প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ইউনেস্ক’ৱে কাকাতীয়া ৰামাপ্পা মন্দিৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰাত প্ৰধানমন্ত্ৰীৰ সন্তোষ প্ৰকাশ
পোষ্ট কৰা হৈছে:
25 JUL 2021 6:24PM by PIB Guwahati
ইউনেস্ক’ৱে কাকাতীয়া ৰামাপ্পা মন্দিৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সন্তোষ প্ৰকাশ কৰিছে। তেখেতে তদুপৰি জনসাধাৰণক এই মহিমামণ্ডিত মন্দিৰ প্ৰাংগণ দৰ্শন আৰু ইয়াৰ মহিমাৰ প্ৰত্যক্ষ অভিজ্ঞতা লাভ কৰিবলৈ আহ্বান জনায়।
ইউনেস্ক’ৰ এটা টুইটৰ সঁহাৰি জনাই, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;
"বৰ ভাল কথা! তেলেংগানাৰ জনসাধাৰণকে প্ৰমুখ্য কৰি প্ৰতিজনকে অভিনন্দন জনালো।
সৰ্বজনবিদিত ৰামাপ্পা মন্দিৰভাগিয়ে বৰ্ণাঢ্য কাকাতীয়া ৰাজবংশৰ অসামান্য কাৰুশিল্পক থূপাই প্ৰদৰ্শন কৰে। মই আপোনালোক আটাইকে এই মহিমামণ্ডিত মন্দিৰ প্ৰাংগণ দৰ্শন আৰু ইয়াৰ মহিমাৰ প্ৰত্যক্ষ অভিজ্ঞতা লাভ কৰিবলৈ আহ্বান জনালো।"
***
DS/SH/SB
(ৰিলিজ আই ডি : 1740503)
অতিথি কক্ষ : 327
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam