প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু পৰ্তুগালৰ প্ৰধানমন্ত্ৰী মিঃ এন্তোনিঅ’ লুইছ ছান্তোছ ডি’ক’ষ্টাৰ মাজত টেলিফোনিক বাৰ্তালাপ

प्रविष्टि तिथि: 16 MAR 2021 7:17PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পৰ্তুগালৰ প্ৰধানমন্ত্ৰী মিঃ এন্তোনিঅ’ লুইছ ছান্তোছ ডি’ক’ষ্টাৰ সৈতে টেলিফোনযোগে এক বাৰ্তালাপত মিলিত হয়।

দুয়োগৰাকী নেতাই নিজ নিজ দেশত ক’ভিড-১৯ মহামাৰীৰ পৰিস্থিতিক লৈ পৰ্যালোচনা কৰে। এই মহামাৰী নিৰ্মূল কৰাৰ ক্ষেত্ৰত ক্ষীপ্ৰ, সমমানভাৱে টীকা প্ৰদানৰ ওপৰত তেওঁলোকে গুৰুত্ব আৰোপ কৰে।

শ্ৰী মোদীয়ে পৰ্তুগীজ প্ৰধানমন্ত্ৰী ডি’ক’ষ্টাক ভাৰতৰ টীকাকৰণ কাৰ্যসূচী আৰু ৭০ খন দেশলৈ টীকা প্ৰেৰণৰ বিষয়ক লৈ বিস্তাৰিতভাৱে অৱগত কৰে। নিজৰ ক্ষমতা অনুসৰি বিভিন্ন দেশক টীকাকৰণ কাৰ্যসূচীত ভাৰতক সহায় কৰিব বুলি তেওঁ আশ্বাস দিয়ে।

উভয় নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা কৰে আৰু বিগত কেবাবছৰ ধৰি ভাৰত আৰু পৰ্তুগালৰ অংশীদাৰীত্বত ইতিবাচক প্ৰভাৱৰ সন্দৰ্ভত সন্তোষ প্ৰকাশ কৰে।

আগন্তুক মে’ মাহত পোৰ্টো-টে পৰ্তুগালৰ সভাপতিত্বত ভাৰত-ইউৰোপীয় ইউনিয়নৰ নেতৃবৃন্দৰ বৈঠকৰ প্ৰস্তুতিক লৈও উভয় নেতাই  আলোচনা কৰে। উল্লেখ্য যে এয়াই ভাৰত-ইউৰোপীয় ইউনিয়ন নেতৃবৃন্দৰ মাজৰ প্ৰথমখন বৈঠক। ভাৰত আৰু ইউৰোপীয় ইউনিয়নৰ কৌশলগত অংশীদাৰীত্বক দৃঢ় কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী ডিক’ষ্টাৰ ভূমিকাক উচ্চ প্ৰশংসা কৰি শ্ৰী মোদীয়ে কয় পোৰ্টো-টেত তেওঁক সাক্ষাৎৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে।

 

****

DS/SH/RD


(रिलीज़ आईडी: 1706883) आगंतुक पटल : 127
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam