প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

টকিঅ’ ২০২০ত কৰা দৰ্শনীয় প্ৰদৰ্শনৰ বাবে ভাৰতীয় দলটোক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

নতুন প্ৰতিভাই ভূমুকি মাৰিব পৰাকৈ তৃণমূল পৰ্যায়ত ক্ৰীড়াৰ জনপ্ৰিয়কৰণত মনোনিৱশৰ আহ্বান

সুন্দৰকৈ খেল মহোত্সৱ অনুষ্ঠিত কৰাৰ বাবে জাপানৰ চৰকাৰৰ লগতে জনসাধাৰণক ধন্যবাদ জ্ঞাপন

Posted On: 08 AUG 2021 6:18PM by PIB Guwahati

টকিঅ’ ২০২০ত কৰা দৰ্শনীয় প্ৰদৰ্শনৰ বাবে ভাৰতীয় দলটোক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। টকিঅ’ অলিম্পিকৰ সামৰণি মুহূৰ্তত প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰতিগৰাকী খেলুৱৈয়েই চেম্পিয়ণ।

ভাৰতে লাভ কৰা পদকসমূহে ৰাষ্ট্ৰক গৌৰৱান্বিত আৰু উজ্জীৱিত কৰি তুলিছে বুলিও তেওঁ অভিমত ব্যক্ত কৰে।

একে সময়তে, তৃণমূল পৰ্যায়ত ক্ৰীড়াৰ জনপ্ৰিয়কৰণত মনোনিৱশ কৰাৰ বাবে এয়াই সময় বুলি উল্লেখ কৰা প্ৰধানমন্ত্ৰীয়ে তেতিয়াহে নতুন প্ৰতিভাই ভূমুকি মাৰি ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ পাব বুলি মন্তব্য কৰে।

 

তেওঁ সুন্দৰকৈ খেল মহোত্সৱ অনুষ্ঠিত কৰাৰ বাবে জাপানৰ চৰকাৰৰ লগতে জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে। এনে এক সময়ত মহোত্সৱখনি ইমান সুন্দৰকৈ অনুষ্ঠিত কৰা কথাই নমনীয়তাৰ এক বাৰ্তাই প্ৰেৰণ কৰিছে। সংঘবদ্ধ কৰাৰ ক্ষেত্ৰত ক্ৰীড়াৰ প্ৰচণ্ড শক্তিকো ই পুনৰ প্ৰতিস্থা কৰিলে বুলিও তেওঁ মন্তব্য কৰে।

এই সন্দৰ্ভত প্ৰকাশিত এলানি বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়,

“#Tokyo2020-ৰ সামৰণি পৰত মই খেল মহোত্সৱখনিত কৰা দৰ্শনীয় প্ৰদৰ্শনৰ বাবে ভাৰতীয় দলটোক অভিনন্দন জনাইছো। তেওঁলোকে উত্তম কৌশল, দলগত প্ৰয়াস আৰু উত্সৰ্গিত মনোভাৱৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিলে। ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰতিগৰাকী খেলুৱৈয়েই দৰাচলতে একোগৰাকী চেম্পিয়ণ!

ভাৰতে লাভ কৰা পদকসমূহে ৰাষ্ট্ৰক গৌৰৱান্বিত আৰু উজ্জীৱিত কৰি তুলিছে।

একে সময়তে, তৃণমূল পৰ্যায়ত ক্ৰীড়াৰ জনপ্ৰিয়কৰণত মনোনিৱশ কৰাৰ বাবে এয়াই সময় বুলি উল্লেখ কৰা প্ৰধানমন্ত্ৰীয়ে তেতিয়াহে নতুন প্ৰতিভাই ভূমুকি মাৰি ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ পাব বুলি মন্তব্য কৰে।#Tokyo2020

সুন্দৰকৈ খেল মহোত্সৱ অনুষ্ঠিত কৰাৰ বাবে জাপানৰ চৰকাৰৰ লগতে জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে।

এনে এক সময়ত মহোত্সৱখনি ইমান সুন্দৰকৈ অনুষ্ঠিত কৰা কথাই নমনীয়তাৰ এক বাৰ্তাই প্ৰেৰণ কৰিছে। সংঘবদ্ধ কৰাৰ ক্ষেত্ৰত ক্ৰীড়াৰ প্ৰচণ্ড শক্তিকো ই পুনৰ প্ৰতিস্থা কৰিলে।#Tokyo2020”

 

***

DS/SH/KB



(Release ID: 1745808) Visitor Counter : 181