প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

এইধৰণৰ টিকাকৰণ অভিযান মানৱ জাতিৰ ইতিহাসত অভূতপূৰ্বঃ প্ৰধানমন্ত্ৰী

বিজ্ঞানী আৰু বিশেষজ্ঞই ভাৰতত নিৰ্মিত ভেকচিন নিৰাপদ আৰু ফলপ্ৰসু বুলি সুনিশ্চিত হোৱাৰ পিছতহে ইয়াক কেৱল জৰুৰীকালীন ব্যৱহাৰৰ বাবে অনুমতি প্ৰদান কৰা হয়ঃ প্ৰধানমন্ত্ৰী

সমগ্ৰ বিশ্বৰ ৬০শতাংশ শিশুৱে ভাৰতত নিৰ্মিত ভেকচিন লাভ কৰেঃ প্ৰধানমন্ত্ৰী

Posted On: 16 JAN 2021 1:46PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এক ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে সমগ্ৰ দেশত ক’ভিড-১৯ৰ টিকাকৰণ অভিযান মুকলি কৰে। দেশৰ প্ৰতিটো প্ৰান্তক সাঙুৰি লোৱা ই হ’ল বিশ্বৰ সৰ্ববৃহৎ টিকাকৰণ অভিযান।

প্ৰধানমন্ত্ৰীয়ে এই বৃহৎ পৰিসৰৰ টিকাকৰণ প্ৰক্ৰিয়া অভূতপূৰ্ব বুলি উল্লেখ কৰি কয় যে প্ৰথম পৰ্যায়ত ৩কোটি লোকে টিকা লাভ কৰিব। এই পৰিমাণ বিশ্বৰ অতি কমেও ১০০খন দেশৰ জনসংখ্যাতকৈ অধিক। দ্বিতীয় পৰ্যায়ত এই পৰিমাণ অধিক বৃদ্ধি পাব আৰু প্ৰায় ৩০ কোটি লোকক টিকা প্ৰদান কৰা হ’ব। তেওঁ কয় যে বিশ্বত এনেকুৱা মাত্ৰ তিনিখন দেশ আছে, যাৰ জনসংখ্যা ৩০ কোটিতকৈ বেছি। দেশকেইখন হ’ল-ভাৰত, আমেৰিকা আৰু চীন। এই বৃহৎ পৰিসৰৰ টিকাকৰণ প্ৰক্ৰিয়া ইতিহাসত পূৰ্বে কেতিয়াও সংঘটিত হোৱা নাই আৰু ই ভাৰতৰ সক্ষমতাক প্ৰতিফলিত কৰে বুলি প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে উৰা বাতৰি আৰু উদ্দেশ্য প্ৰণোদিত প্ৰচাৰৰ পৰা আঁতৰি থাকিবলৈ দেশবাসীক আহ্বান জনায়। তেওঁ কয় যে বিজ্ঞানী আৰু বিশেষজ্ঞই ভাৰতত নিৰ্মিত ভেকচিন নিৰাপদ আৰু ফলপ্ৰসু বুলি সুনিশ্চিত হোৱাৰ পিছতহে ইয়াক কেৱল জৰুৰীকালীন ব্যৱহাৰৰ বাবে অনুমতি প্ৰদান কৰা হৈছে। ভাৰতীয় ভেকচিন বিজ্ঞানী, চিকিৎসা পদ্ধতি, ভাৰতীয় প্ৰক্ৰিয়া আৰু প্ৰতিষ্ঠানগত ব্যৱস্থাক সমগ্ৰ বিশ্বই বিশ্বাস কৰে আৰু গোলকীয় স্তৰত ইয়াক এক সুকীয়া মৰ্যাদা আছে। অতীতৰ ভাল ৰেকৰ্ডৰ ফলত এই বিশ্বাসৰ সৃষ্টি হৈছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বিশ্বৰ ৬০ শতাংশ শিশুৱে ভাৰতত নিৰ্মিত টিকা আৰু ভাৰতীয় বিজ্ঞানীয়ে পৰীক্ষা সম্পন্ন কৰি দিয়া টিকা লাভ কৰি আছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতীয় টিকাকৰণ বিশেষজ্ঞ আৰু বিজ্ঞানীৰ ওপৰত বিশ্ববাসীৰ এই আস্থা মেক-ইন-ইণ্ডিয়া ক’ৰোনা ভেকচিনে অধিক সৱল কৰিব। ভাৰতীয় ভেকচিন বিদেশী ভেকচিনতকৈ কম মূল্যত উপলব্ধ হোৱাৰ লগতে ইয়াৰ পৰিচালনাৰ দিশটোও যথেষ্ট সৰল। একাংশ বিদেশী ভেকচিনৰ মূল্য প্ৰতিটো ডোজত ৫হাজাৰ টকালৈকে ধাৰ্য কৰা হৈছে আৰু ইয়াক মাইনাছ ৭০ ডিগ্ৰী তাপমাত্ৰাত ৰাখিব লাগে। ইয়াৰ বিপৰীতে, ভাৰতীয় ভেকচিন প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰশীল। ইয়াৰ সহায়ত আমি ক’ৰোনাৰ বিৰুদ্ধে চলি থকা যুঁজত নিশ্চয় জয়ী হ’ব পাৰিম। প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়।

শ্ৰী মোদীয়ে ক’ৰোনাৰ বিৰুদ্ধে ভাৰতৰ যুঁজক আত্মবিশ্বাস আৰু আত্মনিৰ্ভৰশীলতাৰ প্ৰতিচ্ছবি বুলি উল্লেখ কৰিছে। তেওঁ কয় যে মহামাৰীৰ সময়ছোৱাত ভাৰতীয় জনসাধাৰণে হতাশাক প্ৰশ্ৰয় নিদি আত্মবিশ্বাস আৰু দৃঢ়তাৰে এই যুঁজত অৰিহণা আগবঢ়াইছে।

*****

DS/MS



(Release ID: 1689268) Visitor Counter : 169