স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰতত দৈনিক আৰোগ্যৰ সংখ্যা আক্রান্তৰ তুলনাত অধিক হোৱাৰ ফলত চিকিৎসাধীন ৰোগীৰ সংখ্যা হ্ৰাস পাইছে

দৈনিক আক্রান্তৰ সংখ্যা ক্রমশঃ নিম্নমুখী হৈছে, বিগত ২৪ ঘণ্টাত কেৱল ১৬,৩৭৫ জন লোক নতুনকৈ আক্রান্ত

নতুন প্রজাতিৰ ভাইৰাছত আক্রান্তৰ সংখ্যা ৫৮জনলৈ বৃদ্ধি

Posted On: 05 JAN 2021 11:32AM by PIB Guwahati

ভাৰতত চিকিসাধীন ৰোগীৰ সংখ্যা ক্ৰমান্বয়ে হ্ৰাস পাই আজি ২,৩১,০৩৬জন হৈছে৷ সেই হিচাপে মুঠ আক্ৰান্তৰ বিপৰীতে ২.২৩% ৰোগী এতিয়া চিকিসাধীন হৈ আছে৷

ভাৰতত বিগত ৩৯দিন একেৰাহে দৈনিক আৰোগ্যৰ সংখ্যা আক্রান্তৰ তুলনাত অধিক হৈ আছে৷ বিগত ২৪ ঘণ্টাত দেশত ২৯,০৯১জন ৰোগী আৰোগ্য হোৱাৰ বিপৰীতে নতুনকৈ আক্ৰান্ত হৈছে ১৬,৩৭৫জন লোক৷ বিগত ২৪ ঘণ্টাত দেশত নতুন আক্ৰান্ত লোকতকৈ ১২,৯১৭জন অধিক ৰোগী আৰোগ্য হৈছে৷

ভাৰতত দৈনিক আক্ৰান্ত সংখ্যাও হ্ৰাস পাই আহিছে৷

ইফালে, ব্ৰিটেইনত দেখা দিয়া নতুন প্ৰজাতিৰ ক’ৰোনাত আক্ৰান্ত লোকৰ সংখ্যা পৰা ৫৮জনলৈ বৃদ্ধি পাইছে৷

ইয়াৰে ২৫জন নতুন আক্ৰান্তক পুনেৰ এনআইভিত চিনাক্ত কৰা হৈছে৷ সেইদৰে, নতুন দিল্লীৰ এনচিডিচিত ৮জন, নতুন দিল্লীৰ আইডিআইবিত ১১জন, কলকাতাৰ এনআইবিএমজি কল্যানীত এজন, হায়দৰাবাদৰ চিচিএমবিত ৩জন আৰু বাংগালুৰুৰ নিমহান্সত ১০জন লোকক চিনাক্ত কৰা হৈছে৷

এই নতুন প্ৰজাতিৰ ভাইৰাছৰ সন্দৰ্ভত দেশত ১০টা স্থানত পৰীক্ষা কৰা হৈছে৷ সংশিষ্ট ৰাজ্য চৰকাৰে এই আক্ৰান্ত লোকসকলক সম্পূৰ্ণ পৃথকে ৰখাৰ ব্যৱস্থা কৰিছে৷ তেওঁলোকৰ সংস্পৰ্শলৈ অহা পৰিয়ালৰ লোককো কোৱাৰেণ্টাইনত ৰখা হৈছে৷ বৰ্তমান আক্ৰান্ত ব্যক্তিসকলক সম্পূৰ্ণ নিৰীক্ষণ ৰখা হৈছে৷

ভাৰতত আজিলৈকে ৯৯,৭৫,৯৫৮জন ৰোগী আৰোগ্য হৈছে৷ আৰোগ্যৰ হাৰ ৬.৩২%লৈ উন্নীত হৈছে৷ বিগত ২৪ ঘণ্টাত ২৯,০৯১জন ৰোগী আৰোগ্য হৈছে৷ ইয়াৰে ৮২.৬২%ই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ সেই অনুসৰি মহাৰাষ্ট্ৰৰ সৰ্বাধিক ১০,৩৬২জনৰ বিপৰীতে কেৰালা আৰু চত্তীশগড়ত ক্ৰমে ৫,১৪৫ আৰু ১,৩৪৯জন৷

ইফালে, নতুন আক্ৰান্তৰ ৮০.০৫%ই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷

ইয়াৰে, মহাৰাষ্ট্ৰত সৰ্বাধিক ৪,৮৭৫জনৰ বিপৰীতে কেৰালা আৰু চত্তীশগড়ত ক্ৰমে ৩,০২১ আৰু ১,১৪৭জন৷

বিগত ২৪ ঘণ্টাত মৃত্যু হোৱা ২০১জন ৰোগীৰ ৭০.১৫%ই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷

মহাৰাষ্ট্ৰত ২৯জন, পশ্চিমবংগত ২৫জন আৰু পাঞ্জাৱত ২৪জন ৰোগীৰ মৃত্যু হৈছে৷

****

MV/SJ/DB

 



(Release ID: 1686410) Visitor Counter : 150