প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

আচাৰ্য মহামণ্ডলেশ্বৰ পূজ্য স্বামী অৱধেশানন্দ গিৰি জীৰে ফোন প্ৰধানমন্ত্ৰীৰ

দুটা শ্বাহী স্নানেৰে কুম্ভৰ নিয়ম ৰক্ষাৰ সকলো ৰীতি পালনৰ অনুৰোধ

বুজ ল’লে সাধুসকলৰ স্বাস্থ্যৰ

Posted On: 17 APR 2021 9:25AM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে টেলিফোনযোগে আচার্য মহামণ্ডলেশ্বৰ পূজ্য স্বামী অৱধেশানন্দ গিৰিজীৰ সৈতে কথা পাতে। তেওঁ সকলো সাধুৰ শাৰীৰিক অৱস্থাৰ বুজ লয়৷ প্রশাসনক পূর্ণ সহযোগিতা আগবঢ়োৱাৰ বাবে তেওঁ সাধু সমাজক ধন্যবাদ জনায়৷

দুটা শ্বাহী স্নান হোৱাৰ পাছত প্রধানমন্ত্রীয়ে অনুৰোধ কৰে এতিয়া কুম্ভ মেলাত নিয়ম ৰক্ষার্থে ৰীতি-নীতি পালন কৰা হওক। ইয়াৰ ফলত মহামাৰীৰ বিৰুদ্ধে লড়াই জোৰদাৰ হ’ব৷

প্রধানমন্ত্রীৰ অনুৰোধক সন্মান জনাই আচার্য মহামণ্ডলেশ্বৰ পূজ্য স্বামী অৱধেশানন্দ গিৰিজীয়ে ভক্তসকলক কয় যে তেওঁলোকে যাতে অধিক হাৰত সমবেত নহৈ স্নান কৰিবলৈ নাহে আৰু ক’ভিড সংক্রান্তীয় আচৰণবিধি উপযুক্তভাবে মানি চলে৷

 

**********

DS/DB



(Release ID: 1713161) Visitor Counter : 150