স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰতত চিকিৎসাধীন ৰোগী সংখ্যা দ্ৰুতগতিত হ্ৰাস পাইছে; আজি ১.৩৫লাখ হৈছে

বিগত ২৪ ঘণ্টাত ৪খন দেশত এজনো নতুন ৰোগী আক্ৰান্ত হোৱাৰ তথ্য পোৱা নাই

৭৫লাখতকৈ অধিক হিতাধিকাৰীক ক’ভিড-১৯ৰ টিকা প্ৰদান কৰা হৈছে

ভাৰতে ৭০লাখতকৈ অধিক ৰোগীক টিকাকৰণৰ সীমা দ্ৰুতগতিত অতিক্ৰম কৰিছে

Posted On: 12 FEB 2021 10:53AM by PIB Guwahati

ভাৰতত চিকিৎসাধীন ৰোগী সংখ্যা দ্ৰুতগতিত হ্ৰাস পাই আজি ১,৩৫,৯২৬ জন হৈছে৷

আজি মুঠ আক্ৰান্তৰ ৰোগীৰ বিপৰীতে ১.২৫% ৰোগী চিকিৎসাধীন হৈ আছে৷ বিগত কেইটামান সপ্তাহত আক্ৰান্ত ৰোগী ধাৰাবাহিকভাৱে হ্ৰাস পাইছে৷

বিগত ২৪ ঘণ্টাত নতুন ৰোগীৰ ছবিখন চালে এক ইতিবাচক দিশ প্ৰতিফলিত হয়, কিয়নো এখন ৰাজ্যক বাদ দি বাকী ৰাজ্যত ১,০০০তকৈ কম লোক আক্ৰান্ত হৈছে৷ বিগত ২৪ ঘণ্টাত ৪খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত এজনো লোক নতুনকৈ আক্ৰান্ত হোৱা নাই৷ সেইবোৰ হৈছে-দমন আৰু দিউ, লাডাখ, ত্ৰিপুৰা আৰু আন্দামান আৰু নিকোবৰ দীপপু্ঞ্জ৷

ইফালে, বিগত ২৪ ঘণ্টাত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ দৈনিক মৃত্যুৰ সংখ্যাও গুৰুত্বপূৰ্ণভাৱে হ্ৰাস পাইছে৷ ১৮ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত বিগত ২৪ ঘণ্টাত এজনো ৰোগীৰ মৃত্যু হোৱা নাই৷ ১৩ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ১-৫জন ৰোগীৰ মৃত্যু হৈছে৷

বিগত ২৪ ঘণ্টাত ৯,৩০৯গৰাকী লোক নতুনকৈ আক্ৰান্ত হোৱাৰ বিপৰীতে ১৫,৮৫৮জন ৰোগী আৰোগ্য হৈছে৷

ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ ৯৭.৩২% হৈছে, যিটো বিশ্বৰ ভিতৰতে সৰ্বাধিক হৈছে৷ ধাৰাবাহিকভাৱে বৃদ্ধি পোৱা আৰোগ্য সংখ্যাই ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ বৃদ্ধিত অৰিহণা যোগাইছে৷

ভাৰতৰ মুঠ আৰোগ্য লোকৰ সংখ্যা আজি ১,০৫,৮৯,২৩০জন হৈছে৷

২০২১ৰ ১২ ফেব্ৰুৱাৰীৰ পুৱা ৮ বজালৈকে দেশজোৰা ক’ভিড-১৯ টিকাকৰণৰ অধীনত ৭৫,০৫,০১০জন হিতাধিকাৰীক টিকাকৰণ কৰা হৈছে৷

 

ক্ৰমিক নং

ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চল

Beneficiaries vaccinated

আন্দামান আৰু নিকোবৰ

3,454

অন্ধ্ৰপ্ৰদেশ

3,43,813

অৰুণাচল প্ৰদেশ

14,322

অসম

1,17,607

বিহাৰ

4,48,903

চণ্ডীগড়

7,374

চত্তীশগড়

2,33,126

দাদৰা আৰু নগৰ হাভেলী

2,698

দমন আৰু দিউ

1,030

১০

দিল্লী

1,62,596

১১

গোৱা

11,391

১২

গুজৰাট

6,45,439

১৩

হাৰিয়ানা

1,90,390

১৪

হিমাচল প্ৰদেশ

72,191

১৫

জম্মু আৰু কাশ্মীৰ

93,570

১৬

ঝাৰখণ্ড

1,74,080

১৭

কৰ্ণাটক

4,77,005

১৮

কেৰালা

3,33,560

১৯

লাডাখ

2,761

২০

লাক্ষাদ্বীপ

920

২১

মধ্যপ্ৰদেশ

4,87,271

২২

মহাৰাষ্ট্ৰ

6,08,573

২৩

মণিপুৰ

15,944

২৪

মেঘালয়

11,642

২৫

মিজোৰাম

11,046

২৬

নাগালেণ্ড

8,371

২৭

ওড়িশা

3,83,023

২৮

পুডুচেৰী

4,780

২৯

পাঞ্জাৱ

97,668

৩০

ৰাজস্থান

5,90,990

৩১

ছিকিম

8,316

৩২

তামিলনাডু

2,11,762

৩৩

তেলেংগানা

2,70,615

৩৪

ত্ৰিপুৰা

59,438

৩৫

উত্তৰপ্ৰদেশ

7,63,421

৩৬

উত্তৰাখণ্ড

97,618

৩৭

পশ্চিমবংগ

4,53,303

৩৮

অন্যান্য

84,999

মুঠ

75,05,010

 

দেশৰ সামগ্ৰিক টিকাকৰণ কৰা ৭৫,০৫,০১০জনক সামৰি লৈছে৷ ইয়াৰে ৫৮,১৪,৯৭৬জন স্বাস্থ্য কৰ্মী আৰু ১৬,৯০,০৩৪জন অগ্ৰণী কৰ্মী আছে৷ ভাৰতে দ্ৰুতগতিত ৭০লাখ লোকক টিকাকৰণ সম্পন্ন কৰিছে৷ এতিয়ালৈকে ১,৫৪,৩৭০টা পৰ্ব সম্পন্ন কৰা হৈছে৷

বিগত ২৪ ঘণ্টা(১১ ফেব্ৰুৱাৰী, ২০২১)ত ১১,৩১৪টা পৰ্বত ৪,৮৭,৮৯৬গৰাকী লোকক টিকাকৰণ কৰা হৈছে৷  টিকাকৰণ কৰা হিতাধিকাৰীৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি পাই আহিছে৷

মুঠ হিতাধিকাৰীৰ ৬৯%ই ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ উত্তৰপ্ৰদেশতে মুঠ হিতাধিকাৰীৰ ১০.২% আছে৷

নতুনকৈ আৰোগ্য হোৱা ৰোগীৰ ৮৬.৮৯ শতাংশই ৬খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷

মহাৰাষ্ট্ৰত সৰ্বাধিক ৬,১০৭গৰাকী ৰোগী নতুনকৈ আৰোগ্য হোৱাৰ বিপৰীতে কেৰালাত ৫,৬৯২ আৰু চত্তীশগড়ত ৮৪৮গৰাকী ৰোগী আৰোগ্য হৈছে৷

নতুন আক্ৰান্তৰ ৭৯.৮৭%ই ৬খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷

কেৰালাত সৰ্বাধিক ৫,২৮১গৰাকীৰ বিপৰীতে মহাৰাষ্ট্ৰত ৬৫২ আৰু তামিলনাডুত ৪৮১গৰাকী লোক আক্ৰান্ত হৈছে৷

বিগত ২৪ ঘণ্টাত ৮৭জন ৰোগীৰ মৃত্যু হৈছে৷

নতুনকৈ মৃত্যু হোৱা ক’ভিড ৰোগীৰ ৭৫.৮৬% ৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷

মহাৰাষ্ট্ৰত সৰ্বাধিক ২৫জনৰ বিপৰীতে কেৰালাত ১৬জন ৰোগীৰ মৃত্যু হৈছে৷

****

MV/SJ/DB



(Release ID: 1697671) Visitor Counter : 141