স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

দৈনিক নতুন আক্ৰান্তৰ সংখ্যা ১৬,৫০০তকৈ কমেৰে ভাৰতে অভিলেখ সৃষ্টি কৰিছে, ১৮৭ দিনৰ ভিতৰত সৰ্বনিম্ন

সামগ্ৰিকভাৱে সুস্থ হোৱা লোকৰ সংখ্যা ৯৮লাখ অতিক্ৰম

प्रविष्टि तिथि: 29 DEC 2020 11:02AM by PIB Guwahati

এক বহনক্ষম, সক্ৰিয় আৰু নিৰ্ণায়ক ৰণনীতিৰ সৈতে ভাৰতে গোলকীয় মহামাৰীৰ বিৰুদ্ধে যুঁজত গুৰুত্বপূৰ্ণ মাইলষ্টন অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। দৈনিক নতুনকৈ আক্ৰান্ত ৰোগীৰ সংখ্যা অভিলেখ হাৰত নিম্নগামী হৈছে।

১৮৭ দিনৰ মূৰত যোৱা ২৪ ঘণ্টাত দেশত ১৬,৫০০ৰো কম ব্যক্তি(১৬,৪৩২) নতুনকৈ আক্ৰান্ত হৈছে। ২৫ জুন,২০২০ত অন্তিমবাৰৰ বাবে দৈনিক আক্ৰান্তৰ সংখ্যা ১৬,৯২২গৰাকী আছিল।

ভাৰতৰ পজিটিভ ৰোগীৰ ভৰ আজি ২,৬৮,৫৮১গৰাকীলৈ হ্ৰাস পাইছে।

যোৱা ২৪ ঘণ্টাত মুঠ সক্ৰিয় কেছৰ পৰা ৮,৭২০টা কেছ হ্ৰাস পাইছে।

বৰ্ধিত সুস্থতাৰ হাৰ আৰু ক্ৰমহ্ৰাসমান দৈনিক নতুন কেছৰ সৈতে ভাৰতৰ মুঠ সুস্থ লোকৰ সংখ্যা ১কোটিৰ ওচৰ চাপিছে। মুঠ সুস্থ লোকৰ সংখ্যা ৯৮লাখ(৯৮,০৭,৫৬৯)অতিক্ৰম কৰিছে, যাৰ ফলত সুস্থতাৰ হাৰ ৯৫.৯২শতাংশ হৈছে। সুস্থ ৰোগী আৰু সক্ৰিয় ৰোগীৰ পাৰ্থক্য ক্ৰমাগতভাৱে বৃদ্ধি পাই আছে আৰু বৰ্তমান এই পৰিমাণ হল ৯৫,৩৮,৯৮৮।

বিগত ২৪ঘণ্টাত ২৪,৯০০গৰাকী ব্যক্তি সুস্থ হৈছে।

 

****

MV/SJ/MS


(रिलीज़ आईडी: 1684568) आगंतुक पटल : 176
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Telugu , English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Malayalam