প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৰাজ্যসভাত মহামাৰীৰ সন্দৰ্ভত আলোচনাত শ্ৰী হৰদীপ পুৰীৰ বক্তব্য আৰু স্বাস্থ্যমন্ত্ৰীৰ প্ৰত্যুত্তৰ শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে

Posted On: 20 JUL 2021 9:31PM by PIB Guwahati

ৰাজ্যসভাত ক’ভিড-১৯ সন্দৰ্ভত কৰা আলোচনাৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী হৰদীপ পুৰীয়ে দিয়া বক্তব্য শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে৷ টুইটাৰত প্ৰধানমন্ত্ৰীয়ে কয়, এই বক্তব্যত “বিশ্ব মহামাৰীৰ সন্দৰ্ভত কেতবোৰ পুংখানপুংখ ব্যাখ্যা আগবঢ়োৱা হৈছে৷”

মোৰ সতীৰ্থ শ্ৰী হৰদীপ পুৰী জীয়ে আজি ৰাজ্যসভাত কেতবোৰ গুৰুত্বপূৰ্ণ দিশ উল্লেখ কৰিছে৷ তেওঁ বিশ্ব মহামাৰীৰ সন্দৰ্ভত কেতবোৰ পুংখানপুংখ ব্যাখ্যা আগবঢ়াইছে৷

প্ৰধানমন্ত্ৰীয়ে লগতে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী শ্ৰী মনসুখ মান্দাভিয়াই আগবঢ়োৱা বক্তব্যৰ লিংকটো টুইটাৰত শ্বেয়াৰ কৰে৷ এই বক্তব্যত ক’ভিড-১৯ সন্দৰ্ভত উল্লেখ কৰা দিশবোৰ অন্তৰ্দৃষ্টিসম্পন্ন আৰু অতি সংবেদনশীল৷ মই সকলোকে তেওঁ বক্তব্য শুনাৰ বাবে অনুৰোধ জনালো৷” প্ৰধানমন্ত্ৰীয়ে টুইটাৰত কয়৷

******

DS/SKS/DB



(Release ID: 1739018) Visitor Counter : 163