স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

১৯ দিনত প্ৰায় ৪.৫ নিযুত হিতাধিকাৰীক ক’ভিড-১৯ ৰ টিকাদান

ভাৰত হৈছে মাত্ৰ ১৮ দিনত ৪ নিযুত হিতাধিকাৰীক টিকাদানৰ লেণ্ডমাৰ্ক অতিক্ৰম কৰা দ্ৰুততম দেশ

নিৰন্তৰ অৱনমিত, সক্ৰিয় কেছল’ড ১.৫৫ লাখলৈ হ্ৰাস

Posted On: 04 FEB 2021 11:27AM by PIB Guwahati

বৈশ্বিক মহামাৰীটোৰ বিৰুদ্ধে যুঁজখনত ভাৰতে লক্ষ্যণীয় সফলতা অৰ্জন কৰিছে।

মাত্ৰ ১৯ দিনত প্ৰায় ৪.৫ নিযুত (৪৪,৪৯,৫৫২) হিতাধিকাৰীয়ে কভিড-১৯ ৰ টিকা লাভ কৰে।

ভাৰত হৈছে মাত্ৰ ১৮ দিনত ৪ নিযুত ক’ভিড-১৯ ৰ টিকাদান সম্পন্ন কৰা দ্ৰুততম দেশ। আন বহু ৰাষ্ট্ৰই প্ৰায় ৬৫ দিন পূৰ্বেই আৰম্ভ কৰিছিল। ভাৰতে ২০২১ ৰ ১৬ জানুৱাৰীত দেশজোৰা ক’ভিড-১৯ ৰ টিকাদান কাৰ্যক্ৰম আৰম্ভ কৰিছিল।

প্ৰতি দিনে টিকাদান কৰা হিতাধিকাৰীৰ সংখ্যাও ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে।

যোৱা ২৪ ঘন্টাত, সমগ্ৰ ৮,০৪১ ছেচনত ৩,১০,৬০৪ লোকক টিকাদান কৰা হয়। এতিয়ালৈকে ৮৪,৬১৭ ছেচন সম্পন্ন কৰা হৈছে।

ক্ৰমিক নং

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল

টিকাদান কৰা হিতাধিকাৰীৰ সংখ্যা

আন্দামান ও নিকোবৰ দ্বীপপুঞ্জ

২,৭৭২

 

 

 

অন্ধ্ৰ প্ৰদেশ

২,১৫,১৭১

 

 

 

অৰুণাচল প্ৰদেশ

৯,৮৪৬

 

 

 

অসম

৪৩,৬০৭

 

 

 

বিহাৰ

২,৬৪,০৯৭

 

 

 

চণ্ডীগড়

৪,৩৯৯

 

 

 

চত্তীশগড়

১,০১,৫৬৪

 

 

 

দাদৰা ও নগৰ হাভেলী

৯২৬

 

 

 

দমন ও ডিউ

৫৬১

 

 

 

১০

দিল্লী

৮১,৪৩৩

 

 

 

১১

গোৱা

৬,৩২৬

 

 

 

১২

গুজৰাট

৩,১১,২৫১

 

 

 

১৩

হাৰিয়ানা

১,২৯,৮৬৬

 

 

 

১৪

হিমাচল প্ৰদেশ

৪৩,৯২৬

 

 

 

১৫

জম্মু ও কাশ্মীৰ

২৬,৬৩৪

 

 

 

১৬

ঝাড়খণ্ড

৬৭,৯৭০

 

 

 

১৭

কৰ্ণাটক

৩,১৬,৬৩৮

 

 

 

১৮

কেৰালা

২,৪৬,০৪৩

 

 

 

১৯

লাডাখ

১,৫১১

 

 

 

২০

লক্ষদ্বীপ

৮০৭

 

 

 

২১

মধ্য প্ৰদেশ

৩,৩০,৭২২

 

 

 

২২

মহাৰাষ্ট্ৰ

৩,৫৪,৬৩৩

 

 

 

২৩

মণিপুৰ

৫,৮৭২

 

 

 

২৪

মেঘালয়

৪,৮০৬

 

 

 

২৫

মিজোৰাম

৯,৯৯৫

 

 

 

২৬

নাগালেণ্ড

৪,২৪৪

 

 

 

২৭

উৰিষ্যা

২,১১,৩৪৬

 

 

 

২৮

পুডুচেৰী

৩,২২২

 

 

 

২৯

পঞ্জাৱ

৬৩,৬৬৩

 

 

 

৩০

ৰাজস্থান

৩,৬৩,৫২১

 

 

 

৩১

ছিকিম

৩,৪২৫

 

 

 

৩২

তামিল নাডু

১,৩৩,৪৩৪

 

 

 

৩৩

তেলেংগানা

১,৭৬,৭৩২

 

 

 

৩৪

ত্ৰিপুৰা

৩২,৩৪০

 

 

 

৩৫

উত্তৰ প্ৰদেশ

৪,৬৩,৭৯৩

 

 

 

৩৬

উত্তৰাখণ্ড

৫৪,১৫৩

 

 

 

৩৭

পশ্চিম বংগ

৩,০১,০৯১

 

 

 

 

৩৮

অন্যান্য

৫৭,২১২

মুঠ

৪৪,৪৯,৫৫২

       

 

ক’ভিড-১৯ ৰ টিকাদান কৰা মুঠ হিতাধিকাৰীৰ ৫৪.৮৭% হৈছে সাত ৰাজ্যৰ।

আজি ভাৰতৰ মুঠ সক্ৰিয় কেছল’ড ১.৫৫ লাখ (১,৫৫,০২৫) লৈ অৱনমিত হয়।

ভাৰতৰ বৰ্তমান সক্ৰিয় কেছল’ড হৈছে ভাৰতৰ মুঠ পজিটিভ ঘটনাৰ মাত্ৰ ১.৪৪%।

যোৱা কেইটামান সপ্তাহত সক্ৰিয় ঘটনাৰ সংখ্যাৰ দৈনিক পৰিৱৰ্তনে সক্ৰিয় ঘটনাৰ নিৰৱচ্ছিন্ন হ্ৰাস প্ৰদৰ্শন কৰিছে।

আজি ভাৰতৰ দৈনিক পজিটিভিটি হাৰ হৈছে ১.৮২%। যোৱা কেইটামান সপ্তাহ (১৯ দিন) ত ভাৰতৰ দৈনিক পজিটিভিটি হাৰ ২% ৰ নিম্ন হৈ ৰৈছে।

মুঠ আৰোগ্য লাভৰ ঘটনা হৈছে ১,০৪,৮০,৪৫৫ টা।

নতুন ঘটনাক নতুন আৰোগ্য লাভে অতিক্ৰম কৰাত আজি আৰোগ্য লাভৰ হাৰ ৯৭.১৩% লৈ বৃদ্ধি পালে। মুঠ আৰোগ্য লাভৰ ঘটনা সক্ৰিয় ঘটনাৰ ৬৭.৬ গুণ।

নতুন আৰোগ্য লাভৰ ঘটনাৰ ৮৬.০৪% হৈছে ৬ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

৭,০৩০ টা নতুন আৰোগ্য লাভৰ ঘটনাৰে মহাৰাষ্ট্ৰত এদিনত আৰোগ্য লাভৰ সংখ্যা সৰ্বাধিক। যোৱা ২৪ ঘন্টাত কেৰালাত ৬,৩৮০ লোকে আৰোগ্য লাভ কৰে। ইয়াৰ পাছতেই তামিল নাডুত আৰোগ্য লাভ কৰে ৫৩৩ জনে।

নতুন ঘটনাৰ ৮৪.৬৭% হৈছে ৬ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

কেৰালাত দৈনিক নতুন ঘটনা সৰ্বাধিক ৬,৩৫৬ টা। ইয়াৰ পাছতেই মহাৰাষ্ট্ৰত ২,৯৯২ টাৰ সমান্তৰালভাৱে তামিল নাডুত নতুন ঘটনা ৫১৪ টা।

নতুন মৃত্যুৰ ঘটনাৰ ৭১.০৩% ছয় ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত লাভ কৰা হৈছে। মহাৰাষ্ট্ৰত মৃত্যুৰ ঘটনা সৰ্বাধিক (৩০)। ইয়াৰ পাছতেই কেৰালাত ২০ টা দৈনিক মৃত্যুৰ ঘটনা সংঘটিত হৈছে। পশ্চিম বংগ আৰু চত্তীশগড় উভয়তে ৭ টাকৈ মৃত্যুৰ ঘটনা সংঘটিত হৈছে।

 

*********

MV/SJ/SB



(Release ID: 1695330) Visitor Counter : 143