প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

দাদাচাহেব ফাল্কে বঁটাৰ বাবে মনোনীত ৰজনীকান্তক শুভেচ্ছা প্রধানমন্ত্রীৰ

Posted On: 01 APR 2021 11:17AM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে দাদাচাহেব ফাল্কে বঁটাৰ বাবে মনোনীত শ্রী ৰজনীকান্তক অভিনন্দন জনায়৷

টুইটাৰযোগে এক বার্তাত প্রধানমন্ত্রীয়ে কয়, “প্রজন্মৰ পাছত প্রজন্ম ধৰি জনপ্রিয়তা অৰ্জন কৰাটো অতি কমসংখ্যক লোকেহে এইধৰণৰ কাম কৰিব পাৰে, বিভিন্ন ভুমিকাত অভিনয়, জনপ্রিয় ব্যক্তিত্ব...... তেঁৱেই হৈছে শ্রী @rajinikanthজী।

এইটো অতি আনন্দৰ খবৰ যে থালাইভাক দাদাচাহেব ফাল্কে বঁটা প্ৰদান কৰা হ’ব৷ তেওঁক মই অভিনন্দন জনাইছো৷”

 

***********

DS/SH/DB



(Release ID: 1709643) Visitor Counter : 184