তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

আজাদী কা অমৃত মহোৎসৱৰ অংশ হিচাপে ‘আইকনিক উইক’ ৰ শুভাৰম্ভ কৰিব কেন্দ্ৰীয় তথ্য ও সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী অনুৰাগ ঠাকুৰে

জন ভাগিদাৰীৰ উদ্দীপনাত মাইক্ৰ’চাইট, ই-বুক আৰু সাংস্কৃতিক কাৰ্য্যসূচী হ’ব গুৰুত্বপূৰ্ণ

ডিডি নেটৱৰ্কৰদ্বাৰা তথ্যচিত্ৰ আৰু “নয়ে ভাৰত কা নয়া চফৰ” শ্ব’ সম্প্ৰচাৰ কৰা হ’ব

শ্ৰেষ্ঠ দেশপ্ৰেমমূলক/ক্লাছিক চলচ্চিত্ৰ থূপাই প্ৰদৰ্শনৰ অৰ্থে চলচ্চিত্ৰ মহোৎসৱ

যুৱ অ’ডিয়েন্সক লক্ষ্যৰে সমগ্ৰ ছ’চিয়েল মিডিয়াত মত-বিনিময় ক্ৰিয়া-কলাপ, কুইজ আৰু প্ৰতিযোগিতা

Posted On: 22 AUG 2021 5:28PM by PIB Guwahati

কেন্দ্ৰীয় তথ্য ও সম্প্ৰচাৰ মন্ত্ৰালয়ে ইয়াৰ আইকনিক উইক উদযাপনৰ অধীনত ২০২১ ৰ ২৩ ৰপৰা ২৯ আগষ্টলৈকে আজাদী কা অমৃত মহোৎসৱ উদযাপনাৰ্থে এলানি কাৰ্য্যসূচী শুভাৰম্ভ কৰিবলৈ সাজু হৈছে। কেন্দ্ৰীয় তথ্য ও সম্প্ৰচাৰ মন্ত্ৰী মাননীয় শ্ৰী অনুৰাগ ঠাকুৰে শুভাৰম্ভ কৰিবলগীয়া এই উদযাপনত “জন ভাগিদাৰী আৰু জন আন্দোলন ৰ পূৰ্ণ উদ্দীপনাৰ সুবাদত সমগ্ৰ দেশখনৰ অংশগ্ৰহণকাৰীসকল সাক্ষী হৈ ৰ’ব। ইয়াৰ উদ্দেশ্য হৈছে ব্যাপক প্ৰচাৰ কাৰ্য্যসূচীৰ জৰিয়তে নব্য ভাৰতৰ যাত্ৰা থূপাই প্ৰদৰ্শন কৰা আৰু মুক্তি সংগ্ৰামৰ অখ্যাত নায়ক সকলকে ধৰি মুক্তিযোদ্ধাসকলৰ বৰঙণিৰ গুণগান কৰা।

এই সহক্ৰিয়াত্মক উদযাপনৰ এটি মূল দৃষ্টিকোণ হৈছে সাংস্কৃতিক কাৰ্য্যসূচী, বাটৰ নাট আৰু টেলিভিচনৰ কাৰ্য্যসূচীৰ দৰে পৰম্পৰাগত পন্থাৰে তথা একেদৰে ডিজিটেল/সামাজিক মাধ্যমৰ দৰে উদ্ভাৱনীমূলক পন্থাৰে ৩৬০ ডিগ্ৰী প্ৰচাৰ। আকাশবাণীৰ দৈনিক কেপচুল “আজাদী কা চফৰ, আকাশবাণী কে সাথ” ক বিভিন্ন ৰাজ্যৰ তথ্য আৰু জন সংযোগ সঞ্চালকালয় আৰু মন্ত্ৰালয়ৰ আঞ্চলিক কাৰ্য্যালয়সমূহৰ যৌথ প্ৰচেষ্টাত সমগ্ৰ ভাৰতৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহলৈ লৈ যোৱা হ’ব। এআইআৰ নেটৱৰ্কৰদ্বাৰা শুভাৰম্ভ কৰিবলগীয়া এলানি বিশেষ কাৰ্য্যসূচীৰ মাজত আছে ধৰোহাৰ (মুক্তি সেনানীসকলৰ ভাষণ) আৰু নিশান (প্ৰদৰ্শন কৰিবলগীয়া ৭৫ গুৰুত্বপূৰ্ণ ক্ষেত্ৰ), অপৰাজিতা (মহিলা নেত্ৰী)। ডিডি নেটৱৰ্কে নয়ে ভাৰত কা নয়া চফৰআৰুজাৰ্নি অৱ নিউ ইণ্ডিয়া ৰ অধীনত ক্ষেত্ৰীয় কাৰ্য্যসূচীসমূহ সম্প্ৰচাৰ কৰিব যিয়ে ৰাজনৈতিক কৌশল, ডিজিটেল ইণ্ডিয়া, আইনী সংস্কাৰ ইত্যাদিৰ দৰে বিষয়বস্তুক সামৰি লোৱাৰ লগতে অখ্যাত নায়ক আৰু মুক্তি সংগ্ৰাম সন্দৰ্ভত অব্যাহত থকা দৈনিক বিশেষ নিউজ কেপচুল আছেই।

আইকনিক ফিল্মসমূহৰ প্ৰদৰ্শন হ’ব এই আইকনিক উইক উদযাপনৰ মূল বৈশিষ্ট্য। ডিডি নেটৱৰ্কে নেতাজী, মাৰ্জাৰ অৱ প্ৰিন্সলী ষ্টেটছ ইত্যাদিৰ দৰে এলানি তথ্যচিত্ৰ প্ৰদৰ্শন কৰিব “ৰাজী” ৰ দৰে জনপ্ৰিয় ভাৰতীয় চলচ্চিত্ৰও টেলিকাষ্ট কৰা হ’ব। এনএফডিচিয়ে ইয়াৰ অটিটি প্লেটফৰ্ম www.cinemasofindia.com তো এটি চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন কৰিছে আইছলেণ্ড চিটি, ক্ৰছিং ব্ৰীজেছ ইত্যাদিৰ দৰে চলচ্চিত্ৰসমূহৰ বিশেষভাৱে সজ্জিত থূপ প্ৰদৰ্শন কৰা হব। আন মূল আকৰ্ষণৰ ভিতৰত আছে এনএফডিচিৰদ্বাৰা চলচ্চিত্ৰ পাঠ্যক্ৰমসমূহৰ ছাত্ৰ-ছাত্ৰী আৰু আগ্ৰহীসকলৰ বাবে অনলাইন মত-বিনিময় অনুষ্ঠান আৰু ফিল্ম ডিভিজনৰদ্বাৰা “চলচ্চিত্ৰ নিৰ্মাণত কাৰিকৰী অগ্ৰগতি” শীৰ্ষক এখনি ৱেবিনাৰ।

এই উদ্দীপনাত অৰিহণা যোগাবালৈ, ফিল্ম ডিভিজনৰদ্বাৰা ২০২১ ৰ ২৩ ৰপৰা ২৫ আগষ্টলৈ আৰু ২০২১ ৰ ২৬ ৰপৰা ২৮ আগষ্টলৈ ক্ৰমে “ইণ্ডিয়া@৭৫: ভয়েজ অৱ প্ৰগ্ৰেছ আৰু ইণ্ডিয়া@৭৫: আইকনছ অৱ ইণ্ডিয়া” ৰ দৰে আন এলানি অনলাইন চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত হ’ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সহযোগিতাত চলচ্চিত্ৰ মহোৎসৱসমূহৰ সঞ্চালকালয় (DFF) এ ভাৰতস্থিত আন দেশসমূহৰ দূতাবাসত চলচ্চিত্ৰসমূহ প্ৰদৰ্শন কৰিব। এনএফএআয়ে ২০২১ ৰ ২৩ ৰপৰা ২৯ আগষ্টলৈ এনএফএআইৰ ৱেবচাইটত অনুষ্ঠিত হ’বলগীয়া ক্লাছিক চিনেমা সন্দৰ্ভত লাইভ ভাৰ্চুৱেল ফিল্ম পষ্টাৰ এক্সিবিশ্যনৰ জৰিয়তে মন্ত্ৰমুগ্ধ কৰিব।

ব্যুৰ’ অৱ আউটৰীছ এণ্ড কমিউনিকেশ্যনেও সমগ্ৰ দেশখনত আৰঅ’বিৰদ্বাৰা ৫০ ৰোধিক সংহত সংযোগ আৰু প্ৰচাৰ কাৰ্য্যসূচীৰ জৰিয়তে বাটৰ নাট, ব্যংগ-ৰচনা (skits), যাদু প্ৰদৰ্শন, পুতলা নাচ, লোক আবৃত্তি (folk recitals) ৰ মাধ্যমেৰে আৰু গীত আৰু নাট শাখাৰদ্বাৰা ১০০০ ৰোধিক পিআৰটিৰে জনসাধাৰণৰ কাষ চাপিব। তদুপৰি, বিঅ’চিয়ে ‘মেকিং অৱ দ্য কনষ্টিটিউশ্যন শীৰ্ষক এখনি ইবুক মুকলি কৰিব আৰু ইয়াৰ ৱেবচাইটত এয়া উপলব্ধ হব। আগ্ৰহী পাঠকসকলে সমগ্ৰ ভাৰতৰ প্ৰকাশন শাখাৰ গ্ৰন্থ বীথিকাসমূহত সম্পৰ্কীয় বিষয়বস্তুৰ তথ্যসমৃদ্ধ আৰু আকৰ্ষণীয় গ্ৰন্থৰাজিৰো সন্ধান কৰিব পাৰে।

যুৱ সমাজে মন্ত্ৰালয়ৰ সকলোবোৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মতে মুক্তি সংগ্ৰাম আৰু নব্য ভাৰতৰ দৃশ্য-শ্ৰব্য মুহূৰ্তৰ লগতে মত-বিনিময় ক্ৰিয়া-কলাপ, কুইজ আৰু প্ৰতিযোগিতাসমূহ উপভোগ কৰিব পাৰে।

 আজাদী কা অমৃত মহোৎসৱৰ অধীনত এই আইকনিক উইক হ’ব তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰদ্বাৰা এটি মহা উদযাপন য’ত এখন যুৱ, নৱ আৰু প্ৰতিষ্ঠিত ভাৰতৰ আকাংক্ষা আৰু সপোনৰ সৈতে মুক্তি সংগ্ৰামৰ প্ৰমূল্যৰাজি আৰু গৰিমাৰ এক-কেন্দ্ৰাভিমুখতা থূপাই প্ৰদৰ্শন কৰা হ’ব।

WhatsApp Image 2021-08-22 at 5.16.38 PM.jpeg

 

*****



(Release ID: 1748165) Visitor Counter : 400