প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কাইলৈ ৭ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্য্যসূচী সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 20 JUN 2021 5:53PM by PIB Guwahati

কাইলৈ অৰ্থাৎ ২১ জুনৰ পুৱা ৬.৩০ বজাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্য্যসূচী সম্বোধন কৰিব।

এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "কাইলৈ অৰ্থাৎ ২১ জুনত, আমি ৭ম যোগ দিৱস পালন কৰিম। এই বৰ্ষৰ বিষয় হৈছে ‘সুস্থতাৰ অৰ্থে যোগ’, যাৰ জৰিয়তে শাৰীৰিক আৰু মানসিক কল্যাণৰ অৰ্থে যোগৰ অনুশীলনত গুৰুত্ব আৰোপ কৰা যায়। কাইলৈ পুৱা ৬.৩০ বজাত, যোগ দিৱসৰ কাৰ্য্যসূচী সম্বোধন কৰিম।"

***

DS/SH/SB


(रिलीज़ आईडी: 1729254) आगंतुक पटल : 198
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Punjabi , Malayalam , Tamil , Telugu , English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Gujarati , Odia , Kannada