স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

দেশত প্ৰথমবাৰৰ বাবে দৈনিক সুস্থতাৰ সংখ্যাই ৪ লাখৰ ঘৰ অতিক্ৰম কৰিছে

দৈনিক ভিত্তিত নতুনকৈ আক্রান্তৰ সংখ্যা বিগত দুদিন ধৰি একেৰাহে ৩ লাখৰ ঘৰৰ তলত

দেশত বিগত ২৪ ঘন্টাত সুস্পষ্টভাৱে ক’ৰোনাত আক্রান্তৰ সংখ্যা ১,৬৩,২৩২ হ্ৰাস পাইছে

ভাৰতত মুঠ টিকাকৰণৰ সংখ্যা ১৮.৪৪ কোটি অতিক্ৰম কৰিছে

বৰ্তমান পর্যন্ত ১৮-৪৪ বছৰ বয়সৰ ৫৯ লাখৰ অধিক হিতাধিকাৰীক টিকাকৰণ কৰা হৈছে

Posted On: 18 MAY 2021 1:27PM by PIB Guwahati

স্বাস্থ্য সেৱা কর্মী আৰু ক’ৰোনা যোদ্ধাসকলৰ আন্তৰিক তথা অক্লান্ত প্রচেষ্টাৰ পৰিণতি স্বৰূপে আৰু এক সাফল্য মাইলৰ খুঁটি হিচাপে ভাৰতত প্রথমবাৰৰ বাবে এদিনত ৪ লাখৰ অধিক কোভিড ৰোগীয়ে আৰোগ্য লাভ কৰিছে। বিগত ২৪ ঘন্টাত সুস্থ হৈ উঠিছে ৪,২২৪৩৬ জন লোক।


দেশত বিগত ১৪ দিনত দৈনিক ভিত্তিত গড়ে সুস্থতাৰ সংখ্যা ৩,৫৫ হাজাৰৰ অধিক। আনহাতে, বিগত ২৪ ঘন্টাত নতুনকৈ আক্রান্ত হৈছে ২,৬৩,৫৩৩ জন লোক। দেশত একেৰাহে দুদিন ধৰি দৈনিক ভিত্তিত কোভিডত আক্রান্তৰ সংখ্যা ৩ লাখৰ তলত আছে। বিগত ২৪ ঘন্টাত সুস্পষ্টভাৱে ক’ৰোনাত আক্রান্তৰ সংখ্যা ১,৬৩,২৩২টা হ্ৰাস পাইছে।


দেশত আজি মুঠ সুস্থতাৰ সংখ্যা হৈছে ২,১৫,৯৬,৫১২। ৰাষ্ট্ৰীয় স্তৰত সুস্থতাৰ হাৰ আৰু বৃদ্ধি পাই হৈছে ৮৫.৬০ শতাংশ। ইয়াৰ মাজৰ ১০খন ৰাজ্যত সুস্থতাৰ হাৰ ৭৫.৭৭ শতাংশ।

 


ইফালে, দেশত আজি সুস্পষ্টভাৱে মুঠ ক’ৰোনাত আক্রান্তৰ সংখ্যা হৈছে ৩৩,৫৩,৭৬৫ যি মুঠ আক্রান্তৰ ১৩.২৯ শতাংশ। দেশৰ ৮খন ৰাজ্যত সুস্পষ্টভাৱে ক’ৰোনাত  আক্রান্তৰ হাৰ ৬৯.০১ শতাংশ।


দেশজুৰি টিকাকৰণ অভিযানৰ তৃতীয় পর্যায়ত আজি পর্যন্ত প্রায় ১৮.৪৪ কোটি কোভিড-১৯ টিকাৰ পালি প্ৰদান কৰা হৈছে। আজি পুৱা ৭বজা পর্যন্ত প্রাথমিক তথ্য অনুযায়ী ১৮,৪৪,৫৩,১৪৯টা টিকাৰ পালি প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত ৯৬,৫৯,৪৪১ জন স্বাস্থ্যকর্মীয়ে প্রথম পালি আৰু ৬৩,৫২,৩৮৯ জন কর্মীয়ে দ্বিতীয় পালি লাভ কৰিছে।

 

আনহাতে, ক’ৰোনাৰ বিৰুদ্ধে যুঁজত আগশাৰীত থকা ১,৪৫,০০,৩০৩ জন লোকে প্রথম পালি আৰু ৮২,১৭,০৭৫ জন লোকে দ্বিতীয় পালি লাভ কৰিছে। টিকাকৰণ অভিযানৰ তৃতীয় পর্যায়ত ১৮-৪৪ বছৰ বয়সৰ ৫৯,৩৯,২৯০ জন হিতাধিকাৰীয়ে প্রথম পালি লাভ কৰিছে। ইয়াৰোপৰি ৪৫-৬০ বছৰ বয়সৰ ৫,৭৬,৬৪,৬১৬ জনে প্রথম পালি আৰু ৯২,৪৩,১০৪ জনে দ্বিতীয় পালি লাভ কৰিছে। একেদৰে ৬০ বছৰৰ উৰ্দ্ধৰ ৫,৪৬,৬৪,৫৭৭ জনে প্রথম পালি আৰু ১,৭৯,১২,৩৫৪ জনে দ্বিতীয় পালি লাভ কৰিছে। দেশত বৰ্তমান পর্যন্ত ১০খন ৰাজ্যৰ টিকাকৰণৰ হাৰ ৬৬.৭০ শতাংশ।


টিকাকৰণ অভিযানৰ তৃতীয় পর্যায়ৰ সূচনাৰ সময়ৰ পৰা বৰ্তমান পর্যন্ত ৫৯,৩৯,২৯০ টিকাৰ পালি প্ৰদান কৰা হৈছে। বিগত ২৪ ঘন্টাত ৩৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ১৮-৪৪ বছৰ বয়সৰ ৬,৬৯,৮৮৪ জনক টিকাৰ প্রথম পালি প্ৰদান কৰা হৈছে।


সার্বিক টিকাকৰণ অভিযানৰ ১২২তম দিনত (১৭ মে’) ১৫,১০,৪১৮ টিকাৰ পালি প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত, ১২,৬৭,২০১ জন হিতাধিকাৰীয়ে প্রথম পালি আৰু ২,৪৩,২১৭জন হিতাধিকাৰীয়ে দ্বিতীয় পালি লাভ কৰিছে।


দেশত বিগত ২৪ ঘন্টাত নতুনকৈ কোভিডত আক্রান্তৰ হাৰ ৭৪.৫৪ শতাংশ। কর্ণাটকত এদিনতে সর্বাধিক ৩৮,৬০৩ জন আক্রান্ত হৈছে। আনহাতে, তামিলনাডুত আক্রান্তৰ সংখ্যা ৩৩,০৭৫।


ৰাষ্ট্ৰীয় স্তৰত কোভিডত মৃত্যুৰ হাৰ বর্তমান ১.১০ শতাংশ। বিগত ২৪ ঘন্টাত মৃত্যু হৈছে ৪,৩২৯ জন লোকৰ। ইয়াৰ ভিতৰত, ১০খন ৰাজ্যত মৃত্যুৰ হাৰ ৭৫.৯৮ শতাংশ। কেবল মহাৰাষ্ট্রতে এদিনতে মৃত্যু হৈছে ১ হাজাৰ জনৰ। আনহাতে, কর্ণাটকত মৃত্যু হৈছে ৪৭৬ জনৰ।


আন্তর্জাতিক মহলৰ পৰা লাভ কৰা কোভিড ত্রাণ সামগ্রীসমূহ দ্রুততাৰে ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহলৈ প্ৰেৰণ কৰা হৈছে। বৰ্তমান পর্যন্ত পথ আৰু বিমানযোগে ১১,৩২১টা অক্সিজেন কনচেনট্রেটৰ, ১৫,৮০১টা অক্সিজেন চিলিণ্ডাৰ, ১৯টা অক্সিজেন জেনেৰেশ্যন প্লেন্ট, ৭,৪৭০টা ভেন্টিলেটৰ/বাইপাপ যন্ত্র আৰু ৫,৫০,০০০ হাজাৰ ৰেমডিচিভিৰ ভায়েল সৰবৰাহ কৰা হৈছে।

 

*******

MV/KG



(Release ID: 1719937) Visitor Counter : 205