কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা

১৯৮৭ চনৰ জেপিএম আইন অনুযায়ী ২০২১-২২ মৰাপাট বর্ষৰ বাবে মৰাপাটেৰে প্ৰস্তুত পেকেজিং সামগ্রীৰ বাধ্যতামূলক ব্যৱহাৰৰ প্রস্তাৱত কেন্দ্রীয় মন্ত্রীসভাৰ অনুমোদন


১০০ শতাংশ খাদ্যশস্য আৰু ২০ শতাংশ চেনি পৰিবহণত মৰাপাটৰ বেগ বাধ্যতামূলক

Posted On: 10 NOV 2021 3:43PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ পৌৰোহিত্যত কেন্দ্রীয় মন্ত্রীসভাৰ অর্থনৈতিক বিষয়ক কমিটির বৈঠকত ২০২১-২২ মৰাপাট বর্ষত বাধ্যতামূলকভাবে মৰাপাটৰ বেগ ব্যৱহাৰৰ প্রস্তাব অনুমোদিত হৈছে। মৰাপাট বর্ষ প্রতি বছৰৰ প্ৰথম জুলাইৰ পৰা আৰম্ভ হয়। মন্ত্রীসভাৰ অনুমোদনৰ ফলত ১০০ শতাংশ খাদ্যশস্য আৰু ২০ শতাংশ চেনি মৰাপাটৰ বেগত পৰিবহণ কৰিব লাগিব। 

 

এই সিদ্ধান্তৰ ফলত  আত্মনির্ভৰ ভাৰত অভিযানৰ সৈতে সংগতি ৰাখি কেঁচা মৰাপাট উৎপাদনকাৰীসকলৰ স্বার্থ সুৰক্ষিত কৰাৰ ব্যৱস্থা কৰা হ'ল। ২০২০-২১ মৰাপাট বর্ষত উৎপাদিত মৰাপাটৰ প্রায় ৬৬.৫৭ শতাংশ, মৰাপাট ব্যৱহাৰ কৰি পেকেজিঙৰ কামত ব্যৱহাৰ কৰা হৈছে। জেপিএম আইন প্রয়োগৰ জৰিয়তে বিভিন্ন মৰাপাট কলত কর্মৰত ৩ লাখ ৭০ হাজাৰ শ্রমিক আৰু ৪০ লাখ মৰাপাট উৎপাদনকাৰী কৃষক পৰিয়ালৰ স্বার্থ সুৰক্ষিত হ'ব। প্রাকৃতিক, পুনর্নবীকৰণযোগ্য আঁহ থকাত মৰাপাট ব্যৱহাৰত পৰিবেশ সুৰক্ষিত থাকিব।  

 

ভাৰতৰ অর্থনীতিত মৰাপাট শিল্পৰ প্রভাব অত্যন্ত গুৰুত্বপূর্ণ। পশ্চিমবঙ্গ, বিহাৰ, উৰিষ্যা, অসম, ত্রিপুৰা, মেঘালয়, অন্ধ্রপ্রদেশ আৰু তেলেঙ্গানাৰ অর্থনীতি মৰাপাটৰ ওপৰত নির্ভৰশীল। পশ্চিমবঙ্গ সহ পূর্ব ভাৰতত মৰাপাটেই হ'ল প্রধান শিল্প। ১৯৮৭ চনৰ জেপিএম আইনৰ প্রয়োগৰ ফলত বর্তমান সময়ত মৰাপাট শিল্পৰ সুবিধা হ'ব, কাৰণ মৰাপাট কলবিলাকত মুঠ উৎপাদিত মৰাপাটৰ ৭৫ শতাংশৰে মৰাপাটৰ বেগ প্ৰস্তুত কৰা হয়। ভাৰতীয় খাদ্য নিগম আৰু ৰাজ্য স্তৰৰ শস্য সংগ্রহকাৰী সংস্থাসমূহে এই বেগৰ ৯০ শতাংশ কিনি লয়। প্রতি বছৰে কেন্দ্রই প্রায় ৮ হাজাৰ কোটি টকাৰ মৰাপাটৰ বেগ কিনে। এই বেগ খাদ্যশস্য পৰিবহণৰ কামত ব্যৱহাৰ কৰা হয়। মৰাপাটেৰে প্ৰস্তুত বেগৰ উৎপাদন বজাই ৰখাৰ বাবে চৰকাৰ অঙ্গীকাৰবদ্ধ। কাৰণ ইয়াৰ মাধ্যমত মৰাপাট খেতিয়ক, মৰাপাট কলৰ শ্রমিক সহ মৰাপাট শিল্পৰ সৈতে যুক্ত লোকসকলৰ স্বার্থ ৰক্ষিত হয়।

 

*****

 

DS/SKS



(Release ID: 1771848) Visitor Counter : 159