PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 30 DEC 2020 6:06PM by PIB Guwahati

#Unite2FightCorona

#IndiaFightsCorona

Image

যুক্তৰাজ্যৰপৰা অহা ২০ জন লোকৰ দেহত SARS- CoV-2 ভাইৰাছৰ নতুন মিউটেন্ট সংস্কৰণ চিনাক্ত, যোৱা ৩৩ দিন ধৰি দৈনিক নতুন ঘটনাতকৈ দৈনিকআৰোগ্য লাভৰ আধিক্যই সক্ৰিয় কেছলড হ্ৰাস কৰি ৰাখিছে, ভাৰতৰ প্ৰতি নিযুত জনসংখ্যাত ঘটনা আৰু মৃত্যু বিশ্বখনৰ ভিতৰতে অন্যতম সৰ্বনিম্ন

যুক্তৰাজ্যৰপৰা অহা মুঠ ২০ জন লোকৰ দেহত SARS- CoV-2 ভাইৰাছৰ মিউটেন্ট সংস্কৰণ চিনাক্ত কৰা হৈছে।ইয়াত পূৰ্বে চিনাক্ত হোৱা ছজন লোকক সামৰি লোৱা হৈছে (৩ জন NIMHANS, বেংগালুৰু, ২ জন CCMB, হায়দৰাবাদ আৰু এজন NIV, পুনেত)।তলত উল্লেখ কৰা অনুসৰি ১০ টা লেবত ১০৭ টা নমুনা টেষ্ট কৰা হয়।জেনমিক অনুক্ৰমৰ অৰ্থে ভাৰত চৰকাৰে INSACOG (ইণ্ডিয়ান SARS-CoV-2 জেনমিক্সকনচৰ্টিয়াম) গঠন কৰে। ইয়াত ১০ টা লেব অন্তৰ্ভুক্ত কৰা হৈছে (NIBMG কলকাতা, ILS ভূৱনেশ্বৰ, NIV পুনে, CCS পুনে, CCMB হায়দৰাবাদ, CDFD হায়দৰাবাদ, InSTEM বেংগালুৰু, NIMHANS বেংগালুৰু, IGIB দিল্লী, NCDC দিল্লী)।পৰিস্থিতিটোৰ ওপৰত সতৰ্ক দৃষ্টি আৰোপ কৰি ৰখা হৈছে আৰু নিৰীক্ষণ, কন্টেইনমেন্ট, টেষ্টিং বৃদ্ধিৰ অৰ্থে ও INSACOG লেবলৈ নমুনাসমূহ প্ৰেৰণ কৰিবলৈ ৰাজ্যসমূহলৈ নিয়মীয়া পৰামৰ্শ আগবঢ়াই থকা হৈছে।যোৱা ৩৩ দিন ধৰি দৈনিক নতুন ঘটনাতকৈ দৈনিক আৰোগ্য লাভৰ ঘটনা অধিক হৈ আছে।যোৱা ২৪ ঘন্টাত, দেশখনত ২০,৫৪৯ জন লোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰে।একে সময়ছোৱাতে, সক্ৰিয় কেছল’ড হ্ৰাস হোৱাটো নিশ্চিত কৰি নতুন আৰোগ্য লাভৰ ঘটনা হয় ২৬,৫৭২ টা।আজি ভাৰতৰ মুঠ আৰোগ্য লাভৰ ঘটনা হয় ৯৮,৩৪,১৪১ টা। এয়া বিশ্বৰ ভিতৰতে সৰ্বাধিক। তদুপৰি আৰোগ্য লাভৰ হাৰ প্ৰায় ৯৬% (৯৫.৯৯%) হৈ পৰে। আৰোগ্য লাভ আৰু সক্ৰিয় ঘটনাৰ মাজৰ ব্যৱধান নিৰৱচ্ছিন্নভাৱে বৃদ্ধি পাই গৈ আছে (৯৫,৭১,৮৬৯)।ভাৰতৰ মুঠ সক্ৰিয় কেছল’ড ২,৬২,২৭২ হৈছে ভাৰতৰ মুঠ পজিটিভ ঘটনাৰ মাত্ৰ ২.৫৬%।নতুন আৰোগ্য লাভৰ ঘটনাই মুঠ সক্ৰিয় ঘটনাৰপৰা ৬,৩০৯ হ্ৰাস কৰে।বিশ্বৰে তুলনা কৰিলে দেখা যায়, প্ৰতি নিযুত জনসংখ্যাত ভাৰতৰ ঘটনা বিশ্বখনৰ ভিতৰতে অন্যতম সৰ্বনিম্ন (৭,৪২৩)। প্ৰতি নিযুত জনসংখ্যাত ৰাছিয়া, ইটালী, যুক্তৰাজ্য, ব্ৰাজিল, ফ্ৰান্স আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে ৰাষ্ট্ৰৰ ঘটনা অধিক বেছি।নতুন আৰোগ্য লাভৰ ঘটনাৰ ৭৮.৪৪% হৈছে ১০ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ।৫,৫৭২ নতুন আৰোগ্য লাভৰ ঘটনাৰে মহাৰাষ্ট্ৰত এদিনত আৰোগ্য সৰ্বাধিক। কেৰালাত ৫,০২৯ লোকে আৰোগ্য লাভৰ কৰাৰ সমান্তৰালভাৱে চত্তীশগড়ত আৰোগ্য লাভ কৰে ১,৬০৭ জনে।নতুন ঘটনাৰ ৭৯.২৪% হৈছে ১০ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ।৫,৮৮৭ টাৰে কেৰালাত দৈনিক নতুন ঘটনা সৰ্বাধিক।ইয়াৰ পাছতেই থকা মহাৰাষ্ট্ৰত নতুন ঘটনা হৈছে ৩,০১৮ টা।পশ্চিম বংগত নতুন ঘটনা হৈছে ১,২৪৪ টা।যোৱা ২৪ ঘন্টাত ২৮৬ টা মৃত্যুৰ ঘটনা সংঘটিত হৈছে।নতুন মৃত্যুৰ ঘটনাৰ ৭৯.৩৭% সংঘটিত হৈছে দহ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত।মহাৰাষ্ট্ৰত মৃত্যুৰ ঘটনা সৰ্বাধিক ৬৮ টা।ইয়াৰ পাছতেই থকা পশ্চিম বংগ আৰু দিল্লীৰ দৈনিক মৃত্যুৰ ঘটনা হৈছে ক্ৰমে ৩০ আৰু ২৮ টা।আগ্ৰাসী আৰু লক্ষ্যযুক্ত টেষ্টিং, পজিটিভ ঘটনাসমূহৰ আৰম্ভণিতে চিনাক্তকৰণ, তীব্ৰ ঘটনাসমূহৰ সময়োচিত আইছ’লেশ্যন ও ক্ষীপ্ৰতাৰে চিকিৎসালয়ত ভৰ্তি (পৰিমিত ঘটনাসমূহৰ নিৰীক্ষিত হ’ম আইছ’লেশ্যন) কে ধৰি কেন্দ্ৰীভূত ব্যৱস্থাৰাজি ও ষ্টেণ্ডাৰ্ড ট্ৰিটমেন্ট প্ৰট’কলে দৈনিক মৃত্যুৰ ঘটনা ৩০০ ৰ নিম্ন কৰি ৰাখিছে। ভাৰতৰ দৈনিক মৃত্যুৰ ঘটনা ধাৰাবাহিকভাৱে হ্ৰাস পাইছে।ভাৰতত প্ৰতি নিযুত জনসংখ্যাত মৃত্যু (১০৭)ৰ ঘটনা বিশ্বখনৰ ভিতৰতে অন্যতম সৰ্বনিম্ন।

অধিক বিৱৰণৰ বাবেঃ

 

৭ জানুৱাৰী, ২০২১ পৰ্যন্ত যুক্তৰাজ্যৰপৰা ভাৰতলৈ অহা আন্তঃৰাষ্ট্ৰীয় বিমানসমূহৰ অস্থায়ী স্থগন সম্প্ৰসাৰণৰ পৰামৰ্শ স্বাস্থ্য মন্ত্ৰালয়ৰ

৭ জানুৱাৰী (বৃহস্পতিবাৰ), ২০২১ পৰ্যন্ত যুক্তৰাজ্যৰপৰা ভাৰতলৈ অহা বিমানৰ অস্থায়ী স্থগন সম্প্ৰসাৰিত কৰিবলৈ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ক স্বাস্থ্য মন্ত্ৰালয়ে পৰামৰ্শ প্ৰদান কৰিছে।স্বাস্থ্য সেৱাৰ সঞ্চালক প্ৰধান (DGHS) ৰ অধ্যক্ষাধীন যুটীয়া নিৰীক্ষণ গোট (JMG) আৰু ডিজি, আইচিএমআৰ আৰু সদস্য (স্বাস্থ্য), নিটি আয়োগৰ যুটীয়া অধ্যক্ষাধীন নেশ্যনেল টাস্ক ফ’ৰ্চৰপৰা লাভ কৰা ইনপুটৰ ভিত্তিত এই পৰামৰ্শ আগবঢ়াইছে মন্ত্ৰালয়টোৱে।

অধিক বিৱৰণৰ বাবেঃ

 

GAVIৰ্ড, দ্য ভেকচিন এলায়েন্সলৈ মনোনীত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধন

GAVI ব’ৰ্ডৰ এজন সভ্য হিচাপে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনক মনোনীত কৰিছে গ্ল’ৱেল এলায়েন্স ফৰ ভেকচিন এণ্ড ইম্মিউনাইজেশ্যন (GAVI) এ। ডাঃ হৰ্ষ বৰ্ধনে GAVI ব’ৰ্ডত অবিৰামভাৱে দক্ষিণ পূব অঞ্চল আঞ্চলিক কাৰ্যালয় (SEARO)/পশ্চিম পেচিফিক আঞ্চলিক কাৰ্যালয় (WPRO) ক প্ৰতিনিধিত্ব কৰিব।

অধিক বিৱৰণৰ বাবেঃ

 

ভিড-১৯ ৰ টিকাদানৰ অৰ্থে চাৰি ৰাজ্যত সফলতাৰে অনুশীলন সম্পন্ন

ক’ভিড-১৯ ৰ টিকাদানত জড়িত ক্ৰিয়া-কলাপৰ অৰ্থে কেন্দ্ৰীয় স্বাস্থ্য ও পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ২৮ আৰু ২৯ ডিচেম্বৰ, ২০২০ ত চাৰি ৰাজ্য যথাঃ অসম, অন্ধ্ৰ প্ৰদেশ, পঞ্জাৱ আৰু গুজৰাটত দুদিনীয়া অনুশীলন সম্পন্ন কৰে। মিজিলছ-ৰুবেলা (MR) আৰু এডাল্ট জাপানীজ এনকেফেলাইটিছ (JE) অভিযানৰ লেখীয়া ৰাষ্ট্ৰব্যাপী বহু বিস্তৃত-পৰিসৰৰ ইনজেকশ্যনযোগ্য টিকাদান অভিযান আৰু সাৰ্বজনীন টিকাদান কাৰ্যক্ৰম (UIP) ৰূপায়ণৰ অভিজ্ঞতাৰে, ক’ভিড-১৯ ৰ অৰ্থে হেল্থ কেয়াৰ কৰ্মী, ফ্ৰন্টলাইন কৰ্মী আৰু ৫০ উৰ্ধৰ ব্যক্তিৰ দৰে অগ্ৰাধিকাৰ জন গোটক টিকাদান কৰিবলৈ যাৱতীয় পদক্ষেপ গ্ৰহণ কৰা হয়।এই অনুশীলনৰ লক্ষ্য হৈছেক’ভিড-১৯ টিকাদান প্ৰক্ৰিয়াৰ আৰম্ভণিৰপৰা শেষলৈ পৰীক্ষণ আৰু ই সামৰি ল’ব অপাৰেশ্যনেল গাইডলাইন অনুসৰি পৰিকল্পনা ও প্ৰস্তুতি; ক’-উইন (Co-WIN) এপ্লিকেশ্যনত সুযোগ-সুবিধা ও ইউজাৰ সৃষ্টি, চেছন চাইট সৃষ্টি ও চাইটসমূহৰ মেপিং, হেল্থ কেয়াৰ কৰ্মী (HCW)ৰ ডাটা আপল’ড কৰা, টিকা গ্ৰহণ আৰু জিলাসমূহৰদ্বাৰা টিকা আবন্টন, চেছন পৰিকল্পনা, টিকাদান টীমৰ নিয়োজন, চেছন চাইটত লজিষ্টিক ম’বিলাইজেশ্যন, টিকাদান সম্পন্নৰ মক ড্ৰিল আৰু খণ্ড, জিলা আৰু ৰাজ্যিক পৰ্যায়ত ৰিপ’ৰ্টিং আৰু পৰ্যালোচনা বৈঠক ক।তদুপৰি এই অনুশীলনৰ উদ্দেশ্য হৈছে ক’-উইন আইটি প্লেটফৰ্মৰ ক্ষেত্ৰভিত্তিক ৰূপায়ণ সাধন আৰু নিশ্চিত কৰা আৰু প্ৰকৃত ৰূপায়ণৰ পূৰ্বে অগ্ৰগতিৰ পথক তত্বাৱধান কৰা।জিলা আৰু খণ্ড টাস্ক ফ’ৰ্চৰে জিলা উপায়ুক্তৰ যোগাযোগত এই অনুশীলন সম্পন্ন হৈ উঠে আৰু ইয়াৰ জৰিয়তে টিকাদানৰ সঠিক ৰূপায়ণৰ সময়ছোৱাত যিকোনো ব্যৱধান বা বাধা দূৰ কৰিবলৈ অন্তৰ্দৃষ্টি প্ৰদানৰ আশা কৰা হৈছিল।এই দুদিনীয়া সম্পূৰ্ণ অনুশীলন অনুষ্ঠিত কৰা যায় অন্ধ্ৰ প্ৰদেশৰ কৃষ্ণা জিলা, গুজৰাটৰ ৰাজকোট আৰু গান্ধীনগৰ, পঞ্জাৱৰ লুধিয়ানা আৰু শ্বহীদ ভগত সিং নগৰ (নৱাচহৰ) আৰু অসমৰ শোণিতপুৰ আৰু নলবাৰী জিলাত। জিলা প্ৰশাসনৰদ্বাৰা ভিন্ন কাৰ্যৰ অৰ্থে নিৰ্দিষ্ট টীমসমূহ গঠন কৰা হৈছে আৰু ডাম্মি হিতাধিকাৰীৰ ডাটা আপল’ডিং, চেছন চাইট সৃষ্টি, টিকা আবন্টন, টিকাপ্ৰদানকাৰী ও হিতাধিকাৰীসকললৈ টিকাৰ সৰবৰাহ, হিতাধিকাৰী একত্ৰিতকৰণৰ দৰে ক্ৰিয়া-কলাপসমূহ সম্পন্ন কৰা যায়।প্ৰথম দিনৰ অনুশীলনৰ ক্ষেত্ৰৰ প্ৰতিক্ৰিয়াও ২৯ ডিচেম্বৰ, ২০২০ ত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৰাজ্যিক ও জিলা প্ৰগ্ৰেম বিষয়াসকলৰ সৈতে পৰ্যালোচনা কৰে যুটীয়া সচিব (জন স্বাস্থ্য) এ।সকলোবোৰ ৰাজ্যই পৰিচালন দৃষ্টিকোণ আৰু সমগ্ৰ দেশখনৰ বৃহৎ সংখ্যক নাগৰিকক সামৰি ল’বলৈ দৃষ্টি নিক্ষেপ কৰা টিকাদান প্ৰক্ৰিয়াটোৰ স্বচ্ছতা আৰু ফলপ্ৰসূ নিৰীক্ষণ নিশ্চিত কৰি তুলিবলৈ আই প্লেটফৰ্ম ব্যৱহাৰ কৰা কাৰ্যত সন্তুষ্টি প্ৰকাশ কৰে।ক’-উইন প্লেটফৰ্মৰ পৰৱৰ্তী বৰ্ধনৰ অৰ্থে আইটি প্লেটফৰ্ম সন্দৰ্ভত অতিৰিক্ত পৰামৰ্শসমূহো টুকি ৰখা যায়।লাভ কৰা সৱিশেষ অন্তৰ্দৃষ্টি আৰু মতামতসমূহে অপাৰেশ্যননেল গাইডলাইন আৰু আইটি প্লেটফৰ্মৰ সমৃদ্ধিত সহায় আৰু ক’ভিড-১৯ টিকাদান ৰূপায়ণ পৰিকল্পনাক সুদৃঢ় কৰিব।

অধিক বিৱৰণৰ বাবেঃ

 

নতুন দিল্লীত TIFACৰদ্বাৰা যুগুত কৰা এখনি আত্মনিৰ্ভৰ ভাৰত (AAAN) ৰ অৰ্থে ৰিপৰ্ট এক্সন এজেণ্ডা মুকলি ডাঃ হৰ্ষ বৰ্ধনৰ

বিজ্ঞান ও প্ৰযুক্তি, আৰ্থ চায়েন্স আৰু স্বাস্থ্য ও পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে কালি নতুন দিল্লীত টেকনল’জি ইনফৰ্মেশ্যন, ফ’ৰকাষ্টিং এণ্ড এচেছমেন্ট কাউন্সিল (TIFAC) এ যুগুত কৰি উলিওৱা এখনি আত্মনিৰ্ভৰ ভাৰতৰ অৰ্থে ৰিপ’ৰ্ট এক্সন এজেণ্ডা মুকলি কৰিলে। এই কাৰ্যসূচীত ডিএছটিৰ সচিব প্ৰফেচাৰ আশুতোষ শৰ্মা, TIFAC ৰ ইডি প্ৰফেচাৰ প্ৰদীপ শ্ৰীবাস্তৱ আৰু আন জ্যেষ্ঠ বিজ্ঞানীসকল উপস্থিত থাকে।

অধিক বিৱৰণৰ বাবেঃ

 

SARS-CoV-2 ৰ মিউটেন্ট সংস্কৰণৰ জেনম অনুক্ৰমণৰ প্ৰাৰম্ভিক ফলাফল মুকলি ভাৰতীয় SARS-CoV-2 জেনমিক্স কনচৰ্টিয়াম (INSACOG) লেবৰ

যুক্তৰাজ্যৰপৰা লাভ কৰা SARS- CoV-2 ভাইৰাচৰ মিউটেন্ট সংস্কৰণৰ ফলাফলক গ্ৰহণ কৰিছে ভাৰত চৰকাৰে আৰু মিউটেন্ট সংস্কৰণটোক চিনাক্ত আৰু প্ৰতিহত কৰিবলৈ অতিশয়-সক্ৰিয় আৰু প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ কৰিছে। সীমাবদ্ধ নোহোৱা ব্যৱস্থাসমূহৰ ভিতৰত আছেঃ- ২৩ ডিচেম্বৰ, ২০২০ ৰ মাজৰাতিৰপৰা কাৰ্যকৰী হোৱাকৈ ৩১ ডিচেম্বৰ, ২০২০ পৰ্যন্ত যুক্তৰাজ্যৰপৰা অহা সকলো বিমানৰ অস্থায়ী স্থগন, যুক্তৰাজ্যৰপৰা ঘূৰি অহা সকলো বিমান যাত্ৰীৰ বাধ্যতামূলক আৰটি-পিচিআৰ টেষ্ট।যুক্তৰাজ্যৰপৰা ঘূৰি অহা যাত্ৰীসকলৰ আৰটি- পিচিআৰ টেষ্টত পজিটিভ ধৰা পৰিলে ১০ চৰকাৰী লেব উদাহৰণস্বৰূপেঃ INSACOG ৰ কনচৰ্টিয়ামৰদ্বাৰা জেনম অনুক্ৰম সম্পন্ন কৰা যাব, ২৬ ডিচেম্বৰ, ২০২০ ত অনুষ্ঠিত ক’ভিড-১৯ সন্দৰ্ভত নেশ্যনেল টাস্ক ফ’ৰ্চ (NTF)ৰ বৈঠকত টেষ্টিং, ট্ৰিটমেন্ট, নিৰীক্ষণ আৰু প্ৰতিৰোধ ব্যৱস্থাৰ কথা বিবেচনা কৰা হয় আৰু পৰামৰ্শ প্ৰদান কৰা যায়, SARS-CoV-2 ৰ মিউটেন্ট সংস্কৰণটোক অতিক্ৰম কৰিবলৈ ২২ ডিচেম্বৰ, ২০২০ ত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ অৰ্থে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰট’কল জাৰি কৰা হৈছে। ২৬ ডিচেম্বৰ, ২০২০ ত এনটিএফৰদ্বাৰা সমগ্ৰ সংস্কৰণটো বিস্তৃতভাৱে পৰীক্ষা কৰা যায় আৰু এনটিএফে এই সিদ্ধান্তত উপনীত হয় যেমিউটেন্ট সংস্কৰণটোৰ পৰিপ্ৰেক্ষিতত বৰ্তমানে থকা নেশ্যনেল ট্ৰিটমেন্ট প্ৰট’কল বা বৰ্তমানে থকা টেষ্টিং প্ৰট’কল পৰিৱৰ্তন কৰাৰ আৱশ্যকতা নাই।এনটিএফে তদুপৰি এই পৰামৰ্শ আগবঢ়াই যেবৰ্তমানে থকা নিৰীক্ষণ ব্যৱস্থাত সংযোজন স্বৰূপে, বৰ্ধিত জেনমিক নিৰীক্ষণ সম্পন্ন কৰাটো জটিল। ২৫ নৱেম্বৰ, ২০২০ ৰপৰা ২৩ ডিচেম্বৰ, ২০২০ ৰ মাজনিশালৈকে, যুক্তৰাজ্যৰপৰা প্ৰায় ৩৩,০০০ যাত্ৰী আহি ভিন্ন ভাৰতীয় বিমানবন্দৰত অৱতৰণ কৰিছেহি। এই সকলোবোৰ যাত্ৰীক অনুসৰণ কৰা হয় আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সাপেক্ষে আৰটি-পিচিআৰ টেষ্ট কৰা হয়।এতিয়ালৈকে মাত্ৰ ১১৪ জন যাত্ৰীৰ দেহত পজিটিভ ধৰা পৰিছে।এই পজিটিভ নমুনাসমূহৰ জেনমিক অনুক্ৰমৰ অৰ্থে ১০ INSACOG লেব (NIBMG কলকাতা, ILS ভূৱনেশ্বৰ, NIV পুনে, CCS পুনে, CCMB হায়দৰাবাদ, CDFD হায়দৰাবাদ, InSTEM বেংগালুৰু, NIMHANS বেংগালুৰু, IGIB দিল্লী, NCDC দিল্লী) লৈ প্ৰেৰণ কৰা যায়। যুক্তৰাজ্যৰপৰা ঘূৰি অহা ৬ জন লোকৰ ৬ টা নমুনা নতুন যুক্তৰাজ্য সংস্কৰণ জেনমেৰে পজিটিভ পোৱা গৈছে।ইয়াৰে ৩ টা NIMHANS, বেংগালুৰু, ২ টা CCMB, হায়দৰাবাদ আৰু এটা NIV, পুনেত পোৱা যায়। এনে প্ৰতিজন লোককে সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহৰদ্বাৰা সহজতৰ কৰা নিৰ্ধাৰিত হেল্থ কেয়াৰ ফেচিলিটত একোটাকৈ কোঠাত আইছ’লেশ্যনত ৰখা যায়।তেওঁলোকৰ সান্নিধ্যলৈ অহা লোকসকলক কোৱাৰেন্টাইনত ৰখা যায়।সহ-যাত্ৰী, পৰিয়ালৰ লোক আৰু অন্যান্যসকলৰ বাবে বিস্তৃত কনটেক্ট ট্ৰেচিং কৰা হৈছে।আন নমুনাসমূহৰ জেনম অনুক্ৰম অব্যাহত আছে। পৰিস্থিতিটোৰ ওপৰত সতৰ্ক দৃষ্টি আৰোপ কৰি ৰখা হৈছে আৰু নিৰীক্ষণ, কন্টেইনমেন্ট, টেষ্টিং বৃদ্ধিৰ অৰ্থে ও INSACOG লেবলৈ নমুনাসমূহ প্ৰেৰণ কৰিবলৈ ৰাজ্যসমূহলৈ নিয়মীয়া পৰামৰ্শ আগবঢ়াই থকা হৈছে। উল্লেখযোগ্য যে নতুন যুক্তৰাজ্য সংস্কৰণৰ উপস্থিতি ইতিমধ্যে ডেনমাৰ্ক, নেদাৰলেণ্ড, অষ্ট্ৰেলিয়া, ইটালী, চুইডেন, ফ্ৰান্স, স্পেইন, চুইজাৰলেণ্ড, জাৰ্মানী, কানাডা, জাপান, লেবানন আৰু চিংগাপুৰ লাভ কৰা হৈছে।

অধিক বিৱৰণৰ বাবেঃ

 

দেশৰ প্ৰথম নিউমক্কাল কনজুগেট ভেকচিন মুকলি ডাঃ হৰ্ষ বৰ্ধনৰ

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে সোমবাৰ ভাৰতৰ প্ৰথম নিউম’ক’ক্কাল কনজুগেট ভেকচিন(PCV) মুকলি কৰিলে।

অধিক বিৱৰণৰ বাবেঃ

 

ভিডিঅ কনফাৰেন্সিঙৰ জৰিয়তে ৭ম এনএইচএম ৰাষ্ট্ৰীয় সন্মিলন ডিজিটেলী উদ্বোধন ডাঃ হৰ্ষ বৰ্ধনৰ

অধিক বিৱৰণৰ বাবেঃ

 

প্ৰযুক্তিগত অগ্ৰগতিক সততে ঐক্যনাশ হিচাপে গণ্য কৰা গৈছিল, কিন্তু এই বৰ্ষত ই বিস্তৃত ধৰণেৰে বৃহৎ ভাঙোন অতিক্ৰমত আমাক সহায় কৰিলেঃ ৰাষ্ট্ৰপতি কোবিন্দ

অধিক বিৱৰণৰ বাবেঃ

 

৩১ ডিচেম্বৰত ৰাজকোটত এইমছৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে

অধিক বিৱৰণৰ বাবেঃ

 

১০০ সংখ্যক কিষাণ ৰেলৰ ফ্লেগ অফ প্ৰধানমন্ত্ৰীৰ

অধিক বিৱৰণৰ বাবেঃ

 

এটা সৰ্বাংগসুন্দৰ ভৱিষ্যতৰ অৰ্থে আমাৰ যুৱ সমাজক দক্ষ আৰু প্ৰশিক্ষিত কৰাটো মূল বুলি দোহাৰিলে উপ ৰাষ্ট্ৰপতি নাইডুৱে

অধিক বিৱৰণৰ বাবেঃ

 

এবাৰ ব্যৱহৃত প্লাষ্টিক সন্দৰ্ভত জনসাধাৰণক সজাগ কৰি তুলিবলৈ গণ অভিযানৰ আহ্বান উপ ৰাষ্ট্ৰপতিৰ

অধিক বিৱৰণৰ বাবেঃ

 

নিৰীক্ষণ, প্ৰতিৰোধ আৰু সতৰ্কতাৰ অৰ্থে নীতি-নিৰ্দেশনা সম্প্ৰসাৰণ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ

অধিক বিৱৰণৰ বাবেঃ

 

ভিড-১৯ ৰ সময়ছোৱাত জীৱিকা বৰ্তাই ৰাখিবলৈ জম্মু-কাশ্মীৰৰ খাদী শিল্পীসকললৈ ৩০ কোটি টকা বিতৰণ কেভিআইচিৰ

অধিক বিৱৰণৰ বাবেঃ

 

ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰপৰা লাভ কৰা ইনপুট

 

  • কেৰালাঃ ইউৰোপৰপৰা অহা যাত্ৰীসকলৰ স্ক্ৰিণিঙৰ অৰ্থে কেৰালা চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত, ইউৰোপৰপৰা অহা লোকসকলৰ নমুনা NIV, পুনেলৈ প্ৰেৰণ কৰা হৈছে। অৱেশ্যে, ইয়াৰ ফলাফল অদ্যপি লাভ কৰা হোৱা নাই। মঙলবাৰে ৰাজ্যখনত নতুন কভিড-১৯ ঘটনাৰ সংখ্যা হয় ৫,৮৮৭ টা আৰু একে সময়তে আৰোগ্য লাভৰ ঘটনা ৫,০২৯ টা। মৃতকৰ সংখ্যা ৩০১৪ লৈ বৃদ্ধি পাইছে। সাম্প্ৰতিক পজিটিভিটি হাৰ হৈছে ৯.৫।
  • তামিল নাডুঃ আজি, তামিল নাডুত মুঠ ঘটনা হৈ পৰে ৮,১৬,১৩২ টা। মৃত্যুৰ ঘটনা ১২,০৯২ টা, সক্ৰিয় ঘটনা ৮৭৪৭ টা আৰু ডিচাৰ্জ দিয়া যায় ৭,৯৫,২৯৩ জন ৰোগীক।
  • কৰ্ণাটকঃ কৰ্ণাটকত মুঠ ঘটনাৰ সংখ্যাই ৯,১৭,৫৭১ স্পৰ্শ কৰিছেগৈ। সক্ৰিয় ঘটনা ১১,৮৬১ টা, মৃত্যুৰ ঘটনা ১২০৭৪ আৰু ডিচাৰ্জ দিয়া যায় ৮,৯৩,৬১৭ জন ৰোগীক।
  • অন্ধ্ৰ প্ৰদেশঃ কভিড-১৯ ৰ টিকাদানৰ অৰ্থে গুজৰাট, পঞ্জাৱ আৰু অসমকে ধৰি অন্ধ্ৰ প্ৰদেশতো দুদিনীয়া অনুশীলন সম্পন্ন হৈ যায়। ৰাজ্য চৰকাৰখনে যুক্তৰাজ্যৰপৰা অহা লোকসকলৰ ক্ষেত্ৰত বিশেষ সতৰ্কতা অৱলম্বন কৰিছে। সেই অনুসৰি, এতিয়ালৈকে যুক্তৰাজ্যৰপৰা ১,৪০৬ জন লোকক চিনাক্ত কৰা হৈছে।
  • তেলেংগানাঃ আজিৰ তাৰিখত তেলেংগানাত মুঠ ঘটনাৰ সংখ্যা হৈছেগৈ ২,৮১,৭৩০ টা। সক্ৰিয় ঘটনা ৬৫৯০ টা, মৃত্যুৰ ঘটনা ১৫৩৮ টা। ডিচাৰ্জ দিয়া হৈছে ২,৮৫,৯৩৯ জন ৰোগীক। তেলেংগানা চৰকাৰখনে যুক্তৰাজ্যৰপৰা অহা লোকসকলৰ ক্ষেত্ৰত বিশেষ সতৰ্কতা অৱলম্বন কৰিছে।
  • অসমঃ অসমত মঙলবাৰে আৰু ৬৬ জন লোকৰ দেহত কভিড-১৯ পজিটিভ ধৰা পৰিছে আৰু একে সময়তে ৮৭ জন ৰোগীক ডিচাৰ্জ দিয়া যায়। ৰাজ্যখনত মুঠ ঘটনা হৈছেগৈ ২১৬০৬৩ টা, মুঠ ডিচাৰ্জ লাভ কৰা ৰোগী ২১১৭২০ জন, সক্ৰিয় ঘটনা ৩৩০০ টা আৰু মুঠ মৃত্যু হৈছে ১০৪০ আক্ৰান্তৰ। কালি দুজন ৰোগী মৃত্যুমুখত পৰে।
  • ছিকিমঃ ছিকিমত, মঙলবাৰে আৰু ১৯ জন লোকৰ দেহত কভিড-১৯ পজিটিভ ধৰা পৰে। ৰাজ্যখনত মুঠ ঘটনাৰ সংখ্যা ৫৮৬৪ লৈ বৃদ্ধি পাইছে। ইয়াত সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ৫৩৭ টা।

 

 

ফেক্ট চেক

Image

Image

Image

 

****************



(Release ID: 1684987) Visitor Counter : 193