স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

#বৃহত্তম_টীকাকৰণ_অভিযান

ক’ভিড-১৯ৰ পৃথিৱীৰ ভিতৰতে সৰ্ববৃহত্ টীকাকৰণ অভিযানৰ শুভৰম্ভণিৰে ভাৰতৰ বাবে স্মৰণীয় দিৱস

ভাৰতত মুঠ আক্ৰান্তৰ বিপৰীতে সক্ৰিয় ৰোগীৰ হাৰ মাত্ৰ ২%লৈ কমিল

Posted On: 16 JAN 2021 11:37AM by PIB Guwahati

ক’ভিড-১৯ৰ পৃথিৱীৰ ভিতৰতে সৰ্ববৃহত্ টীকাকৰণ অভিযানৰ শুভৰম্ভণিৰে আজিৰ দিনটো ভাৰতৰ বাবে স্মৰণীয় দিৱস হিচাপে পৰিগণিত হৈছে। আজি পুৱা ১০.৩০ বজাত সন্মানীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে ৰাষ্ট্ৰজোৰা টীকাকৰণ অভিযানৰ শুভাৰম্ভ ঘোষণা কৰে।

আজিৰ দিনটোত ভাৰতত মুঠ আক্ৰান্তৰ বিপৰীতে সক্ৰিয় ৰোগী (২,১১,০৩৩গৰাকী)ৰ হাৰ মাত্ৰ ২%লৈ কমাটোও পৰিলক্ষিত হৈছে। প্ৰণিধানযোগ্য যে ২০২০চনৰ ২৯ জুনতহে সক্ৰিয় ৰোগীৰ সংখ্যা ২,১০,১২০গৰাকী আছিল।

আৰোগ্য লাভৰ শতকৰা হাৰে ৯৬% অতিক্ৰম কৰিছে।  আজিৰ তাৰিখত এই হাৰ ৯৬.৫৬% হৈছেগৈ।

আজিৰ তাৰিখত দেশত সক্ৰিয় ৰোগীৰ সংখ্যা ২,১১,০৩৩গৰাকী হৈছেগৈ। ইফালে, দেশত মুঠ আৰোগ্য লাভ কৰা ব্যক্তিৰ সংখ্যাই ১কোটিৰ ঘৰ অতিক্ৰম কৰিছে(১,০১,৭৯,৭১৫গৰাকী)।

আৰোগ্য লাভৰ গতিয়ে ধাৰাবাহিক প্ৰগতি লাভ কৰি থকা দেখা গৈছে। আৰোগ্য লাভ কৰা আৰু সক্ৰিয় ৰোগীৰ সংখ্যাৰ মাজৰ ব্যৱধান আজিৰ তাৰিখত ৯৯,৬৮,৬৮২গৰাকীলৈ বৃদ্ধি পাইছে।

২৫খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত সক্ৰিয় ৰোগীৰ সংখ্যা ৫,০০০ৰ তললৈ অৱনমিত হোৱাৰ পৰিপ্ৰেক্ষিতত দেশত সক্ৰিয় ৰোগীৰ সংখ্যা অৱনমিত হোৱাৰ ধাৰা অব্যাহত থকা দেখা গৈছে। এইসমূহ ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলত মুঠ সক্ৰিয় ৰোগীৰ হাৰ ১৫% বুলি নিশ্চিত কৰা হৈছে।

বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যত সক্ৰিয় ৰোগী সংখ্যা তলত উল্লেখ কৰা ধৰণৰ।

ইফালে, নতুনকৈ আৰোগ্য লাভ কৰোতাৰ ৮১.৯৪%ই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

ইয়াৰে, সৰ্বাধিক ৪,৬০৩গৰাকী নতুন আৰোগ্যৰে শীৰ্ষ স্থান দখল কৰিছে কেৰালাই। এই তালিকাত ৩,৫০০ আৰু ১,০০৯গৰাকী লোকেৰে দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে মহাৰাষ্ট্ৰ আৰু চত্তিশগড়।

সেইদৰে, নতুনকৈ আক্ৰান্তৰ ৮০.৮১%ই ৮খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

এইক্ষেত্ৰতো কেৰালাই সৰ্বাধিক ৫,৬২৪গৰাকী দিনটোৰ নতুন আক্ৰান্তৰে শীৰ্ষত অৱস্থান কৰাৰ বিপৰীতে ৩,১৪৫ আৰু ৭০৮গৰাকী আক্ৰান্তৰে দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে মহাৰাষ্ট্ৰ আৰু পশ্চিম বংগ।

ইফালে, শেহতীয়া ২৪ ঘণ্টাত দেশত ১৭৫গৰাকী লোকে মৃত্যু সাৱটি লৈছে।

এইক্ষেত্ৰতো ৬৯.১৪% মৃতকেই ৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

ইয়াৰে, মহাৰাষ্ট্ৰত সৰ্বাধিক ৪৫গৰাকী লোকে মৃত্যু বৰণ কৰাৰ বিপৰীতে কেৰালা আৰু পশ্চিম বংগত মৃত্যু হৈছে ক্ৰমে ২৩ আৰু ১৬গৰাকী লোকৰ।

 

****

MV/SJ/KB



(Release ID: 1689028) Visitor Counter : 212