প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ক’ভিড-১৯ৰ বিৰুদ্ধে টিকাকৰণ অভিযান সফলতাৰে মুকলি কৰাৰ বাবে চুবুৰীয়া ৰাষ্ট্ৰৰ নেতাসকলে প্ৰধানমন্ত্ৰী আৰু ভাৰত চৰকাৰক অভিনন্দন জনাইছে

Posted On: 18 JAN 2021 5:22PM by PIB Guwahati

ভিড-১৯ৰ বিৰুদ্ধে টিকাকৰণ অভিযান সফলতাৰে মুকলি কৰাৰ বাবে চুবুৰীয়া ৰাষ্ট্ৰৰ নেতাসকলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰত চৰকাৰক অভিনন্দন জ্ঞাপন কৰিছে।

এক টুইটত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি শ্ৰী গোটাবায়ে ৰাজাপাক্ষেই কয়, ভিড-১৯ৰ বিৰুদ্ধে টিকাকৰণ অভিযান সফলতাৰে মুকলি কৰাৰ বাবেআৰু বন্ধু চুবুৰীয়া ৰাষ্ট্ৰৰ প্ৰতি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ উদাৰতাৰ বাবে মই তেওঁক আন্তঃৰিক অভিনন্দন জনাইছো।

এক টুইটত শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী শ্ৰী মাহিন্দ ৰাজাপাক্ষেই কয়, ভিড-১৯ৰ টিকাকৰণ অভিযানৰ দৰে অত্যন্ত আৱশ্যক পদক্ষেপৰ বাবে মই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰত চৰকাৰক অভিনন্দন জনাইছো। আমি এই ভয়ংকৰ মহামাৰীৰ অৱসান দেখিবলৈ আৰম্ভ কৰিছো।

এক টুইটত মালদ্বীপৰ ৰাষ্ট্ৰপতি শ্ৰী ইব্ৰাহিম মহম্মদ ছলিহে কয়, ভাৰতৰ জনসাধাৰণক কভিড-১৯ৰ টিকা প্ৰদানৰ যুগান্তকাৰী অভিযানৰ বাবে মই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰত চৰকাৰক অভিনন্দন জ্ঞাপন কৰিছো। মই সম্পূৰ্ণৰূপে বিশ্বাসী যে আপোনালোক এই প্ৰয়াসত সফল হব আৰু অৱশেষত আমি মহামাৰীৰ অৱসান দেখিবলৈ পাম।

এক টুইটত ভূটানৰ প্ৰধানমন্ত্ৰী ড০ লোটাই শ্বেৰিঙে কয়, আজিৰে পৰা ভাৰতত আৰম্ভ হোৱা দেশজোৰা কভিড-১৯ টিকাকৰণ মুকলি অভিযানৰ বাবে মই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰতৰ জনসাধাৰণক অভিনন্দন জনাব বিচাৰিছো। আমি আশা কৰিছো যে এই অভিযানে মহামাৰীৰ সময়ত আমি সন্মুখীন হোৱা সকলো দুখ-কষ্টৰ অৱসান ঘটাব।

*****

DS/AKJ/MS



(Release ID: 1689884) Visitor Counter : 156