কেবিনেট

কম্পিটিশ্যন কমিচন অৱ ইণ্ডিয়া (CCI) আৰু এডমিনিষ্ট্ৰেটিভ কাউন্সিল ফৰ ইকনমিক ডিফেন্স অৱ ব্ৰাজিল (CADE) ৰ মাজত বুজাবুজিৰ চুক্তি

Posted On: 20 APR 2021 3:46PM by PIB Guwahati

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে কম্পিটিশ্যন কমিচন অৱ ইণ্ডিয়া (CCI) আৰু এডমিনিষ্ট্ৰেটিভ কাউন্সিল ফৰ ইকনমিক ডিফেন্স অৱ ব্ৰাজিল (CADE) ৰ মাজত বুজাবুজিৰ চুক্তি (MOU) ত অনুমোদন জনালে।

কম্পিটিশ্যন এক্ট, ২০০২ ৰ ১৮ নং অনুচ্ছেদে চিচিআইক ইয়াৰ দায়িত্ব সম্পাদন বা আইনখনৰ অধীনত ইয়াৰ কাম-কাজ ৰূপায়ণৰ উদ্দেশ্যৰে যিকোনো বিদেশী ৰাষ্ট্ৰৰ কোনো সংস্থাৰ সৈতে চুক্তি বা বুজাবুজি কৰাৰ অনুমতি প্ৰদান কৰিছে।

সেই অনুসাৰে, চিচিআই এ নিম্ন উল্লেখিত ছয় বুজাবুজিৰ চুক্তিত মিলিত হয়ঃ

  1. ফেডাৰেল ট্ৰেড কমিচন (FTC) আৰু ন্যায় বিভাগ (DOJ), আমেৰিকা যুক্তৰাষ্ট্ৰ
  2. ডাইৰেক্টৰ জেনেৰেল কম্পিটিশ্যন, ইউৰোপিয়ান ইউনিয়ন
  3. ফেডাৰেল এন্টিমন’পলি ছাৰ্ভিচ, ৰাছিয়া
  4. অষ্ট্ৰেলিয়ান কম্পিটিশ্যন আৰু কনজুমাৰ কমিচন আৰু
  5. কম্পিটিশ্যন ব্যুৰ’, কানাডা আৰু
  6. ব্ৰিকছ কম্পিটিশ্যন অথৰিটি।

সাম্প্ৰতিক প্ৰস্তাৱটো চিচিআই আৰু চিএডিই ৰ মাজত একে বুজাবুজিৰ চুক্তি স্বাক্ষৰিতৰে সম্পৰ্কীয়।

 

*****

DS/SB


(Release ID: 1713177)