প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

শান্তি নিকেতনত বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ শতবাৰ্ষিকী উদযাপনত ভাষণ প্ৰদান প্ৰধানমন্ত্ৰীৰ

বিশ্বভাৰতীৰ পথেৰে আগবঢ়াটো প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে গৰ্বৰ বিষয় : প্ৰধানমন্ত্ৰী

গুৰুদেৱৰ বিশ্বভাৰতীক লৈ কৰা চিন্তা আত্মনিৰ্ভৰ ভাৰতৰেই সত্ত্বা : প্ৰধানমন্ত্ৰী

Posted On: 24 DEC 2020 2:02PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শান্তি নিকেতনৰ বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ শতবাৰ্ষিকী উদযাপনৰ ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে ভাষণ প্ৰদান কৰে।

এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয়, ১০০ বছৰ ধৰি দেশ বিশ্বভাৰতীৰ পথেৰে আগবাঢ়ি যোৱাটো এক গুৰুত্বপূৰ্ণ বিষয়, যিটো প্ৰতিগৰাকী ভাৰতীয়ৰ বাবেও গৰ্বৰ বিষয়। তেওঁ কয়, গুৰুদেৱৰ চিন্তন, দৰ্শন আৰু মা ভাৰতীৰ বাবে কঠোৰ পৰিশ্ৰমৰ প্ৰকৃত ৰূপায়ণ হল এই বিশ্ববিদ্যালয়। কবিগুৰুৱে যি লক্ষ্য নিৰ্ধাৰণ কৰিছিল, সেই লক্ষ্য অৰ্জন কৰিবৰ বাবে বিশ্বভাৰতী, শ্ৰীনিকেতন আৰু শান্তি নিকেতনে নিৰলস উদ্যোগ গ্ৰহণৰ বাবে তেওঁ সন্তোষ প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে কয়, বিশ্বভাৰতীৰ পৰা প্ৰেৰণ কৰা বাৰ্তা আমাৰ দেশে সমগ্ৰ বিশ্বতে প্ৰচাৰ কৰিছে। আন্তৰ্জাতিক সৌৰ মৈত্ৰীৰ মাধ্যমেৰে পৰিৱেশ ৰক্ষা কৰাৰ বাবে ভাৰতে বিশ্বক নেতৃত্ব দিছে। তেওঁ কয়, পেৰিছ চুক্তিৰ পৰিৱেশগত লক্ষ্য পূৰণত বৃহৎ দেশবোৰৰ ভিতৰত ভাৰতেই একমাত্ৰ সঠিক পথেৰে আগবাঢ়িছে।

প্ৰধানমন্ত্ৰীয়ে এই বিশ্ববিদ্যালয় যি পৰিস্থিতিত প্ৰতিষ্ঠিত হৈছিল সেই বিষয়টোৰ কথা সকলোকে স্মৰণ কৰিবলৈ আহ্বান জনায়। এই বিশ্ববিদ্যালয়ৰ লক্ষ্য পূৰণৰ লগতে স্বাধীনতা আন্দোলনৰ লক্ষ্য একেই পথেৰে অগ্ৰসৰ হৈছে। কিন্তু এই আন্দোলনবোৰৰ প্ৰাথমিক ভেটি  বহু পূৰ্বেই গঢ়ি উঠিছিল। শ শ বছৰ ধৰি বিভিন্ন আন্দোলনৰ দ্বাৰা অনুপ্ৰাণিত হৈ ভাৰতৰ স্বাধীনতা আন্দোলনে গতি লাভ কৰিছিল। ভক্তি আন্দোলনে ভাৰতৰ আধ্যাত্মিক আৰু সাংস্কৃতিক একতাক শক্তিশালী কৰিছে। তেওঁ কয়, ভক্তিযুগত ভাৰতৰ প্ৰতিটো অঞ্চলৰ পৰা সাধু সন্ন্যাসীসকলে দেশৰ চেতনাক জাগ্ৰত কৰাৰ চেষ্টা কৰি আহিছে। ভক্তি আন্দোলন হ’ল সেই পথ, যিটো শতিকা শতিকা ধৰি ঐক্যবদ্ধ চেতনা আৰু আস্থাৰ মাধ্যমেৰে ভাৰতে অৰ্জন কৰি আহিছে।

প্ৰধানমন্ত্ৰীয়ে কয়, শ্ৰী ৰামকৃষ্ণ পৰমহংসদেৱৰ বাবেই ভাৰতে, স্বামী বিবেকানন্দক লাভ কৰিছিল। স্বামী বিবেকানন্দৰ নিষ্ঠা, জ্ঞান আৰু কৰ্ম- তিনিওটা মিলি একত্ৰিত হৈছে। স্বামী বিবেকানন্দই প্ৰতিগৰাকী মানুপহৰ মাজতে পৱিত্ৰতা দেখিছিল। ভক্তিৰ প্ৰসাৰ ঘটাই তাৰ মাজত কৰ্মক জড়িত কৰি তেওঁ ব্যক্তি বিশেষ আৰু প্ৰতিষ্ঠানক গঢ়ি তোলাৰ ওপৰত জোৰ দিছিল। ভাৰতৰ প্ৰতিটো অংশৰ ভক্তি আন্দোলনত জড়িত বিশিষ্ট সন্ন্যাসীসকলে এক দৃঢ় ভিত্তি গঢ়ি তুলিছিল।

প্ৰধানমন্ত্ৰীয়ে কয়, শ শ বছৰ ধৰি ভক্তি আন্দোলনৰ সৈতে কৰ্ম আন্দোলনো দেশে প্ৰত্যক্ষ কৰিছে। তেওঁ ছত্ৰপতি শিৱাজী, মহাৰাণা প্ৰতাপ, ঝাঁছীৰ ৰাণী, ৰাণী চিন্নাম্মা, ভগবান বিৰছা মুণ্ডা আৰু আৰু অনেকৰ উদাহৰণ এই প্ৰসঙ্গতে উল্লেখ কৰে। ভাৰতৰ জনসাধাৰণে দাসত্ব আৰু সাম্ৰাজ্যবাদৰ বিৰুদ্ধে যুঁজি আহিছে। শ্ৰী মোদীয়ে কয় কৰ্ম হ’ল নিৰন্তৰ নিষ্ঠাৰ প্ৰকাশ আৰু অন্যায় তথা শোষণৰ বিৰুদ্ধে সাধাৰণ মানুহৰ আত্মত্যাগ হ’ল তাৰ চূড়ান্ত প্ৰকাশ। পৰৱৰ্তী সময়ত এইবোৰেই আছিল আমাৰ স্বাধীনতা আন্দোলনৰ মূল অনুপ্ৰেৰণা।

প্ৰধানমন্ত্ৰীয়ে কয় ভক্তি, কৰ্ম আৰু জ্ঞান- এই ত্ৰিধাৰাই স্বাধীনতা আন্দোলনৰ চেতনাক লালিত কৰিছে। স্বাধীনতা যুদ্ধত জয়লাভৰ বাবে আদৰ্শৰ বিপ্লৱ গঢ়ি তোলাৰ প্ৰয়োজন আছিল। ভাৰতৰ উজ্জ্বল ভৱিষ্যৎ গঢ়ি তোলাৰ বাবে ইয়াৰ লগতে নতুন এক প্ৰজন্ম নিৰ্মাণ কৰাৰ প্ৰস্তুতিও গ্ৰহণ কৰা হৈছিল। এই কামত বেছ কিছু মৰ্যাদাসম্পন্ন শিক্ষা প্ৰতিষ্ঠান, বিশ্ববিদ্যালয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। দেশৰ স্বাধীনতাৰ বাবে যি আদৰ্শৰ আন্দোলন চলিছিল তাক এই শিক্ষা প্ৰতিষ্ঠানবোৰে নতুন শক্তি, নতুন দিশ আৰু নতুন উচ্চতা দিছিল।

প্ৰধানমন্ত্ৰীয়ে লগতে কয়, ভক্তি আন্দোলনৰ মাধ্যমেৰে আমি ঐক্যবদ্ধ হৈছো, জ্ঞান আন্দোলনৰ মাধ্যমেৰে আমাৰ বিচাৰ কৰাৰ শক্তি সৃষ্টি হৈছে। আৰু কৰ্ম আন্দোলনে আমাৰ নিজৰ অধিকাৰৰ বাবে যুঁজ কৰাৰ সাহস যোগাইছে। তেওঁ কয়, স্বাধীনতা আন্দোলন, যি প্ৰায় ১০০ বছৰ ধৰি চলিছিল, সেয়া আত্মবলিদান, ব্ৰত আৰু একনিষ্ঠ মনোভাৱৰ অনন্য এক উদাহৰণ হৈ উঠিছিল। এই আন্দোলনবোৰৰ মাধ্যমেৰে অনুপ্ৰাণিত হৈ হাজাৰ হাজাৰ লোকে স্বাধীনতা সংগ্ৰামৰ বাবে নিজকে উৎসৰ্গা কৰাৰ বাবে আগুৱাই আহিছিল।

প্ৰধানমন্ত্ৰীয়ে লগতে কয়, বেদৰ পৰা বিবেকানন্দ পৰ্যন্ত জাতীয় চেতনাৰ যি ধাৰা প্ৰবাহমান হৈ আছে তাৰ লগতে গুৰুদেৱৰ জাতীয়তাবোধো জড়িত হৈ আছিল। কিন্তু এই ধাৰা নিজকে জড়িত কৰি ৰখাৰ বাবেহে কৰা হৈছিল, পৃথক কৰাৰ বাবে নহয়। ভাৰতক সমগ্ৰ বিশ্বৰ পৰা বিচ্ছিন্ন কৰা ইয়াৰ উদ্দেশ্য নাছিল। এই ভাৱনাৰ পৰাই ভাৰতৰ বাবে যিটো আটাইতকৈ ভাল আৰু পৃথিবীৰ বাবেও যি ভাল সেই পথেই গ্ৰহণ কৰা হৈছিল। ভাৰতে ইয়াৰ পৰা শিক্ষা গ্ৰহণ কৰিব লাগিব। ‘বিশ্বভাৰতী’ নামটোৰ মাজত ভাৰতৰ সৈতে পৃথিৱীৰ যোগসূত্ৰ নিহিত আছে। বিশ্বভাৰতীৰ বাবে গুৰুদেৱৰ ভাবনা আছিল প্ৰকৃততে আত্মনিৰ্ভৰ ভাৰতৰ সত্ত্বা। আত্মনিৰ্ভৰ ভাৰত অভিযান হ’ল বিশ্বৰ কল্যাণৰ বাবে ভাৰতৰ কল্যাণ। এই অভিযানে ভাৰতক সবলীকৃত কৰিব, এই অভিযানে ভাৰতৰ বাবে যি সমৃদ্ধি কঢ়িয়াই আনিছে, সিয়েই সমগ্ৰ পৃথিৱীকে সমৃদ্ধ কৰিব বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে।

 

*****

DS/AK/RD



(Release ID: 1684612) Visitor Counter : 172