প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

চতুৰ্থ বৰ্ষপূৰ্তিত ‘জিএছটি’ক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰীয়ে ক’লে, ‘অৰ্থনৈতিক প্ৰেক্ষাপটটোৰ বাবে ই এক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে’

Posted On: 30 JUN 2021 2:38PM by PIB Guwahati

চতুৰ্থ বৰ্ষপূৰ্তিত ‘জিএছটি’-ক ভূয়সী প্ৰশংসা কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু এই সন্দৰ্ভত মন্তব্য কৰি কয় যে ভাৰতৰ অৰ্থনৈতিক প্ৰেক্ষাপটটোৰ বাবে ই এক মাইলৰ খুঁটি হিচাপেই চিহ্নিত হৈছে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “ভাৰতৰ অৰ্থনৈতিক প্ৰেক্ষাপটটোৰ বাবে ‘জিএছটি’ এক মাইলৰ খুঁটি হিচাপেই চিহ্নিত হৈছে। ই সৰ্বসাধাৰণ মানুহৰ ক্ষেত্ৰত কৰৰ সংখ্যা, এনে বাধ্য-বাধকতাৰ লগতে সামগ্ৰিক ভাবে কৰৰ হেঁচা কমোৱাৰ বিপৰীতে স্বচ্ছতা, দায়বদ্ধতা আৰু সামগ্ৰিক কৰ সংগ্ৰহৰ পৰিমাণ লক্ষনীয় হাৰত বৃদ্ধি কৰিছে।#জিএছটিৰ ৪বছৰ”

 

***

DS/SH/KB



(Release ID: 1732104) Visitor Counter : 157