প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

এগৰাকী ভাৰতীয় চিকিৎসকৰে আফগানিস্তানৰ ৰাষ্ট্ৰদূতৰ অভিজ্ঞতা সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ টুইট

আপোনাৰ অভিজ্ঞতা ভাৰত-আফগানিস্তানৰ সম্পৰ্কৰ সুবাসৰ নিৰ্যাসঃ প্ৰধানমন্ত্ৰী

Posted On: 01 JUL 2021 5:06PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতস্থিত আফগানিস্তানৰ ৰাষ্ট্ৰদূত শ্ৰী ফৰিদ মামুন্দজেৰ এটা টুইট সন্দৰ্ভত মন্তব্য আগবঢ়ায়। ৰাষ্ট্ৰদূতজনে এজন ভাৰতীয় চিকিৎসকক সাক্ষাতৰ অভিজ্ঞতা প’ষ্ট কৰিছিল। চিকিৎসকজনে তেওঁৰ ৰোগীজনক ভাৰতস্থিত আফগানিস্তানৰ ৰাষ্ট্ৰদূত বুলি জানিব পাৰি মাচুল ল’বলৈ অমান্তি হৈছিল। চিকিৎসকজনে এজন ভ্ৰাতৃৰপৰা মাচুল ল’ব নোৱাৰে বুলি কয়। টুইটটো হিন্দীত আছিল। ৰাষ্ট্ৰদূতজনে শ্বেয়াৰ কৰা ঘটনাটো সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এয়া হৈছে ভাৰত-আফগানিস্তানৰ সম্পৰ্কৰ সুবাসৰ নিৰ্যাস।

প্ৰধানমন্ত্ৰীগৰাকীয়ে তদুপৰি তেওঁক ৰাজস্থানৰ হৰিপুৰা ভ্ৰমণ কৰিবলৈ কয়, য’লৈ তেওঁক এটা মন্তব্যত আমন্ত্ৰণ জনোৱা যায় আৰু লগতে নিজা ঐতিহ্যৰে বিধৌত গুজৰাটৰ হৰিপুৰা ভ্ৰমণ কৰিবলৈ কয়।

উল্লেখযোগ্য যে আজি হৈছে ৰাষ্ট্ৰীয় চিকিৎসক দিৱস।

****

DS/SB



(Release ID: 1740615) Visitor Counter : 135