প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভাৰত ৰত্ন এমজিআৰক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে প্ৰধান মন্ত্ৰী মোদীয়ে

Posted On: 17 JAN 2021 2:12PM by PIB Guwahati

তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডঃ এম জি ৰামচন্দ্ৰনৰ জয়ন্তীত প্ৰধানমন্ত্ৰীয়ে আজি তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। তেওঁ কয় যে এমজিআৰ-এ চিনেমাৰ পৰ্দাৰ পৰা ৰাজনৈতিক ক্ষেত্ৰখনলৈকে সকলো মানুহৰ হৃদয়ত স্থান লাভ কৰিছিল। শ্ৰী মোদীয়ে দেশৰ বিভিন্ন অঞ্চলক গুজৰাটৰ কেৱাদিয়ালৈ সংযোগ কৰা আঠখন ৰে'লৰ যাত্ৰা শুভাৰম্ভ কৰাৰ পিছত আৰু ৰাজ্যখনৰ কেইবাটাও ৰে'ল সম্পৰ্কীয় প্ৰকল্প উদ্বোধন কৰাৰ পিছত ভিডিঅ' কনফাৰেন্সিংৰ মাধ্যমেৰে এই মন্তব্য কৰে।

পুৰুচিথালিয়াভাৰ ডঃ এমজি ৰামচন্দ্ৰন চেণ্ট্ৰেল ৰে'লৱে ষ্টেচনৰ পৰা কেৱাদিয়া অভিমুখে যাত্ৰা কৰিবলগীয়া ৰে'লখনৰ যাত্ৰা শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীয়ে ভাৰত ৰত্ন এমজিআৰক তেওঁৰ জন্মবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে চলচ্চিত্ৰ ক্ষেত্ৰ আৰু ৰাজনৈতিক ক্ষেত্ৰখনলৈ এমজিআৰ-এ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক প্ৰশংসা কৰে। তেওঁ উল্লেখ কৰে যে এমজিআৰৰ ৰাজনৈতিক যাত্ৰা দৰিদ্ৰসকলৰ বাবে উৎসৰ্গিত আৰু তেওঁ সমাজৰ পিছপৰা লোকসকলৰ এক সন্মানজনক জীৱনৰ বাবে অবিৰতভাৱে কাম কৰিছিল।

প্ৰধানমন্ত্ৰীয়ে কয় যে আমি তেওঁৰ আদৰ্শ পূৰণ কৰাৰ বাবে কাম কৰি আছোঁ আৰু কিদৰে কৃতজ্ঞ ৰাষ্ট্ৰই চেন্নাই চেণ্ট্ৰেল ৰে'লৱে ষ্টেচনটোৰ নাম সলনি কৰি এমজিআৰৰ নামেৰে নামাকৰণ কৰে সেই কথা সোঁৱৰণ কৰে।

*******************************************************

DS/KG



(Release ID: 1689590) Visitor Counter : 150