাৰ উপক্ৰম হয়গৈ। কিন্তু ‘চিএজি’ সন্দৰ্ভত আমি ন-দি ক’ব পাৰো যে ইমান দিনৰ পিচতো এই সংস্থাই স্বত্ঃস্ফূৰ্ত ভাবেই এক বৃহত্ ঐতিহ্য গঢ়ি তুলিবলৈ সক্ষম হৈছে। আৰু প্ৰতিটো প্ৰজন্মই তাক চম্ভলি নিব লাগিব, তাৰ পৰিচৰ্যা কৰিব লাগিব, সজাই-পৰাই ৰাখিব লাগিব আৰু আগন্তুক প্ৰজন্মৰ বাবে আৰু অধিক উপযুক্ত কৰি গঢ়ি তাক সংক্ৰমিত, তাক পৰিবাহিত কৰিব লাগিব; ইয়াক এক ডাঙৰ দায়িত্বই বুলি মই অনুভৱ কৰো।

বন্ধুসকল,

যোৱাবাৰ যেতিয়া মই ইয়ালৈ আহিছিলো, আপোনালোকৰ সৈতে দেখা-সাক্ষাত্ হৈছিল, তেতিয়া আমি মাহাত্মা গান্ধী জীৰ ১৫০ সংখ্যক জন্ম-জয়ন্তী উদযাপন কৰিছিলো। সেই কাৰ্যক্ৰমতে বাপুৰ প্ৰতিমূৰ্তিও উন্মোচিত কৰা হৈছিল। আৰু আজি, যেতিয়া ‘অডিট দিৱস’ৰ এই গুৰুত্বপূৰ্ণ কাৰ্যক্ৰম অনুষ্ঠিত হোৱাৰ সময়ত আমাৰ স্বাধীনতাৰ ৭৫সংখ্যক বৰ্ষত ‘অমৃত মহোত্সৱ’ উদযাপন কৰা হৈছে। আজি আমি দেশৰ অখণ্ডতাৰ নায়ক চৰ্দাৰ পেটেল জীৰ প্ৰতিমূৰ্তি উন্মোচনৰ সৌভাগ্য লাভ কৰিছো। গান্ধী জীয়েই হওক, চৰ্দাৰ পেটেলেই হওক, অথবা বাবা চাহেব আম্বেডকাৰ, ৰাষ্ট্ৰ নিৰ্মাণত এইসকলৰ যোগদান, ‘চিএজি’ৰ বাবে, আমাৰ সকলোৰে বাবে, কোটি কোটি দেশবাসীৰ বাবে বৃহত্ প্ৰেৰণাৰ উত্স। দেশৰ বাবে কেনেকৈ ডাঙৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰিব পৰা যায়, কেনেকৈ সেই লক্ষ্যত উপনীত হ’বগৈ পৰা যায়, কেনেকৈ ব্যৱস্থাৱলীলৈ পৰিৱৰ্তন আনিব পৰা যায়, এইসকল মহান ব্যক্তিত্বৰ জীৱনগাঁথাই বহু কথাই শিকাই যায়।

বন্ধুসকল,

এক সময় আছিল, যেতিয়া ‘অডিট’ক এক আশংকা, এক ভয়ৰ চকুৰে চোৱা হৈছিল। ‘চিএজি’ বনাম চৰকাৰ’, এয়া আমাৰ ব্যৱস্থা সন্দৰ্ভত সাধাৰণ ধাৰণা হৈ উঠিছিল।  আৰু কেতিয়াবা কেতিয়াবাতো এনেকুৱাও হৈছিল যে ‘বাবুসকলতো এনেকুৱাই হয়, তেওঁলোকেতো এনেকুৱাই দিয়ে’। বাবুসকলে ভাবে ‘চিএজি’-ৰ লোকসকল এনেকুৱাই হয় যে প্ৰতিটো বস্তুতে তেওঁলোকে খুট দেখেই’। বিভিন্নজনৰ মুখত বিভিন্ন কথা। কিন্তু আজি মানসিকতাৰ পৰিৱৰ্তন হৈছে। আজি ‘অডিট’ক ‘ভেল্যু এডিশ্যন’ৰ গুৰুত্বপূৰ্ণ অংগ হিচাপে গণ্য কৰিবলৈ লোৱা পৰিলক্ষিত হৈছে।

চৰকাৰৰ কাম-কাজৰ খটিয়ান লোৱাৰ সময়ত ‘চিএজি’ৰ ক্ষেত্ৰত ‘আউটছাইডাৰ ভিউপয়ণ্টৰ এডভাণ্টেজ’ থাকে। আপোনালোকে যিয়েই আমাক অৱগত কৰে, তাৰ আধাৰতে আমি ‘ছীষ্টেমেটিক ইমপ্ৰুভমেণ্টছ’ কৰো, তাক আমি নিজৰ বাবে এক সহযোগিতা বুলি গ্ৰহণ কৰো।

এক দীঘলীয়া সময় কালৰ বাবে মই চৰকাৰক নেতৃত্ব দিয়াৰ সৌভাগ্য লাভ কৰিছো। মই যেতিয়া গুজৰাটৰ মুখ্যমন্ত্ৰী আছিলো তেতিয়াও আমাৰ বিষয়াবৰ্গক কৈছিলো, আৰু আজিও একে কথাই কও, ‘চিএজি’য়ে যি নথি-পত্ৰ আৰু তথ্য বিচাৰে সেয়াটো আপোনালোকে নিশ্চয় দিবই; নিজৰ কাম সম্পৰ্কীয় অন্য ফাইলসমূহো তেওঁলোকক প্ৰদান কৰক। ইয়াৰ ফলত আমাৰ বাবে আৰু ভালকৈ কাম কৰাৰ ‘স্কোপ’ গঢ়ি উঠিব। আমাৰ ‘ছেল্ফ এছেছমেণ্ট’-ৰ কামো আৰু সহজ হৈ উঠিব।

বন্ধুসকল,

শুচিতা আৰু পাৰদৰ্শিতা সেয়া লাগিলে আমাৰ ব্যক্তিগত জীৱনতেই হওক অথবা চৰকাৰতে হওক, এয়া আমাৰ বাবে সকলোতকৈ ডাঙৰ মনোবল বৃদ্ধি কাৰী হয়। উদাহৰণ স্বৰূপে, আগতে দেশৰ বেংকিং খণ্ডত স্বচ্ছতাৰ অভাৱত বিভিন্ন ধৰণৰ ‘প্ৰেকটিচ’ চলি আহিছিল। ইয়াৰ ফলত বেংকসমূহৰ ‘এনপিএ’-ৰ পৰিমাণ বাঢ়িয়েই থাকিছিল। ‘এনপিএ’-ক কাৰ্পেটৰ তলত লুকুৱাই ৰখাৰ দৰে কাম আগতে চলি থাকিছিল, সেয়া চাগৈ মোতকৈ আপোনালোকেহে ভালকৈ জানে। কিন্তু আমি সম্পূৰ্ণ সততাৰে আগৰ চৰকাৰসমূহৰ সঁচাখিনি, যি স্থিতি আছিল, সকলোবোৰ দেশৰ আগত উদঙাই দিছিলো। আমি সমস্যসমূহ চিনাক্ত কৰিব পাৰিলেহে সেই সমূহৰ সমাধান বিচাৰিব পাৰিম! এইদৰেই,  আপোনালোকৰ তৰফৰ পৰা বিত্তীয় ঘাটি সন্দৰ্ভত, চৰকাৰী খৰছ সন্দৰ্ভত প্ৰায়েই তথ্য জানিবলৈ বিচাৰি থকা দেখা যায়। আমি আপোনালোকৰ উত্সুকতাক ইতিবাচক ৰূপতে গ্ৰহণ কৰো, অব্যৱহৃত অথবা কমকৈ ব্যৱহৃত বিলাকৰ মুদ্ৰাকৰণৰ বাবে সাহসিক সিদ্ধান্ত গ্ৰহণ কৰিছো। এতিয়ালৈ এইবোৰ কথাৰ ফল লাভ কৰিব পৰা গৈছে, অৰ্থব্যৱস্থাই পুনৰ গতি লাভ কৰিবলৈ সক্ষম হৈছে বুলি এতিয়ালৈ পৃথিৱী জুৰি চৰ্চা আৰম্ভ হৈছে, ইয়াক স্বাগত জনোৱা হৈছে। ‘চিএজি’ত যেতিয়া আপোনালোকে এইবোৰৰ সমীক্ষা কৰিব তেতিয়া মই ভাবো  এই সিদ্ধান্তসমূহৰ এনে কেতবোৰ দিশ পোহৰলৈ আহিব যিসমূহ প্ৰায়েই বিশেষজ্ঞসকলৰ দৃষ্টিৰ পৰাও ৰৈ যায়।

বন্ধুসকল,

আজি কালি আমি এনে ব্যৱস্থা গঢ়ি তুলিছো য’ত পুৰণি ধ্যান-ধাৰণা, ‘চৰকাৰ সৰ্বম্, চৰকাৰ জানম, চৰকাৰ গ্ৰহণম’-ৰ ধাৰণাক আমি সলাবলৈকে মন বান্ধি লৈছো। আৰু তাৰ পৰিণামতে এতিয়ালৈ সকলো কথাতে চৰকাৰৰ হস্তক্ষেপ কমিবলৈ ধৰিছে, আৰু আপোনালোকৰ কাম-কাজো সহজ হ’বলৈ লৈছে। ‘ন্যূনতম চৰকাৰ, সৰ্বাধিক শাসন’, ‘কনটেক্টলেছ কাষ্টমছ’, ‘অট’মেটিক ৰিনিউৱেলছ’, ‘ফেচলেছ এছেছমেণ্টছ’, ‘ছাৰ্ভিচ ডেলিভাৰী’-ৰ বাবে ‘অনলাইন এপ্লিকেশ্যনছ’, এই সকলোবোৰ সংস্কাৰ-য়ে চৰকাৰৰ অনাহক হস্তক্ষেপ নোহোৱা কৰিছে। ‘ছীষ্টেম’লৈ যেতিয়া এই স্বচ্ছতা আহে তেতিয়া পৰিণামো স্পষ্ট ৰূপতে দেখিবলৈ পোৱা যায়। আজি ভাৰত সমগ্ৰ পৃথিৱীৰ ভিতৰতে তৃতীয় সৰ্ব বৃহত্ ‘ষ্টাৰ্টআপ ইক’-ছীষ্টেম’ হৈ উঠিছে। আজিৰ তাৰিখত ৫০ৰো অধিক আমাৰ ভাৰতীয় ‘ইউনিকৰ্ণ’-য়ে মূৰ দাঙি উঠিছে। আমাৰ ‘আইআইটি’সমূহ আজি চতুৰ্থ বৃহত্ ‘ইউনিকৰ্ণ’ নিৰ্মাতা হিচাপে পৰিগণিত হৈছে। ‘ন্যূনতম চৰকাৰ, সৰ্বাধিক শাসন’-ৰ এই অভিযানত আপোনালোক সকলো, দেশৰ প্ৰতিটো সংস্থাই সহযোগী হ’ব লাগিব, দায়িত্ব বহণ কৰিব লাগিব, সহ-যাত্ৰীৰ ৰূপত আগবাঢ়িবই লাগিব। আমাৰ প্ৰতিটো সাংবিধানিক সংস্থাৰ বাবে এই অমৃতকালৰ এক সংকল্প, ২০৪৭ চনত যেতিয়া ‘হিন্দুস্থান শতাব্দী’ উদযাপন কৰিবগৈ, তেতিয়া দেশক বহু ওপৰলৈ লৈ যোৱাৰ বাবে শক্তিৰ ৰূপত কামত আহিবগৈ।

বন্ধুসকল,

বহু দশক ধৰি আমাৰ দেশত ‘চিএজি’-ৰ পৰিচিতি, চৰকাৰী ফাইল আৰু বহী খাতাৰ মাজতে মূৰ ঘমাই থকা সংস্থা হিচাপেই গণ্য কৰা হৈছিল। ‘চিএজি’-ৰে জড়িত লোকসকলৰ ক্ষেত্ৰত এই ভাৱমূৰ্তিয়েই গঢ়ি উঠিছিল। আৰু ইয়াৰ উল্লেখ ২০১৯তো মই যেতিয়া আপোনালোকৰ মাজলৈ আহিছিলো, মই উল্লেখ কৰিছিলো। মোৰ ভাল লাগিছে যে আপোনালোকে দ্ৰুত গতিৰে পৰিৱৰ্তন সম্ভৱ কৰি তুলিছে, প্ৰক্ৰিয়াসমূহক আধুনিক কৰি তুলিছে। আজি আপোনালোকে ‘এডভান্সড এনালাইটিক টুল্ছ’ ব্যৱহাৰ কৰিছে, ‘জিঅ’-স্পাটিয়েল ডাটা’ আৰু ‘ছেটেলাইট ইমাজেৰী’ৰ সদ্ব্যৱহাৰ কৰি আছে। এই উদ্ভাৱন আমাৰ সংসাধনসমূহতো হোৱা উচিত, আৰু আমাৰ কাৰ্যশৈলীতো হোৱা উচিত।

মোক কোৱা হৈছে যে আপোনালোকে ‘প্ৰিলিমিনাৰী ফাণ্ডিং’-ক ‘ফিল্ড অ’ডিট’-ৰ পৰা বিভাগসমূহক বিতৰণ কৰিবলৈ আৰম্ভ কৰিছে। এয়া এক সুস্থ অনুশীলন। আপোনালোকে যেতিয়া এই ‘প্ৰিলিমিনাৰী ফাণ্ডিং’-ক ‘ক্ষেত্ৰ অধ্যয়ন’ৰ সৈতে সংযোজিত কৰিব, তেতিয়া ইয়াৰ পৰিণাম আৰু ভাল হ’ব। এইদৰে, মই আপোনালোকক পৰামৰ্শ দিছিলো যে আপোনালোকে কাৰ্যালয়ৰ বাহিৰলৈ ওলাই ‘গণানা কৰাওতা’ আৰু সংশ্লিষ্ট পক্ষসমূহক সাক্ষাত্ কৰিবলৈ লওক। আপোনালোকে এই পৰামৰ্শ গ্ৰহণ কৰিছে। যোৱাটো বৰ্ষৰ ফেব্ৰুৱাৰীত ‘চিএজি’-ৰ জ্যেষ্ঠ বিষয়া-বৰ্গ আৰু মন্ত্ৰালয়সমূহে এক সন্মিলনত মিলিত হৈছিল। মই এই প্ৰয়াসসমূহৰ প্ৰশংসা কৰিছো আৰু আশা কৰিছো যে এই প্ৰয়াস কেৱল সন্মিলন অনুষ্ঠিত কৰাতে যাতে অন্ত নপৰে ই ‘চিএজি’ আৰু বিভাগসমূহৰ মাজত স্থাপিত সম্পৰ্কৰ উত্তৰণৰ মাধ্যম হিচাপে পৰিগণিত হওক। যেতিয়া মই এই কথা শুনো যে এখন গাঁও পঞ্চায়তৰ মহিলা প্ৰধানক আপোনালোকে এই প্ৰক্ৰিয়াত চামিল কৰিছিল। এই কথা আমাৰ সকলোৰে বাবে গৌৰৱৰে কথাযে, আজিকালি আমাৰ সংস্থাসমূহে এইদৰে মুক্ত বাতাবৰণত তৃণমূলৰে সংপৃক্ত হৈ কাম কৰিবলৈ লৈছে। এই বিবৰ্তন, এই অনুভৱে ‘চিএজি’ক আৰু ইয়াৰ লগতে ‘অ’ডিটিং মেকানিজম’টোকে এক নতুন উচ্চতালৈ লৈ যাব। আমাৰ ‘অ’ডিটিং’ যিমানেই শক্তিশালী বিজ্যানসন্মত হ’ব, সিমানেই আমাৰ ব্যৱস্থাৱলীও স্বচ্ছ আৰু শক্তিশালী হ’ব।

বন্ধুসকল,

ক’ৰোনাৰ সমস্যাজৰ্জৰ সময়তো ‘চিএজি’য়ে কিমান তন্ময়তাৰে কাম কৰিছিল, এই খবৰ মই পাই থাকো আৰু এতিয়া মুৰ্মু জীয়ে কোৱা কিছু কথাও শুনিলো। পৃথিৱীৰ আন বৃহত্ ৰাষ্ট্ৰসমূহ অতিক্ৰমী ক’ৰোনাৰ লহৰ আমাৰ এইখিনি পাইছিলহি; ইমান বিশাল জনসংখ্যাৰ দেশ আমি প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছিল। সীমিত সংসাধনৰ চাপতো আমাৰ স্বাস্থ্যকৰ্মীসকলৰ সন্মুখত আছিলেই, কিন্তু দেশে চিকিত্সাৰ পৰা প্ৰাণ ৰক্ষা পৰ্যন্ত প্ৰতিটো ক্ষেত্ৰত যুদ্ধকালীন তত্পৰতাৰে কাম কৰিছিল। বৃহত্ বৃহত্ দেশসমূহৰ হাতত যদি ব্যাপক সংসাধন আছিল, তেন্তে, আমাৰ হাতত আছিল অতুলনীয় সামাজিক শক্তি।

মোক কোৱা হৈছে যে ‘চিএজি’-য়েও নিজৰ দায়িত্বখিনিৰ পৰা আগুৱাই গৈ, সৰ্ব সাধাৰণ জনতাৰ টীকাকৰণ অভিযানতো সহযোগিতা আগবঢ়াইছে। এই আন্তৰিকতাৰেই দেশৰ প্ৰতিটো সংস্থা, প্ৰতিগৰাকী দেশবাসীয়ে নিজৰ কৰ্তব্য পালন কৰিছিল। আমি আমাৰ কামনো কি সেয়া চোৱা নাছিলো, বৰং আমিনো কি কৰিব পাৰো সেই কথাতহে গুৰুত্ব দিছিলো! সেয়ে, শতিকাৰ আটাইতকৈ ভয়াবহ মহামাৰী যিমান প্ৰত্যাহ্বানপূৰ্ণ আছিল, সিমানেই দেশবাসীয়ে ইয়াৰ বিৰুদ্ধে আৰম্ভ কৰা যুঁজখন অসাধাৰণ আছিল।

আজিৰ তাৰিখত আমি পৃথিৱীৰ সকলোতকৈ ডাঙৰ টীকাকৰণ অভিযান পৰিচালনা কৰি আছো। কেই সপ্তাহমান আগতে মাত্ৰ দেশে ১০০কোটি পালি প্ৰতিষেধক প্ৰদানৰ ঘৰ অতিক্ৰম কৰিছে। মই বিচাৰো আপোনালোকে নিয়মীয়া কাম-কাজৰ লগতে ‘চিএজি’, মহামাৰীৰ বিৰুদ্ধে দেশৰ এই যুঁজত যিবোৰ ভাল অনুশীলন সম্ভৱ কৰা হৈছে, তাৰ অধ্যয়ণ কৰক। দেশে ইয়াৰ পৰা নতুনকৈ যি শিকিব পাৰিছে, নতুনকৈ কৰাৰ পদক্ষেপ লৈছে, যি ‘ছীষ্টেমেটিক লাৰ্ণিং’ হৈছে, সেয়া ভৱিষ্যতে ‘গ্লোবেল গুড প্ৰেক্টিচেছ’ হোৱাৰ ক্ষেত্ৰতো সহায় কৰিব, পৃথিৱীকো আহিবলগীয়া মহামাৰীৰৰে যুঁজিব পৰাকৈ সাজু কৰি তুলিব, শক্তিশালী কৰি তুলিব।

বন্ধুসকল,

পুৰণি কালত তথ্য, সাধুৰ জৰিয়তে প্ৰচাৰিত হৈছিল। কাহিনীৰ জৰিয়তেই ইতিহাস লিখা হৈছিল। কিন্তু আজি ২১শতিকাত, পৰিসংখ্যাই তথ্যই, আৰু আগন্তুক সময়ত আমাৰ ইতিহাসো তথ্যৰ মাধ্য়মেৰে চোৱা হ’ব আৰু বুজাৰ চেষ্টা চলোৱা হ’ব। ‘ইন ফিউচাৰ, ডেটা উইল বী ডিক্টেটিং দা হিষ্ট্ৰী’! আৰু, প্ৰসংগ যেতিয়া পৰিসংখ্যা আৰু ইয়াৰ সমীক্ষাৰ হয় তেতিয়া আপোনালোকতকৈ দক্ষ আৰু কোন হ’ব পাৰিব। সেয়ে, এতিয়া ‘স্বাধীনতাৰ অমৃত মহোত্সৱ’ত দেশে যি প্ৰয়াস কৰি আছে, যি লক্ষ্য লৈ আগবাঢ়িছে, ভৱিষ্যতে দেশক এই প্ৰয়াসৰ, এই কালখণ্ডৰ সমীক্ষা কৰা হ’ব তেতিয়া আপোনালোকৰ কাম, আপোনালোকৰ দস্তাবেজ তাৰ এক প্ৰামাণিক বুনিয়াদ হ’ব। যেনেকৈ আজি আমি স্বাধীনতা সংগ্ৰামৰে জড়িত ইতিহাসলৈ চাও, তাৰ পৰা প্ৰেৰণা লও, তেনেকৈয়ে যেতিয়া দেশে স্বাধীনতাৰ এশ বছৰ পূৰ্ণ কৰিবগৈ তেতিয়া আপোনালোকৰ আজিৰ এই অধ্যয়ণ-প্ৰতিবেদন সেই সময়ৰ ভাৰতৰ বাবে ইতিহাস বিচৰাৰ, তাৰ পৰা শিকাৰ মাধ্যম হৈ উঠিবগৈ পাৰে।

বন্ধুসকল,

এতিয়া দেশে এনে কিমানবোৰ কাম কৰি আছে যি নিজে নিজে অপ্ৰত্যাশিতো হয়, আৰু অভুতপূৰ্বও হয়। পৃথিৱীৰ সকলোতকৈ বৃহত্ টীকাকৰণ অভিযানৰ উল্লেক এতিয়া মই আপোনালোকক এক উদাহৰণ হিচাপে কৰিছিলো, এইদৰেই, আপোনালোকেও অনেক সংকল্প গ্ৰহণ কৰা দেশবাসীৰ কিমান যে প্ৰয়াস দেখিবলৈ পাব পাৰে। কেইবছৰ মানৰ আগতে আমি চৰকাৰী দস্তাবেজত লাখ-কোটি টকাৰ হিচাপ-কিতাপতো কৰিছিলো, কিন্তু প্ৰকৃত সত্যটো এয়াই আছিল যে দেশৰ কোটি কোটি নাগৰিকৰ হাতত নিজৰ বেংক একাউণ্ট পৰ্যন্ত নাছিল। কিমান যে পৰিয়াল আছিল যাৰ থাকিবৰ বাবে নিজৰ ঘৰ নাছিল, মূৰৰ ওপৰত পকী চাল নাছিল, কোৱাৰ বাবে কোনো সুবিধা নাছিল, বিজুলী বাঁতিৰ সুবিধা নাছিল, ঘৰত শৌচালয়, দুখীয়াৰো দুখীয়াসকলৰ চিকিত্সাৰ সুবিধা নাছিল, আমাৰ দেশতে কোটি কোটি লোকৰ বাবে বুনিয়াদী প্ৰয়োজনীয়তাসমূহো যেন আহ্লাদৰ সামগ্ৰীহে হৈছিল। কিন্তু আজি এই পৰিস্থিতি সলনি হৈছে, আৰু দ্ৰুত গতিৰে সলনিও হৈছে। দেশে য়দি আজি এই পৰ্যায়ত উপনীত হৈছেহি তাৰ মানে ইয়াৰ পিচত কিমানযে দেশবাসীয়ে দিনে-ৰাতিয়ে কৰা পৰিশ্ৰম, তেওঁলোকৰ কিমান পৰিশ্ৰম ইয়াৰ পিচত জড়িত হৈ আছে। আমাৰ স্বাস্থ্য খণ্ডৰ লোকসকলেই হওক, বেংকিং খণ্ডৰ লোকসকলেই হওক, চৰকাৰী বিভাগ আৰু প্ৰশাসনৰলোকসকলেই হওক অথবা আমাৰ ব্যক্তিগত খণ্ডই হওক, এই সকলোৱে এক অভুতপূৰ্ব সামঞ্জস্যৰ সৈতে অসাধাৰণ পৰ্যায়ত কাম কৰিছে। তেতিয়াহে দুখীয়াৰ দুৱাৰদলিত তেওঁলোকৰ বিষয়া-বৰ্গৰ ‘ডেলিভাৰী’ সম্ভৱ হৈছে, তেতিয়াহে দেশৰ বিকাশে গতি লাভ কৰিছে।

বন্ধুসকল,

সমাজত এই সিদ্ধান্তৰ প্ৰভাৱ ইমানেই ব্যাপক হয় যে সেইবোৰক আমি তেতিয়াহে বুজিবগৈ পাৰো যেতিয়া এই দিশত ‘ফ’কাছ ষ্টাডী’ কৰা হয়। ‘চিএজি’য়েও দেশৰ এই প্ৰয়াসৰ, ইয়াৰ পৰিণামৰ সমীক্ষা কৰা উচিত। এই লেখা-জোখা দেশৰ সামূহিক প্ৰয়াসৰ প্ৰামাণীকৰণ হ’ব। দেশৰ সামৰ্থ্য আৰু ইয়াৰ আত্মবিশ্বাসৰ এক জীৱন্ত দস্তাবেজ হ’ব। লগতে ইয়াৰ পৰা আহিবলগীয়া চৰকাৰসমূহৰ বাবে কামকাজবোৰক আৰু উন্নত ভাবে কৰাতো আপোনালোকৰ দস্তাবেজ উপযোগী হ’ব।

দেশৰ বাবে আপোনালোকে আগবঢ়োৱা অৱদান নিৰন্তৰ অব্যাহত থাকিব আৰু ইয়ে দেশৰ বিকাশক নতুন গতি প্ৰদান কৰি থাকিব বুলি সম্পূৰ্ণ বিশ্বাস আছে।

এই বিশ্বাসৰেই আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনাই সামৰিছো। আপোনালোক আটাইলৈকে অনেক অনেক শুভকামনা জনালো।

 

***

DS/AKJ/NS/AK/KB



(Release ID: 1774102) Visitor Counter : 164