প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

পিএম কেয়াৰ্ছ প্ৰকল্পৰ অধীনত নিৰ্মাণ কৰা এলানি পিএছএ অক্সিজেন প্লাণ্ট ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰাৰ পাছত প্রধানমন্ত্রীৰ ভাষণৰ অসমীয়া অনুবাদ

পোষ্ট কৰা হৈছে: 07 OCT 2021 3:04PM by PIB Guwahati

ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়,

উত্তৰাখণ্ডৰ ৰাজ্যপাল অৱসৰপ্রাপ্ত লেফটেনেণ্ট জেনেৰেল গুৰমীত সিং জী, উত্তৰাখণ্ডৰ প্রাণশক্তিৰেপূর্ণ নবীন তথা কর্মোদ্যমী মুখ্যমন্ত্রী মোৰ প্রিয় বন্ধু শ্রী পুস্কৰ সিং ধামী জী, মোৰ কেন্দ্রীয় মন্ত্ৰীসভাৰ সদস্য শ্রী মনসুখ মান্দভিয়া জী, শ্রী অজয় ভট্ট জী, উত্তৰাখণ্ড বিধানসভাৰ অধ্যক্ষ শ্রী প্রেমচান্দ আগৰৱালা জী, উত্তৰাখণ্ড চৰকাৰৰ মন্ত্রী ড০ ধন সিং ৰাৱাট জী, আজি তেওঁৰ জন্মদিন, তেওঁক জন্মদিনৰ বহুত বহুত শুভেচ্ছা জনাইছো৷ দেশৰ বিভিন্ন অঞ্চলৰ পৰা আজিৰ অনুষ্ঠানৰ সৈতে প্রযুক্তিৰ জৰিয়তেৰে সংযুক্ত হোৱা বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্রীসকল, বিভিন্ন কেন্দ্ৰীয় শাসিত অঞ্চলৰ লেফটেনেণ্ট গর্ভনৰসকল, বিভিন্ন ৰাজ্যৰ মন্ত্রীসকল, সাংসদ আৰু বিধায়কসকল আৰ মোৰ মৰমৰ ভাই-ভনীসকল!

এই দেৱভূমি ঋষিসকলৰ তপস্যাৰ ভূমি আছিল। এই দেৱভূমি যোগ নগৰী ৰূপে বিশ্ববাসীক যুগ যুগ ধৰি আকৰ্ষিত কৰি আহিছেমা গংগাৰ পাৰত আমি যুগ যুগ ধৰি তেওঁলোকৰ আশীর্বাদ পাইছো৷ আজিৰ পৰা নৱৰাত্রিৰ পবিত্র সৱ আৰম্ভ হৈছে৷ আজি প্রথমদিন। মা শৈলপুত্রীৰ পুজা হয়। মা শৈলপুত্রী, হিমালয়ৰ কন্যা৷ আজিৰ দিনটোত মই ইয়া অহা, ইয়াত আহি এই মাটিক প্রণাম জনোৱা, হিমালয়ৰ এই ভূমিক প্রণাম জনোৱা, জীৱনত ইয়াতকৈ আৰু কি অধিক ধন্য ম৷ আজি মই যে উত্তৰাখণ্ডলৈ আহিছো তাৰ বাবে আয়োজকসকলক বিশেষভাৱে ধন্যবাদ জনাব বিচাৰো, কাৰণ, এইবাৰ টকিঅ অলিম্পিকত এই দেৱভূমিৰ সুপুত্রই সাফল্য অর্জন কৰিছে আৰু সেইবাবে আপোনালোক সকলোকে অভিনন্দন জনাবই লাগিব৷ উত্তৰাখণ্ডৰ এই দিব্যভূমি মোৰ দৰে বহু লোকৰ জীৱনধাৰা সলনি কৰাৰ ক্ষেত্রত ডাঙৰ ভূমিকা পালন কৰিছে৷ এই ভূমি সেইবাবে মোৰ বাবে অতি গুৰুত্বপূর্ণ। এই ভূমিৰ সৈতে মোৰ সম্পর্ক অন্তৰৰ, কর্মৰ, সত্যৰ আৰু তত্ত্বৰ৷

বন্ধুসকল,

উত্তৰাখণ্ডৰ মুখ্যমন্ত্রীয়ে কিছু সময়ৰ পূৰ্বে যিদৰে আমাৰ মনত পেলাই দিছে যে ২০ বছৰ পূৰ্বে আজিৰ দিনটোতে মই প্রথমে জনগণৰ সেৱা কৰাৰ নতুন দায়িত্ব পাইছিলো৷ সাধাৰণ মানুহৰ মাজৰ পৰা জনগণৰ সেৱা কৰাৰ মোৰ ভ্ৰমণতো বহুত দশক পূৰ্বেৰ পৰাই আৰম্ভ হৈছিল৷ কিন্তু আজিৰ পৰা ২০ বছৰ পূৰ্বে গুজৰাটৰ মুখ্যমন্ত্রী ৰূপে নতুন দায়িত্বভাৰ মোৰ ওপৰত অর্পণ কৰা হৈছিল৷ এইখিনিতে আৰু এটা কথা সংযোগ কৰো যে উত্তৰাখণ্ড ৰাজ্যখন ২০০০ চনতে গঠন কৰা হৈছিল আৰু মই মুখ্যমন্ত্রী হিচাপে দায়িত্ব লোৱাৰ কেইমাহ পাছতে ২০০১ চনত আৰম্ভ হৈছিল৷

বন্ধুসকল,

চৰকাৰৰ প্রধান হিচাপে প্রথমে মুখ্যমন্ত্রী আৰু তাৰপাছত দেশৰ জনগণৰ আশীর্বাদত দেশৰ প্রধানমন্ত্রীৰ পদত অধিষ্ঠিত হোৱা- এইবোৰ কল্পনা মই কেতিয়াও কৰা নাছিলো৷ ২০ বছৰৰ এই অবিৰত যাত্রাৰ আজি ২১ বছৰত ভৰি দিছে৷ এনে এক গুৰুত্বপূর্ণ বছৰত যি ভূমিয়ে মোক নিৰন্তৰ ইয়াৰ স্নেহ দিছে, আপোনত্ব দিছে, তালৈ অহাৰ সুযোগক মই বহুত ডাঙৰ সৌভাগ্য বুলি ভাৱো৷ হিমালয়ৰ এই তপোভূমিয়ে যি তপস্যা আৰু ত্যাগৰ পথ দেখুৱায়, সেই ভূমিত আহি কোটি কোটি দেশবাসীক সেবা কৰাৰ সংকল্প মোৰ মনত আৰু অধিক দৃঢ় আৰু শক্তিশালী হৈছে৷ ইয়ালৈ আহিলেই মই এক নতুন প্রাণশক্তিৰ স্পন্দন অনুভৱ কৰো৷

ভাই-ভনীসকল,

যোগ আৰু আয়ুর্বেদৰ শক্তিৰে যি অঞ্চলে জীৱনক আৰোগ্যৰ সমাধান প্রদান কৰিছে, তাৰ পৰা আজি সমগ্ৰ দেশৰ বাবে বহুত নতুন অক্সিজেন প্লাণ্ট ৰাষ্ট্ৰৰ নামত সমর্পণ কৰা হৈছে৷ এই দেশৰ বিভিন্ন ৰাজ্যত অক্সিজেন প্লাণ্টসমূহৰ জৰিয়তে এই নতুন সেৱা পোৱাৰ বাবে আপোনালোকৰ লগতে  সমগ্ৰ দেশবাসীক বহুত বহুত শুভকামনা জনাইছো

বন্ধুসকল,

১০০ বছৰৰ আটাইতকৈ ডাঙৰ সংকটৰ মোকাবিলা কৰাত ক্ষেত্ৰত আমাৰ দেশৰ জনগণৰ যি সাহস আৰু শৌর্য্য, সেয়া বিশ্ববাসীয়ে নিবিড়ভাৱে প্ৰত্যক্ষ কৰিছে। ৰোনাৰ বিৰুদ্ধে যুঁজৰ বাবে ইমান কম সময়ত ভাৰতে যি প্রতিৰোধ ব্যৱস্থা গঢ়ি তুলিছে, সেয়া আমাৰ দেশৰ সামর্থ্যক প্ৰতিপন্ন কৰিছে৷ ৰোনা যেতিয়া আৰম্ভ হৈছিল, তেতিয়া দেশত মাত্র এটা পৰীক্ষাগাৰ আছিল। বৰ্তমান দেশত প্রায় হাজাৰ পৰীক্ষাগাৰৰ নেটৱর্ক গঢ়ি তোলা হৈছে। আৰম্ভণিতে মাস্ক আৰু কিট আমদানি কৰিবলগীয়া হৈছিল আৰু এতিয়া আমি দেশৰ লগতে বিদেশলৈ মাস্ক আৰু কিটৰ অন্যতম প্রধান ৰপ্তানিকাৰক দেশত পৰিণত হৈছো৷ দেশৰ প্রান্তীয় অঞ্চলসমূহতো নতুন ভেণ্টিলেটৰৰ সেৱা, ‘মেড ইন ইণ্ডিয়াৰোনা ভেকচিন ব্যাপক মাত্রাত দ্রুত আৰু সফল পাদন, বিশ্বৰ সর্ববৃহ আৰু দ্রুততম টিকাকৰণ অভিযানৰ জৰিয়তে ভাৰতে যি কৰি দেখুৱাইছে, আমাৰ সংকল্প শক্তি, আমাৰ জনগণৰ সেৱাভাৱ আৰু ঐক্যবদ্ধতাৰ প্রতীক।

ভাই-ভনীসকল,

ভাৰতৰ ৰোনাৰ বিৰোধী যুঁজৰ এক ডাঙৰ সমস্যা আছিল আমাৰ বিপুল জনসংখ্যা আৰ ভাৰতৰ বৈচিত্র্যপূৰ্ণ ভৌগোলিক পৰিস্থিতিয়ে সৃষ্টি কৰা বিভিন্ন ধৰণৰ প্রতিকূলতা। অক্সিজেন যোগানৰ পৰা আৰম্ভ কৰি টিকালৈকেএই দুই ধৰণৰ প্রতিকূলতা দেশৰ সন্মুখত বাৰে বাবে আহিছে৷ দেশে কিদৰে এই প্রতিকূলতাসমূহৰ বিৰুদ্ধে যুঁদ্ধ কৰিছে, সেই সম্পর্কে জনা আৰু বুজা প্রতিগৰাকী নাগৰিকৰ বাবে অত্যন্ত প্রয়োজনীয়।

বন্ধুসকল,

স্বাভাৱিক অৱস্থাত ভাৰতত এদিনত ৯০০ মেট্রিক টন তৰল মেডিকেল অক্সিজেন পাদন হৈছিল৷ ৰোনাৰ সময় চাহিদা বৃদ্ধিৰ পাছত ভাৰতত মেডিকেল অক্সিজেনৰ পাদন ১০ গুণতকৈ অধিক বৃদ্ধি পাইছে। এয়া বিশ্বৰ যি কোনো দেশৰ বাবে এক অকল্পনীয় লক্ষ্য আছিল, কিন্তু ভাৰতে ইয়াক বাস্তবায়িত কৰি দেখুৱাইছে৷

বন্ধুসকল,

ইয়াত উপস্থিত বহুত সন্মানীয় ব্যক্তিয়ে এই বাস্তবিকতাৰ সৈতে পৰিচিত যি অক্সিজেন পাদনৰ লগতে সেইবোৰ বিভিন্ন স্থানলৈ প্ৰেৰণ কৰাটো কিমান প্রতিকূলতাৰ সন্মুখীন বলগীয়া হয়। অক্সিজেন সকলো ধৰণৰ টেংকাৰত সৰবৰাহ কৰিব পৰা নাযায়৷ ইয়াৰ বাবে বিশেষ ধৰণৰ টেংকাৰ লাগে৷ ভাৰতত অক্সিজেন পাদনৰ কাম আটাইতকৈ বেছি পূব ভাৰতত হয়। কিন্তু সমস্যা ৰোনাৰ সময়ত সৰ্বাধিক অক্সিজেনৰ প্রয়োজন হৈছিল উত্তৰ আৰু পশ্চিম ভাৰতত

ভাই-ভনীসকল,

পৰিবহণৰ ইমান প্রতিকূলতাৰ বিৰুদ্ধে যুঁজ দি দেশে যুদ্ধকালীন পৰিস্থিতিৰে কাম কৰিছেদেশ আৰু বিশ্বৰ পৰাই সম্ভৱ, তাৰ পৰাই অক্সিজেন টেংকাৰৰ ব্যৱস্থা কৰা হৈছে৷ সেইবোৰ অনাৰ বাবে বিশেষ অক্সিজেন ৰে চলোৱা হৈছে৷ খালী টেংকাৰ দ্রুতগতিত অনা বাবে বিমানবাহিনীৰ সহায় লোৱা হৈছে৷ পাদন বৃদ্ধিৰ বাবে প্ৰতিৰক্ষা গৱেষণা উন্নয়ন সংস্থাৰ (ডিআৰডিঅ) জৰিয়তে তেজছ ফাইটাৰ প্লেনৰ প্রযুক্তি ব্যৱহাৰ কৰা হৈছে৷ পিএম কেয়াৰ্ছ পূঁজি পৰা দেশত বহুততো পিএছএ অক্সিজেন প্লাণ্ট নিৰ্মাণ কৰাৰ কাম দ্রুতগতিত সম্পন্ন কৰা হৈছে৷ এক লক্ষাধিক অক্সিজেন কনচেন্ট্রেটৰৰ বাবে ধনৰ যোগান দিয়া হৈছে৷

বন্ধুসকল,

ভৱিষ্যতে ৰোনাৰ বিৰুদ্ধে যুঁজৰ বাবে আমাৰ প্রস্তুতিক আৰু অধিক শক্তিশালী কৰি তুলিবলৈ সমগ্ৰ দেশত বহুততো পিএছএ অক্সিজেন প্লাণ্টৰ নেটৱৰ্ক গড়ে তোলা হৈছে৷ বিগত কেইবা মাহত পিএম কেয়াৰ্ছ স্বীকৃত ,১৫০তকৈ অধিক অক্সিজেন প্লাণ্ট কাৰ্যক্ষম হৈছেএতিয়া দেশৰ প্রতিখন জিলাত পিএম কেয়াৰ্ছৰ জৰিয়তে নিৰ্মাণ কৰা অক্সিজেন প্লাণ্টৰ কভাৰেজ সম্ভৱ হৈছে৷ পিএম কেয়াৰ্ছৰ সহযোগিতাত নিৰ্মাণ কৰা অক্সিজেন প্লাণ্টসমূহকে ধৰি কেন্দ্রীয় চৰকাৰে বিভিন্ন ৰাজ্য চৰকাৰৰ সৈতে মিলিত প্রচেষ্টাত সমগ্ৰ দেশত প্রায় হাজাৰ নতুন অক্সিজেন প্লাণ্ট গঢ়ি তুলিছে। অক্সিজেনৰ সমস্যাৰ মোকাবিলা কৰিবলৈ এতিয়া দেশ আৰু দেশৰ হাস্পতালসমূহ আগতকৈ অধিক সক্ষম হৈ উঠিছে।

বন্ধুসকল,

এয়া প্রতিগৰাকী ভাৰতীয়ৰ বাবে গৌৰৱৰ কথা যে ইতিমধ্যে ৰোনা ভেকচিনৰ ৯৩ কোটি দিয়া হৈছে৷ কম সময়তে আমি ১০০ কোটি প্ৰদানৰ লক্ষ্য অতিক্ৰম কৰিম৷ ভাৰতে কোউইনপ্লেটফর্ম প্ৰস্তুত কৰি সমগ্ৰ বিশ্বক পথ দেখুৱাইছে যে ইমান বৃহ মাত্রাত টিকাকৰণ অভিযান কিদৰে কৰিব পৰা যায়৷

পাহাৰেই হওক বা মৰুভূমি, অৰণ্যই হওক বা সমুদ্রৰ উপকূল, ১০ জন লোকৰ বসতিয়ে বা ১০ লাখ লোকৰ বসতিস্থানেই হওক-প্রতিটো এলেকাত বৰ্তমান আমি সম্পূর্ণ সুৰক্ষাৰে টিকা প্ৰদান কৰিছো৷ ইয়াৰ বাবে সমগ্ৰ দেশত ১লাখ ৩০ হাজাৰৰো অধিক টিকাকৰণ কেন্দ্র স্থাপন কৰা হৈছে৷ ইয়াত ৰাজ্য চৰকাৰৰ কার্যকৰী ব্যৱস্থাপনাৰ ফলত উত্তৰাখণ্ডই অতি ক্ষিপ্ৰতাৰে ১০০ শতাংশ উপযুক্ত ব্যক্তিক প্রথম টিকা দিয়া সম্ভৱ হৈছে৷ সেইবাবে মুখ্যমন্ত্রী আৰু তেওঁৰ সমগ্ৰ টিমক, ইয়াত উপস্থিত সৰু-বৰ সকলো চৰকাৰী কর্মচাৰীক মই আন্তৰিক শুভকামনা জনাইছো৷

ভাই-ভনীসকল,

তৰাইৰ দৰে সমতল ভূমি আছে, তাত এই কাম সহজতে কৰি পৰা যায়। কিন্তু এই ৰাজ্যত বহুত পার্বত্য অঞ্চল আছে, তাত টিকা প্ৰদান কৰাটো যথেষ্ট কঠিন কাম৷ হিমালয়ৰ দুর্গম পথ অতিক্ৰম কৰি পাহাৰীয়া গাঁওসমূহত টিকা লৈ যোৱাটে অতি কঠিন কাম, এইটো আমি ভালদৰে জানোসত্ত্বেও ইমান বৃহসাফল্য অর্জনৰ বাবে আপোনালোক সকলোৱেই অভিনন্দনৰ পাত্ৰ৷

ভাই-ভনীসকল,

একবিংশ শতিকাৰ ভাৰত জনগণৰ প্রত্যাশা, জনগণৰ প্রয়োজনীয়তাৰ পূর্ণ সমাধান কৰি কৰিয়েই আগুৱাই যাবজনগণে চৰকাৰৰ বাবে সমস্যা লৈ আহিব আৰু তাৰপাছত তাৰ সমাধানৰ পদক্ষেপ লোৱা , ইয়াৰ বাবে চৰকাৰ ৰৈ নাথাকে৷ চৰকাৰী মানসিকতা আৰু ব্যৱস্থাক আমি এই ভ্রমৰ পৰা বাহিৰ কৰিছো৷ এতিয়া চৰকাৰ নাগৰিকৰ কাষলৈ যায়। দুখীয়া লোকসকলৰ বাবে পকী গৃহ, বিদ্যু, পানী, শৌচালয় আৰু ৰন্ধন গেছৰ সংযোগ, ৮০ কোটিতকৈ অধিক লোকক বিনামূলীয়া ৰেচন, কৃষকসকলৰ বেংক একাউণ্টত পোনপটীয়াকৈ হাজাৰ হাজাৰ কোটি টকা প্ৰেৰণ কৰা, পেন্সন আৰু বীমাৰ সুবিধা প্রতিগৰাকী ভাৰতীয়ৰ বেংক একাউণ্টত প্ৰদানৰ চেষ্টা, জনহিতৰ জৰিয়তে এই ধৰণৰ প্রতিটো কাম কৰাৰ ফলতে চৰকাৰে দ্রুতগতিত সকলো হিতাধিকাৰীৰ কাষত পাইছে।

বন্ধুসকল,

স্বাস্থ্যখণ্ডতো ভাৰতে এই দৃষ্টিকোণেৰে আগুৱাই গৈছে। ইয়াৰ ফলত দুখীয়া আৰু মধ্যবিত্তসকলৰ যথেষ্ট ৰাহি হৈছে আৰু তেওঁলোকে সেৱাও লাভ কৰিছে৷ পূৰ্বতে যেতিয়া কাৰোবাৰ জটিল ৰোগ হৈছিল, তেতিয়া তেওঁলোকে আর্থিক সহায়ৰ বাবে ইজন-সিজন নেতা বা চৰকাৰী কাৰ্যালয়ত ঘুৰি ঘূৰি জোতা ক্ষয় গৈছিল৷ আয়ুষ্মান ভাৰতে এই সমস্যাৰ উপযুক্ত সমাধান আনিছে৷ হাস্পতালৰ বাহিৰত দীঘলীয়া শাৰী, চিকিসাত বিলম্ব, চিকিসা বুৰঞ্জীৰ অভাৱএই সমস্যাত সকলো ভুগিছিলএতিয়া আয়ুষ্মান ভাৰত ডিজিটেল মিচনে প্রথমবাৰৰ দৰে এই সমস্যাসমূহৰ সমাধানৰ চেষ্টাত সফলতাৰে আগুৱাই গৈছে।

বন্ধুসকল,

সৰু-সুৰা শাৰীৰিক সমস্যাৰ বাবে, বিভিন্ন ৰোগীৰ ৰুটিন চেক-আপৰ বাবে বাৰে বাৰে চহৰলৈ অহা-যোৱা কিমান কঠিন কাম সেয়া উত্তৰাখণ্ডৰ জনগণতকৈ অধিক কোনে বুজিব৷ মানুহৰ এই সমস্যা দূৰ কৰাৰ বাবে এতিয়া -সঞ্জীবনী এপ সেৱা আৰম্ভ কৰা হৈছে৷ ইয়াৰ জৰিয়তে গাঁৱে গাঁৱে নিজৰ ঘৰত বহি ৰোগীসকলে চহৰৰ হাস্পতালৰ চিকিসকসকলৰ পৰামর্শ পাৰিব৷ এই ব্যৱস্থাৰ ফলত উত্তৰাখণ্ডৰ জনগণ ইতিমধ্যে যথেষ্ট উপকৃত হৈছে৷

ভাই-ভনীসকল,

সকলোকে স্বাস্থ্য সেৱা প্ৰদানেৰে প্রান্তীয় লোকসকলৰ বাবে এক শক্তিশালী স্বাস্থ্য আন্তঃগাঁথনি গঢ়ি তোলাটো অতি প্রয়োজন আছিল। - বছৰ আগলৈকে মাত্র কেইখনমান ৰাজ্যত এইমছৰ দৰে উন্নত স্বাস্থ্য সেৱা আছিল। আজি দেশৰ প্রতিখন ৰাজ্যত এইমছৰ সমান সেৱা প্ৰদানৰ কাম চলিছে। মাত্র ছয়খন এইমছ হাস্পতালৰ পৰা এতিয়া চৰকাৰে ২২খন এইমছৰ শক্তিশালী নেটৱৰ্ক গঢ়ি তোলাৰ দিশত দ্রুতগতিত আগুৱাইছে। চৰকাৰে এইটোও লক্ষ্য লৈছে যে দেশৰ প্রতিখন জিলাত অতি কমেও এখন মেডিকেল কলেজ নিৰ্মাণ কৰা সেইবাবে বিগত বছৰত দেশত ১৭০খন নতুন মেডিকেল কলেজ নিৰ্মাণ কৰা হৈছে৷ কেইবা ডজন নতুন মেডিকেল কলেজ নিৰ্মাণৰ কাম চলিছে। উত্তৰাখণ্ডত ৰুদ্রপুৰ, হৰিদ্বাৰ আৰু পিথৌৰাগৰ নতুন মেডিকেল কলেজৰ আৱেদন মঞ্জুৰ কৰা হৈছে৷

বন্ধুসকল,

উত্তৰাখণ্ড ৰাজ্য গঠনৰ সপোন অটলজীয়ে বাস্তবায়িত কৰিছিল৷ অটল জীয়ে ভাৱিছিল যোগাযোগ ব্যৱস্থাৰ সৈতে উন্নয়নৰ প্রত্যক্ষ সম্পর্ক আছেতেওঁৰ প্রেৰণাতে আজি দেশত যোগাযোগ ব্যৱস্থাৰ আন্তঃগাঁথনি উন্নয়নত অভূতপূর্ব গতি আৰু পৰিমাপত কাম হৈছে৷ মই অতিশয় আনন্দিত যে উত্তৰাখণ্ড চৰকাৰে এই লক্ষ্যৰে নিষ্ঠাৰে কাম কৰিছে। বাবা কেদাৰৰ আশীর্বাদত কেদাৰধামৰ সৌন্দর্য্য আৰু অধিক বৃদ্ধি কৰা হৈছে৷ তাত তীর্থযাত্রীসকলৰ বাবে নতুন নতুন সেৱা বিকাশ সাধন কৰা হৈছে৷ মইও কেইবাবাৰ ড্রোন কেমেৰাৰে এই উন্নয়ন প্রকল্পসমূহৰ প্রগতিৰ সমীক্ষা কৰিছো৷ চাৰধামক পৰস্পৰৰ সৈতে যুক্ত কৰা, এক সকলো ঋতুতে ব্যৱহাৰ কৰিব পৰা পথনির্মাণৰ কামো দ্রুতগতিত চলিছে। চাৰধাম প্রকল্পই দেশ আৰু বিশ্বৰ বিভিন্ন প্রান্তৰ পৰা অহা ভক্ত আৰু তীর্থযাত্রীসকলৰ বাবে যথেষ্ট সুবিধা কৰিছে। গাড়োৱাল আৰু কুমায়ুন পর্বতৰ প্রতিকূল অঞ্চলসমূহক পৰস্পৰৰ সৈতে সংযুক্ত কৰিছে। কুমায়ুন পার্বত্য অঞ্চলত চাৰধাম ঘাইপথৰ প্রায় ১৫০ কিলোমিটাৰ অংশই এই অঞ্চলৰ উন্নয়নত নতুন মাত্রা প্ৰদান কৰিব৷ ঋষিকেশৰ পৰা কর্ণপ্রয়াগ ৰেললাইনৰ জৰিয়তেও উত্তৰাখণ্ডৰ ৰে যোগাযোগ ব্যৱস্থা আৰু অধিক বিস্তাৰিত স্থলপথ আৰু ৰেলপথৰ উপৰি আকাশীপথেৰে যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ কামেও উত্তৰাখণ্ডৰ জনগণক উপকৃত কৰিছে৷ দেৰাদুন বিমানবন্দৰৰ ক্ষমতা ২৫০ যাত্রীৰ পৰা বৃদ্ধি কৰি ,২০০ কৰা হৈছে৷ মুখ্যমন্ত্রী শ্রী ধামীজীৰ সাহী আৰু প্রাণপ্রাচুর্য্যময় নেতৃত্বত উত্তৰাখণ্ড হেলিপর্ট আন্তঃগাঁথনিতো যথেষ্ট সাহ যোগোৱা হৈছে৷

বন্ধুসকল,

পানী যোগানৰ ক্ষেত্রতো উত্তৰাখণ্ডই আজি প্রশংসনীয় কাম হৈছে৷ ইয়াৰ ফলত মহিলাসকল সৰ্বাধিক লাভৱান হৈছে৷ তেওঁলোক জীৱন আৰু অধিক সহজ হৈ পৰিছে। ২০১৯ চনত জল জীৱন মিচন আৰুম্ভ হোৱাৰ পূৰ্বে উত্তৰাখণ্ডৰ মাত্র .৩০লাখ পৰিয়ালত নলসংযোগী পানী লাভ কৰিছিল৷ আজি উত্তৰাখণ্ডৰ .১০ লাখতকৈও অধিক পৰিয়ালত নলসংযোগী পানী পাবলৈ সক্ষম হৈছে৷ অর্থা, মাত্র দুবছৰৰ ভিতৰতে ৰাজ্যৰ প্রায় লাখ পৰিয়ালত নলসংযোগী পানী প্ৰদান কৰা হৈছে৷ উজ্জ্বলা যোজনাৰ জৰিয়তে ৰন্ধন গেছৰ সংযোগে যিদৰে মহিলাসকলক সকাহ দিছে, স্বচ্ছ ভাৰত মিচনৰ জৰিয়তে নিৰ্মাণ কৰা শৌচালয়সমূহে যিদৰে মহিলাসকলৰ সুবিধা, নিৰাপত্তা আৰু সন্মান দিছে, তেনেকৈ জল জীৱন মিচনৰ জৰিয়তে নিৰ্মা কৰা এই নলসংযোগী পানী প্ৰদান ব্যৱস্থাই মহিলাসকলৰ আৰু অধিক সকাহ দিছে৷

বন্ধুসকল,

দেশৰ নিৰাপত্তা ৰক্ষাৰ ক্ষেত্রত উত্তৰাখণ্ডৰ যথেষ্ট ডাঙৰ ভূমিকা আছেইয়াৰ বীৰ জোৱানসকলে, বীৰাংগনাসকলে ভাৰতৰ সেনাবাহিনী আৰু বিভিন্ন নিৰাপত্তাৰক্ষী বাহিনীত মর্যাদাৰে কাম কৰিছেষ আমাৰ চৰকাৰে প্রত্যেক সেনা আৰু অৱসৰপ্রাপ্ত সৈনিকৰ কল্যাণক লৈও সুচিন্তিত পদক্ষেপ লৈছে৷ আমাৰ সেনা ভাইসকলৰ ৪০ বছৰৰ পুৰণি দাবি-এক পদ, এক পেন্সনআমাৰ চৰকাৰৰ সময়তে পুৰণ কৰা হৈছে৷ আমাৰ মুখ্যমন্ত্রী ধামী জীও এগৰাকী অৱসৰপ্রাপ্ত সৈনিকৰ পুত্র। তেওঁ কৈছিল যে এক পদ এক পেন্সন সিদ্ধান্তই অৱসৰপ্রাপ্ত সৈনিকসকলক কিমান উপকাৰ কৰিছে৷

বন্ধুসকল,

আমাৰ চৰকাৰে দিল্লীত প্রথমবাৰলৈ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক নিৰ্মাণ কৰি দেশৰ বীৰ জোৱানসকলৰ প্ৰতি শ্রদ্ধাঞ্জলি নিবেদন কৰিছে৷ আমাৰ চৰকাৰেই যুদ্ধত আহতৰ কল্যান পুঁজিৰ হিতাধিকাৰীৰ তালিকাত স্থলসেনাৰ লগতে নৌ-সেনা আৰু বায়ুসেনাৰ শ্বহীদসকলো অন্তর্ভুক্ত কৰিছে৷ আমাৰ চৰকাৰেই প্রথমবাৰলৈ জেচিঅ আৰু অন্যান্য বেংকৰ পদোন্নতিক লৈ বিগত চাৰি দশকৰ জটিলতা সমাধান কৰিছে৷ প্রাক্তন সৈনিকসকল পেন্সন সংক্রান্তীয় জটিলতাসমূহ দূৰ কৰাৰ বাবে আমি ডিজিটেল প্রযুক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰিছো৷

বন্ধুসকল,

যেতিয়া সেনাবাহিনীৰ বীৰসকলৰ হাতত আধুনিক মাৰণাস্ত্র থাকে, দেশ ৰক্ষাৰ বাবে অত্যাধুনিক সৰঞ্জাম থাকে, তেতিয়া তেওঁলোকে সহজে শত্রুৰ সৈতে মোকাবিলা কৰিব পাৰিব, শত্রুৰ আক্রমণক প্রতিহত কৰিব পাৰিব। যিবোৰ এলেকাত সৈনিকসকলে কঠিন পৰিস্থিতিৰ সন্মুখীন লগা হয়, তেতিয়াও আধুনিক সৰঞ্জামৰ জৰিয়তে তেওঁলোকে যথেষ্ট উপকৃত য়৷ মোৰ চৰকাৰে নিৰাপত্তা ক্ষেত্রত যি আত্মনির্ভৰতাৰ অভিযান চলিছে সেয়াও আমাৰ ফৌজি বন্ধুসকলৰ যথেষ্ট উপকৃত ৰিব আৰু নিশ্চিতভাৱে চৰকাৰৰ এই সকলো প্রচেষ্টাৰ সুফল উত্তৰাখণ্ডবাসীয়ে পাব, ইয়াৰ জনগণ পাব

ভাই-ভনীসকল,

আমি কেইবা দশকৰ উপেক্ষা আৰু ৱহেলাৰ পৰা এই দেৱভূমিক বাহিৰ ৰি অনাৰ অত্যন্ত প্রচেষ্টা ৰি আহিছে। উন্নত আন্তঃগাঁথনি নির্মাণৰ পাছত খালী ৰি থকা গাঁওসমূহত কৌ মানু ঘূৰি আহিবলৈ আৰম্ভ কৰিছে ৰোনাৰ সংকটকালত ৰাজ্যৰ বহুত যুৱক-যুৱতী আৰু কৃষকৰ সৈতে মোৰ কেইবাবাৰো কথা হৈছে যেতিয়া তেওঁলোকে কয় যে তেওঁলোকৰ ঘৰৰ কাষলৈকে এতিয়া পথ হৈছে, তেওঁলোকে এতিয়া হোম-ষ্টে আৰম্ভ ৰি সংস্থাপন লাভ কৰিছে, তেতিয়া মই অতিশয় আনন্দিত হও৷ নতুন আন্তঃগাঁথনিৰ জৰিয়তে কৃষি, পর্যটন, তীর্থযাত্রা আৰু উদ্যোগৰ বাবে, প্রজন্মৰ বাবে বহুত নতুন কর্মসংস্থাপনৰ পথ মুকলি কৰিছে।

বন্ধুসকল,

এই উত্তৰাখণ্ড তুন প্রাণশক্তিৰে ভৰপুৰ সাহী কর্মী আছে অহা কেইটামান বছৰ উত্তৰাখণ্ড ইয়াৰ ২৫সংখ্যক প্রতিষ্ঠা বর্ষ প্রৱেশ ৰিব। তেতিয়া উত্তৰাখণ্ড কিমান উচ্চতা শিখৰত উপনীত , তাৰ ঠিক কৰা আৰু সেই লক্ষ্য প্রাপ্তিৰ বাবে জঁপিয়াই ৰাৰ য়াই সঠিক সময়। কেন্দ্র যি চৰকাৰ আছে, সেই চৰকাৰ উত্তৰাখণ্ডৰ এই নতুন টীমক কলো ফালৰ পৰা সহা কৰিছে৷ কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ মিলিত প্রচেষ্টাই ইয়াৰ জনগণৰ সপোনবোৰ বাস্তবায়িত কৰাৰ বৃহৎ ভেঁটি৷ উন্নয়নৰ এই ডবল ইঞ্জিনে উত্তৰাখণ্ডক নতুন শিখৰত উপনীত কৰাব৷ বাবা কেদাৰৰ কৃপা আমি প্রতিটো সংকল্প যেন পূৰণ ৰিব পাৰো সেই কামনাৰে আপোনালোক সকলোকে বহুত বহুত শুভকামনা জনাইছো।

ধন্যবাদ!

****

DS/AKJ/VK/AK/DB


(ৰিলিজ আই ডি : 1769988) অতিথি কক্ষ : 162