প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

শ্ৰী মনোজ দাসৰ বিয়োগত প্ৰধানমন্ত্ৰী শোক

Posted On: 28 APR 2021 9:11AM by PIB Guwahati

প্ৰধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে বিশিষ্ট শিক্ষাবিদ, জনপ্রিয় স্তম্ভ লেখক আৰু সৃজনশীল লেখক শ্রী মনোজ দাসৰ বিয়োগত গভীৰ শোক প্রকাশ কৰিছে৷

টুইটাৰযোগে এক শোকবার্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “বিশিষ্ট শিক্ষাবিদ, জনপ্রিয় স্তম্ভলেখক আৰু সৃজনশীল লেখক শ্রী মনোজ দাস আনতকৈ পৃথক আছিল৷ ইংৰাজী আৰু ওড়িয়া সাহিত্যত তেওঁৰ যথেষ্ট অৱদান আছে৷ শ্রী অৰৱিন্দ দর্শনৰ তেওঁ আছিল অগ্রণী বিশেষজ্ঞ। তেওঁৰ বিয়োগত মই শোকস্তব্ধ হৈছো৷ মই তেওঁৰ পৰিয়ালৰ লোকসকলৰ প্ৰতি সমবেদনা জনাইছো৷ ওঁ শান্তি।”

 

*****

DS/DB



(Release ID: 1714655) Visitor Counter : 131