প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কম হাৰত টীকাকৰণ হোৱা জিলাসমূহৰে ৩নৱেম্বৰত পৰ্যালোচনা সভাত মিলিত হ’ব প্ৰধানমন্ত্ৰী

Posted On: 31 OCT 2021 1:38PM by PIB Guwahati

জি-২০ শীৰ্ষ সন্মিলন আৰু চিঅপি-২৬ সন্মিলনৰ পৰা দেশলৈ উভতি অহাৰ পিচতে অহা ৩নৱেম্বৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কম হাৰত টীকাকৰণ সম্পন্ন হোৱা দেশৰ জিলাসমূহৰ পদাধিকাৰীসকলৰ সৈতে এক পৰ্যালোচনা সভাত মিলিত ব। ভিডিঅ কনফাৰেন্সিং ব্যৱস্থাৰে অনুষ্ঠিত লগা সভাখন সেইদিনা দুপৰীয়া ১২বজাৰ পৰা অনুষ্ঠিত ব।

ভিডৰ প্ৰথম পালি প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত ৫০%তকৈ কম আৰু দ্বিতীয় পালিৰ ক্ষেত্ৰত কম হাৰত টীকাকৰণ হোৱা জিলাসমূহক এই সভাত অন্তৰ্ভুক্ত কৰা ব। প্ৰধানমন্ত্ৰীয়ে সেইদিনা ঝাৰখণ্ড, মণিপুৰ, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মহাৰাষ্ট্ৰ, মেঘালয় আৰু অন্যন্য কেইবাখনো ৰাজ্যৰ কম হাৰত টীকাকৰণ হোৱা ৪০খনৰো অধিক জিলাৰ জিলা দণ্ডাধীশসকলৰে মত-বিনিময় কৰিব। অনুষ্ঠানত সংশ্লিষ্ট ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলো উপস্থিত থাকিব।    

 

****

DS/SH/KB



(Release ID: 1768440) Visitor Counter : 128