বিত্ত মন্ত্ৰালয়

বিত্তীয় অন্তৰ্ভুক্তিৰ অৰ্থে ৰাষ্ট্ৰীয় অভিযান-প্ৰধান মন্ত্ৰী জন-ধন যোজনা (PMJDY) ৰ সফল ৰূপায়ণৰ সাত বছৰ সম্পূৰ্ণ


পিএমজেডিৱাইৰ অধীনত প্ৰৱৰ্তনৰেপৰা ৪৩.০৪ কোটিৰো অধিক হিতাধিকাৰী বেংকিং ব্যৱস্থাৰ অন্তৰ্ভুক্ত হৈছে, ১৪৬,২৩১ কোটি টকা ডিপ’জিট

“৭ বছৰৰ এটি চমু সময়ত গ্ৰহণ কৰা পিএমজেডিৱাই নেতৃত্বাধীন মধ্যবৰ্ত্তিতাই কাৰ্য্যতঃ ৰূপান্তৰমূলক তথা একেদৰে নিৰ্দেশমূলক উভয় পৰিৱৰ্তন সাধনেৰে বৰ্ধমান এফআই ব্যৱস্থাক সমাজখনৰ অন্তিমজন লোক-দৰিদ্ৰতম লোকজনলৈয়ো বিত্তীয় সেৱা আগবঢ়াবলৈ সক্ষম কৰি তোলে”– বিত্ত ও কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমন

“বিত্তীয় অন্তৰ্ভুক্তি সৰ্বব্যাপী বিকাশৰ এটি সম্বল হোৱাৰ পৰিপ্ৰেক্ষিতত, ইয়াক চৰকাৰখনে শীৰ্ষ-অগ্ৰাধিকাৰ প্ৰদান কৰিছে”- বিত্ত দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ডাঃ ভাগবত কৰাদ

পিএমজেডিৱাই একাউন্ট মাৰ্চ, ’১৫ ত ১৪.৭২ কোটিৰপৰা ১৮-০৮-২০২১ ত ৪৩.০৪ কোটিলৈ তিনি-গুণ বৃদ্ধি পাইছে

জন-ধন একাউন্ট হ’ল্ডাৰসকলৰ ৫৫% হৈছে মহিলা আৰু ৬৭% জন ধন একাউন্ট গ্ৰামীণ আৰু সম-নগৰীয়া অঞ্চলত আছে

মুঠ ৪৩.০৪ কোটি পিএমজেডিৱাই একাউন্টৰ ভিতৰত, ৩৬.৮৬ কোটি (৮৬%) কাৰ্য্যক্ষম হৈ আছে

পিএমজেডিৱাই একাউন্ট হ’ল্ডাৰসকললৈ জাৰি কৰা মুঠ ৰূপে’ কাৰ্ডঃ ৩১.২৩ কোটি

ক’ভিড লকডাউনৰ সময়ছোৱাত পিএম গৰীব কল্যাণ যোজনাৰ অধীনত মহ

Posted On: 28 AUG 2021 7:30AM by PIB Guwahati

প্ৰান্তিক আৰু এতিয়াও আৰ্থ-সামাজিকভাৱে উপেক্ষিত শ্ৰেণীলৈ বিত্তীয় অন্তৰ্ভুক্তি আৰু সমৰ্থন আগবঢ়াবলৈ বিত্ত মন্ত্ৰালয় অংগীকাৰবদ্ধ। বিত্তীয় অন্তৰ্ভুক্তি সৰ্বব্যাপী বিকাশৰ এটি সম্বল হোৱাৰ পৰিপ্ৰেক্ষিতত, ইয়াক চৰকাৰখনে শীৰ্ষ-অগ্ৰাধিকাৰ প্ৰদান কৰিছে। ই এইবাবেই গুৰুত্বপূৰ্ণ কিয়নো ই হৈছে দৰিদ্ৰ লোকসকলে তেওঁলোকৰ সঞ্চয়ক আনুষ্ঠানিক বিত্তীয় ব্যৱস্থাত অন্তৰ্ভুক্ত কৰাৰ এটা উপায়, যিয়ে সুদখোৰ মহাজনৰ নিষ্ঠুৰতাৰপৰা মুক্তভাৱে তেওঁলোকৰ গাঁৱত থকা পৰিয়ালৰ লোকলৈ ধন প্ৰেৰণৰ পথ প্ৰশস্ত কৰি তুলিলে এই অংগীকাৰৰ অভিমুখে এটা মূল পদক্ষেপ হৈছে প্ৰধান মন্ত্ৰী জন ধন যোজনা (PMJDY), যি হৈছে বিশ্বখনৰ অন্যতম সৰ্ববৃহৎ বিত্তীয় অন্তৰ্ভুক্তিকৰণ পদক্ষেপ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ ৰ ১৫ আগষ্টত তেখেতৰ স্বাধীনতা দিৱসৰ সম্বোধনত পিএমজেডিৱাই ঘোষণা কৰিছিল। ২৮ আগষ্টত এই কাৰ্য্যক্ৰমৰ শুভাৰম্ভ কৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে এই কাৰ্য্যসূচীক দুষ্ট চক্ৰৰপৰা দৰিদ্ৰ লোকসকলৰ মুক্তিৰ উদযাপনাৰ্থে উৎসৱ বুলি আখ্যা প্ৰদান কৰিছিল।

পিএমজেডিৱাইৰ ৭ম বাৰ্ষিকী উপলক্ষে, বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনে আঁচনিখনৰ গুৰুত্বতাৰ কথা দোহাৰে। "৭ বছৰৰ এটি চমু সময়ত গ্ৰহণ কৰা পিএমজেডিৱাই নেতৃত্বাধীন মধ্যবৰ্ত্তিতাই কাৰ্য্যতঃ ৰূপান্তৰমূলক তথা একেদৰে নিৰ্দেশমূলক উভয় পৰিৱৰ্তন সাধনেৰে বৰ্ধমান এফআই ব্যৱস্থাক সমাজখনৰ অন্তিমজন লোক-দৰিদ্ৰতম লোকজনলৈয়ো বিত্তীয় সেৱা আগবঢ়াবলৈ সক্ষম কৰি তোলে। পিএমজেডিৱাইৰ নিৰ্ধাৰিত স্তম্ভকেইটা যথাঃ বেংকিং ব্যৱস্থাৰে জড়িত নোহোৱাসকলৰ বেংকিং, অসুৰক্ষিতসকলক সুৰক্ষিতকৰণ আৰু পুঁজি নথকাসকলক পুঁজি যোগানে অসেৱিত আৰু একেদৰে সেৱা আগবঢ়াই থকা অঞ্চলসমূহত সেৱা ত্বৰান্বিত কৰিবলৈ প্ৰযুক্তিৰ প্ৰয়োগেৰে বহু-অংশীদাৰৰ সমন্বিত প্ৰচেষ্টাৰ অভিযোজনাক সম্ভৱ কৰি তোলে। তেওঁ কয়।

 

বিত্ত দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ডাঃ ভাগবত কৰাদেও এই উপলক্ষে পিএমজেডিৱাই সন্দৰ্ভত তেওঁৰ ভাবনা ব্যক্ত কৰে। তেওঁ কয়, প্ৰধান মন্ত্ৰী জন ধন যোজনা (PMJDY) কেৱল ভাৰততে নহয় বৰঞ্চ সমগ্ৰ বিশ্বখনতে বিত্তীয় অন্তৰ্ভুক্তিৰ অৰ্থে অন্যতম অতিশয় সুদূৰপ্ৰসাৰী পদক্ষেপ হৈ পৰিছে। বিত্তীয় অন্তৰ্ভুক্তি সৰ্বব্যাপী বিকাশৰ এটি সম্বল হোৱাৰ পৰিপ্ৰেক্ষিতত, ইয়াক চৰকাৰখনে শীৰ্ষ-অগ্ৰাধিকাৰ প্ৰদান কৰিছে। ই হৈছে দৰিদ্ৰ লোকসকলে তেওঁলোকৰ সঞ্চয়ক আনুষ্ঠানিক বিত্তীয় ব্যৱস্থাত অন্তৰ্ভুক্ত কৰাৰ এটা উপায়, যিয়ে সুদখোৰ মহাজনৰ নিষ্ঠুৰতাৰপৰা মুক্তভাৱে তেওঁলোকৰ পৰিয়ালৰ লোকলৈ ধন প্ৰেৰণৰ পথ প্ৰশস্ত কৰি তুলিলে।

আমি এই আঁচনিখনৰ সফল ৰূপায়ণৰ বছৰ সম্পূৰ্ণ কৰাৰ পৰিপ্ৰেক্ষিতত, আমি এতিয়ালৈকে এই আঁচনিখনৰ গুৰুত্বপূৰ্ণ দিশ আৰু সফলতাসমূহৰ সম্পৰ্কে অৱলোকন কৰিব খুজিছো।

পৃষ্ঠপট (Background)

প্ৰধান মন্ত্ৰী জন-ধন যোজনা (পিএমজেডিৱাই) হৈছে সাশ্ৰয়ী পদ্ধতিৰে বেংকিং/ছেভিং ডিপজিট একাউন্ট, ৰেমিটেন্স, ক্ৰেডিট, ইঞ্চুৰেন্স, পেঞ্চন আদি বিত্তীয় সেৱাসমূহ লাভ কৰাটো নিশ্চিতৰ অৰ্থে বিত্তীয় অন্তৰ্ভুক্তিৰ বাবে ৰাষ্ট্ৰীয় অভিযান।

  1. উদ্দেশ্যৰাজি (Objectives):
    • ব্যয় সাধ্যভাৱে বিত্তীয় প্ৰডাক্ট সেৱা লাভ নিশ্চিত কৰা
    • ব্যয় নিম্ন বিস্তৃসুগমতাৰ অৰ্থে প্ৰযুক্তিৰ ব্যৱহাৰ
  2. আঁচনিখনৰ প্ৰাথমিক নীতি (Basic tenets of the scheme)
    • বেংকিং ব্যৱস্থাৰে জড়িত নোহোৱাসকলৰ বেংকিং - ন্যূনতম কাগজপত্ৰ, শিথিলীকৃত কেৱাইচি, ই-কেৱাইচিৰে বেছিক ছেভিং বেংক ডিপজিট (BSBD) একাউন্ট খোলা, কেম্প ম, শূন্য জমা শূন্য মাচুলেৰে একাউন্ট খোলা
    • অসুৰক্ষিতসকলক সুৰক্ষিতকৰণ - ২ লাখ টকাৰ বিনামূলীয়া দুৰ্ঘটনা বীমা কভাৰেজৰ সৈতে মাৰ্চেন্ট লোকেশ্যনত কেচ উইড্ৰল পেমেন্টৰ অৰ্থে ঘৰুৱা ডেবিট কাৰ্ড জাৰি কৰা
    • পুঁজি নথকাসকলক পুঁজি যোগান - কনজাম্পশ্যন, মাইক্ৰ-পেঞ্চন মাইক্ৰ’-ক্ৰেডিটৰ অৰ্থে মাইক্ৰ’-ইঞ্চুৰেন্স, ভাৰড্ৰাফট আদিৰ দৰে আন বিত্তীয় প্ৰডাক্ট
  3. প্ৰাৰম্ভিক বৈশিষ্ট্য (Initial Features)

 

নিম্ন উল্লেখিত ৬ টা স্তম্ভৰ ভিত্তিত এই আঁচনিখনৰ শুভাৰম্ভ কৰা হৈছিলঃ

 

  1. বেংকিং সেৱাত সৰ্বজনীন প্ৰৱেশ  শাখা আৰু বিচি
  2. প্ৰতিজন যোগ্য প্ৰাপ্তবয়স্ক লোকলৈ ১০,০০০/- টকাৰ অভাৰড্ৰাফট সুবিধাৰ সৈতে বেছিক ছেভিং বেংক একাউন্ট
  3. বিত্তীয় সাক্ষৰতা কাৰ্যক্ৰমসঞ্চয় কৰা, এটিএমৰ ব্যৱহাৰ, ক্ৰেডিটৰ অৰ্থে সাজু, বীমা আৰু পেঞ্চন লাভ, বেংকিঙৰ অৰ্থে বেছিক মবাইল ফোনৰ ব্যৱহাৰৰ প্ৰতি প্ৰোৎসাহন
  4. ক্ৰেডিট গ্যাৰেন্টী ফাণ্ডৰ সৃষ্টি ডিফল্টৰ বিপৰীতে বেংকক কিছু গ্যাৰেন্টী আগবঢ়াবলৈ
  5. বীমা ১৫ আগষ্ট, ২০১৪ ৰপৰা ৩১ জানুৱাৰী, ২০১৫ৰ মাজত খোলা একাউন্টৰ ক্ষেত্ৰত ১,০০,০০০ টকালৈকে দুৰ্ঘটনা কভাৰ আৰু ৩০,০০০ টকা লাইফ কভাৰ
  6. অসংগঠিত খণ্ডৰ অৰ্থে পেঞ্চন আঁচনি

 

  1. পূৰ্বৰ অভিজ্ঞতাৰ ভিত্তিত পিএমজেডিৱাইত গুৰুত্বপূৰ্ণ পদ্ধতি অৱলম্বনঃ

 

    1. ভেণ্ডৰৰে প্ৰযুক্তি ৰুদ্ধ কৰি অফলাইন একাউন্ট খোলাৰ পূৰ্বৰ পদ্ধতিৰ ঠাইত খোলা একাউন্টসমূহ বেংকৰ কৰ বেংকিং চিষ্টেমত অনলাইন একাউন্ট
    2. পেডেবিট কাৰ্ড বা আধাৰ এনাবলড পেমেন্ট চিষ্টেম (AePS)ৰ জৰিয়তে ইন্টাৰ-অপাৰেবিলিটি
    3. ফিক্সড-পইন্ট বিজনেছ কৰেছপনডেন্ট
    4. সুবিধাজনক কেৱাইচি আনুষ্ঠানিকতাৰ ঠাইত সৰলীকৃত কেৱাইচি/ই-কেৱাইচি

 

  1. নতুন বৈশিষ্ট্যৰে পিএমজেডিৱাইৰ সম্প্ৰসাৰণ চৰকাৰখনে কিছু সাল-সলনিৰ জৰিয়তে বিস্তৃত পিএমজেডিৱাই কাৰ্যক্ৰমক ২৮-৮-২০১৮ লৈকে সম্প্ৰসাৰিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল

প্ৰতিঘৰ গৃহস্থীৰপৰা বেংকৰে জড়িত নোহোৱা প্ৰতিজন প্ৰাপ্তবয়স্কলৈ মনোযোগ সলনি

ৰূপেকাৰ্ড ইঞ্চুৰেন্স - ২৮-৮-২০১৮ৰ পাছত খোলা পিএমজেডিৱাই একাউন্টৰ বাবে ৰপেকাৰ্ডত বিনামূলীয়া দুৰ্ঘটনাজনিত বীমা কভাৰ ১ লাখ টকাৰপৰা ২ লাখ টকালৈ বৃদ্ধি।

v ভাৰড্ৰাফট সুবিধাৰ্ধন -

  • ,০০০/- টকাৰপৰা ১০,০০০/- টকালৈ অডি সীমা দুগুণ কৰা হৈছে; ,০০০/- টকা পৰ্যন্ত অডি (বিনা চৰ্তে)।
  • ডিৰ অৰ্থে বয়সৰ উৰ্ধ সীমা ৬০ ৰপৰা ৬৫ বছৰলৈ বৃদ্ধি

 

  1. পিএমজেডিৱাইৰ প্ৰভাৱ

পিএমজেডিৱাই চৰকাৰখনৰ জন-কেন্দ্ৰিক অৰ্থনৈতিক কাৰ্য্যকলাপৰ আধাৰশিলা হৈ পৰিছে। প্ৰত্যক্ষ লাভ হস্তান্তৰৰ ক্ষেত্ৰতেই হওঁক বা ভিড-১৯ ৰ আৰ্থিক সাহায্য, পিএম-কিষাণ, এমজিএনৰেগাৰ অধীনত বৰ্ধিত মজুৰি, জীৱন আৰু স্বাস্থ্য বীমা কভাৰৰ ক্ষেত্ৰতেই হওঁক, এই সকলো পদক্ষেপৰ প্ৰথমটো ঢাপ হৈছে প্ৰতিজন প্ৰাপ্তবয়স্ক লোকক একোটা বেংক একাউন্ট প্ৰদান কৰা, যি পিএমজেডিৱাইৰ জৰিয়তে প্ৰায় সম্পূৰ্ণ হৈছে। 

মাৰ্চ, ১৪ ৰপৰা মাৰ্চ, ২০ ৰ ভিতৰত খোলা ২ টা একাউন্টৰ এটা হৈছে পিএমজেডিৱাই একাউন্ট। ৰাষ্ট্ৰজোৰা লকডাউনৰ ১০ দিনৰ ভিতৰত প্ৰায় ২০ কোটিৰো অধিক মহিলা পিএমজেডিৱাই একাউন্টত ক্ষতিপূৰণ আগবঢ়োৱা হয়।

জন ধন হৈছে দৰিদ্ৰ লোকসকলে তেওঁলোকৰ সঞ্চয়ক আনুষ্ঠানিক বিত্তীয় ব্যৱস্থাত অন্তৰ্ভুক্ত কৰাৰ এটা উপায়, যিয়ে সুদখোৰ মহাজনৰ নিষ্ঠুৰতাৰপৰা মুক্তভাৱে তেওঁলোকৰ গাঁৱত থকা পৰিয়ালৰ লোকলৈ ধন প্ৰেৰণৰ পথ প্ৰশস্ত কৰি তুলিলে পিএমজেডিৱাই এ বেংকিং ব্যৱস্থাৰে অন্তৰ্ভুক্ত নোহোৱাসকলক ইয়াৰে সংযোজিত কৰে, ভাৰতৰ বিত্তীয় কাঠামোটোক সম্প্ৰসাৰিত কৰে আৰু প্ৰায় প্ৰতিজন প্ৰাপ্তবয়স্ক লোকৰ বিত্তীয় অন্তৰ্ভুক্তি প্ৰশস্ত কৰে।


আজি কভিড-১৯ ৰ সময়ত, আমি প্ৰত্যক্ষ লাভ হস্তান্তৰ (DBT) এ লক্ষ্যণীয় ক্ষীপ্ৰতা আৰু নিৰ্বিঘ্নতাৰে সমাজৰ দুৰ্বল শ্ৰেণীটোক সবল আৰু তেওঁলোকলৈ আৰ্থিক সুৰক্ষা আগবঢ়োৱাটো প্ৰত্যক্ষ কৰিছো। এটি গুৰুত্বপূৰ্ণ দৃষ্টিকোণ এয়ে যে পিএম জন ধন একাউন্টৰ জৰিয়তে ডিবিটিয়ে প্ৰতিটো টকা নিৰ্ধাৰিত হিতাধীকাৰীয়ে লাভ কৰাটো নিশ্চিত কৰিছে আৰু পদ্ধতিগত ছিদ্ৰ প্ৰতিৰোধ কৰিছে।

 

7. ১ আগষ্ট, ২০২ সাপেক্ষে পিএমজেডিৱাইৰ অধীনত লাভ কৰা সফলতাঃ

  1. পিএমজেডিৱাই একাউন্ট

 

  • আগষ্ট, ২১ সাপেক্ষে মুঠ পিএমজেডিৱাই একাউন্টৰ সংখ্যাঃ .০৪ কোটি; ৫৫.৪৭% (২৩.৮৭ কোটি) জন-ধন একাউন্ট হল্ডাৰ হৈছে মহিলা আৰু ৬.৬৯% (২৮.৭০ কোটি) জন ধন একাউন্ট গ্ৰামীণ আৰু সম-নগৰীয়া অঞ্চলত আছে
  • আঁচনিখনৰ প্ৰথম বছৰটোত ১৭.৯০ কোটি পিএমজেডিৱাইএকাউন্ট খোলা হৈছিল
  • পিএমজেডিৱাইৰ অধীনত একাউন্টৰ সংখ্যা একেৰাহে বৃদ্ধি পাই আহিছে
  • পিএমজেডিৱাই একাউন্ট মাৰ্চ, ’১৫ ত ১৪.৭২ কোটিৰপৰা ১৮-০৮-২০২১ ত ৪৩.০৪ কোটিলৈ তিনি-গুণ বৃদ্ধি পাইছেযি নিঃসন্দেহে বিত্তীয় অন্তৰ্ভুক্তি কাৰ্য্যক্ৰমটোৰ এটি উল্লেখনীয় যাত্ৰা।

 

b. সক্ৰিয় পিএমজেডিৱাই একাউন্ট

  • আৰবিআইৰ প্ৰচলিত নীতি-নিৰ্দেশনা অনুসৰি, যদি দুই বছৰৰো অধিক সময়ৰ বাবে পিএমজেডিৱাই একাউন্টটোৰ বিপৰীতে গ্ৰাহকে লেন-দেন সম্পন্ন নকৰে, তেন্তে একাউন্টটোক নিষ্ক্ৰিয় হিচাপে গণ্য কৰা হয়
  • আগষ্ট, ২০২ সাপেক্ষে, মুঠ ৪.০৪ কোটি পিএমজেডিৱাই একাউন্টৰ ভিতৰত, .৮ কোটি (৮.%) সক্ৰিয়
  • সক্ৰিয় একাউন্টৰ % একেৰাহে বৃদ্ধিয়ে সূচাইছে যে গ্ৰাহকৰদ্বাৰা নিয়মিতভাৱে এই একাউন্টসমূহৰ অধিক ব্যৱহাৰ কৰা হৈছে
  • মাত্ৰ ৮.২% পিএমজেডিৱাই একাউন্টত জমা শূন্য

 

c. পিএমজেডিৱাই একাউন্টৰ অধীনত জমা -

  • পিএমজেডিৱাই একাউন্টৰ অধীনত মুঠ জমা ৰাশি হৈছে ১,৪৬,২৩০ কোটি টকা
  • ২.৪ গুণ একাউন্ট বৃদ্ধি তথা প্ৰায় ৬.৩৮ গুণ জমা বৃদ্ধি পাইছে (আগষ্ট, / আগষ্ট, ১৫)

d. প্ৰতি পিএমজেডিৱাই একাউন্টত গড় জমা -

 

 

  • একাউন্টে প্ৰতি গড় জমা হৈছে ৩,৩৯৮ টকা
  • আগষ্ট, ২০১৫ ৰপৰা প্ৰতি একাউন্টত গড় জমা ২. গুণ অধিক বৃদ্ধি পাইছে
  • গড় জমা বৃদ্ধিয়ে একাউন্টৰ ব্যৱহাৰ বৃদ্ধি আৰু একাউন্টধাৰীসকলৰ মাজত সঞ্চয়ৰ অভ্যাস বৃদ্ধি পোৱাটোকে সূচিত কৰে

 

e. পিএমজেডিৱাই একাউন্টল্ডাৰলৈপেকাৰ্ড জাৰি

  • পিএমজেডিৱাই একাউন্টধাৰীলৈ জাৰি কৰা মুঠ ৰপেকাৰ্ডঃ ৩১.২৩ কোটি
  • সময়ৰ লগে-লগে ৰপেকাৰ্ডৰ সংখ্যা ইয়াৰ ব্যৱহাৰ বৃদ্ধি পাই আহিছে

 

8. জন ধন দৰ্শক এপ

দেশখনত বেংকৰ শাখা, এটিএম, বেংক মিত্ৰ, ডাক ঘৰ ইত্যাদিৰ দৰে বেংকিং টাচ পইন্টৰ অৱস্থান নিৰ্ধাৰণৰ অৰ্থে জন কেন্দ্ৰিক মাধ্যম আগবঢ়াবলৈ এটা মবাইল এপ্লিকেশ্যনৰ শুভাৰম্ভ কৰা যায়। এই জিআইএছ এপটোত ৮ লাখৰো অধিক বেংকিং টাচপইন্ট মানচিত্ৰণ কৰা হৈছে। সাধাৰণ লোকৰ প্ৰয়োজন আৰু সুবিধা অনুসৰি জন ধন দৰ্শক এপৰ অধীনস্থ সা-সুবিধাসমূহ লাভ কৰিব পাৰি। এই এপ্লিকেশ্যনটোৰ ৱেব ভাৰ্চনটো http://findmybank.gov.in লিংকটোৰ জৰিয়তে লাভ কৰিব পাৰি।

তদুপৰি এই এপটো ৫ কিমিৰ ভিতৰত বেংকিং টাচপইন্টৰে সমৃদ্ধ নোহোৱা গাঁওসমূহ চিনাক্ত কৰিবলৈ ব্যৱহাৰ কৰা হয়। তেতিয়া এই চিনাক্ত কৰা গাঁওসমূহক বেংকিং আউটলেট খোলাৰ নিমিত্তে সংশ্লিষ্ট এছএলবিচিৰদ্বাৰা ভিন্ন বেংকসমূহলৈ আবন্টন দিয়া যায়। উক্ত প্ৰচেষ্টাৰ ফলশ্ৰুতিত এনে গাঁৱৰ সংখ্যা লক্ষ্যণীয়ভাৱে হ্ৰাস পাইছে।

9. পিএমজেডিৱাই মহিলা হিতাধিকাৰীৰ বাবে প্ৰধান মন্ত্ৰী গৰী কল্যাণ পেকেজ (পিএমজিকেপি)

২৬-৩-২০২০ ত মাননীয় বিত্ত মন্ত্ৰীৰদ্বাৰা কৰা ঘোষণা অনুসৰি, পিএম গৰী কল্যাণ যোজনাৰ অধীনত, প্ৰধান মন্ত্ৰী জন ধন যোজনা (পিএমজেডিৱাই)ৰ মহিলা একাউন্টধাৰীসকলৰ একাউন্টলৈ তিনি মাহ (এপ্ৰিল, ২০ ৰপৰা জুন, ২০ লৈ)ৰ বাবে প্ৰতি মাহে ৫০০/- টকাকৈ আগবঢ়োৱা যায়। ভিড লকডাউনৰ সময়ছোৱাত মহিলা পিএমজেডিৱাই একাউন্টধাৰীৰ একাউন্টত মুঠ ৩০,৯৪৫ কোটি টকা আগবঢ়োৱা হয়।

10. সুচল ডিবিটি লেন-দেন নিশ্চিতকৰণৰ দিশেঃ

 

বেংকৰদ্বাৰা অৱগত কৰা অনুসৰি, ভিন্ন আঁচনিৰ অধীনত চৰকাৰখনৰপৰা প্ৰায় কোটি পিএমজেডিৱাই একাউন্টধাৰীয়ে প্ৰত্যক্ষ লাভ হস্তান্তৰ (ডিবিটি) লাভ কৰিছে। সঠিক সময়ত যোগ্য হিতাধিকাৰীয়ে তেওঁলোকৰ ডিবিটি লাভ কৰাটো নিশ্চিত কৰিবলৈ, বিভাগটোৱে ডিবিটি অভিযান, এনপিচিআই, বেংক আৰু আন বহু মন্ত্ৰলয়ৰ সৈতে আলোচনামৰ্মে ডিবিটি ব্যৰ্থতাৰ পৰিহাৰ্য কাৰণৰ চিনাক্তকৰণত সক্ৰিয় ভূমিকা গ্ৰহণ কৰে। বেংক আৰু এনপিচিআইৰে নিয়মীয়া ভিডিঅকনফাৰেন্সিঙৰ জৰিয়তে এই সংক্ৰান্তত নিবিড় পৰ্যবেক্ষণৰ জৰিয়তে, পৰিহাৰ্য কাৰণৰ বাবে মুঠ ডিবিটি ব্যৰ্থতাৰ শতাংশ হিচাপে ডিবিটি ব্যৰ্থতাৰ শ্বেয়াৰ ১৩.৫% (১৯-২০ বিত্তীয় বৰ্ষ) ৰপৰা ৫.৭% (২০-২১ বিত্তীয় বৰ্ষ) লৈ হ্ৰাস পায়।

 

11. সন্মুখত থকা পথছোৱা

 

  1. মাইক্ৰইঞ্চুৰেন্স আঁচনিৰ অধীনত পিএমজেডিৱাই একাউন্টধাৰীসকলৰ কভাৰেজ নিশ্চিতৰ প্ৰচেষ্টা। যোগ্য পিএমজেডিৱাই একাউন্টধাৰীসকলে পিএমজেজেবিৱাই আৰু পিএমএছবিৱাইৰ অধীনত কভাৰ হোৱাৰ চেষ্টা কৰিব পাৰে। এই সন্দৰ্ভত বেংকৰে ইতিমধ্যে যোগাযোগ কৰা হৈছে
  2. সমগ্ৰ ভাৰতত গ্ৰহণীয় আন্তঃগাঁথনি প্ৰৱৰ্তনৰ জৰিয়তে পিএমজেডিৱাই একাউন্টধাৰীসকলৰ মাজত ৰপেডেবিট কাৰ্ডৰ ব্যৱহাৰকে ধৰি ডিজিটেল পেমেন্টৰ প্ৰোৎসাহন
  3. ফ্লেক্সি-ৰেকাৰিং ডিপজিট ইত্যাদিৰ দৰে মাইক্ৰ’-ক্ৰেডিট আৰু মাইক্ৰইনভেষ্টমেন্টলৈ পিএমজেডিৱাই একাউন্টধাৰীৰ অভিগমনৰ অগ্ৰগতি সাধন।

****

 



(Release ID: 1749885) Visitor Counter : 282