প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ষ্টেচু অৱ ইউনিটিৰ সৈতে দেশৰ বিভিন্ন অঞ্চলৰ মাজত প্ৰত্যক্ষ ৰেল সংযোগৰ সুবিধা গঢ়ি তুলিবলৈ ১৭ জানুৱাৰীত আঠখন ৰেলৰ যাত্ৰা শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে

গুজৰাটৰ ৰেল খণ্ডৰ সৈতে সম্পৰ্কিত আন কেইবাটাও প্ৰকল্পও উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

Posted On: 15 JAN 2021 4:50PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ষ্টেচু অৱ ইউনিটিৰ সৈতে দেশৰ বিভিন্ন অঞ্চলৰ মাজত প্ৰত্যক্ষ ৰেল সংযোগৰ সুবিধা গঢ়ি তুলিবলৈ ১৭ জানুৱাৰীৰ পুৱা ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে আঠখন ৰেলৰ যাত্ৰা শুভাৰম্ভ কৰিব। এই ৰেলকেইখনে কেভাদিয়াস্থিত ষ্টেচু অৱ ইউনিটিৰ সৈতে দেশৰ বিভিন্ন অঞ্চলক সংযোগ কৰিব। এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ ৰেল খণ্ডৰ সৈতে সম্পৰ্কিত আন কেইবাটাও প্ৰকল্পও উদ্বোধন কৰিব। এই অনুষ্ঠানত গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় ৰেল মন্ত্ৰী উপস্থিত থাকিব।

প্ৰধানমন্ত্ৰীয়ে দাভোই-চাণ্ডোদ গজ ৰূপান্তৰিত ব্ৰডগজ ৰেললাইন, চাণ্ডোড-কেভাদিয়া নতুন ব্ৰডগজ ৰেললাইন, নতুনকৈ বৈদ্যুতিকীকৰণ কৰা প্ৰতাপনগৰ-কেভাদিয়া শাখা আৰু দাভোই, চাণ্ডোদ আৰু কেভাদিয়াৰ নতুন ষ্টেচন ভৱনসমূহ উদ্বোধন কৰিব। এই ভৱনবোৰ স্থানীয় বিশেষত্ব আৰু আধুনিক যাত্ৰীবাহী সা-সুবিধাসমূহ অন্তৰ্ভুক্ত কৰি প্ৰস্তুত কৰা হৈছে। কেভাদিয়া ষ্টেচন হৈছে ভাৰতৰ প্ৰথম পৰিৱেশ বান্ধৱ ৰে'লৱে ষ্টেচন। প্ৰকল্পবোৰে ওচৰৰ জনজাতীয় অঞ্চলৰ বিকাশৰ কাৰ্যকলাপ বৃদ্ধি কৰিব, নৰ্মদা নদীৰ পাৰত থকা গুৰুত্বপূৰ্ণ ধৰ্মীয় আৰু প্ৰাচীন তীৰ্থস্থানৰ সৈতে যোগাযোগ বৃদ্ধি কৰিব, ঘৰুৱা আৰু আন্তৰ্জাতিক পৰ্যটন বৃদ্ধি কৰিব, অঞ্চলটোৰ সামগ্ৰিক আৰ্থ-সামাজিক বিকাশৰ বাবে এক অনুঘটক হিচাপে কাম কৰিব আৰু লগতে নতুন নিয়োগ আৰু ব্যৱসায়িক সুযোগ সৃষ্টি কৰাত সহায় কৰিব।

শুভাৰম্ভ কৰিবলগীয়া ৮ ৰেলৰ সবিশেষ তলত দিয়া ধৰণৰঃ

১)০৯১০৩/০৪ নং মহামানা এক্সপ্ৰেছে সাপ্তাহিকভাৱে কেভাদিয়াৰ পৰা বাৰাণসীলৈ চলাচল কৰিব।

২) ০২৯২৭/২৮ নং দাদৰ-কেভাদিয়া এক্সপ্ৰেছে(দৈনিক) দাদৰৰ পৰা কেভাদিয়ালৈকে চলাচল কৰিব।             

৩)০৯২৪৭/৪৮ নং জনশতাব্দী এক্সপ্ৰেছে(দৈনিক) আহমেদাবাদৰ পৰা কেভাদিয়ালৈকে চলাচল কৰিব।              

৪)০৯১৪৫/৪৬ নং নিজামুদ্দিন কেভাদিয়া সম্পৰ্ক ক্ৰান্তি এক্সপ্ৰেছে(পষেকীয়া) কেভাদিয়াৰ পৰা এইচ. নিজামুদ্দিনলৈকে চলাচল কৰিব।

৫)০৯১০৫/০৬ নং কেভাদিয়া-ৰেৱা এক্সপ্ৰেছে(সাপ্তাহিক) কেভাদিয়াৰ পৰা ৰেৱালৈকে চলাচল কৰিব।

৬)০৯১১৯/২০ নং চেন্নাই-কেভাদিয়া এক্সপ্ৰেছে(সাপ্তাহিক) চেন্নাইৰ পৰা কেভাদিয়ালৈকে চলাচল কৰিব।

৭)০৯১০৭/০৮ নং এমইএমইউ ৰেল(দৈনিক) প্ৰতাপনগৰৰ পৰা কেভাদিয়ালৈকে চলাচল কৰিব।

৮)০৯১০৯/১০ এমইএমইউ ৰেল(দৈনিক) কেভাদিয়াৰ পৰা প্ৰতাপনগৰলৈকে চলাচল কৰিব।

জন শতাব্দী এক্সপ্ৰেছত অত্যাধুনিক ‘ভিষ্টা-ডম পৰ্যটক প্ৰশিক্ষক’ৰ ব্যৱস্থা কৰা হৈছে যিয়ে বাহিৰৰ মনোৰম দৃশ্য উপভোগ কৰাত সহায় কৰিব।

 

*******************************************************

DS/AKJ/KG

 



(Release ID: 1689015) Visitor Counter : 160