স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰতত টীকাকৰণৰ সৰ্বমুঠ সংখ্যাই স্পৰ্শ কৰিলে প্ৰায় ৮কোটিৰ ঘৰ

৮খন ৰাজ্যত দৈনিক নতুনকৈ আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে

১৫খন ৰাজ্যত প্ৰতি নিযুত জন সংখ্যাৰ বিপৰীতে নমুনা পৰীক্ষণৰ হাৰ ৰাষ্ট্ৰীয় গড় হাৰতকৈ কম

Posted On: 05 APR 2021 11:48AM by PIB Guwahati

ক’ভিড-১৯ৰ বিৰুদ্ধে দেশত অব্যাহত থকা যুঁজখনত লক্ষণীয় সাফল্যৰ নিদৰ্শন দাঙি ধৰি আজি টীকাকৰণৰ সৰ্ব মুঠ পৰিসংখ্যাই ৭.৯কোটিৰ ঘৰ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে।

আজি পুৱা ৭বজা পৰ্যন্ত দেশত অনুষ্ঠিত ১২,৩১,১৪৮টা টীকাকৰণ শিবিৰৰ জৰিয়তে ৭,৯১,০৫,১৬৩পালি প্ৰতিষেধক প্ৰদান কৰা হয়।

এইসকলৰ মাজত ৯০,০৯,৩৫৩গৰাকী স্বাস্থ্যসেৱা কৰ্মী(প্ৰথম পালি), ৫৩,৪৩,৪৯৩গৰাকী স্বাস্থ্যসেৱা কৰ্মী (দ্বিতীয় পালি) আৰু ৯৭,৩৭,৮৫০ গৰাকী(প্ৰথম পালি)আগশাৰীৰ সেৱা কৰ্মী আছিল। ইফালে, ৪১,৩৩,৯৬১গৰাকী আগশাৰীৰ সেৱা কৰ্মী (দ্বিতীয় পালি) আৰু ৪৫বছৰৰ উৰ্ধ্বৰ ৪,৯৯,৩১,৬৩৫গৰাকী(প্ৰথম পালি) আৰু ৯,৪৮,৮৭১গৰাকী(দ্বিতীয় পালি)ক প্ৰতিষেধক প্ৰাদন কৰা হয়।

প্ৰথম পালি টীকা লোৱাৰ পৰা ২৮টা দিন সম্পূৰ্ণ কৰা সকলক যোৱা ১৩ ফেব্ৰুৱাৰীৰ পৰা দ্বিতীয় পালি টীকা প্ৰদানৰ ব্যৱস্থা কৰা হয়। আগশাৰীৰ সেৱা কৰ্মীসকলক যোৱা ২ ফেব্ৰুৱাৰীৰ পৰা প্ৰতিষেধক প্ৰদান কৰা হৈছিল।

 

স্বাস্থ্যসেৱা কৰ্মী

আগশাৰীৰ সেৱা কৰ্মী

৪৫বছৰৰ উৰ্ধ্বৰ

                                                      

মুঠ

প্ৰথম পালি

দ্বিতীয়

পালি

প্ৰথম পালি

দ্বিতীয়

পালি

প্ৰথম পালি

দ্বিতীয়

পালি

90,09,353

53,43,493

97,37,850

41,33,961

4,99,31,635

9,48,871

7,91,05,163

 

ইফালে, টীকাকৰণৰ ৭৯-সংখ্যক দিনা(৪এপ্ৰিল, ২০২১) দেশত ১৬,৩৮,৪৬৪পালি প্ৰতিষেধক প্ৰদান কৰা হয়। ইয়াৰে ২১,৫০৮টা টীকাকৰণ শিবিৰৰ জৰিয়তে ১৫,৪০,৬৭৬গৰাকী হিতাধিকাৰীক ক’ভিড-১৯ বিৰোধী টীকাৰ প্ৰথম পালি প্ৰদান কৰা হয়। সেইদৰে ৯৭,৭৮৮গৰাকী হিতাধিকাৰীকক প্ৰদান কৰা হৈছে দ্বিতীয় পালি টীকা।

 

তাৰিখ: ৪এপ্ৰিল, ২০২১

স্বাস্থ্যসেৱা কৰ্মী

আগশাৰীৰ সেৱা কৰ্মী

৪৫বছৰৰ উৰ্ধ্বৰ বহুৰোগাক্ৰান্ত

মুঠ সাফল্য

1stDose

2ndDose

1stDose

2nd Dose

1stDose

2ndDose

1stDose

2ndDose

1,470

9,461

2,665

16,547

15,36,541

71,780

15,40,676

97,788

 

মুঠ টীকাকৰণৰ ৬০%ই সম্পন্ন হৈছে দেশৰ ৮খন ৰাজ্যত।

ভাৰতত দিনৌ নতুনকৈ আক্ৰান্ত হোৱা ব্যক্তিৰ সংখ্যা দ্ৰুত গতিত বাঢ়িবলৈ লৈছে। বিগত ২৪ঘণ্টাত ১লাখৰো অধিক(১,০৩,৫৫৮গৰাকী)লোক ক’ভিড আক্ৰান্ত হৈছে।

ইফালে, দেশৰ নতুনকৈ আক্ৰান্ত সকলৰ ৮১.৯০%ই মহাৰাষ্ট্ৰ, চত্তিশগড়, কৰ্ণাটক, উত্তৰ প্ৰদেশ, দিল্লী, তামিল নাডু, মধ্য প্ৰদেশ আৰু পাঞ্জাৱকে ধৰি দেশৰ ৮খন ৰাজ্যৰ।

৫৭,০৭৪গৰকী(৫৫.১১%) নতুন আক্ৰান্তৰে এই তালিকাৰ শীৰ্ষত অৱস্থান কৰিছে মহাৰাষ্ট্ৰই। ইয়াৰ পিচত ৫,২৫০ আৰু ৪,৫৫৩গৰাকী আক্ৰান্তৰে স্থান লাভ কৰিছে ক্ৰমে চত্তিশগড় আৰু কৰ্ণাটকে।

দেশৰ ১২খন ৰাজ্যত তলত উল্লেখ কৰা আৰ্হিত আক্ৰান্তৰ হাৰ বৃদ্ধিৰ তথ্য লাভ কৰা হৈছে।

দেশত আজিৰ তাৰিখত সক্ৰিয় ৰোগীৰ সৰ্বমুঠ সংখ্যা হৈছেগৈ ৭,৪১,৮৩০গৰাকী। এয়া দেশৰ মুঠ আক্ৰন্তৰ ৫.৮৯%। ইফালে, ২৪ঘণ্টাত দেশত সক্ৰিয় ৰোগীৰ সংখ্যা বৃদ্ধি হৈ হৈছেগৈ ৫০,২৩৩গৰাকী।

তলত দেশৰ সক্ৰিয় ৰোগী সংখ্যাবৃদ্ধিৰ হাৰ প্ৰদৰ্শিত কৰা হৈছে।

দেশৰ মুঠ সক্ৰিয় ৰোগীৰ ৭৫.৮৮%ই ৫খন ৰাজ্য মহাৰাষ্ট্ৰ, কৰ্ণাটক, চত্তিশগড়, কেৰালা আৰু পাঞ্জাৱৰ। ইয়াৰে ৫৮.২৩%ই কেৱল মহাৰাষ্ট্ৰৰ।

ইফালে, দেশৰ ১৫খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত প্ৰতি নিযুত জন সংখ্যাৰ বিপৰীতে নমুনা পৰীক্ষণৰ হাৰ ৰাষ্ট্ৰীয় গড় হাৰ ১,৮০,৪৪৯তকৈ কম বুলি তথ্য নিশ্চিত কৰা হৈছে।

দেশত এই পৰ্যন্ত ১,১৬,৮২,১৩৬গৰাকী লোকে আৰোগ্য লাভ কৰিছে। এই মুহূৰ্তত দেশত আৰোগ্য লাভৰ সামগ্ৰিক গড় হাৰ হ’ল ৯২.৮%।

শেহতীয়া ২৪ঘণ্টাত আৰোগ্য লাভ কৰা লোকৰ সংখ্যা হৈছে ৫২,৮৪৭গৰাকী।

ইফালে, যোৱা ২৪ঘণ্টাত ৪৭৮গৰাকী লোকে ক’ভিড-১৯ত মৃত্যু আঁকোৱালি লৈছে।

মৃত্যু সাৱটা ৮৪.৫২% মৃতকেই ৮খন ৰাজ্যৰ।

ইয়াৰে, মহাৰাষ্ট্ৰ সৰ্বাধিক ২২২গৰাকীকৈ লোকে মৃত্যু বৰণ কৰাৰ বিপৰীতে পঞ্জাৱত ৫১গৰাকী লোকৰ মৃত্যু হৈছে।

ইফালে, যোৱা ২৪ঘণ্টাত দেশৰ ১২খন ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা কোনো ক’ভিড-১৯আক্ৰান্তৰ মৃ্ত্যুৰ বতৰা অহা নাই। ৰাজ্যকেইখন হৈছে পুডুচেৰী, লাডাখ(কেন্দ্ৰীয় শাসিত এলেকা), দমন আৰু দিউ, দাদ্ৰা আৰু নগৰ হাভেলী, মণিপুৰ, মিজোৰাম, আন্দামান নিকোবৰ, মেঘালয়, ছিক্কিম, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা, ছিক্কিম আৰু আন্দামান আৰু নিকোবৰ দ্বীপপূঞ্জ।

 

****

MV/KB



(Release ID: 1709693) Visitor Counter : 197