প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

অক্সিজেন আৰু ঔষধৰ সহজলভ্যতা আৰু সৰবৰাহৰ সন্দৰ্ভত পর্যালোচনা কৰিলে প্রধানমন্ত্রীয়ে

কেন্দ্রই ঔষধ উৎপাদক সংস্থাসমূহৰ সৈতে যোগাযোগ ৰাখি আহিছে আৰু সকলো ধৰণৰ সাহায্য আগবঢ়াইছে, যাতে ঔষধৰ উৎপাদন বৃদ্ধি পায়

বিগত কেইবা সপ্তাহ ধৰি ৰেমডেছিভিৰকে ধৰি সকলো ঔষধৰ উৎপাদন উল্লেখযোগ্যভাবে বৃদ্ধি পাইছে

প্রথম লহৰৰ সৰ্বাধিক প্ৰাদুৰ্ভাৱৰ সময়ত হোৱা অক্সিজেন সৰবৰাহৰ তুলনাত বর্তমান তিনিগুণ অধিক অক্সিজেন সৰবৰাহ কৰা হৈছে

Posted On: 12 MAY 2021 9:14PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি অক্সিজেন আৰু ঔষধৰ সহজলভ্যতা আৰু সৰবৰাহৰ সন্দৰ্ভত এক উচ্চ পর্যায়ৰ পর্যালোচনা বৈঠক অনুষ্ঠিত কৰে৷

বৈঠকত প্রধানমন্ত্রীক ক’ভিড আৰু মিউকৰমাইক’ছিছৰ বাবে যিবোৰ ঔষধৰ প্রয়োজন হয়, সেইবোৰৰ সৰবৰাহ প্রসংগত অৱগত কৰা হয়৷ মন্ত্ৰালয়ে প্রধানমন্ত্রীক জনায় যে তেওঁলোকে ঔষধ উৎপাদক সংস্থাসমূহৰ সৈতে নিয়মীয়াকৈ যোগাযোগ ৰক্ষা কৰি আহিছে৷ ঔষধৰ উৎপাদন বৃদ্ধিত সকলো ধৰণৰ সহযোগিতা কৰা হৈছে। প্রধানমন্ত্রীক ঔষধৰ গুৰুত্বপূর্ণ উপাদানসমূহৰ উৎপাদন আৰু মজুত সম্পৰ্কীয় বর্তমান পৰিস্থিতি সম্পর্কে জনোৱা হয়৷ ৰাজ্যসমূহক যথেষ্ট পৰিমাণে ঔষধ প্ৰদান কৰা হৈছে। ৰেমডেছিভিৰকে ধৰি সকলো ধৰণৰ ঔষধৰ উৎপাদন বিগত সপ্তাহসমূহত উল্লেখযোগ্যভাৱে বৃদ্ধি কৰা হৈছে। প্রধানমন্ত্রীয়ে জনাই যে ঔষধ উৎপাদন উদ্যোগৰ ক্ষেত্ৰত ভাৰতবর্ষ যথেষ্ট শক্তিশালী আৰু সকলো ঔষধ যাতে উপযুক্তভাবে লাভ কৰিব পৰা যায়, সেয়া নিশ্চিত কৰিবলৈ চৰকাৰে সংশ্লিষ্ট সংস্থাসমূহৰ সৈতে সমন্বয় ৰক্ষা কৰি চলিছে।

প্রধানমন্ত্রীয়ে দেশত অক্সিজেনৰ সহজলভ্যতা আৰু সৰবৰাহৰ শেহতীয়া পৰিস্থিতি সম্পর্কে বুজ লয়৷ বৈঠকত জনোৱা হৈছে যে ক’ভিড মহামাৰীৰ প্রথম লহৰৰ সৰ্বাধিক প্ৰাদুৰ্ভাৱৰ সময়ৰ তুলনাত বর্তমানে তিনিগুণ অধিক অক্সিজেন সৰবৰাহ কৰা হৈছে। অক্সিজেন এক্সপ্ৰেছ আৰু ভাৰতীয় বায়ুসেনাৰ বিমানসমূহক অক্সিজেন সৰবৰাহেৰ কামত লগোৱা হৈছে। প্রধানমন্ত্রীক অক্সিজেন কনচেনট্রেটৰ, অক্সিজেন চিলিণ্ডাৰ আৰু দেশজুৰি পিএছএ প্লাণ্ট স্থাপনৰ কামৰ অগ্ৰগতিৰ বিষয়েও অৱগত কৰা হৈছে।

প্রধানমন্ত্রীয়ে নির্দিষ্ট সময়ৰ ভিতৰত ভেণ্টিলেটৰক কামত লগোৱাৰ বাবে ৰাজ্যসমূহক পৰামর্শ আগবটোৱাৰ লগতে ভেণ্টিলেটৰ উৎপাদক সংস্থাসমূহৰ কাৰিকৰী তথা সকলো সমস্যাৰ সমাধান আৰু প্রশিক্ষণ সম্পৰ্কীয় দিশত সহায় কৰা হৈছে বুলি উল্লেখ কৰে৷

*****

DS /AKJ/DB



(Release ID: 1721437) Visitor Counter : 179