স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

সকলো ৰাজ্য/কেন্দ্রশাসিত অঞ্চলত যোৱা মাহত সুস্পষ্টভাৱে ক'ৰোণাত আক্রান্তৰ সংখ্যা কমিছে

১৮খন ৰাজ্য/কেন্দ্রশাসিত অঞ্চলত যোৱা ২৪ ঘন্টাত মৃত্যুৰ খবৰ নাই

সুস্থতাৰ সংখ্যা ক্রমশঃ বাঢ়িছে; মুঠ সুস্থতাৰ সংখ্যা ১.০৬ কোটি

প্রায় ৯০ লক্ষ কোভিড-১৯ টীকাকৰণ হৈছে

Posted On: 17 FEB 2021 11:16AM by PIB Guwahati

ভাৰতত আজি সুস্পষ্টভাৱে ক'ৰোণাত আক্রান্তৰ সংখ্যা কমি হৈছেগৈ ১ লক্ষ ৩৬ হাজাৰ ৫৪৯। ইয়াৰ ফলত, মুঠ আক্রান্তৰ কেৱল ১.২৫ শতাংশহে সুস্পষ্টভাৱে ক'ৰোণাত আক্রান্ত।

এক উল্লেখযোগ্য সাফল্য হিচাপে সকলো ৰাজ্য আৰু কেন্দ্রশাসিত অঞ্চলত যোৱা মাহত সুস্পষ্টভাৱে ক'ৰোণাত আক্রান্তৰ সংখ্যা কমিছে। মহাৰাষ্ট্রত লক্ষ্যণীয়ভাৱে এই সংখ্যা যোৱা ১৭ জানুৱাৰীত ৫৩ হাজাৰ ১৬৩ৰ পৰা আজি কমি হৈছে ৩৮ হাজাৰ ৩০৭।

দেশত যোৱা ২৪ ঘন্টাত ১৮খন ৰাজ্য/কেন্দ্রশাসিত অঞ্চলৰ পৰা কোভিড-১৯ত মৃত্যুৰ খবৰ নাই। এই ৰাজ্য আৰু কেন্দ্রশাসিত অঞ্চলসমূহৰ মাজত আছে – উত্তৰ প্রদেশ, ৰাজস্থান, অন্ধ্রপ্রদেশ, জম্মু ও কাশ্মীৰ, ঝাড়খন্ড, অসম, ছিকিম, ত্রিপুৰা, আন্দামান ও নিকোবৰ দ্বীপপুঞ্জ প্রভৃতি।

 

 

ভাৰতত দৈনিক-ভিত্তিত ক'ৰোণাত সুস্থতাৰ সংখ্যা একেৰাহে বাঢ়িছে। আজি এই সংখ্যা হৈছেগৈ ১ কোটি ৬ লক্ষ ৪৪ হাজাৰ ৮৫৮। জাতীয় স্তৰত সুস্থতাৰ হাৰ বাঢ়ি হৈছে ৯৭.৩৩ শতাংশ। যোৱা ২৪ ঘন্টাত আৰোগ্য লাভ কৰিছে ১১ হাজাৰ ৮৩৩ জনে। সুস্থতাৰ সংখ্যা আক্রান্তৰ সংখ্যাৰ তুলনাত ক্রমাগত বাঢ়ি থকাত সুস্পষ্টভাৱে আক্রান্তৰ সংখ্যা একেৰাহে কমিছে। যোৱা ২৪ ঘন্টাত ১১ হাজাৰ ৬১০ জন নতুনকৈ ক'ৰোণাত আক্রান্ত হৈছে।

কোভিড-১৯ৰ বিৰুদ্ধে যুঁজত আজি পুৱা ৮টা পর্যন্ত প্রায় ৯০ লক্ষ স্বাস্থ্য কর্মী আৰু আগশাৰীত থকা কর্মীসকলক টীকাকৰণ কৰা হৈছে। ইয়াৰ মাজত টীকাকৰণৰ প্রথম ডোজ দিয়া হৈছে ৬১ লক্ষ ৫০ হাজাৰ ৯২২জন কর্মীক, দ্বিতীয় ডোজ পাইছে ২ লক্ষ ৭৬ হাজাৰ ৩৭৭জন স্বাস্থ্য কর্মীয়ে। ইয়াৰ উপৰিও, ক'ৰোণাৰ বিৰুদ্ধে যুঁজত আগশাৰীত থকা ২৫ লক্ষ ৭১ হাজাৰ ৯৩১জনক টীকাৰ প্রথম ডোজ দিয়া হৈছে। কোভিড-১৯ টীকাকৰণৰ দ্বিতীয় ডোজ দিয়া যোৱা ১৩ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হৈছে। প্রথম ডোজ পোৱাৰ ২৮ দিন পিছত দ্বিতীয় ডোজ দিয়া আৰম্ভ হয়।

ক্ৰঃ নং

ৰাজ্য/কেন্দ্ৰশাসিত অঞ্চল

টীকাকৰণ কৰা সুফলভোগী

প্ৰথম ডোজ

দ্বিতীয় ডোজ

মুঠ ডোজ

 

 

১০

১১

১২

১৩

১৪

১৫

১৬

১৭

১৮

১৯

২০

২১

২২

২৩

২৪

২৫

২৬

২৭

২৮

২৯

৩০

৩১

৩২

৩৩

৩৪

৩৫

৩৬

৩৭

৩৮

এ আৰু এন আইলেণ্ডছ

অন্ধ্ৰপ্ৰদেশ

অৰুণাচল প্ৰদেশ

অসম

বিহাৰ

চণ্ডীগড়

ছত্তিশগড়

দাদৰা আৰু নগৰ হাভেলি

দমন আৰু দিউ

দিল্লী

গোৱা

গুজৰাট

হাৰিয়ানা

হিমাচল প্ৰদেশ

জম্মু আৰু কাশ্মীৰ

ঝাৰখণ্ড

কৰ্ণাটক

কেৰালা

লাডাখ

লাক্ষাদ্বীপ

মধ্যপ্ৰদেশ

মহাৰাষ্ট্ৰ

মণিপুৰ

মেঘালয়

মিজোৰাম

নাগালেণ্ড

উৰিষ্যা

পুডুচেৰী

পঞ্জাৱ

ৰাজস্থান

ছিকিম

তামিলনাডু

তেলেংগানা

ত্ৰিপুৰা

উত্তৰ প্ৰদেশ

উত্তৰাখণ্ড

পশ্চিমবংগ

বিবিধ

৩,৮৪৭

 

৩,৬৬,৫২৩

১৬,৬১৩

১,৩০,০৫৮

৪,৯৬,৯৮৮

৯,৭৫৬

২,৯৬,৩০৮

৩,১৭৫

 

১,৩০৮

২,১৪,৬৪৬

১৩,১৪৭

৬,৯৫,৬২৮

২,০১,০৯৮

৮৪,২২৫

১,৫৯,৭৬৫

২,২৪,০০৫

৫,০৫,১৫৭

৩,৭৫,৪৪১

৩,৪২১

১,৮০৯

৫,৭৬,৬১০

৭,৩১,৫৩৭

২৮,৫৭৯

১৭,৮৮৯

১২,৩৩০

১৫,০২৫

৪,১৭,৮৮১

৬,৬২৭

১,০৯,৯১১

৬,২২,৩৭৪

৮,৯৯১

২,৮০,৮৯২

২,৭৯,৪৯৭

৭৩,৯২৪

৯,১৬,৫৬৮

১,১৯,০৬০

৫,৪৬,৪৩৩

১,৫৫,৮০৭

 

 

১৮২

 

২৪,১৪২

১,৫৭৪

৫,৩৬১

১৩,৪৯৭

২৫২

৬,৬৮২

৭০

 

৯৪

৬,৫৭৯

৩৫৪

১৫,৮০৯

৪,৭৭৩

২,৯০৭

২,৫০১

৫,৪০৮

২৮,৯০১

১২,৮১৫

২২৮

১১৫

৯,২৯৪

৪৫৯

৩৩৭

২২৭

১,২০৯

১০,৫৯০

৩৩০

২,০৪১

১৪,৬৪৭

১৫৭

৯,৩৫৬

৫৩,৩৫০

১,৪৯১

১৮,৩৯৪

২,৬৬৬

১০,০১৭

৯,৫৬৮

 

৪,০২৯

 

৩,৯০,৬৬৫

১৮,১৮৭

১,৩৫,৪১৯

৫,১০,৪৮৫

১০,০০৮

৩,০২,৯৯০

৩,২৪৫

 

১,৪০২

২,২১,২২৫

১৩,৫০১

৭,১১,৪৩৭

২,০৫,৮৭১

৮৭,১৩২

১,৬২,২৬৬

২,২৯,৪১৩

৫,৩৫,০৫৮

৩,৮৮,২৫৬

৩,৬৪৯

১,৯২৪

৫,৭৬,৬১০

৭,৪০,৮৩১

২৯,০৩৮

১৮,২২৬

১২,৫৫৭

১৬,২৩৪

৪,২৮,৪৭১

৬,৯৫৭

১,১১,৯৫২

৬,৩৭,০২১

৯,১৪৮

২,৯০,২৪৮

৩,৩২,৮৪৭

৭৫,৪১৫

৯,৩৪,৯৬২

১,২১,৭২৬

৫,৫৬,৪৫০

১,৬৫,৩৭৫

 

 

মুঠ

৮৭,২২,৮৫৩

২,৭৬,৩৭৭

৮৯,৯৯,২৩০

 

দেশজুৰি টীকাকৰণ অভিযানৰ ৩২তম দিনত (১৬ ফেব্রুৱাৰী) মুঠ ২ লক্ষ ৭৬ হাজাৰ ৯৪৩জনক টীকা দিয়া হৈছে। ইয়াৰ মাজত ১ লক্ষ ৬০ হাজাৰ ৬৯১জনে প্রথম ডোজ আৰু ১ লক্ষ ১৬ হাজাৰ ২৫২জন স্বাস্থ্য কর্মীয়ে দ্বিতীয় ডোজ পাইছে। দেশত টীকাকৰণ অভিযানৰ আওতাত ৮খন ৰাজ্যতে ৫৭.৮ শতাংশ টীকা দিয়া হৈছে। কেৱল উত্তৰ প্রদেশতে ১০.৪ শতাংশ বা ৯ লক্ষ ৩৪ হাজাৰ ৯৬২জনৰ টীকাকৰণ হৈছে।

টীকা গ্রহীতা সুফলভোগীসকলৰ মাজত কালি বিয়লি ৪টা পর্যন্ত ৩৬জনক হাসপাতালত ভর্তি কৰা হৈছে আৰু ২৯জনৰ মৃত্যু হৈছে। চিকিৎসাধীন ৩৬জনৰ মাজত ২২জনক প্রাথমিক চিকিৎসাৰ পিছত এৰি দিয়া হৈছে। ২জন বর্তমানে চিকিৎসাধীন আৰু ১২জনৰ মৃত্যু হৈছে। টীকাকৰণৰ পিছত যি ২৯জনৰ মৃত্যু হৈছে, তেওঁলোকৰ মাজত হাসপাতালৰ বাহিৰত মৃত্যু হৈছে ১৭জন আৰু চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছে ১২জন।

দেশত ৬খন ৰাজ্যত সুস্থতাৰ হাৰ ৮১.১৫ শতাংশ। কেৰালাত একেদিনাই সর্বাধিক ৫ হাজাৰ ৪৩৯জন সুস্থ হৈছে। মহাৰাষ্ট্রত যোৱা ২৪ ঘন্টাত সুস্থ হৈছে ২ হাজাৰ ৭০০জন। তামিলনাডুত সুস্থতাৰ সংখ্যা ৪৭০।

দেশত যোৱা ২৪ ঘন্টাত মুঠ ক'ৰোণাত আক্রান্তৰ ৮৬.১৬ শতাংশই ৬খন ৰাজ্যৰ বাসিন্দা। কেৰালাত একেদিনাই ৪ হাজাৰ ৯৩৭জন নতুনকৈ ক'ৰোণাত আক্রান্ত হৈছে। মহাৰাষ্ট্রত আক্রান্তৰ সংখ্যা ৩ হাজাৰ ৬৬৩। তামিলনাডুত আক্রান্ত হৈছে ৪৫১জন।

দেশত যোৱা ২৪ ঘন্টাত ক'ৰোণাত ১০০জনৰ মৃত্যু হৈছে। ইয়াৰ মাজত ৮১ শতাংশৰ মৃত্যু হৈছে ৬খন ৰাজ্যত। মহাৰাষ্ট্রত সর্বাধিক ৩৯জনৰ মৃত্যু হৈছে। কেৰালাত মৃত্যু হৈছে ১৮ জন আৰু তামিলনাডুত মৃত্যু হৈছে ৭ জনৰ।

 

**********

 

MV/SJ



(Release ID: 1698838) Visitor Counter : 140