কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা

কেন্দ্রীয় মন্ত্রীসভাই পহিলা এপ্রিলৰ পৰা ২০২৬ৰ ৩১ মার্চ পর্যন্ত বিদ্যালয় শিক্ষাৰ বাবে সমগ্র শিক্ষা প্রকল্প অব্যাহত ৰখাৰ প্রস্তাব অনুমোদন কৰিছে

২,৯৪,২৮৩.০৪ কোটি টকাৰ এই প্রকল্পত কেন্দ্রই ১,৮৫,৩৯৮.৩২ কোটি টকা ব্যয় কৰিব

এই প্রকল্পত পোনপটীয়া আৰু চৰকাৰী সাহায্যপ্ৰাপ্ত ১১ লক্ষ ৬০ হাজাৰ বিদ্যালয়ৰ ১৫ কোটি ৬০ লক্ষ ছাত্রছাত্রী আৰু ৫৭ লক্ষ শিক্ষক-শিক্ষয়িত্ৰী উপকৃত হ'ব

Posted On: 04 AUG 2021 3:57PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ পৌৰোহিত্যত কেন্দ্রীয় মন্ত্রীসভাৰ অর্থনৈতিক বিষয়ক কমিটিৰ বৈঠকত ২০২১-২২ অর্থবর্ষ ২০২৫-২৬ অর্থবর্ষ পর্যন্ত পৰিবর্তিত সমগ্র শিক্ষা প্রকল্পৰ প্রস্তাব অনুমোদিত হৈছে। ২,৯৪,২৮৩.০৪ কোটি টকাৰ এই প্রকল্পত কেন্দ্রই ১,৮৫,৩৯৮.৩২ কোটি টকা ব্যয় কৰিব।

সুবিধাভোগী :

এই প্রকল্পত চৰকাৰী আৰু চৰকাৰৰ সাহায্যপ্ৰাপ্ত প্রাক-প্রাথমিকৰ পৰা উচ্চমাধ্যমিক পর্যন্ত ১১ লক্ষ ৬০ হাজাৰ বিদ্যালয়ৰ ১৫ কোটি ৬০ লক্ষ ছাত্রছাত্রী আৰু ৫৭ লক্ষ শিক্ষক-শিক্ষয়িত্ৰী উপকৃত হ'ব।

বিস্তাৰিত :

প্রাক-প্রাথমিক স্তৰৰ পৰা দ্বাদশ শ্রেণী পর্যন্ত বিদ্যালয় শিক্ষাৰ সম্পূৰ্ণ অংশ জুৰি সমগ্র শিক্ষা অভিযান কার্যকৰী থাকিব। এই প্রকল্পত শিক্ষাৰ বাবে স্থিতিশীল উন্নয়নৰ উদ্দেশ্যে স্কুল শিক্ষাত বিভিন্ন ব্যৱস্থা লোৱা হ'ব। ইয়াৰ মাধ্যমত শিক্ষাৰ অধিকাৰ নিশ্চিত কৰাৰ সমান্তৰালকৈ ২০২০ৰ জাতীয় শিক্ষা নীতি বাস্তবায়ন কৰা হ'ব। এই নীতি অনুযায়ী প্রতিটো শিশুৱে উন্নতমানৰ শিক্ষাৰ সুযোগ পাব য'ত শ্রেণীকক্ষত সকলোৰে বাবে যথাযথ পৰিবেশ বজাই থাকিব। ছাত্রছাত্রীসকলৰ বিভিন্ন প্রেক্ষাপট, বেলেগ বেলেগ ভাষা ভিত্তিক চাহিদা, ভিন্ন শিক্ষা অর্জনৰ ক্ষমতা অনুযায়ী তেওঁলোকৰ শিক্ষা ব্যৱস্থাত যুক্ত কৰা হ'ব।

এই অভিযানত বিদ্যালয় শিক্ষাৰ সকলো স্তৰক যুক্ত কৰা হ'ব। ইয়াৰ বাবে যি বিষয়বিলাকৰ ওপৰত গুৰুত্ব দিয়া হ'ব সেইবিলাক হ'ল- ১) পৰিকাঠামোৰ উন্নয়নসহ সার্বজনীন সুযোগ-সুবিধা নিশ্চিত কৰা, ২) মৌলিক স্বাক্ষৰতা আৰু গণনা কৰাৰ ক্ষমতা, ৩) লিঙ্গবৈষম্য দূৰ কৰা আৰু সাম্য, ৪) সমন্বিত শিক্ষা ব্যৱস্থা, ৫) গুণগত শিক্ষা আৰু উদ্ভাবনী ব্যৱস্থাপনা, ৬) শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বেতনৰ বাবে আর্থিক সহায়তা, ৭) ডিজিটেল পদ্ধতিৰ ব্যৱহাৰ, ৮) স্কুলৰ পোছাক, পাঠ্যপুথিসহ শিক্ষাৰ অধিকাৰ নিশ্চিত কৰা, ৯) ইচিচিই-ৰ বাবে সহায়তা, ১০) বৃত্তিমূলক শিক্ষা, ১১) শৰীৰবিদ্যা আৰু খেলাধুলা, ১২) শিক্ষক-শিক্ষয়িত্ৰীসকলৰ প্রশিক্ষণৰ বাবে উন্নত ব্যৱস্থাপনা, ১৩) নজৰদাৰী, ১৪) বিভিন্ন কর্মসূচী ৰূপায়ণ আৰু ১৫) জাতীয় উপাদানসমূহ।

সমগ্র শিক্ষা অভিযানক ২০২০ চনৰ জাতীয় শিক্ষা নীতি অনুযায়ী পৰিমার্জন কৰা হৈছে।

  • এই প্রকল্পৰ সুবিধা সঠিকভাবে সকলোৰে বাবে উপলব্ধ কৰাবলৈ প্রত্যক্ষ সুবিধা হস্তান্তৰৰ সাহায্যত শিশু কেন্দ্রিক বিভিন্ন উদ্যোগ লোৱা হ'ব। এই কামত তথ্যপ্রযুক্তি নির্ভৰ মঞ্চ ব্যৱহাৰ কৰা হ'ব।
  • কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন মন্ত্রালয় আৰু সংস্থাই একেলগে এই প্রকল্প বাস্তবায়নত সাহায্য কৰিব। দক্ষতা বিকাশ আৰু শিল্পোদ্যোগ মন্ত্রালয়ে অন্যান্য মন্ত্রালয়ৰ সহায়তাত দক্ষতা বিকাশৰ বাবে বৃত্তিমূলক শিক্ষা ব্যৱস্থাৰ প্রসাৰ ঘটাব। এই কামত স্কুল, আইটিআই আৰু পলিটেকনিকসমূহৰ পৰিকাঠামো ব্যৱহাৰ কৰা হ'ব। যাৰ সুফল স্কুলৰ ছাত্রছাত্রীসকলৰ লগতে স্কুল এৰা ল'ৰা-ছোৱালীয়েও পাব।
  • ইচিচিই শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বাবে কর্মৰত অৱস্থাত প্রশিক্ষণ আৰু অঙ্গনৱাড়ী কর্মীসকলৰ বাবে প্রশিক্ষণৰ কামত যিসকল শিক্ষক-শিক্ষয়িত্ৰীক লগোৱা হ'ব তেওঁলোকক যথাযথভাবে প্রশিক্ষিত কৰা হ'ব।
  • ছাত্রছাত্রীসকলৰ শিক্ষালাভৰ বাবে বিভিন্ন উপাদান, দেশজ খেলনা, খেলাধুলা ভিত্তিক বিভিন্ন উদ্যোগৰ বাবে চৰকাৰী স্কুলৰ প্রাক-প্রাথমিক বিভাগত গাইপতি বছৰি ৫০০ টকা দিয়া হ'ব।
  • তৃতীয় শ্রেণীৰ শেষত পঢ়িবলৈ শিকা, লিখিবলৈ শিকা আৰু যথাযথভাবে গণিবলৈ শিকা নিশ্চিত কৰিবলৈ নেচনেল মিছন অন ফাউণ্ডেচনেল লিটাৰেচী এণ্ড নিউমাৰেচীৰ আওতাত নিপুন ভাৰত প্রকল্পৰ সূচনা কৰা হৈছে। এই প্রকল্পত পঞ্চম শ্রেণী পর্যন্ত প্রতিটো শিশুক শিক্ষালাভৰ উপাদান সংগ্রহ কৰাৰ বাবে বছৰি ৫০০ টকা দিয়া হ'ব। শিক্ষক-শিক্ষয়িত্ৰীসকলক মেনুৱেল আৰু অন্যান্য সম্পদৰ বাবে ১৫০ টকা দিয়াৰ লগতে প্রতিখন জিলাত মূল্যায়ণৰ কামত ১০-২০ লক্ষ টকা ব্যয় কৰা হ'ব।
  • মাধ্যমিক আৰু প্রাথমিক স্তৰৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ এনচিইআৰটি-ৰ মাধ্যমত নিষ্ঠা প্রকল্পত বিশেষ প্রশিক্ষণৰ ব্যৱস্থা কৰা হ'ব।
  • প্রাক-প্রাথমিকৰ পৰা উচ্চ মাধ্যমিক স্তৰ পর্যন্ত বিদ্যালয়ত পৰিকাঠামোৰ উন্নতি ঘটোৱা হ'ব। ইয়াৰ আগতে প্রাক প্রাথমিক স্তৰক এই প্রক্রিয়াত যুক্ত কৰা নহৈছিল।
  • ছোৱালীসকলৰ হোষ্টেলত ইনচিনেটৰ আৰু ছেনিটাৰি পেড ভেন্ডিং মেচিন থাকিব।
  • বর্তমান যিবোৰ উচ্চ মাধ্যমিক স্কুল আছে তাত সুকীয়া বিভাগৰ পৰিবর্তে নতুন নতুন বিষয় লৈ পঢ়াশুনা কৰাৰ সুযোগ কৰি দিব লাগিব।
  • মাধ্যমিক স্তৰত পৰিবহনৰ বাবদ প্রতি বছৰে ৬ হাজাৰ টকা পর্যন্ত ব্যয় কৰা যাব।
  • ১৬-১৯ বছৰ বয়সীয়া স্কুলৰ ছাত্রছাত্রীসকলৰ মাজত তপশীলি জাতি, উপজাতি আৰু ভিন্নভাবে সক্ষম ছাত্রছাত্রীসকলক মাধ্যমিক, উচ্চ মাধ্যমিকৰ শেষত ২ হাজাৰ টকা পর্যন্ত দিয়া হ'ব। এই অর্থ এনআইঅ'এছ অথবা এছঅ'এছ-ৰ মাধ্যমত দিয়া হ'ব।
  • শিশুসকলৰ অধিকাৰ ৰক্ষা আৰু সুৰক্ষা নিশ্চিত কৰিবলৈ ৰাজ্যস্তৰৰ শিশু সুৰক্ষা কমিছনক আর্থিক সহায়তা দিয়া হ'ব। প্রতিখন প্রাক স্কুলৰ বাবে ৫০ টকা কৰি আৱণ্টন কৰা হ'ব।
  • প্রতিজন পঢ়ুৱৈৰ সার্বিক, সম্পূর্ণ, বহুমাত্রিক উন্নতিৰ বাবে হলিষ্টিক প্রোগ্রেছ কার্ডৰ ব্যবস্থা কৰা হ'ব। এই কার্ডৰ মাধ্যমত ছাত্রছাত্রীসকলৰ জ্ঞান ভিত্তিক যথাযথ শিক্ষালাভৰ বিষয়ে মূল্যায়ণ কৰা হ'ব।
  • ‘পৰখ’-ৰ বাবে এটা জাতীয় মূল্যায়ণ কেন্দ্র গঢ়ি তোলা হ'ব য'ত সার্বিক উন্নয়ন নিশ্চিত কৰিবলৈ ছাত্রছাত্রীসকলৰ কিমান শিক্ষালাভ হৈছে, তাৰ মূল্যায়ণ আৰু পর্যালোচনা কৰা হ'ব।
  • কোনো স্কুলৰ পৰা যদি কমেও ২জন ছাত্রছাত্রীয়ে জাতীয় স্তৰত খেলো ইন্ডিয়া বিদ্যালয় প্রতিযোগিতাত এটাকৈ পদক পায় তেনেহ'লে সেই স্কুলক খেলাধুলাৰ বাবে অতিৰিক্ত ২৫ হাজাৰ টকা দিয়া হ'ব।
  • বেগ অবিহনে স্কুললৈ যোৱাৰ বাবে স্কুল চৌহদত স্থানীয় হস্তশিল্পীসকলৰ সাহায্যত বিভিন্ন ধৰণৰ শিক্ষাৰ ব্যবস্থা কৰিব লাগিব।
  • ভাষা শিক্ষাৰ বাবে শিক্ষক-শিক্ষয়িত্ৰীসকলক নিয়োগ কৰাৰ ক্ষেত্রত নতুন এটা বিষয় যুক্ত কৰা হৈছে। শিক্ষক-শিক্ষয়িত্ৰীসকলক দুটা ভাষাত শিক্ষাদানৰ বাবে প্রশিক্ষণৰ ব্যবস্থা কৰা হ'ব। তদুপৰি কর্মৰত শিক্ষকসকলৰ বাবে বিশেষ ব্যবস্থা কৰা হ'ব।
  • সকলো কেজিবিভিয়ে দ্বাদশ শ্রেণী পর্যন্ত পঠন-পাঠনৰ বাবে বিশেষ ব্যবস্থা কৰিব লাগিব।
  • কেজিবিভি-টাইপ ফ'ৰ-ৰ নবমৰ পৰা দ্বাদশ শ্রেণীৰ স্কুলসমূহত ছাত্রীসকলৰ হোষ্টেলত ৪০ লক্ষ টকা আর্থিক সহায়তাৰ ব্যবস্থা কৰা হৈছে। আগতে ইয়াৰ পৰিমাণ আছিল ২৫ লক্ষ টকা।
  • আত্মৰক্ষাৰ বাবে ‘ৰাণী লক্ষ্মীবাই আত্মৰক্ষা প্রশিক্ষণ’ প্রকল্পত তিনি মাহ প্রশিক্ষণৰ ব্যবস্থা কৰা হৈছে। ইয়াৰ বাবদ প্রতি মাহে ৫ হাজাৰ টকাকৈ অর্থৰ সংস্থান থাকিব। আগতে এই শিতানত প্রতি মাহে ৩ হাজাৰ টকা দিয়া হৈছিল।
  • প্রাক-প্রাথমিকৰ পৰা উচ্চ মাধ্যমিক স্তৰ পর্যন্ত চিডব্লিউএছএন-ৰ ছাত্রীসকলৰ বাবে প্রতি মাহে ষ্টাইপেন্ডৰ বাবদ ২০০ টকাকৈ দিয়া হ'ব। এই টকা ছাত্রীসকলে ১০ মাহ পাব।
  • চিডব্লিউএছএন-ৰ বাবে বার্ষিক চিনাক্তকৰণ শিবিৰৰ ব্যবস্থা কৰা হ'ব। ইয়াৰ বাবে প্রতি শিবিৰত ব্লক স্তৰত ১ হাজাৰ টকা দিয়া হ'ব।
  • ৩১ মার্চ পর্যন্ত নতুন যিবোৰ এছচিইআৰটি গঢ়ি তোলা হৈছে আৰু জিলাস্তৰত ডিআইইটি-ৰ বাবে বিশেষ আর্থিক ব্যবস্থা থাকিব।
  • এছচিইআৰটি-ত বিভিন্ন ধৰণৰ সমীক্ষা চলোৱা, মূল্যায়ণৰ বাবে বিভিন্ন উপাদান আৰু তথ্য সংগ্রহ কৰি সেই তথ্য বিশ্লেষণৰ মাধ্যমত প্রতিবেদন প্ৰস্তুত কৰিবলৈ এটা এছেছমেণ্ট চেল গঢ়ি তোলা হ'ব।
  • প্রাক-প্রাথমিক আৰু মাধ্যমিক স্তৰত বিআৰচি তথা চিআৰচি-ক বিভিন্নভাবে সাহায্য কৰা হ'ব।
  • চৰকাৰী আৰু চৰকাৰৰ সাহায্য প্ৰাপ্ত বিদ্যালয়সমূহত বৃত্তিমূলক শিক্ষাৰ ব্যবস্থা কৰিবলৈ সাহায্য কৰা হ'ব।
  • শ্রেণীকক্ষত বৃত্তিমূলক শিক্ষাৰ বাবে কর্মশালাৰ আয়োজন কৰা হ'ব। ইয়াত অন্যান্য স্কুলৰ শিক্ষক-শিক্ষয়িত্ৰীসকল থাকিব। এই ক্ষেত্ৰত যাতায়াত আৰু মূল্যায়ণৰ বাবদ স্কুলে যি টকা ব্যয় কৰিব, সেই অর্থ অনুদান হিচাপে দিয়া হ'ব।
  • তথ্য, যোগাযোগ প্রযুক্তি, পৰীক্ষাগাৰ, অত্যাধুনিক শ্রেণীকক্ষ য'ত ডিজিটেল বোর্ড, ডিটিএইচ চেনেল সহ অন্যান্য সুযোগ-সুবিধা থাকিব।
  • চৰকাৰ আৰু চৰকাৰৰ সাহায্যপ্ৰাপ্ত ছাত্রছাত্রীসকলৰ বাবে চাইল্ড ট্রেকিং ব্যবস্থা গঢ়ি তোলা হ'ব।
  • প্রতি বছৰে স্কুলসমূহত ২০ শতাংশ অর্থ সামাজিক নানা উদ্যোগত ব্যয় কৰিব লাগিব। সকলো স্কুলক ৫ বছৰৰ ভিতৰত এই ব্যবস্থাত যুক্ত কৰিব লাগিব।

কৌশল গ্রহণ আৰু লক্ষ্য অর্জন

ৰাজ্যস্তৰত এটামাত্র সংস্থাৰ মাধ্যমত বিভিন্ন কেন্দ্রীয় প্রকল্পসমূহৰ বাস্তবায়ন কৰা হ'ব। জাতীয় স্তৰত স্কুলশিক্ষা আৰু স্বাক্ষৰতা দপ্তৰৰ সচিবৰ নেতৃত্বত এখন প্রকল্প অনুমোদন পৰিষদে কেন্দ্রীয় বিভিন্ন প্রকল্পক বাস্তবায়িত কৰিব। বিদ্যালয়সমূহৰ গভৰ্নিং কাউন্সিলে প্রয়োজনত আর্থিক নিয়মাৱলী পৰিবর্তন কৰিব পাৰিব। বিদ্যালয় শিক্ষাৰ মানোন্নয়নৰ বাবে প্রয়োজনীয় পৰিবর্তন কৰা হ'ব।

এই প্রকল্পৰ সুবিধা সকলোৱে যাতে পায় তাৰ বাবে নির্দিষ্ট সময়ত তথ্যপ্রযুক্তি ভিত্তিক এটা মঞ্চৰ ব্যবস্থা কৰা হ'ব যাতে ছাত্রছাত্রীসকলে প্রত্যক্ষ সুবিধা হস্তান্তৰৰ সুফল পাব পাৰে।

এই প্রকল্পত প্রাক-প্রাথমিকৰ পৰা উচ্চ মাধ্যমিক স্তৰ পর্যন্ত চৰকাৰী আৰু চৰকাৰৰ সাহায্যপ্ৰাপ্ত ১১ লক্ষ ৬০ হাজাৰ বিদ্যালয়ৰ ১৫ কোটি ৬০ লক্ষ ছাত্রছাত্রী আৰু ৫৭ লক্ষ শিক্ষক-শিক্ষয়িত্ৰী যুক্ত হ'ব। উন্নতমানৰ সমন্বিত শিক্ষাদানৰ বাবে শিক্ষক-শিক্ষয়িত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীসকলৰ প্রশিক্ষক, ছাত্রছাত্রী, অভিভাবক-অভিভাবিকা, স্কুল মেনেজমেন্ট কমিটি, এছচিইআৰটি, ডিআইইটি, বিআইইটি, ব্লক ৰিছ'ৰ্চ পাৰ্ছন, ক্লাস্টাৰ ৰিছ'ৰ্চ পাৰ্ছন আৰু স্বেচ্ছাসেবকসকলক এই প্রক্রিয়াত যুক্ত কৰা হ'ব। ২০২০ৰ জাতীয় শিক্ষা নীতি অনুযায়ী ছাত্রছাত্রীসকলৰ মাজত দক্ষতা বঢ়াবলৈ বিভিন্ন উদ্যোগ লোৱা হ'ব।

গুৰুত্বপূর্ণ প্রভাব

এই অভিযানৰ মাধ্যমত বিদ্যালয় শিক্ষাক সর্বজনীন কৰি তোলা হ'ব। পিছপৰা গোষ্ঠীৰ ছাত্রছাত্রীসকলক সাহায্য কৰিবলৈ বিভিন্ন উদ্যোগ লোৱা হ'ব। সর্বস্তৰত স্কুল শিক্ষাৰ মানোন্নয়ন ঘটোৱা হ'ব। এই অভিযানৰ মূল উদ্দেশ্য হ'ল ৰাজ্য আৰু কেন্দ্রশাসিত অঞ্চলসমূহক নানাভাবে সাহায্য কৰা।

১) ২০২০ৰ জাতীয় শিক্ষা নীতিক বাস্তবায়নৰ বাবে সকলো ধৰণৰ উদ্যোগ লোৱা হ'ব।

২) ২০০৯ চনৰ শিক্ষাৰ অধিকাৰ অনুযায়ী বিনামূল্যে বাধ্যতামূলক শিক্ষাৰ ব্যবস্থা কৰিব লাগিব।

৩) শৈশবৰ প্রথম অবস্থাতেই শিক্ষাৰ ব্যবস্থা কৰিব লাগিব।

৪) মৌলিক স্বাক্ষৰতা আৰু গণনা কৰাৰ ক্ষমতা গঢ়ি তোলাৰ ওপৰত জোৰ দিয়া হ'ব।

৫) একবিংশ শতাব্দীৰ সৈতে সংগতি ৰাখি সামগ্রিক সর্বাত্মক পাঠ্যক্রম আৰু শিক্ষা ব্যবস্থাৰ ওপৰত গুৰুত্ব দিয়া হৈছে।

৬) ছাত্রছাত্রীসকলৰ উন্নতমানৰ শিক্ষাৰ ব্যবস্থা কৰাৰ উপৰিও তেওঁলোকে যাতে শিক্ষা ব্যবস্থাৰ সুফল আৰু বেছিকৈ পায় তাৰবাবে প্রয়োজনীয় ব্যবস্থা লোৱা হ'ব।

৭) বিদ্যালয় শিক্ষাত সামাজিক ব্যবধান আৰু লিঙ্গ বৈষম্য দূৰ কৰা হ'ব।

৮) বিদ্যালয়ত সর্বস্তৰত সাম্য আৰু সর্বাত্মক শিক্ষাৰ ব্যবস্থা কৰিব লাগিব।

৯) এছচিইআৰটি, বিআইটি-ৰ মাধ্যমত ৰাজ্য আৰু জিলা স্তৰত শিক্ষক-শিক্ষয়িত্ৰীসকলৰ প্রশিক্ষণৰ ব্যবস্থাক আৰু শক্তিশালী কৰিব লাগিব।

১০) বিদ্যালয়ত নিৰাপদ, সুৰক্ষিত আৰু সার্বিক শিক্ষা গ্রহণৰ পৰিবেশ নিশ্চিত কৰিব লাগিব।

১১) বৃত্তিমূলক শিক্ষাক উৎসাহিত কৰিব লাগিব।

আত্মনির্ভৰ ভাৰত

জাতীয় উন্নয়নত মৌলিক দক্ষতাক স্বীকৃতি দি আত্মনির্ভৰ ভাৰত অভিযানৰ আওতাত নেচনেল ফাউন্ডেচনেল লিটাৰেচী এণ্ড নিউমাৰেছি মিছনৰ সূচনা কৰা হ'ব। ২০২৬-২৭ অর্থবর্ষৰ ভিতৰত তৃতীয় শ্রেণীত পঢ়া প্রতিটো ছাত্রছাত্রীয়ে যাতে মৌলিক স্বাক্ষৰতা আৰু গণনা কৰাৰ ক্ষমতা অর্জন কৰেসেই কথা নিশ্চিত কৰা হ'ব। সমগ্র শিক্ষাৰ আওতাত ৫ জুলাইত নিপূণ ভাৰত কর্মসূচীৰ সূচনা কৰা হৈছে।

ইতিমধ্যে আৰম্ভ হোৱা বিভিন্ন প্রকল্প সম্পর্কে :

ৰাজ্য আৰু কেন্দ্রশাসিত অঞ্চলসমূহৰ সহায়তাত কেন্দ্রৰ সাহায্যপ্রাপ্ত এই প্রকল্প ইতিমধ্যেই দেশজুৰি কার্যকৰী হৈছে। সমগ্র শিক্ষা প্রকল্পৰ কিছু সাফল্য :

২০১৮-১৯ৰ পৰা ২০২০-২১ৰ ভিতৰত ১১৬০খন বিদ্যালয়ৰ মানোন্নয়ন ঘটোৱা হৈছে। এই স্কুলসমূহক মাধ্যমিক আৰু উচ্চ মাধ্যমিক স্তৰলৈ উন্নীত কৰা হৈছে। ৫৪খন নতুন আবাসিক বিদ্যালয় খোলা হৈছে। ৪১১৮০খন বিদ্যালয়ৰ পৰিকাঠামোৰ মানোন্নয়ন কৰা হৈছে। ১৩ লক্ষ ৫১ হাজাৰ স্কুলত গ্রন্থাগাৰৰ ব্যবস্থা কৰা হৈছে। ১৩ লক্ষ ১৪ হাজাৰ স্কুলত বিভিন্ন ক্রীড়া সৰঞ্জাম দিয়া হৈছে। তথ্য যোগাযোগ প্রযুক্তিৰ মাধ্যমত ১২,৬৩৩খন স্কুলত ডিজিটেল পদ্ধতিত শিক্ষাদানৰ বিভিন্ন উদ্যোগ লোৱা হৈছে। ৫৫৭৯খন স্কুলত বৃত্তিমূলক শিক্ষাৰ ব্যবস্থা কৰা হৈছে। ৭৮৩খন স্কুল উচ্চ প্রাথমিকৰ পৰা মাধ্যমিক স্তৰলৈ, ৯২৫খন উচ্চ প্রাথমিক স্কুল উচ্চমাধ্যমিক স্তৰলৈ উন্নীত কৰা হৈছে। ছাত্রীসকলৰ বাবে বিদ্যালয়ত মুঠ ১১৫৬২টা পৃথক শৌচালয়ৰ ব্যবস্থা কৰা হৈছে।

২০১৮-১৯ অর্থবর্ষত ৪ লক্ষ ৭৮ হাজাৰ ছাত্রছাত্রীক প্রাথমিক স্তৰত বিশেষ ধৰণৰ প্রশিক্ষণৰ ব্যবস্থা কৰা হৈছে। ৪ লক্ষ ২৪ হাজাৰ ছাত্রছাত্রীক স্কুললৈ লৈ অহা আৰু ঘৰলৈ পঠোৱাৰ বাবে বিশেষ উদ্যোগ লোৱা হৈছে। ৬ কোটি ৯৬ লক্ষ ছাত্রছাত্রীক বিনামূল্যে ইউনিফর্ম দিয়া হৈছে। প্রাথমিক স্তৰত ৮ কোটি ৭২ লক্ষ ছাত্রছাত্রীক বিনামূল্যে পাঠ্যপুথি দিয়া হৈছে। ৭৪ লক্ষ ছাত্রছাত্রীক লেখাপঢ়াৰ বাবে বিভিন্ন সৰঞ্জাম দিয়া হৈছে। ১৪ লক্ষ ৫৮ হাজাৰ শিক্ষক-শিক্ষয়িত্ৰীক বিশেষ প্রশিক্ষণ দিয়া হৈছে। ৬৯১৭৩খন স্কুলত ছাত্রীসকলৰ আত্মৰক্ষাৰ বাবে প্রশিক্ষণ দিয়া হৈছে। ৩ লক্ষ ৭৯ হাজাৰ ছাত্রীক বিশেষ বৃত্তি দিয়া হৈছে। ২৩,১৮৩ জন স্পেছিয়েল এডুকেটৰক আর্থিক সহায়তা দিয়া হৈছে।

২০১৯-২০ অর্থবর্ষত ৫ লক্ষ ৭ হাজাৰ ছাত্রছাত্রীক প্রাথমিক স্তৰত বিশেষ ধৰণৰ প্রশিক্ষণৰ ব্যবস্থা কৰা হৈছে। ৬ লক্ষ ৭৮ হাজাৰ ছাত্রছাত্রীক স্কুললৈ লৈ অহা আৰু ঘৰলৈ পঠোৱাৰ বাবে বিশেষ উদ্যোগলোৱা হৈছে। ৬ কোটি ৮৯ লক্ষ ছাত্রছাত্রীক বিনামূল্যে ইউনিফর্ম দিয়া হৈছে। প্রাথমিক স্তৰত ৮ কোটি ৭৮ লক্ষ ছাত্রছাত্রীক বিনামূল্যে পাঠ্যপুথি দিয়া হৈছে। ১ কোটি ৭৬ লক্ষ ছাত্রছাত্রীক লেখাপঢ়াৰ বাবে বিভিন্ন সৰঞ্জাম দিয়া হৈছে। ২৮ লক্ষ ৮৪ হাজাৰ শিক্ষক-শিক্ষয়িত্ৰীক বিশেষ প্রশিক্ষণ দিয়া হৈছে। ১,৬৬,৫২৮খন স্কুলত ছাত্রীসকলৰ আত্মৰক্ষাৰ বাবে প্রশিক্ষণ দিয়া হৈছে। ৩ লক্ষ ২২ হাজাৰ ছাত্রীক বিশেষ বৃত্তি দিয়া হৈছে। ২৪,০৩০ জন স্পেছিয়েল এডুকেটৰক আর্থিক সহায়তা দিয়া হৈছে।

২০২০-২১ অর্থবর্ষত ৩ লক্ষ ২৩ হাজাৰ ছাত্রছাত্রীক প্রাথমিক স্তৰত বিশেষ ধৰণৰ প্রশিক্ষণৰ ব্যবস্থা কৰা হৈছে। ২ লক্ষ ৪১ হাজাৰ ছাত্রছাত্রীক স্কুললৈ লৈ অহা আৰু ঘৰলৈ পঠোৱাৰ বাবে বিশেষ উদ্যোগ লোৱা হৈছে। ৬ কোটি ৫৭ লক্ষ ছাত্রছাত্রীক বিনামূল্যে ইউনিফর্ম দিয়া হৈছে। প্রাথমিক স্তৰত ৮ কোটি ৮৪ লক্ষ ছাত্রছাত্রীক বিনামূল্যে পাঠ্যপুথি দিয়া হৈছে। ১ কোটি ৪৪ লক্ষ ছাত্রছাত্রীক লেখাপঢ়াৰ বাবে বিভিন্ন সৰঞ্জাম দিয়া হৈছে। ১৪ লক্ষ ৩২ হাজাৰ শিক্ষক-শিক্ষয়িত্ৰীক বিশেষ প্রশিক্ষণ দিয়া হৈছে। ৮১,২৮৮খন স্কুলত ছাত্রীসকলৰ আত্মৰক্ষাৰ বাবে প্রশিক্ষণ দিয়া হৈছে। ৩ লক্ষ ৫২ হাজাৰ ছাত্রীক বিশেষ বৃত্তি দিয়া হৈছে। ২২,৯৯০ জন স্পেছিয়েল এডুকেটৰক আর্থিক সহায়তা দিয়া হৈছে।

প্রেক্ষাপট :

২০১৮-১৯ অর্থবর্ষৰ কেন্দ্রীয় বাজেটত স্কুল শিক্ষাক প্রাক-প্রাথমিকৰ পৰা উচ্চ মাধ্যমিক পর্যন্ত কোনো বৈষম্য নোহোৱাকৈ সামগ্রিক উন্নতিৰ বাবে উদ্যোগ লোৱা হয়। এই পৰিপ্রেক্ষিতত ২০১৮ চনত সমগ্র শিক্ষা ব্যৱস্থাৰ সূচনা কৰা হয়। ইয়াৰ মাধ্যমত সর্বশিক্ষা অভিযান, ৰাষ্ট্রীয় মাধ্যমিক শিক্ষা অভিযান আৰু টিচাৰ এডুকেশনৰ দৰে কেন্দ্রীয় প্রকল্পসমূহক এটা ছাতিৰ তললৈ লৈ অহা হৈছে। যাৰ মূল উদ্দেশ্য হ'ল ২০২০ৰ জাতীয় শিক্ষানীতি অনুযায়ী দেশৰ প্রতিটো শিশুক উন্নত মানৰ শিক্ষাৰ সুযোগ কৰি দিয়াৰ বাবে প্রয়োজনীয় পৰিবেশ গঢ়ি তোলা।

*******

DS



(Release ID: 1743755) Visitor Counter : 431